ষ্টেভিয়া : চেনিৰ এক প্ৰাকৃতিক বিকল্প – ডা: ভূপেন শইকীয়া
২৩ মাৰ্চ ২০১৭ তাৰিখৰ WebMD আলোচনীত প্ৰকাশিত তথ্য মতে পুৰুষে দৈনিক ৯ চাহ চামুচ আৰু মহিলাসকলে ৬ চাহ চামুচ চেনি খোৱাটো নিৰাপদ৷ ইয়াত প্ৰাকৃতিকভাবে ফলমূল আৰু গাখীৰত উপলব্ধ চেনিৰ কথা ধৰা নাই৷ অধিক পৰিমাণৰ চেনিয়ে মানৱ দেহত কৰিব পৰা ক্ষতিসমূহ এনেধৰণৰ – ডায়েবেটিজ, হৃদৰোগ, মেদবহুলতা, শৰীৰৰ ইমিউনিটি হ্ৰাস কৰা, দন্তক্ষয়, অকাল-বাৰ্ধক্য, বৰ্ধিত ষ্ট্ৰেচ উৎপন্ন কৰা, দেহত ক্ৰমিয়ামৰ পৰিমাণ হ্ৰাস কৰা (ক্ৰমিয়ামে দেহত চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে), নন-এলকোহলিক লিভাৰ ডিজিজ, এলঝাইমাৰ ৰোগ, কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰা, মুডৰ সঘন পৰিবৰ্তন, ক্লান্তিবোধ আদি৷
গতিকে চেনিৰ বিকল্পৰ কথা আহিল য’ত সেই অপকাৰিতাসমূহ নোহোৱাকৈ মিঠা স্বাদক মানুহে উপলব্ধি কৰিব পাৰে৷ ওলাল নানাবিধ Artificial Sweetener যেনে Saccharin, Aspartame, Sucralose আদি৷ কিন্তু কালক্ৰমত এই কৃত্ৰিম স্বাদ সমূহৰ অপকাৰিতাৰ বিষয়ে নানান ধ্যান-ধাৰণাৰ সৃষ্টি হব ধৰিলে৷ এইবিলাকৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়াসমূহ হ’ল- ওকালি, ডায়েৰিয়া, মাইগ্ৰেইন, মূৰৰ বিষ, মূৰঘূৰণি, অৰুচি, এলাৰ্জি, একজিমা, লিভাৰৰ অসুখ, হাওঁফাওঁৰ অসুখ, হাইপো-থাইৰয়েডিজম, কিডনিৰ ক্ষতি, নাৰ্ভৰ ক্ষতিসাধন আৰু আটাইতকৈ বিপদজনক হ’ল কেঞ্চাৰৰ সম্ভাৱনা৷
ইয়াৰ সমান্তৰালভাবে মই আজি এবিধ উদ্ভিদৰ বিষয়ে কিছু লাগতিয়াল কথা পাঠকক অৱগত কৰিবলৈ মনস্থ কৰিছো যি হয়তো আজিৰ দিনৰ সৈতে বেছি সময় উপযোগী আৰু স্বাস্থ্যসন্মত৷ হয়, মই আলোচনা কৰিব ওলাইছো ষ্টেভিয়াৰ বিষয়ে৷ বিশ্বজুৰি জনপ্ৰিয়তা লভা এই ষ্টেভিয়াৰ ব্যৱসায়িক ভিত্তিত উৎপাদন দেশৰ নানান ঠাই লগতে অসমতো কেইবাজনো যুৱ উদ্যমী লোকে বিগত কিছু বছৰৰ পৰা কৰিবলৈ আৰম্ভ কৰিছে৷ অসমৰ বাহিৰে আমাৰ দেশৰ পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কেৰালা, ৰাজস্থান, দিল্লী, উত্তৰাঞ্চল, উৰিষ্যা, বিহাৰ, মহাৰাষ্ট্ৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আদি ৰাজ্যত ষ্টেভিয়াৰ খেতি হয়৷ অসমত ষ্টেভিয়াৰ সৈতে মই জনা জড়িত ব্যক্তি আৰু প্ৰতিষ্ঠান কেইটামান হ’লঃ হেন্যিমেন চেৰিটেবল চ’ছাইটি, গুৱাহাটীৰ পংকজ কলিতা, নলবাৰীৰ সোণধন ডেকা৷ পংকজ কলিতাৰ ফাৰ্ম ৰাণী আৰু জাগীৰোডত আছে৷ বিগত ভালে কেইবছৰৰ পৰা ঐকান্তিকভাবে অসমত ষ্টেভিয়াৰ উৎপাদন আৰু প্ৰচাৰ-প্ৰসাৰত জড়িত হৈ আছে সোণধন ডেকা৷ ডেকাই জনোৱা মতে অসমত যোৱা ৮ বছৰে প্ৰায় ৪০ জন খেতিয়ক কৰ্মৰত৷
