ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
৷৷ ষষ্ঠ খণ্ড৷৷
৷৷ প্ৰহ্লাদ চৰিত৷৷
৷৷ প্ৰথম কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম মুৰাৰি প্ৰভু ৰঘুনাথ৷
কৃষ্ণক প্ৰণামো দমায়া মাথ৷৷১৭৷৷
পদ৷৷
বোলন্ত শুকে শুনা পৰীক্ষিত৷
ভক্ত প্ৰহ্লাদৰ কহো চৰিত৷৷
যুধিষ্ঠিৰ আগে নাৰদে কৈলা৷
শুনিয়ো প্ৰহ্লাদৰ যেন ভৈলা৷৷২১৬৷৷
ব্ৰহ্মাৰ মানস চাৰি তনয়৷
ভ্ৰমন্ত আকাশে আনন্দময়৷৷
পাঞ্চ বৰিষীয়া শিশু সঙ্কাশ৷
নাহিকে বস্ত্ৰ সৱে দিগৱাস৷৷২১৭৷৷
আনন্দে লোকক চাহন্তে ফুৰি৷
দিনেক দেখিলা বৈকুণ্ঠপুৰী৷৷
আতি আনন্দিত বিষ্ণুৰ স্থানে৷
সৱে চতুৰ্ভুজ পুৰুষ মানে৷৷২১৮৷৷
যতেক ৰমণী লক্ষ্মী প্ৰত্যেক৷
কল্পতৰু সম বৃক্ষ যতেক৷৷
বৈতালিকগণ পৰম ৰঙ্গে৷
হাতত তাল নাৰীগণ সঙ্গে৷৷২১৯৷৷
গাৱন্ত কৃষ্ণৰ গুণ চৰিত৷
আনন্দতে দ্ৰৱে সৱাৰো চিত্ত৷৷
সুগন্ধি বায়ুক কৰৈ ধিক্কাৰ৷
সিবেলা মনক মোহৈ আহ্মাৰ৷৷২২০৷৷
ভ্ৰমৰ ৰাজে গাৱৈ হৰিগীত৷
যতেক পক্ষী তাতে দেয় চিত্ত৷৷
নকৰে আৰাৱ থাকৈ নিচুকি৷
কৃষ্ণৰ কীৰ্ত্তন শুনৈ উৎসুকি৷৷২২১৷৷
চড়ি ৰত্নময় দিব্য বিমানে৷
যতেক সুন্দৰী পদ্মিনী মানে৷৷
হাস লাস কৰি দৰ্শাৱৈ গাৱ৷
বৈষ্ণৱ জনৰ নুপজৈ ভাৱ৷৷২২২৷৷
হৰিৰ গৃহে মহালক্ষ্মী মাৱে৷
হাতে ফুৰাই পদ্ম ভ্ৰমন্ত পাৱে৷৷
দেখিয়া স্ফটিক বাৰৰ গুণি৷
মাৰ্জ্জৈ গৃহ যেন লক্ষ্মী আপুনি৷৷২২৩৷৷
গোৱিন্দৰ গুণ চৰিত্ৰ বাজে৷
শুনৈ গ্ৰাম্য কথা যিটো নিলাজে৷৷
বৈকুণ্ঠে নযাৱৈ সিটো ভাগ্যশূন্য৷
কুকথায়ে হৰৈ সমস্তে পুণ্য৷৷২২৪৷৷
তমো নৰকে হোৱৈ চিৰবাস৷
আপুনি চিন্তৈ আপুনাৰ নাশ৷৷
দেৱৰো বাঞ্ছনী মনুষ্য জন্ম৷
উপজৈ আত যত জ্ঞান ধৰ্ম্ম৷৷২২৫৷৷
নকৰৈ কীৰ্ত্তন ইহাক পায়া৷
জানিবা তাক বঞ্চৈ বিষ্ণুমায়া৷৷
হেন জানি আন আলাপ এড়ি৷
বোলা হৰি হৰি সমাজে বেঢ়ি৷৷২২৬৷৷
৷৷দ্বিতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
পুণ্ডৰীক্ষহ্ল কৰা কৃপা ৰাম
কৰা দয়া কমললোচন৷
নেড়ো যেন অৰুণ চৰণ৷৷১৮৷৷
পদ৷৷
দূৰতে ধৰ্ম্মক পৰিহৰি৷
যিটো চিন্তৈ হৃদি ৰূপ ধৰি৷৷
নিতান্তে কীৰ্ত্তন মাত্ৰ কৰে৷
বৈকুণ্ঠত থাকে সিটো নৰে৷৷২২৭৷৷
অন্যো অন্যে হৰিকথা গাৱে৷
শিহৰে শৰীৰ প্ৰেম ভাৱে৷৷
আনন্দে লোতক পৰৈ ঝৰি৷
গেৰি পাৰি বোলৈ ৰাম হৰি৷৷২২৮৷৷
বৈকুণ্ঠ নগৰী নিৰূপম৷
নাহি যাত কালৰ বিক্রম৷৷
তাক পায়া ভকতসকলে৷
মজিল আনন্দ সিন্ধুজলে৷৷২২৯৷৷
বৈকুণ্ঠত কেশৱ সাক্ষাত৷
সুতি থাকা অনন্ত শয্যাত৷৷
লক্ষ্মীৰ কোলাত থৈয়া ভৰি৷
লক্ষ্মীয়ো ঝাণ্টন্ত হাতে ধৰি৷৷২৩০৷৷
মূৰ্ত্তি ধৰি বেদ শাস্ত্ৰগণ৷
কৰৈ বেঢ়ি মহিমা কীৰ্ত্তন৷৷
চৈধ্য ভুৱনৰ বন্দ্য স্থান৷
যাক কৃষ্ণে কৰিলা নিৰ্ম্মাণ৷৷২৩১৷৷
হেন বৈকুণ্ঠত চাৰি মুনি৷
ভ্ৰমন্ত কীৰ্ত্তন ধ্বনি শুনি৷৷
কৃষ্ণৰ আৱাস পাইলা পাছে৷
ৰত্নময় দ্বাৰসৱ আছে৷৷২৩২৷৷
লগাই আছে হীৰাৰ কপাট৷
ৰত্নে বিৰচিত যত বাট৷৷
হেন দ্বাৰচয় চড়াই পাছে৷
দেখন্ত দুগোটা দ্বাৰী আছে৷৷২৩৩৷৷
সপ্তম দ্বাৰৰ দুই পাশে৷
দুইৰো শিৰে কিৰীটি প্ৰকাশে৷৷
পদ্মনেত্ৰ বদন মণ্ডলে৷
শোভৈ গণ্ড মকৰকুণ্ডলে৷৷২৩৪৷৷
সুন্দৰ নাসিকা অল্প হাস৷
চাৰু শ্যাম তনু পীতবাস৷৷
যেন কুন্দকড়ি দন্তপান্তি৷
কেয়ূৰ কঙ্কণে কৰৈ কান্তি৷৷২৩৫৷৷
দুইৰো চতুৰ্ভুজ আতি জ্বলে৷
বনমালা শোভৈ বক্ষস্থলে৷৷
সেৱৈ তাক ভ্ৰমৰে গুঞ্জৰি৷
দুয়ো দিব্য গদা আছৈ ধৰি৷৷২৩৬৷৷
দেখে পাছে হেন দুয়ো দ্বাৰী৷
বিৱস্ত্ৰে আসন্ত সিদ্ধ চাৰি৷৷
নুসুধি পশন্ত অভ্যন্তৰ৷
কোপে দুয়ো কম্পান্ত অধৰ৷৷২৩৭৷৷
মুখ কৰি ভ্ৰূকুটি কুটিল৷
বেতে ঠেলি চাৰিকো খেদিল৷৷
কৃষ্ণৰ কিঙ্কৰে এভু ভণে৷
হৰি হৰি বোলা সৰ্ব্বজনে ৷৷২৩৮৷৷
