সংকল্প (ৰাজীৱ ৰঞ্জন)
(চৰিত্ৰ, কাহিনী, কথা সকলো কাল্পনিক। ক’ৰবাত কিবা মিল থাকিলে ই সম্পূৰ্ণ কাকতালীয় বুলি লয় যেন)
মৰমৰ মিকু,
তোমাৰ চিঠিখন পাই মনটো খুব ভাল লাগিল। তোমালোক কুশলে থকা বুলি জানিলে মনটো ভাল লাগে। ঘৰৰপৰা ইমান দূৰৈত আছা, চিন্তাও হয় মাজে মাজে। কিন্তু মই জানো, তুমি এগৰাকী আদৰ্শ নাৰী। তোমাৰ মানুহজনো এগৰাকী সফল, আদৰ্শ পুৰুষ। সম্পূৰ্ণ গাঁৱৰ পৰিবেশ এটাৰ পৰা, পঢ়া শুনা কৰি তোমালোক এতিয়া প্ৰতিষ্ঠিত জীৱনত। দেশৰ ৰাজধানী চহৰত থাকি চাকৰি কৰিও কষ্টৰে তুমি দুয়োটা সন্তানক সুশিক্ষাৰে সুন্দৰ জীৱন এটা দিব পাৰিছা, কম কথা নেকি? মইতো সকলোকে কৈয়েই ফুৰোঁ, মোৰ বন্ধু কম নহয়….তেওঁ স্বয়ংসম্পূৰ্ণ।
বিহুৰ বতৰ যদিও তোমাৰ লগত বিহুৰ কথা নাপাতোঁ। এই চিঠিখন লিখিছোঁ মই মোৰ ছোৱালীজনীৰ কথা ভাবিহে। তুমি মোক যিয়েই নাভাবা, মই তোমাৰ পৰামৰ্শক গুৰুত্ব দিওঁ। মোৰ কথাখিনি মই দুভাগত ভগাম। যিহেতু তোমালোক দুয়োজন মোৰ দুষ্টিত দুজন সফল, হাড়ে হিমজুৱে অসমীয়া মানুহ, মই তোমালোকৰ সফলতাৰ আঁৰৰ কাৰকবোৰ ফঁহিয়াই চাবলৈ যত্ন কৰিম। আৰু তাৰ পাছত মোৰ ছোৱালীৰ ভৱিষ্যতৰ বিষয়ে তোমাৰ লগত আলোচনা কৰিম।
কিন্তু প্ৰথমে কথা এটা কৈ লওঁ। তুমি মিছাতে ভয় কৰিছা। মোৰ মাজনীয়ে তোমাক নিশ্চয়কৈয়ে আমৈ বুলি মাতিব। সম্বন্ধবোৰ অসমীয়াত মতাৰ আৰু শুনাৰ যি আমেজ সেইয়া মই ভালকৈয়ে বুজি পাওঁ। তাইক মই সম্পূৰ্ণ অসমীয়া কৰিয়েই গঢ় দিম। মই বহুত কিবা কিবি নাজানিলেও মাক হিচাপে মোৰ দায়িত্ব পালনত অকণো কৃপণালী নকৰোঁ। এইখিনিতে কথা এটা মনলৈ আহিছে। তোমাৰ ল’ৰাটোৱে ওচৰৰ পাঞ্জাৱী খুৰাকজনক চাগৈ আংকল বুলিয়েই মাতে। অকল তেখেতকেই নহয় স্কুলৰ লগৰ ল’ৰাৰ মাক-দেউতাকক আংকল-আণ্টী বুলিয়েই মাতিব লগীয়া হয় চাগৈ। অসমীয়া খুৰা-খুৰীনো দিল্লীৰ তাৰ লগৰ ল’ৰাৰ মাক-দেউতাকে কেনেকৈ বুজি পাব? এতিয়া ধৰি লোৱা সি অহাবাৰ পূজাত ঘৰলৈ আহোঁতে ঘৰৰ ওচৰৰে নবীন দোকানীক ভুলতে আংকল বুলি মাতিলে। আমি তাক বেয়া পোৱাতো শুদ্ধ হ’ব জানো? আংকল বুলি মাতিলেই সি জানো অসমীয়া গুচি বিদেশী