ষ্টেভিয়াৰ বিষয়ে বুৰঞ্জীয়ে কি কয়? — ষ্টেভিয়াৰ প্ৰাৰম্ভিক উৎপত্তি স্থল দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা আৰু মেক্সিকো আছিল বুলি জনা যায়৷ পাৰাগুৱে, ভেনেজুৱেলা, কলম্বিয়া, ব্ৰাজিল আদি দেশত ১৫০০বছৰ আগৰ পৰাই ষ্টেভিয়াৰ প্ৰচলন আছিল৷ স্পেইন দেশৰ ব’টানিৰ অধ্যাপক আৰু চিকিৎসক পেড্ৰো জেম এষ্টিভে (Pedro Jaime Esteve -১৫00–১৫৫৬) পোন প্ৰথমবাৰৰ বাবে ইয়াৰ ওপৰত গৱেষণা আৰম্ভ কৰে৷ ১৮৯৯ চনত ছুইচ উদ্ভিদ বিজ্ঞানী মোইচেচ চনটিয়াগো বটোৰ্ণিয়ে (Moises Santiago Bertoni) ইয়াৰ মিঠা স্বাদৰ কথা বিশ্বক অৱগত কৰে৷ ১৯৩১ চনত দুজন ফৰাচী ৰসায়ন বিজ্ঞানীয়ে ইয়াত থকা দুবিধ ষ্টেভিয়েল গ্লাইকোচাইড (ষ্টেভিয়’চাইড আৰু ৰিয়াউডিয়’চাইড) চিনাক্ত কৰে৷ ১৯৭০ চনত জাপানে চেনিৰ বিকল্প হিচাবে ষ্টেভিয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰে৷ ১৯৭১ চনৰ পৰা জাপানী খাদ্য পদাৰ্থ আৰু শীতল পানীয়ত ষ্টেভিয়াৰ ব্যৱহাৰ আৰম্ভ হয় আৰু আজি বিশ্বত আটাইতকৈ বেচিকৈ ষ্টেভিয়া প্ৰয়োগ কৰা দেশ হ’ল জাপান৷ ১৯৯০চনত আমেৰিকাৰ FDAৰ দ্বাৰা ষ্টেভিয়াক খাদ্য হিচাপে নিৰাপদ পদাৰ্থ বুলি স্বীকৃতি দিয়া হয়৷ ইয়াৰ পিছত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, চীন, ইউৰোপ, কানাডাকে ধৰি বিশ্বৰ আন আন দেশসমূহত ষ্টেভিয়াই স্বীকৃতি লভিবলৈ ধৰিলে৷ ভাৰতবৰ্ষত ২০১৫চনৰ নভেম্বৰৰ পৰা খাদ্যত ষ্টেভিয়াৰ প্ৰয়োগ আৰম্ভ হয়৷
ষ্টেভিয়াৰ গছৰ বৰ্ণনা আৰু কৃষিৰ বিষয়ে জানিবলগীয়া- ষ্টেভিয়া হ’ল এবিধ চিৰস্থায়ী (Perennial) উদ্ভিদ যাক চেনিৰ বিকল্প হিচাপে অতি প্ৰাচীন কালৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে৷ এই ব্যৱহাৰ উপৰিও ষ্টেভিয়া নানাবিধ ঔষধি গুণৰ বাবে বহুজন সমাদৃত৷ ষ্টেভিয়া নামৰ উৎপত্তি লেটিন শব্দৰ পৰা হৈছে৷ ষ্টেভিয়াৰ পুলি ৰোপণ কৰাৰ পৰা ৪৷ ৫মাহৰ ভিতৰত পূৰঠ হয় আৰু পাত সংগ্ৰহ কৰিব পৰা