৷৷তৃতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম কৃষ্ণ কহ নিতে৷
ভাই ধৰি হৰিপদ চিত্তে৷৷১৯৷৷
পদ৷৷
দেখিয়া পাছে হেন চাৰি সিদ্ধ৷
দেখন্তে শিশু বয়সত বৃদ্ধ৷৷
কৃষ্ণ দৰশন আশা ভঙ্গে৷
কোপে চক্ষু পকাই মাতন্ত খঙ্গে৷৷১৩৯৷৷
বৈষ্ণৱ বোলা তোৰা দুইজন৷
বৈকুণ্ঠবাসীৰ নাহি লক্ষণ৷৷
প্ৰশান্ত পুৰুষ আনন্দময়৷
তাহান্তো তোমৰা কৰা সংশয়৷৷২৪০৷৷
পাৰিষদ বোলাই কৰস চটি৷
নুহিকা বৈষ্ণৱ দুয়ো কপটী৷৷
বৈকুণ্ঠৰো আনা দুৰ্যশ বৰ৷
ঐৰ পৰা তোৰা দুহান্তো পৰ৷৷২৪১৷৷
অসুৰ যোনিত উপজ মৰি৷
হেন শুনি জয় বিজয় ডৰি৷৷
চৰণত ধৰি পড়ি ভূমিত৷
কাতৰ কৰৈ হুয়া ভয়ভীত৷৷২৪২৷৷
তোমাসাক বাধি কৰিলো পাপ৷
মিলোক দিলা যিবা চণ্ডশাপ৷৷
আপুন কৰ্ম্মে যাওঁ অধোগতি৷
প্ৰভুৰ পাৱে নছাড়োক মতি৷৷২৪৩৷৷
তোমাসাত মাগো এতেক বৰ৷
এহি বুলি দুয়ো কৰৈ কাতৰ৷৷
হেন অথন্তৰ শুনিয়া হৰি৷
আসন্ত বজাই অভ্যন্তৰ এড়ি৷৷২৪৪৷৷
অনেক পৰিছদে লক্ষ্মী মাৱে৷
পাছত চলি যান্ত ভূমি পাৱে৷৷
শুক্ল চামৰে বিঞ্চৈ দুই কাছে৷
উপৰে শ্বেত ছত্ৰ ধৰি আছে৷৷২৪৫৷৷
তাতে চন্দ্ৰকান্তি স্ৰৱৈ শিশিৰ৷
চলি যান্ত হৰি গতি গম্ভীৰ৷৷
লক্ষ্মীৰ ছটা শ্যাম উৰঃস্থলে৷
আপাদলম্বী বনমালা গলে৷৷২৪৬৷৷
গুঞ্জৰে মধুকৰে কৰি যত্ন৷
শিৰত কিৰীটি অমূল্য ৰত্ন৷
উন্নত নাসা সুপ্ৰসন্ন মুখ৷
কমল নেত্ৰক দেখন্তে সুখ৷৷২৪৭৷৷
মকৰ কুণ্ডলে প্ৰকাশৈ গণ্ড৷
শ্যামল চাৰু চাৰিভুজ দণ্ড৷৷
কেয়ূৰ কঙ্কণে প্ৰকাশে তাত৷
শ্ৰীবৎস মুকুতা হাৰ হিয়াত৷৷২৪৮৷৷
পীত বস্ত্ৰে শোভৈ শ্যামল কায়৷
নুগুচৈ ঈষত হাস্য সদায়৷৷
অমূল্য মেখলা কটিৰ মাজে৷
চৰণে ৰত্নৰ পূনুৰ বাজে৷৷২৪৯৷৷
কৌস্তুভ মণি শোভৈ কণ্ঠমাজে৷
দুপাশে নানা দিব্য যন্ত্ৰ বাজে৷৷
মিলাৱৈ সমাধি তাৰ শবদে৷
ধৰিছা মূৰ্ত্তি ভকতৰ পদে৷৷২৫০৷৷
গৰুড়ৰ স্কন্ধে হস্তক থই৷
ফুৰন্ত পদ্ম আউৰ হাতে লই৷৷
পাৰিষদগণ চলৈ উপাসি৷
আসন্ত বৈকুণ্ঠপুৰ প্ৰকাশি৷৷২৫১৷৷
অদ্ভূত মূৰ্ত্তি চাৰি সিদ্ধে দেখি৷
নাহিকে তৃপিতি চান্ত নিৰীক্ষি৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্ত জনে৷৷২৫২৷৷
৷৷চতুৰ্থ কীৰ্ত্তন৷৷
ঘোষা৷৷
পদ্মপাণি জীৱমোহন ৰাম৷
সুখে দুঃখে মুখে যোনো ছাড়ে ৰাম নাম৷৷২০৷৷
পদ৷৷
পৰম আনন্দে চাৰি সিদ্ধে দেখি পাছে৷
শিৰে প্ৰণামিয়া দণ্ডৱতে পড়ি আছে৷৷
কৃষ্ণপাদমিশ্ৰ তুলসীৰ পায়া গন্ধ৷
দ্ৰৱ ভৈল চিত্ত মহা মিলিল আনন্দ৷৷২৫৩৷৷
প্ৰেমভাৱ উপজি দ্ৰৱিল আতি চিত্ত৷
হৰিষে লোতক ঝৰে তনু ৰোমাঞ্চিত৷৷
দেখিল কৃষ্ণৰ মুখ শ্যাম পদ্মকোষ৷
সুন্দৰ অধৰ হাস্যে মিলাৱৈ সন্তোষ৷৷২৫৪৷৷
তাসম্বাৰ ভৈল মনোবাঞ্ছিত পূৰণ৷
চাহিলা কৃষ্ণৰ দুনাই দুখানি চৰণ৷৷
আৰকত নখপান্তি আছৈ প্ৰকাশন্তে৷
চিত্তত চিন্তিলা তাঙ্কবাহিৰৰ হন্তে৷৷২৫৫৷৷
আছিলন্ত ধৰি হৃদয়ত কতো বেলি৷
কৃষ্ণক সন্মুখে দেখি পাছে চক্ষু মেলি৷৷
কৰযোড়ে চাৰি সিদ্ধে আনন্দক পাই৷
কৰিবে লাগিলা স্তুতি মাধৱক চাই৷৷২৫৬৷৷
সমস্ত ভূতৰে যদি তুমি হৃদিগত৷
তথাপি কৰ্ম্মীৰ মনে নুহিকা বেকত৷৷
ভকতেসে পাৱৈ খুজি তুমি অন্তৰ্য্যামী৷
কিনো ভাগ্যে তোহ্মাক নয়নে দেখো আমি৷৷২৫৭৷৷
পিতৃমুখে তযু গুণ শুনিলো যৈসানি৷
সেহি দিনা হিয়াত পশিলা চক্রপাণি৷৷
তুমি পৰমাত্মা তত্ত্ব জানিলো সম্প্ৰতি৷
সত্য মূৰ্ত্তি ধৰি সাধা ভকতৰ গতি৷৷২৫৮৷৷
তোহ্মাক নপাই অনুৰাগ বাঢ়ৈ যাৰ৷
সেহিসে ভকতি যোগে ছিণ্ডৈ অহঙ্কাৰ৷৷
তাহাৰেসে গুচৈ বিষয়ত অনুৰাগ৷
হৃদয়ত বিচাৰি তোহ্মাক পাৱৈ লাগ৷৷২৫৯৷৷
তোহ্মাৰ পাৱত লৈলে যিজনে শৰণ৷
তযু গুণনাম কৰৈ শ্ৰৱণ কীৰ্ত্তন৷৷
মোক্ষ প্ৰসাদক প্ৰভু তোহ্মাত নমাগে৷
ছাৰ স্বৰ্গসুখ কোন তাসম্বাৰ আগে৷৷২৬০৷৷
