শৰতৰ গীত (মিতালী বৰ্মন)

মিতালী বৰ্মন
 
শৰতৰ জোনে ক’লে তুমি আহিবা বুলি
নীলা আকাশেও ক’লে তুমি আহিবা বুলি
দূৰে দূৰে নৰ’বা তুমি
দূৰে দূৰে নৰ’বা তুমি
শেৱালিপাহিয়ে ক’লে তুমি আহিবা বুলি
দুৱৰিৰ চোতালত নিয়ৰৰ লুকা-ভাকু
পদূলিমুখত থমকি ৰয় দুচকু
দিয়ে শিঁহৰণ অনামী
দূৰে দূৰে নৰ’বা তুমি
শৰতৰ জোনে ক’লে তুমি আহিবা বুলি…
পুৱতিৰ তলসৰা শেৱালি বুটলি
বতাহজাকেও ক’লে তুমি আহিবা বুলি
সুৱাসত লহৰ তুলি
দূৰে দূৰে নৰ’বা তুমি
শৰতৰ জোনে ক’লে তুমি আহিবা বুলি…
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!