শৰ্মাজ স্পেশ্যেল ডাক কাৰী — মৃদুল কুমাৰ শৰ্মা

 

 


যোগাৰ: হাঁহৰ সৰুকৈ কটা মাংস এককেজি, ডাঙৰ আকাৰৰ পিয়াঁজ চাৰিটা, নহৰু বিছফোঁটমান, কেঁচা জলকীয়া চাৰিটা, শুকান জলকীয়া এটা, আদা ডাঙৰ এটুকুৰা, জিৰা গুড়ি, কেঁচা ধনীয়াপাত, শুকান জালুক বিছটামান, তেজপাত চাৰিখিলা, ইলাচি দুটা, কোমোৰা কেইটুকুৰামান বা ডাঙৰ আলু এটাৰ আঠটুকুৰা৷

প্ৰস্তুতি: মাংসখিনি পানীত কিছু দেৰি তিয়াই থৈ ভালদৰে ধুই ল’ব আৰু খাৰৈ এটাত থৈ পানীখিনি ভালদৰে যাব দিব৷ পিয়াঁজ সৰু সৰুকৈ কাটি ল’ব, আদা নহৰু বেলেগে বেলেগে পিচি বেলেগে বেলেগে থব৷ কেঁচা জলকীয়া মাজেৰে ফালি ল’ব৷ জালুককেইটা ধুই শুকাব দিয়ক৷ তেজপাত কেইখিলা ধুই মুচৰি দিব৷

ৰন্ধন: এটা কুকাৰত অকণো পানী নিদিয়াকৈ মাংসখিনি দি কম জুইত উঠাই দিয়ক৷ অলপ গৰম হ’লে কুকাৰটো জোকাৰি থাকক যাতে মাংস তলত লাগি যাব নোৱাৰে৷ মন কৰিব- জুই একেবাৰে কমাই দিব৷ লাহে লাহে মাংসৰ পৰা তেল ওলাব আৰম্ভ কৰিব আৰু তেলখিনি ওলাই যোৱাৰ পিছত মাংসখিনি তেলৰ পৰা তুলি বেলেগ বাচন এটাত থ’ব৷ যিসকলৰ বেছি তেল খোৱা মানা বা হাঁহৰ মাংসই অন্যায় কৰে বুলি ভাবে গোটেই তেলখিনি পেলাই দিবও পাৰে বা আধামান ৰাখি থবও পাৰে৷

এতিয়া এখন কেৰাহী জুইত বহুৱাই ভালদৰে গৰম হ’বলৈ দিব৷ পানী চটিয়াই গৰম হৈছেনে পৰীক্ষা কৰি চাই কেৰাহীত মিঠাতেল দিব৷ যদি হাঁহটো বেছ তেলাল আছিল তেনে তেল কমাই দিব৷ তেল গৰম হোৱাৰ পিছত তাত তেজপাত কেইখিলা, শুকান জলকীয়াটো আৰু ইলাচি দুটা দিব৷ এবাৰ লৰাই তাত কটা পিয়াঁজখিনি আৰু কেঁচা জলকীয়া দি দিয়ক৷ এইখিনি ভালদৰে লৰাই ঢাকোন মাৰি দিয়ক৷ দুই মিনিটৰ পিছত ঢাকোন গুচাই এবাৰ লৰাই পিয়াঁজখিনিৰ মাজত খোল এটা কৰি তাত নহৰুখিনি দি লৰাই দিয়ক৷ এনেতে এটা গোন্ধ ওলাব নহৰু ভজাৰ৷ তেতিয়া তাত মাংসখিনি দি দিয়ক৷

মাংসখিনি দি জুই মধ্যমীয়া কৰি দিব৷ মাংসখিনি লৰাই লৰাই ভালদৰে পিয়াঁজ নহৰুৰ লগত মিহলি হ’বলৈ দিয়ক৷ এই প্ৰথম সময়খিনিত খুব ঘনাই লৰাই থকাটো অতি প্ৰয়োজনীয়, নহ’লে মাংস কেৰাহীত লাগি যাব পাৰে৷ মন কৰিব এতিয়া বেছি তেল নোলায় মাংসৰ পৰা কিয়নো আপুনি আগতেই তেল কাঢ়ি লৈছে বেচেৰা মাংসখিনিৰ পৰা৷

এতিয়া সেই যে কুকাৰটোত হাঁহৰ তেলখিনি ৰৈ গ’ল তাত কোমোৰা বা আলুখিনি দি সিজিবলৈ দিয়ক৷

মাংস অলপ ভজা হোৱা যেন পালে তাত আণ্ডাজমতে জিৰাগুড়ি দি এবাৰ লৰাই হালধি দিয়ক৷ নিমখ এতিয়াই নিদিব৷ আকৌ লৰাই থাকক৷ তলত লাগি যাব ধৰা যেন পালেই ইটো কুকাৰত থকা তেলৰ পৰা অকণমান দি দিব৷

লৰাই থাকক৷ হাত বিষাব পাৰে৷ মোৰো বিষাইছিল৷ কিন্তু কম জুইত লৰাই লৰাই ৰন্ধাৰ জুতিয়েই বেলেগ৷ আৰু সদায় এনেদৰে নাৰান্ধে নহয়৷

মাজে মাজে দুই এবাৰ ঢাকোনখন দি ফেচবুক বা হোৱাটচএপ চাব পাৰে কিন্তু সেইবুলি একেবাৰে মত্ত হৈ নাযাব৷ এতিয়া অলপ নিমখ দি লৰাওক৷ জালুককেইটা তাৱা এখনত শুকানে ভাজি লওক৷ ভজা হোৱা যেন পালে নমাই গৰমে গৰমে গুড়ি কৰি লওক৷ মাজে মাজে মাংসত কুকাৰৰ পৰা অলপ তেল দি থাকিব৷ মাংসখিনি কুমলিব ধৰা যেন পালে আৰু ৰঙটো ক’লা হোৱা যেন পালে তাত কুকাৰৰ তেল আৰু কোমোৰাখিনি ঢালি দিয়ক৷ আদাখিনিও দি লৰাই দিব৷

অলপ সময় পিছত প্লেট এখনত মাংস আৰু মছলা অলপ উলিয়াই নিজেই বা আন কাৰোবাক চাকি চাবলৈ দিয়ক নিমখ, জলকীয়া হৈছেনে নাই চাবলৈ৷
মাংস সিজিলে আৰু নিমখ ঠিকেই থাকিলে তাত জালুকৰ গুড়িখিনি দি লৰাই দিয়ক৷ ইতিমধ্যে এটা পাত্ৰত পানী গৰম কৰিব৷ মাংস ইতিমধ্যে সিজিলেই৷ গতিকে জুইকুৰা ফুল ভলিউমত দি গৰম পানী ঢালি দিয়ক৷ পানী সিমানেই দিব যিমান লাগে গ্ৰেভী বা জোল খাবলৈ লাগে৷

পানী দি ঢাকোন মাৰি পাঁচমিনিট উতলিবলৈ দিব আৰু জুই নুমাই ধনীয়া পাত কাটি দিব৷

নমোৱাৰ কিছুসময় পিছত পৰিবেশন কৰিব৷

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

বাহ

Copying is Prohibited!