তযু গুণগণ যদি কৰ্ণে থাকে ভৰি৷
সদায় বদনে যেৱে বোলৈ ৰাম হৰি৷৷
চৰণকো চিন্তৈ চিত্তে বিঘ্নিকো নগণি৷
নাৰকী জন্মও তেৱে আহ্মাৰ বাঞ্ছনী৷৷২৬১৷৷
দেখাই দিব্য ৰূপ ইটো আতি চমৎকাৰ৷
সাধিলা আনন্দ কিনো নেত্ৰৰ আহ্মাৰ৷৷
অজ্ঞজনে নলৱৈ তোহ্মাৰ গুণ নাম৷
আমি হেৰা পড়ি প্ৰভু পৰিলো প্ৰণাম৷৷২৬২৷৷
তোহ্মাৰ পাৱত হৌক একান্ত ভকতি৷
এতেক প্ৰসাদ দিয়ো আহ্মাক সম্প্ৰতি৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলোক৷
ডাকি হৰি হৰি বোলা পাতক ছাড়োক৷৷২৬৩৷৷
৷৷পঞ্চম কীৰ্ত্তন৷৷
ঘোষা৷৷
গতি মোৰ গতি মোৰ গোৱিন্দ দেৱ৷
মাধৱ বিনা বন্ধু নাহি কেৱ৷৷২১৷৷
পদ৷৷
কৰিলা তুতি চাৰি মহামুনি৷
চাৰিকো মাধৱে মাতন্ত গুণি৷৷
পাৰিষদ জয় বিজয় মোৰ৷
কৰিল অপৰাধ ইটো ঘোৰ৷৷২৬৪৷৷
বিহিলা উচিত দণ্ড ইহাক৷
কদৰ্থিলা দুয়ো আতি আহ্মাক৷৷
সেৱকে যদি কৰে অপকাৰ৷
পাৱৈ অপযশে স্বামীক তাৰ৷৷২৬৫৷৷
ক্ষমিয়ো মোক চাৰি মহাশিষ্ট৷
ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট৷৷
বিপ্ৰ সেৱাতেসে আহ্মাৰ খ্যাতি৷
চাণ্ডালকো কৰৈ পৱিত্ৰ আতি৷৷২৬৬৷৷
তোহ্মাৰ ইন্দ্ৰে কৰৈ অপৰাধ৷
কাটিবো ইন্দ্ৰক নাহিকে বাধ৷৷
বিপ্ৰৰ মুখে ভুঞ্জো যেন কৰি৷
বহ্নিৰ হোমো নোহে তাঙ্ক সৰি৷৷২৬৭৷৷
আহ্মাৰ তনু যত বিপ্ৰগণ৷
তাসম্বাৰ দ্ৰোহ চিন্তে যি জন৷৷
যমৰ দূতে কৰৈ তাক দণ্ডি৷
গৃধ্ৰগণে খায় মাংসক ছিণ্ডি৷৷২৬৮৷৷
পাৰন্ত গালি যদি বিপ্ৰে আসি৷
প্ৰণাম কৰৈ যিটো তাঙ্ক হাসি৷৷
সম্বুধি প্ৰবোধৈ সাধু বচনে৷
কৰিলেক বশ্য মোক সি জনে৷৷২৬৯৷৷
পাৰিষদ জয় বিজয় দুই৷
তোমাসাৰ শাপে অসুৰ হুই৷৷
দুনাই বৈকুণ্ঠক ঝাণ্টে আসোক৷
হেন অনুগ্ৰহ কৰিয়ো মোক৷৷২৭০৷৷
আছন্ত সৱে যদি খেদ চিত্তি৷
কৃষ্ণ বাক্যামৃতে ভৈল তৃপিতি৷৷
কৃষ্ণৰ বাক্যক কৰি বিচাৰ৷
নুবুজিলা কিছু আশয় তাৰ৷৷২৭১৷৷
মিলিল আনন্দ দ্ৰৱিল চিত্ত৷
লোতক স্ৰৱৈ তনু ৰোমাঞ্চিত৷৷
কৃতাঞ্জলি কৰি কৃষ্ণক চাই৷
মাতন্ত চাৰিও মুনি দুনাই৷৷২৭২৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে কহে৷
জানা চিৰকাল দেহা নৰহে৷৷
কৃষ্ণৰ কীৰ্ত্তনে সাধিয়ো গতি৷
বোলা হৰি হৰি একান্ত মতি৷৷২৭৩৷৷
৷৷ষষ্ঠ কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম ৰাম মুকুন্দ৷
ত্ৰাহি ত্ৰাহি গোৱিন্দ৷৷২২৷৷
পদ৷৷
তোহ্মাৰ বচন স্বামি৷
নুবুজিলো কিছু আমি৷৷
আপুনি ঈশ্বৰ হুয়া৷
বোলাহো কৰিয়ো দায়া৷৷২৭৪৷৷
ত্ৰিজগতে কৰৈ সেৱ৷
বোলা মোৰ বিপ্ৰে দেৱ৷৷
যত দেৱ দ্বিজ ভূমি৷
সৱাৰো দেৱতা তুমি৷৷২৭৫৷৷
ধৰ্ম্মৰো পৰম গুহ্য৷
তুমি জগতৰে পূজ্য৷৷
যাৰ ৰূপ হিয়ে ধৰি৷
দুস্তৰ মৃত্যুক তৰি৷৷২৭৬৷৷
তাঙ্ক আনে কৰৈ দায়া৷
কোনে বুজিবেক মায়া৷৷
মান্য কৰি ব্ৰাহ্মণক৷
শিক্ষা দিয়া সামান্যক৷৷২৭৭৷৷
ধৰ্ম্ম পথ ৰক্ষা কৰি৷
সৃষ্টি প্ৰৱৰ্ত্তাৱা হৰি৷৷
তযু পাৰিষদ দুই৷
আঙ্কো শপো মুনি হুই৷৷২৭৮৷৷
কৰিলো দাৰুণ পাপ৷
দণ্ডিয়ো জগতবাপ৷৷
এহি বুলি মৌন ভৈলা৷
মাধৱে বুলিবে লৈলা৷৷২৭৯৷৷
মুনিগণ এৰা তাপ৷
আমিসে দিয়াইলো শাপ৷৷
বৈৰভাৱে চিন্তি মোক৷
দুনাই পাইবে এহি লোক৷৷২৮০৷৷
বোলো মহা মনতুষ্টি৷
শুনি চাৰি সিদ্ধে উঠি৷৷
মাধৱক প্ৰদক্ষিণি৷
প্ৰণামিলা বাৰ তিনি৷৷২৮২৷৷
লৈয়া তান্তে অনুমতি৷
আকাশে কৰিলা গতি৷৷
বৈষ্ণৱৰ শ্ৰীক চাই৷
মনে প্ৰশংসন্তে যাই৷৷২৮২৷৷
কৃষ্ণৰ কিঙ্কৰে ভণে৷
শুনিয়োক সৰ্ব্বজনে৷৷
অন্তকে পাইলেক পৰা৷
ৰাম হৰি বুলি তৰা৷৷ ২৮৩৷৷
৷৷সপ্তম কীৰ্ত্তন৷৷
ঘোষা৷৷
পৰমানন্দহ্ল কৰা কৃপা ভৃত্যক সম্প্ৰতি৷
তুমি বিনা নাই আনগতি৷৷২৩৷৷
পদ৷৷
পাছে জয় বিজয়ক হৰি৷
কৰিলা আশ্বাস দুইকো ধৰি৷৷
অসুৰ যোনিক যাহা তয়৷
নকৰিবা মনে কিছু ভয়৷৷২৮৪৷৷