হয়৷ এবাৰ ৰোৱা পুলিৰ পৰা অন্ততঃ ৬বছৰলৈ পাত চিঙিব পাৰি৷ প্ৰথম বছৰত সেয়ে উৎপাদন ব্যয় বেচি হলেও পৰৱৰ্তী বছৰবোৰত খৰচ কম হয়৷ এজোপা গছৰ উচ্চতা ৪০ৰ পৰা ৮০ চেণ্টিমিটাৰ (সৰ্বোচ্চ এক মিটাৰ)পৰ্য্যন্ত হয়৷ এখিলা পাত হয় ৫চেণ্টিমিটাৰ দীঘল আৰু ২চেণ্টিমিটাৰ বহল৷ গছত ফুল ফুলিব ধৰিলে সেই ফুল চিঙি পেলোৱা হয়৷ কেঁচা পাত আৰু শুকোৱা পাত দুয়োবিধেই মিঠা স্বাদৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷ ঘৰুৱাভাবে ষ্টেভিয়া টাবটো ৰুব পাৰি৷ এটা পৰিয়ালৰ বাবে এজোপা বা দুজোপা গছেই যথেষ্ট৷ ষ্টেভিয়াত Septoria নামক শেলুৱৈয়ে কৰা ৰোগ প্ৰতিৰোধ কৰিবলৈ নিমৰ পানী প্ৰয়োগ কৰা হয়৷ ৰোপণৰ বাবে মাৰ্চ-এপ্ৰিল হ’ল সৰ্বোত্তম সময়৷ মাটিৰ পি এইচ ৬ৰ পৰা ৭.৫ হলে ভাল৷ বতৰৰ তাপমান ৩০ৰ পৰা ৩২ডিগ্ৰী চেণ্টিগ্ৰেড হ’ল উত্তম৷ নিম্নতম ৫ডিগ্ৰী আৰু সৰ্বোচ্চ ৪৫ডিগ্ৰী তাপমান এই গছে সহ্য কৰিব নোৱাৰে৷
বংশাৱলী আৰু নামকৰণঃ ষ্টেভিয়াৰ বৈজ্ঞানিক নাম হ’ল Stevia rebaudiana৷ ই ক্ৰিচেনথিমাম (Chrysanthemum) বংশৰ, উপ বংশাৱলী হ’ল Asteraceae / Ragweed family৷ সূৰ্য্যমুখী হ’ল একেটা পৰিয়ালৰে উদ্ভিদ৷ কমেও ২৪০টা ষ্টেভিয়াৰ প্ৰজাতি চিনাক্ত কৰা হৈছে৷ অসমৰ তাৰে দুটা প্ৰজাতিৰ খেতি হয়৷ সেই দুটা হ’ল MDS-13 আৰু MDS – 14৷
অসমত ষ্টেভিয়াৰ আন আন প্ৰচলিত নাম হ’ল- মিঠাপাত, মৌপাত, চেনিপাত আৰু মিঠা তুলসী৷ মালয়ালম ভাষাত মধুৰ তুলসী, তামিলত চেনি তুলসী, তেলেগুত মধু পাত্ৰি, মাৰাঠীত মধু পৰাণি, গুজৰাটীত মিষ্টি পট্টি, বাংলা আৰু ওৰিয়াত ষ্টেভিয়া নামেৰেই পৰিচিত৷ জাপানত ইয়াক Caa-He-e বুলে, যাৰ অৰ্থ হ’ল মিঠা উদ্ভিদ৷
কি কি লাগতিয়াল তত্ত্ব ষ্টেভিয়াত থাকে? ষ্টেভিয়া হ’ল বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত একমাত্ৰ প্ৰাকৃতিক চেনিৰ বিকল্প যাক শিশু, বৃদ্ধ, ৰোগী আৰু সকলো বয়সৰ পুৰুষ-মহিলাই বিশেষ একো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ গ্ৰহণ কৰিব পাৰে৷ ইয়াৰ কেলৰিৰ পৰিমাণ ০, কাৰ্বোহাইড্ৰেট হ’ল ০, ক’লেষ্টেৰল হ’ল ০, গ্লাইচেমিক ইনডেস্ক ০৷ ইয়াত আছে এণ্টিঅক্সিডেণ্ট আৰু ফ্লেভনয়েড, ভিটামিন-এ, ভিটামিন-চি আৰু ৰাইব্লফ্লেবিন, খনিজ- আইৰণ, মেংগানিজ, কেলচিয়াম, ক্ৰমিয়াম, চ’ডিয়াম আৰু