ৰহঘৰা শইকীয়া পুৰাণ : প্ৰদ্যুৎজ্যোতি শইকীয়া September 15, 2012 0 Comments শইকীয়া পুৰাণ লিখক: প্ৰদ্যুৎজ্যোতি শইকীয়া মধ্য প্ৰহৰ ৰাত্ৰে আৰম্ভিছোঁ উপাখ্যান নাম যাৰ চিৰাচৰিত শইকীয়া পুৰাণ| পৰিস্থিতি অসমৰ অতিকে বিষম বিটিএডিত হৈল সাম্প্ৰদায়িক ৰণ| ধীৰে ধীৰে সংঘৰ্ষ প্ৰৱাহিত হৈল সমস্ত ভাৰত বৰিষে গণ্ডগোল ভৈল| লোকসভা, ৰাজ্যসভা সকলো কপিলন্ত পিছে কোনো এক সুদুত্তৰ প্ৰজাই নাপাইল| অসম ৰাজ্যৰ ৰজা হাঁহিৰামগগৈ দৈনিক ভক্ষণ কৰে দহন কৰা গৰৈ| পৰিস্থিতি বুজিয়া হাঁহিৰামে সংবাদ মেল পাতিলা হাসি হাসি তেৰাই নিউজ চেনেলকে দূষিলা| ওহি সময়ে কালন্তকে বিসম্বাদ আৰম্ভিলা গুপুত মন্ত্ৰণাৰে মিঞা পাৰ্টিক সঙ্গে লৈলা| কালান্তকৰ পিছে মণ্ড কপাল আছিল, চোৰাংচোৱা মুখে হাঁহিৰামে বিপদৰ বুজ পাইল| বাৰ্ত্তা পাইয়া হাঁহিৰাম ক্ৰোধাম্বিত হৈল তাহাৰ ৰুদ্ৰ ৰূপ দেখিয়া কালান্তকে পদ ত্যাগিল| পদত্যাগৰ নাটক সবাইও বুজল হাঁহিৰামে হাসিয়া চাম্বাদিকক ন’ কমেণ্ট কৈল| লজ্জিত হুইয়া কালান্তকসিৰ নমন কৰল বান্দা-বান্দী খেদিয়া শ্ৰীমতীৰ ৰথৰ সাৰথি হৈল | ওহি সময়ে এই অভাজনৰ শ্ৰীমতী আহিলন্ত বেলনা মাৰি লৈয়া কালী ৰূপ দেখাইল| বোলে শীঘ্ৰে কৰা তুমি ফেচবুক অন্ত পোনাকণ সহিতে আমি লগাই দিমু ঘৰ্ম ঘন্ত|