তোৰা দুয়ো থাকোক কল্যাণ৷
মই দুঃখ কৰিবো নিৰ্য্যাণ৷৷
ব্ৰহ্মশাপ নকৰো উছন৷
আছে পদে মোৰ প্ৰয়োজন৷৷২৮৫৷৷
সুমৰিও পুৰণি কথাক৷
চিন্তি আছোঁ মই আপুনাক৷৷
আমাৰ পাশক আসে লক্ষ্মী৷
তাঙ্ক নিবাৰিলা দুয়ো দেখি৷৷২৮৬৷৷
ক্রোধে বুলিলন্ত লক্ষ্মী শাপি৷
হুয়োক অসুৰ দুয়ো পাপী৷৷
হেনজানি হুয়ো দুয়ো দৈত্য৷
ভকতৰ ভয় আছে কৈত৷৷২৮৭৷৷
বৈৰভাৱে চিন্তিবাহা মোক৷
অল্পকালে পাইবা এহিলোক৷৷
দুঃখৰ কৰিবো মই অন্ত৷
এহিবুলি পাছে ভগৱন্ত৷৷২৮৮৷৷
লক্ষ্মীসমে গৈলা ধীৰে ধীৰে৷
প্ৰৱেশিলা ৰত্নৰ মন্দিৰে৷৷
পাছে দুই মুখ্য পাৰিষদ৷
এড়ি সৱে বৈকুণ্ঠ সম্পদ৷৷২৮৯৷৷
শ্ৰীহত হুয়া অধোমুখে৷
বিমানৰ পৰা পৰে দুঃখে৷৷
হেন দেখি বৈকুণ্ঠক ছানি৷
কৰে সৱে হাহাকাৰ ধ্বনি৷৷২৯০৷৷
পাছে দুয়ো এড়ি নিজ কায়৷
কশ্যপৰ বীৰ্য্যে লৈলা ঠাই৷
স্বামীৰ সংযোগে পাছে দিতি৷
অনুক্রমে ভৈলা গৰ্ভৱতী৷৷২৯১৷৷
কৃষ্ণৰ কিঙ্কৰে এভো ভণে৷
নেড়িবা কীৰ্ত্তন একোজনে৷৷
কেতিক্ষণে পড়ৈ ইটো কায়৷
হৰি হৰি ঘুষিয়ো সদায়৷৷২৯২৷৷
৷৷অষ্টম কীৰ্ত্তন৷৷
ঘোষা৷৷
হৰি ৰাম হৰি ৰাম এ মূল মন্ত্ৰ৷
কলিত নাহি তপ যজ্ঞ যন্ত্ৰ৷৷২৪৷৷
পদ৷৷
দিতিৰ গৰ্ভে দুয়ো ভৈলা জাত৷
হিৰণ্যকশিপু নামে প্ৰখ্যাত৷৷
হিৰণ্যাক্ষ নামে কনিষ্ঠ তাৰ৷
যুদ্ধত বৰাহে চিন্তিলা মাৰ৷৷২৯৩৷৷
শুনিয়া হিৰণ্যে ভ্ৰাতৃৰ বধ৷
ক্রোধে আৰকত চক্ষু তবধ৷৷
শূলক তুলি গৰ্জ্জে দৈত্যনাথ৷
দশন কামুৰি ঝঙ্কাৰে মাথ৷৷২৯৪৷৷
দানৱগণক মাতে সম্বুধি৷
মাৰিবো বৰাহক শূলে বিন্ধি৷৷
বধিলে আহ্মাৰ ভ্ৰাতৃ কনিষ্ঠ৷
দেৱ ব্ৰাহ্মণৰ চিন্তা অনিষ্ট৷৷২৯৫৷৷
পৃথিৱীক লাগি কৰা গমন৷
তপ জপ যজ্ঞ কৰিয়ো ছন্ন৷৷
বিষ্ণুসে সৱাৰো জানা আশ্ৰয়৷
গো ব্ৰাহ্মণৰ কৰা প্ৰলয়৷৷২৯৬৷৷
হেনয় আজ্ঞা কৰি দৈত্যৰাজ৷
ভ্ৰাতৃৰ পাছে কৰি প্ৰেতকাজ৷৷
কথায়ে আশ্বাস কৰি দিতিক৷
তপক মনে গৈলা মন্দৰক৷৷২৯৬৷৷
আকাশ চাই উৰ্দ্ধবাহু হুই৷
থাকিলা অঙ্গুষ্ঠে ভূমিক ছুই৷৷
জঁটাৰ দীপিতি দেখন্তে ত্ৰাস৷
প্ৰলয় সূৰ্য্যৰ যেন প্ৰকাশ৷৷২৯৮৷৷
ব্ৰহ্মাক চিন্তিয়া আছে মনত৷
বহি গৈল দিব্য বৰিষ শত৷৷
ঢাকিল তনু উঁই মাটি তুলি৷
শৰীৰৰ মাংস খাইলে সমূলি৷৷২৯৯৷৷
গজিল তাঙ্ক ঢাকি বেৰুঝাৰ৷
তথাপি কটাক্ষ নাহিকে তাৰ৷৷
শিৰৰ বহ্নি বঝায় তপোময়৷
তাৰ তাপে ভৈল জগতে ভয়৷৷৩০০৷৷
সঘনে ভূমি কাম্পৈ নিৰন্তৰ৷
খলকিল জল সাতো সাগৰ৷৷
সঞ্চাৰৈ তাৰা গ্ৰহ অসংখ্যাত৷
দশোদিশে ভৈল উলুকাপাত৷৷৩০১৷৷
হেন দেখি ভৈল ত্ৰিদশে ত্ৰাস৷
স্বৰ্গ এড়ি গৈল ব্ৰহ্মাৰ পাশ৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷
বোলা হৰি হৰি সমস্ত নৰে৷৷৩০২৷৷
৷৷নৱম কীৰ্ত্তন৷৷
ঘোষা৷৷
কৃষ্ণ যদুপতি৷
ৰামে মোৰ গতি৷৷২৫৷৷
পদ৷৷
ব্ৰহ্মাক প্ৰণামি বুলিলন্ত দেৱঝাক৷
সৃষ্টি নষ্ট হোৱে কেনে নৰাখা আহ্মাক৷৷
দৈত্যেন্দ্ৰৰ দেখি ঘোৰ তপৰ দীপিতি৷
স্বৰ্গত থাকিবে কাৰ বাপৰ শকতি৷৷৩০৩৷৷
ব্ৰহ্মপদ তোহ্মাৰ কৰিবে চাৱৈ ছন্ন৷
ভিন্ন সৃষ্টি কৰিবাক দৈত্যৰ যতন৷৷
হেন জানি বিধি কৰিয়োক প্ৰতিকাৰ৷
যাৱে নতু নষ্ট হোৱে সমস্ত সংসাৰ৷৷৩০৪৷৷
হেন শুনি ব্ৰহ্মা লড়ি গৈলা হংসযানে৷
তপ কৰি আছৈ দৈত্যপতি যিটো থানে৷৷
তপৰ মহিমা দেখি ভৈলন্ত বিস্ময়৷
বোলন্ত উঠিয়ো আৱে কশ্যপ তনয়৷৷৩০৫৷৷
শৰীৰৰ মাংসক খাইলেক তোৰ উঁই৷
তথাপি আৰাধ মোক একচিত্ত হুই৷৷
হেন তপ কৰন্তা নাহিকে সংসাৰত৷
যেহি লাগে বৰ আৱে লৈয়ো অভিমত৷৷৩০৬৷৷
এহি বুলি ব্ৰহ্মা জলে কৰিলন্ত শান্তি৷
ভৈল অঙ্গ পূৰ্ণ তপ্ত সুৱৰ্ণৰ কান্তি৷৷
বজ্ৰসম সুদৃঢ় তৰুণ কলেৱৰ৷
উঠিল মাটিৰ পৰা পাছে দৈত্যেশ্বৰ৷৷৩০৭৷৷
ব্ৰহ্মাক দেখিল হংসযানে আছে চড়ি৷
মিলিল আনন্দ প্ৰণামিলা পাৱে পড়ি৷৷