জিংক; টেনিন, কেফেইক এচিড, কেম্পৰোল আদি৷ ষ্টেভিয়াৰ সক্ৰিয় তত্ত্ব ষ্টেভিয়েল গ্লাইকোচাইড (Steviol glycoside) চেনিৰ তুলনাত ১৫০গুণ পৰ্য্যন্ত মিঠা৷ ২০০ডিগ্ৰী উত্তাপতো ইয়াৰ গুণমান বিনষ্ট নহয়, সেয়ে ষ্টেভিয়া চাহ, কফি, পায়স আদি বনাওতে উতলাই লব পাৰি৷ ষ্টেভিয়া ফাৰ্মাণ্টেচনো নহয়৷ থুলমুলকৈ ষ্টেভিয়া হ’ল এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল, এণ্টিইষ্ট আৰু এণ্টিভাইৰেল গুণৰে সমৃদ্ধ৷
ষ্টেভিয়াৰ উপকাৰিতাসমূহ ঃ –
1. তেজৰ চুগাৰৰ পৰিমাণ হ্ৰাস কৰা৷
2. উচ্চ ৰক্তচাপ কমোৱা৷
3. শৰীৰৰ ওজন কমোৱা৷
4. বুকু জ্বলাপোৰা কমোৱা আৰু বদহজম দূৰ কৰা৷
5. মুখমণ্ডলৰ বয়সৰ ছাপ আতৰ কৰা৷
6. দাঁত আৰু দাঁতৰ আলু মজবুত কৰা৷
7. হাঁড় শক্তিশালী কৰা
8. শালমন আৰোগ্য কৰা৷
9. উফিৰ চিকিৎসা৷
10. সোনকালে ঘাঁ শুকোৱাত সহায় কৰা৷
11. কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা৷
লবলগীয়া সতৰ্কতা ঃ – ষ্টেভিয়া ব্যৱহাৰ কৰা লোকসকলে অন্যান্য অসুখৰ চিকিৎসা লওঁতে নিজৰ চিকিৎসকৰ লগত আলোচনা কৰি সেইমতে দৰব গ্ৰহণ কৰা উচিত৷ কিয়নো কিছুমান দৰব (যেনে ৰক্তচাপ কমোৱা কেলচিয়াম চেনেল ব্লকাৰ, এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল, এণ্টিভাইৰেল, এণ্টি কেঞ্চাৰ, ক’লেষ্টৰল হ্ৰাস কৰা দৰব, ফাৰ্টিলিটি এজেণ্ট)ৰ সৈতে Drug Interaction হব পাৰে৷
ব্যৱসায়িক দৃষ্টিভংগীৰে ষ্টেভিয়া খেতিৰ পৰ্য্যালোচনা ঃ –
বিশ্বৰ বজাৰত ষ্টেভিয়াই দিনক দিনে ইয়াৰ স্থান উন্নত কৰি যাব ধৰিছে৷ ষ্টেভিয়াৰ এটি পুলিৰ মূল্য ৫টকা ধৰিলেও প্ৰতি একৰ মাটিত ৫০হেজাৰ পুলি ৰোপণ কৰি বাৰ্ষিক ২ ৰ পৰা ৫লাখ টকা উপাৰ্জন কৰিব পাৰি৷ প্ৰতি কেজি শুকান ষ্টেভিয়াৰ পাতৰ মূল্য বজাৰ ভেদে ২০০ৰ পৰা ৫০০ টকাৰ ভিতৰত৷ আজিকালি মিঠাই, আইচক্ৰীম, শীতল পানীয়, বিস্কুট, বেকাৰীৰ কেক আৰু অন্যান্য খাদ্য পদাৰ্থত চেনি বা কৃত্ৰিম স্বাদৰ পৰিবৰ্তে এই প্ৰাকৃতিক সোৱাদযুক্ত কৰাৰ দিন বাঢ়ি আহিব ধৰিছে৷ (উপৰোক্ত কথাখিনিত তথ্যগত বিসংগতি থাকিলে অভিজ্ঞলোকে শুধৰাই দিয়ে যেন৷ )
মোখনিত পাঠকসকলক এটা কথা জনাব খোজোঁ যে বজাৰৰ পৰা ষ্টেভিয়া সংগ্ৰহ কৰোতে পোনতেই শুকান পাতহে পচন্দ কৰিব৷ ষ্টেভিয়াৰ প্ৰচেচড পাউদাৰ বা টেবলেটত একেই গুণমান আশা নকৰিব৷ ■■