হৰিসে লোতক ঝড়ে ৰোমাঞ্চিত গাৱে৷
কৰিল অনেক তুতি আতি নম্ৰভাৱে৷৷৩০৮৷৷
বিধাতাক বোলে যদি মোক দিবা বৰ৷
তুমি স্ৰজি আছা যত প্ৰাণী নিৰন্তৰ৷৷
কাতো হন্তে নুহিবেক মোহোৰ মৰণ৷৷
ত্ৰৈলোক্যৰ লোকে লৌক আমাত শৰণ৷৷৩০৯৷৷
নমৰিবো ৰাত্ৰিত দিনত মৃত্যু নৌক৷
অস্ত্ৰে শস্ত্ৰে বধিবাক নৱাৰোক মোক৷৷
মিলোক মহিমা মোত তোহ্মাৰ সমান৷
দিয়ো এহি বৰ ব্ৰহ্মা নমাগোহো আন৷৷৩১০৷৷
ব্ৰহ্মায়ে বোলন্ত হাসি শুনা দৈত্যেশ্বৰ৷
যদ্যপি দুৰ্ল্লভ বাপ ইটো মহা বৰ৷৷
তথাপিতো দিলো বৰ বাঞ্ছা হৌক সিদ্ধি৷৷
এহি বুলি নিজ স্থানে চলি গৈলা বিধি৷৷৩১১৷৷
হেন বৰ পায়া বল বাঢ়িল অশেষ৷
ভ্ৰাতৃবৈৰী বুলি কৰে মাধৱক দ্বেষ৷৷
তিনিও লোকক বশ্য কৰি দৈত্যপতি৷
কাঢ়ি লৈল বলে মহেন্দ্ৰৰ অম্ৰাৱতী৷৷৩১২৷৷
ভয়ে দাৰুণক ত্ৰিজগতে কৰৈ সেৱ৷
ব্ৰহ্মা বিষ্ণু ৰূদ্ৰ বিনে খাটে সৰ্ব্বদেৱ৷৷
এহি মতে দিব্য ভোগ ভুঞ্জিয়া অশেষ৷
বহি গৈল অসংখ্যাত সহস্ৰ বৰিষ৷৷৩১৩৷৷
দেৱতাগণৰ আৰ নাহি সুখ শান্তি৷
নপান্ত উপায় একো মনে গুণি গান্থি৷৷
কৃষ্ণৰ চৰণে সৱে লৈলন্ত শৰণ৷
হৰি বিনা নাহি আউৰ দুৰ্গতি তাৰণ৷৷৩১৪৷৷
এহি বুলি বায়ু ভক্ষি নিদ্ৰা পৰিহৰি৷
মাধৱক আৰাধন্ত কষ্টব্ৰত ধৰি৷৷
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে কৃষ্ণকথা৷
বোলা হৰি হৰি জন্ম নকৰিয়ো বৃথা৷৷৩১৫৷৷
৷৷দশম কীৰ্ত্তন৷৷
ঘোষা৷৷
এ ৰাম হৰি নিৰঞ্জন৷৷২৬৷৷
পদ৷৷
দেৱে যেৱে উপাসন্তে আছে৷
পড়িল আকাশীবাণী পাছে৷৷
দেৱগণ নকৰিবা ভয়৷
কৰিবোহো দৈত্যৰ প্ৰলয়৷৷৩১৬৷৷
ইটো দুঃখ হৈব উপশান্তি৷
শুনা তাৰ মৰণৰ খ্যান্তি৷৷
তানে পুত্ৰ বৈষ্ণৱ প্ৰহাদ৷
তাঙ্ক কৰে যৈসানি বিৱাদ৷৷৩১৭৷৷
তেৱে তাক কৰিবো নিৰ্য্যাণ৷
ভকতেসে জানা মোৰ প্ৰাণ৷৷
তান পীড়া শৰীৰে নসহে৷
ভকতৰ দুঃখে হৃদি দহে৷৷৩১৮৷৷
নিৰ্ভয়ে থাকিয়ো দেৱগণ৷
অল্পতে সিজিবে প্ৰয়োজন৷৷
দেৱগণ নিৱৰ্ত্তিয়া গৈল৷
দৈত্যেন্দ্ৰৰ চাৰিপুত্ৰ ভৈল৷৷৩১৯৷৷
প্ৰহাদ বৈষ্ণৱ ভৈলা আতি৷
বিষ্ণুক চিন্তন্ত দিনে ৰাতি৷৷
ইন্দ্ৰিয়ক কৰিলা নিয়ম৷
প্ৰাণীক দেখন্ত আত্মসম৷৷৩২০৷৷
ৰূপে গুণে বিদ্যাত পাৰ্গত৷
নাহি গৰ্ব্ব তথাপি মনত৷৷
দুঃখতো উদ্বেগ নুহি চিত্ত৷
নাহি স্পৃহা সুখতো কিঞ্চিত৷৷৩২১৷৷
অসুৰ স্বভাৱ এড়িলন্ত৷
কাম জিনি ভৈল উপশান্ত৷৷
মহাবৈৰী হুয়া দেৱজাক৷
সাধু বুলি বখানন্ত তাক৷৷৩২২৷৷
পাঞ্চ বৰিষতে মহামতি৷
ক্রীড়া এড়ি কৰন্ত ভকতি৷৷
নিতান্তে হৰিক কৰে ধ্যান৷
হৰি বিনে নেদেখন্ত আন৷৷৩২৩৷৷
সদায়ে কৃষ্ণৰ গুণ কহে৷
চিত্তত ধৰিল কৃষ্ণগ্ৰাহে৷৷
নেড়ৈ মনে গোৱিন্দৰ পাৱ৷
কৃষ্ণত উপজৈ প্ৰেমভাৱ৷৷৩২৪৷৷
কৃষ্ণক চিন্তন্তে দ্ৰৱে মন৷
কেহো বেলা কৰন্ত ক্রন্দন৷৷
কেহো বেলা হাসন্ত আহ্লাদে৷
কতো গুণ গাৱন্ত প্ৰহ্লাদে৷৷৩২৫৷৷
গোৱিন্দক আনন্দে ডাকন্ত৷
লাজ এড়ি কতোহো নাচন্ত৷৷
হৰিবুদ্ধি হোৱৈ আপুনাক৷
কতো কৰৈ কৃষ্ণৰ চেষ্টাক৷৷৩২৬৷৷
আনন্দে লোতক যায় বহি৷
নমাতি থাকন্ত কতো ৰহি৷৷
হৰিষতে তনু লোমাঞ্চিত৷
কৃষ্ণতে একান্ত ভৈল চিত্ত৷৷৩২৭৷৷
এহিমতে কৰন্ত ভকতি৷
আন বিষয়ত নাহি ৰতি৷৷
কৃষ্ণৰ কিঙ্কৰে এহু ভণে৷
হৰি হৰি বোলা সৰ্ব্বজনে৷৷৩২৮৷৷
৷৷একাদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম হৰি ৰাম হৰি গোপাল গোপাল৷৷২৭৷৷
পদ৷৷
ষণ্ডামৰ্ক নামে দুয়ো শুক্রৰ তনয়৷
প্ৰহাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়৷৷
পঢ়ে আনো অসংখ্যাত দৈত্যৰ ছৱাল৷
মনত প্ৰহাদে তাক নমানন্ত ভাল৷৷৩২৯৷৷
একদিনা দৈত্যেন্দ্ৰে পুত্ৰক কোলে লই৷
কিবা পঢ়ি আছা বুলি আনন্দে সোধয়৷৷
কাক ভাল মান বাপ কহিয়ো সত্বৰে৷
বুলিলন্ত প্ৰহাদে পিতৃক অনন্তৰে৷৷৩৩০৷৷
শুনা পিতৃ ইটো গৃহ অন্ধকূপ সৰি৷
তপোবনে একচিত্তে আৰাধিয়ো হৰি৷৷
সংসাৰ সাগৰে ভাল নাহি আত পৰে৷
হেন শুনি হাসি পাছে মাতে দৈত্যেশ্বৰে৷৷৩৩১৷৷
কোনবা বৈষ্ণৱে আক কৰে বুদ্ধি ভেদ৷
ভালমতে শিশুক পঢ়ায়ো অৱিছেদ৷৷
শুনি ষণ্ডামৰ্কে প্ৰহাদক ঘৰে আনি৷
হাসিয়া পুছন্ত বাপ কহ সত্যবাণী৷৷৩৩২৷৷
কোনে তোক হেন বিপৰ্য্যয় বুদ্ধি দিল৷
কিবা তোৰ মনত আপুনি সম্পজিল৷৷
শুনিবাক ইছা কহ কুলেৰ নন্দন৷
প্ৰহাদে কহিলা কৰি কৃষ্ণক বন্দন৷৷৩৩৩৷৷
ব্ৰহ্মা আদি কৰি যত দেৱতা পণ্ডিত৷
যাহাৰ পন্থত হোন্ত মায়ায়ে মোহিত৷৷
যাৰ মায়া বিভৱৰ নাহি পৰিছেদ৷
হেন হৰি কৰন্ত আহ্মাৰ বুদ্ধি ভেদ৷৷৩৩৪৷৷
চুম্বকৰ কাছে লোহা ভ্ৰমে যেন ঠানে৷
ভিন্ন ভৈল বুদ্ধি মোৰ বিষ্ণু সন্নিধানে৷৷
এহি বুলি গুৰুক প্ৰহাদ মৌন ভৈল৷
শুনি ষণ্ডামৰ্কে তাক গৰ্জিবাক লৈল৷৷৩৩৫৷৷
আন বেত কোবাই মাৰো অৰে দুৰাচাৰ৷
মন্দবুদ্ধি আমাৰো অনাইলি খিলিঙ্কাৰ৷৷
উপজিলি তই দৈত্য কুলৰ কণ্টক৷
ভৈলি বিষ্ণুপক্ষ ক্ষয় কৰিলি কুলক৷৷৩৩৬৷৷
এহিমতে অনেক উপায়ে দেখাই ভয়৷
প্ৰহাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়৷৷
জানিলেক শাস্ত্ৰ গুৰু মনে হেন জানি৷
দৈত্যেন্দ্ৰৰ আগে প্ৰহাদক দিল আনি৷৷৩৩৭৷৷
পিতৃৰ চৰণে পড়ি আছে মহামতি৷
দুই হাতে তুলি আশ্বাসিলা দৈত্যপতি৷৷
কোলাত বৈসাই ঘনে ঘনে ঘ্ৰাণি শিৰ৷
হাসি প্ৰহাদত কথা সোধে মহাবীৰ৷৷৩৩৮৷৷
কিবা সুশোভন পাঠ পঢ়ি আছা তাত৷
গুৰুত শিখিলা কিবা কহিও আহ্মাত৷৷
শুনিয়া প্ৰহাদে পাছে কহন্ত সাদৰি৷
পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷৩৩৯৷৷
৷৷দ্বাদশ কীৰ্ত্তন৷৷
ঘোষা৷৷ ও হৰি চৰণে লাগো শৰণ মাগো
গোপাল গোৱিন্দ৷
ভৱসিন্ধু মাজে মজিলো মাধৱ
সুমৰি নাসয় নিন্দ৷৷২৮৷৷
পদ৷৷ শ্ৰৱণ কীৰ্ত্তন স্মৰণ বিষ্ণুৰ
অৰ্চন পদ সেৱন৷
দাস্য সখিত্ব বন্দন বিষ্ণুত
কৰিব দেহা অৰ্পণ৷৷
নৱবিধ ভক্তি বিষ্ণুত আচৰৈ
সেহিসে পাঠ উত্তম৷
হেন শুনি পাছে হিৰণ্যকশিপু
কোপে কাম্পে যেন যম৷৷৩৪০৷৷
গুৰুৰ পুত্ৰক চাহি দৈত্যপতি
পাৰিবে লাগিলা গালি৷
শুনৰে অধম ব্ৰাহ্মণ শিশুক
এহিসে পাঠ শিখাইলি৷৷
ষণ্ডামৰ্কে বোলে আন নিশিকাওঁ
ইটো নপঢ়াওঁ আমি৷
তোহ্মাৰ তনয় স্বভাৱে বোলয়
কোপ এড়া দৈত্যস্বামী৷৷৩৪১৷৷
শুনিয়া হিৰণ্য- কশিপু দুনাই
সোধয় কথা পুত্ৰত৷
গুৰু নিশিখাইলে হেন বিমঙ্গল
বাণী বোল কেনমত৷
প্ৰহাদে বোলন্ত শুনিয়োক তাত
বিষয়ীৰ নাহি গতি৷
গুৰু উপদেশে আপুনাত হন্তে
নুপজৈ কৃষ্ণত ৰতি৷৷৩৪২৷৷
আপুনি বিষয়ী হুয়া যিটো নৰে
বিষয়ীক গুৰু মানৈ৷
যেন অন্ধলাক অন্ধে উপদেশে
বিষ্ণুক গুৰু নজানৈ৷৷
বৈষ্ণৱক যাৱে নকৰৈ উপাসা
মোহে অন্ধ মূঢ়মতি৷
শুনা পিতৃ তেৱে কৃষ্ণৰ চৰণ
নোছোৱৈ তাহাৰ মতি৷৷৩৪৩৷৷
হেন শুনি মহা- ক্রোধে দৈত্যৰাজ
জ্বলি গৈল অহঙ্কাৰী৷
মাটিক লাগিয়া পুত্ৰক পেহ্লাইল
কোলাৰ পৰা আছাৰি৷৷
ৰাক্ষসগণক ক্রোধে আদেশয়
মাৰ পাপীষ্ঠক বেঢ়ি৷
ভ্ৰাতৃবৈৰী বিষ্ণু তাকেসে সেৱয়
আহ্মাত সৌহৃদ্য এড়ি৷৷৩৪৪৷৷
প্ৰচণ্ড আদেশ শুনিয়া অশেষ
ৰাক্ষস উঠিল ৰাগি৷
হাতে শূল ধৰি খেখট কৰিয়া
ধাইল প্ৰহাদক লাগি৷৷
কাট মাৰ বুলি বেঢ়িয়া সন্ধানে
দিলেক শূলৰ ঝাক৷
বিষ্ণুক সুমৰি প্ৰহাদ কুমাৰে
কটাক্ষো নকৰে তাক৷৷৩৪৫৷৷
ভোটা হুইয়া শূল উফৰি পৰিল
দেখি আছে সৰ্ব্বজনে৷
হেন অদভূত দেখি দৈত্যপতি
পৰম শঙ্কিত মনে৷৷
দিগ্গজগণক আদেশ কৰিল
দিগ্গজো ভিড়িল দান্তে৷
জলত ডুবায়া পৰ্ব্বত উপৰে
পেলায়া কতোহো ঝাণ্টে৷৷৩৪৬৷৷
মহাসৰ্পগণে বেঢ়িয়া দংশয়
তাৰো দান্ত গৈল ভাগি৷
পৰ্ব্বত শিখৰে তুলিয়া কতোহো
পেলাৱৈ মাটিক লাগি৷৷
গাত খানি কতো পোতে প্ৰহাদক
কৰাৱৈ বিষক পান৷
হাতে গলে বান্ধি অগ্নিত পেলাৱৈ
তথাপি নচাড়ে প্ৰাণ৷৷৩৪৭৷৷
বিষ্ণুৰ চৰণ চিন্তিয়া প্ৰহাদে
আছন্ত নিৰ্ভয় ভাৱে৷
দেখি দৈত্যপতি মনত চিন্তয়
শ্ৰুতি নাই তাৰ গাৱে৷৷
আছোক মৰিব ভয় নুপজয়
নেড়য় আহ্মাৰ পাশ৷
ইহাৰ বিৰোধ জানিলো অৱশ্যে
মোহোৰ হৈব বিনাশ৷৷৩৪৮৷৷
দুৰন্ত চিন্তায়ে শ্ৰীহানি ভৈল
নমাইল মলিন মুখ৷
পাছে ষণ্ডামৰ্কে বিৰলে বিনাৱৈ
দৈত্যেন্দ্ৰৰ দেখি দুঃখ৷৷
প্ৰহাদ চৰিত ৰচিল শঙ্কৰে
কৃষ্ণৰ কিঙ্কৰে এৱে৷
বোলা হৰি হৰি সংসাৰক তৰি
বৈকুণ্ঠক যাইবা যেৱে৷৷৩৪৯৷৷
৷৷ত্ৰয়োদশ কীৰ্ত্তন ৷৷
ঘোষা৷৷
কেশৱ শিৱ শিৱ ঘুষিও সদায়৷
ৰামনাম বিনে বান্ধৱ নাই৷৷২৯৷৷
পদ৷৷
কিসক দৈত্যেন্দ্ৰ আছা মনত বিকলে৷
তিনিয়ো লোকক তুমি জিনিলা একলে৷৷
তযু কটাক্ষতে কাম্পৈ দিকপালগণ৷
তোমাৰ চিন্তাৰ কিছু নেদেখো কাৰণ৷৷৩৫০৷৷
হেন জানি হুয়ো ৰাজা মনত সন্তোষ৷
শিশু ছৱালৰ কিছু নধৰিবা দোষ৷৷
বৰুণৰ পাশে বান্ধি থৈয়ো কত কাল৷
আপুনি বয়স হৈলে বুদ্ধি হৈবে ভাল৷৷৩৫১৷৷
এহি হৌক বুলি পাছে মাতে দৈত্যেশ্বৰ৷
শিখায়োক আক ৰাজনীতি নিৰন্তৰ৷৷
হেন শুনি গুৰুপুত্ৰে আনি প্ৰহাদক৷
মহাযত্নে পঢ়াইলন্ত দৈত্যৰ শাস্ত্ৰক৷৷৩৫২৷৷
তাক ভাল নমানয় প্ৰহাদৰ মনে৷
কৰিলা নিবিড় চিত্ত কৃষ্ণৰ চৰণে৷৷
পঢ়াই শুনাই গুৰু যেৱে গৃহকামে যান্ত৷
দৈত্যশিশুসৱক মাতিয়া শিখাৱন্ত৷৷৩৫৩৷৷
দৈত্যশিশুসৱো পাছে আন ক্রীড়া এড়ি৷
প্ৰহাদক গৌৰৱ কৰিয়া বসৈ বেঢ়ি৷৷
দয়ায়ে প্ৰহাদে দেন্ত হিত-উপদেশ৷
শুনিয়োক বাণী দৈত্য দানৱ নিঃশেষ৷৷৩৫৪৷৷
অসাৰ সংসাৰ নাই ইহাত বিশ্বাস৷
জানি হৰি ভকতিক কৰিও অভ্যাস৷৷
মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত৷
অৰ্দ্ধেক বিফলে যাই জানিবা নিদ্ৰাত৷৷৩৩৫৷৷
বিংশতি বৰিষ আৰ যায় ওমলন্তে৷
নেয় দশ বৰিষ ধনক উপাৰ্জ্জন্তে৷৷
বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি৷
একো কাৰ্য্য সাধিবাক নাহিকে শকতি৷৷৩৫৬৷৷
শৰীৰকো পীড়ৈ ব্যাধি চক্ষুয়ে নাকলে৷
আশা পাশে বান্ধিয়া গৃহত থাকি গলে৷৷
হেন জানি শিশুসৱ এড়া আন কৰ্ম৷
ধৰিয়ো৩৪ কুমাৰ কালে ভাগৱত ধৰ্ম্ম৷৷৩৫৭৷৷
দুৰ্ল্লভ মনুষ্য জন্ম নকৰা বিফল৷
চিন্তা মনে মাধৱৰ চৰণ কমল৷৷
হৰিসে সৱাৰো আত্মা বান্ধৱ ঈশ্বৰ৷
মায়াময় ইটো পুত্ৰ ভাৰ্য্যা কলেৱৰ৷৷৩৫৮৷৷
আৰ অৰ্থে ব্যৰ্থে কেনে কৰা আয়ুপাত৷
সৱাৰো হৃদয়ে বিষ্ণু আছন্ত সাক্ষাত৷৷
হেন জানি অসুৰ স্বভাৱ সৱে এড়ি৷
সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি৷৷৩৫৯৷৷
তেৱেসে অল্পতে তুষ্ট হৈব নাৰায়ণে৷
কোননো দুৰ্ল্লভ আছে হৰি সুপ্ৰসন্নে৷৷
হেন জানি বিষয়ত হুয়োক বিমুখ৷
পশু শৰীৰতো পায় বিষয়ৰ সুখ৷৷৩৬০৷৷
বাল্যক্রীড়া এড়ি কৰা মাধৱক ধ্যান৷
নাৰদৰ মুখত শুনিলো ইটো জ্ঞান৷৷
স্বৰূপ কহিলো নাহি ইহাত সংশয়৷
বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়৷৷৩৬১৷৷
৷৷চতুৰ্দশ কীৰ্ত্তন৷৷
ঘোষা৷৷
নমো মধু মুৰ মথন ৰাম৷৷
সংসাৰ তাপ কৰা উপশাম৷৷৩০৷৷
পদ৷৷
শুনিয়া পাছে দৈত্য শিশুজাক৷
প্ৰহাদক হেন বুলিলা বাক৷৷
অন্তেষপুৰে থাকি মহাভাগ৷
কিমতে পাইলা নাৰদক লাগ৷৷৩৬২৷৷
কহিলা কেনে ঋষি তত্ত্বভেদ৷
কৰিয়ো আহ্মাৰ সংশয় ছেদ৷৷
বুলিলা প্ৰহাদে হেন বচন৷
শুনা পূৰ্ব্ব কথা বালকগণ৷৷৩৬৩৷৷
যৈসানি পিতৃ তপস্যাক গৈল৷
দেখি দেৱগণ সংশয় ভৈল৷৷
জানিল পিতৃক খাইলেক উঁই৷
নগৰ বেঢ়িয়া লগাইল জুই৷৷৩৬৪৷৷
দানৱগণ ভয় ভৈল বৰ৷
পুত্ৰভাৰ্য্যা এড়ি দিলা লৱড়৷৷
মিলিল দৈত্যৰ আপদ ঘোড়৷
ইন্দ্ৰে ধৰি নিলে মাতৃক মোৰ৷৷৩৬৫৷৷
আপুন স্থানক নেন্ত আজুৰি৷
কান্দন্ত সতী মুখে বস্ত্ৰ জুৰি৷৷
কৰৈ আৰ্ত্তৰাৱ ৰাজমহিষী৷
দেখিয়া বুলিলা নাৰদ ঋষি৷৷৩৬৬৷৷
ইহাঙ্ক এড়া এড়া সুৰপতি৷
একে পৰস্ত্ৰী আৰো মহাসতী৷৷
মাতিল ইন্দ্ৰে নাৰদক পাছে৷
এইৰ উদৰে শিশু এক আছে৷৷৩৬৭৷৷
তাক মাৰি দিবো এইক মেলানি৷
শুনিয়া নাৰদে বুলিলা বাণী৷৷
নিষ্পাপ পুৰুষ আছে গৰ্ভত৷
সাক্ষাতে ইটো মহাভাগৱত৷৷৩৬৮৷৷
তোহ্মাৰ মাৰিবে নাহি শকতি৷
এড়িল হেন শুনি সুৰপতি৷৷
মাতৃক পাছে প্ৰদক্ষিণ কৰি৷
স্বৰ্গক গৈলন্ত মোক সাদৰি৷৷৩৬৯৷৷
মাতৃক ঋষি আশ্ৰমত থৈলা৷
আশ্বাস কৰিয়া বুলিবে লৈলা৷৷
যাৱদেকে নাসৈ তোহ্মাৰ স্বামী৷
নিৰ্ভয়ে থাকিয়ো পালিবো আমি৷৷৩৭০৷৷
শুনিয়া মাৱে ভয় পৰিহৰি৷
থাকিল ঋষিক শুশ্ৰূষা কৰি৷৷
দয়ালু নাৰদ পিতৃ সমান৷
মাতৃক দিলন্ত পৰম জ্ঞান৷৷৩৭১৷৷
ভক্তিৰ লক্ষণ সৱে কহিল৷
গৰ্ভতে মোক উপদেশ দিল৷৷
মাতৃ পাসৰিলে লভিয়া স্বামী৷
ঋষিৰ প্ৰসাদে সুমৰো আমি৷৷৩৭২৷৷
কহিলো তোহ্মাত সৱে স্বৰূপ৷
জানি হিয়ে চিন্তা কৃষ্ণৰ ৰূপ৷৷
আতপৰে ধৰ্ম্ম লোকত নাই৷
কেতিক্ষণে পড়ে ক্ষণিক কায়৷৷৩৭৩৷৷
এড়িয়ো আত অহম্মম ভাৱ৷
দৃঢ় কৰি ধৰা কৃষ্ণৰ পাৱ৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷
হৰি হৰি বোলা সমস্ত নৰে৷৷৩৭৪৷৷
৷৷পঞ্চদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
দুৰাচাৰ মন মোৰ ৰাম হৰি বোল৷৷
ৰাম হৰি বোল মন ৰাম হৰি বোল৷৷৩১৷৷
পদ৷৷
কৃষ্ণৰ চৰণে হৈৱে যিমতে ভকতি৷
শুনা সাৱধানে তাক স্থিৰ কৰি মতি৷৷
বিষ্ণুভকতৰ সঙ্গ লৈব প্ৰথমতে৷
গুৰু মানি শুশ্ৰূষা কৰিব ভালমতে ৷৷৩৭৫৷৷
লৈয়া উপদেশ মাধৱক আৰাধিব৷
যতেক সুকৃতি মানে কৃষ্ণতে অৰ্পিব৷৷
কৃষ্ণকথা শ্ৰৱণত শুদ্ধ হৈব মন৷
সৰ্ব্বদায়ে কৰিবেক কৃষ্ণৰ কীৰ্ত্তন৷৷৩৭৬৷৷
কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত৷
আছন্ত ঈশ্বৰ হৰি সমস্ত ভূতত৷
হেনজানি প্ৰাণীক কৰিবা সতকাৰ৷
তেৱেসে কৃষ্ণক ৰতি হৈবেক তোহ্মাৰ৷৷৩৭৭৷৷
হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস৷
আপুনি লৈবন্ত হৰি হৃদয়ত বাস৷৷
আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়৷
তাঙ্ক এড়ি সামান্যক সেৱে দুৰাশয়৷৷৩৭৮৷৷
ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ৷
সমস্তে অবস্তু অণুমাত্ৰো নুহি সাৰ৷৷
হেন অনুমানি মাধৱত কৰা ৰতি৷
ইহ পৰলোকে কৃষ্ণচৰণেসে গতি৷৷৩৭৯৷৷
নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হুইবে৷
নলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে৷
তপ জপ যজ্ঞ দান সৱে বিড়ম্বন৷
কেৱল ভক্তিত তুষ্ট হোন্ত নাৰায়ণ৷৷৩৮০৷৷
যক্ষ ৰক্ষ স্ত্ৰী শূদ্ৰ যত ব্ৰজবাসী৷
পক্ষী মৃগো বিষ্ণু ভৈল কৃষ্ণক উপাসি৷৷
জানি দৈত্যশিশুসৱ হুয়ো একমতি৷
হৰিত কৰিও সৱে একান্ত ভকতি৷৷৩৮১৷৷
এহিমাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ৷
শ্ৰৱণ কীৰ্ত্তন কৰিবেক নিৰন্তৰ৷৷
সমস্ত ভূততে দেখিবেক নাৰায়ণ৷
আতপৰে আন ধৰ্ম্ম সৱে বিড়ম্বন৷৷৩৮২৷৷
হেন শুনি নিৰন্তৰে দৈত্যশিশুগণ৷
প্ৰহাদৰ উপদেশে ভেদিলেক মন৷৷
গুৰুৰ শিক্ষাত আউৰ কেহো নেদে মতি৷
ভাগৱত ধৰ্ম্মত সৱাৰ ভৈল ৰতি৷৷৩৮৩৷৷
শুনৈ কৃষ্ণকথাক মনত চিন্তৈ হৰি৷
ৰামনাম গাৱৈ বাৱৈ বজাৱৈ চাপৰি৷৷
দেখি ক্রোধে ষণ্ডামৰ্কে দণ্ডি কৰৈ আনি৷
তথাপি আটাস পাৰি বোলে ৰামবাণী৷৷৩৮৪৷৷
অদ্ভূত দেখিয়া দুয়ো গুৰু গৈলা ডৰি৷
দিলেক লৱড় প্ৰহাদৰ হাতে ধৰি৷৷
ৰাজাত বিনাৱেতযু পুত্ৰ ভৈল নষ্ট৷
আনো সৱ শিশুক কৰিলে সৱে ভ্ৰষ্ট৷৷৩৮৫৷৷
নপঢ়য় শাস্ত্ৰ আৰো প্ৰভু একো ছাত্ৰ৷
মাৰণকো নগণয় ৰাম বোলে মাত্ৰ৷৷
আমাক দণ্ডিবা পাছে দিলো আসি জান৷
বোলা হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ৷৷৩৮৬৷৷
৷৷