হৈ যাব? তাৰ জ্যোতি-ৰাভা সংগীতৰ সুৰ নিগৰোৱা মৰমলগা মাতটো মোৰ প্ৰায়েই মনলৈ আহে জানা। মোৰ মাজনীয়ে ধৰি লোৱা অসমীয়া কলা-সংস্কৃতিৰ সকলোবোৰ দিশৰ সম্পূৰ্ণ আভাষ পাই থকাৰ পাছতো তোমাক আমৈ বুলি নামাতি আণ্টী বুলি মাতিলে। তোমাৰ আৰু লগতে মোৰো মনত অকণমান বেয়া লগাৰ বাহিৰে তাইৰ বেলেগ কিবা ক্ষতি হ’ব জানো? অসমীয়াতে সকলোকে মৰমলগাকৈ মতা বহুততকৈ মোৰ মাজনীয়ে আংকল-আণ্টী মাতিলেও মই তাইক বহুত বেছি ভাল এগৰাকী নাৰী হিচাপে, মানুহ হিচাপে গঢ়ি তুলিব পাৰিম বুলি মই দৃঢ়বিশ্বাসী।
এতিয়া আহোঁ তোমালোক দুয়োৰে সফলতাৰ আঁৰৰ কাৰক বোৰৰ কথালৈ। সফল হোৱা নোহোৱাটো সম্পূৰ্ণ আপেক্ষিক। তথাপিও মই ভাবোঁ মোৰ দৃষ্টিত আৰু মধ্যবিত্তীয় ‘আমি’বোৰৰ দৃষ্টিত সফলতাৰ সাধাৰণ সংজ্ঞাটো তোমালোক দুয়োৱেই সম্পূৰ্ণকৈ প্ৰতিফলিত কৰা। তুমি আমাৰ একেই গাঁৱৰে পৰা ভালকৈ পঢ়া শুনা কৰি উচ্চ শিক্ষা লৈ ভাৰতৰ বিভিন্ন ঠাইত শিক্ষকতাৰ নিচিনা সুন্দৰ এটা বৃত্তি বাচি লৈছা। ভাৰতৰ ভিন ৰাজ্য এখনৰ নাম থকা স্কুল বা কলেজ এখনত পঢ়াবলৈ পোৱাটো মুখৰ কথা নহয়। তুমি কি ভাষাত পাঠদান কৰিছিলা বাৰু? অসমীয়াত নিশ্চয় নহয় চাগৈ। আকৌ ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰোঁতে, বা শিক্ষক-অভিভাৱকৰ কথা-বতৰাবোৰত? ইংৰাজীয়েই হ’ব চাগৈ। হিন্দী নহয় বুলি মই ধৰি লৈছোঁ, কাৰণ আমাৰ হিন্দী সপ্তম মানতেই শেষ। ক’বও ভালকৈ নাজানো, লিখিবও। গতিকে সফলতাৰে শিক্ষকতা কৰোঁতে তোমাক ইংৰাজীৰ জ্ঞানে চাগৈ যথেষ্ট সহায় কৰিছিল। তুমি উচ্চ শিক্ষা গ্ৰহণ কৰা দিনখিনিতো চাগৈ কিবা কিবি কথাৰ আঁতিগুৰি মাৰি বুজোঁতে, জ্ঞান আহৰণ কৰোঁতে ইংৰাজীৰ জ্ঞান অপৰিহাৰ্য্য আছিল। আকৌ তুমি যে কৈছিলা ইউৰোপ ভ্ৰমণলৈ যাওঁতে বহু ইংৰাজীভাষী একেলগৰে পৰ্য্যটকক তোমাৰ আৰু তোমাৰ ল’ৰাটোৰ ভঙা ভঙা ফৰাচীয়ে যথেষ্ট সহায় কৰিছিল বুলি, সেই কথাটোৱে মোৰ মনত দোলা দি থাকে জানানে। তুমি ফৰাচী শিকোঁতে কি ভাষা ব্যৱহাৰ কৰি শিকিছিলা? আমাৰ অসমীয়াত আকৌ ‘২১ দিনত ফৰাচী শিকোঁ আহক’ জাতীয় কিতাপ প্ৰায় নাপায়েই নহয়। আকৌ ফৰাচীৰ কুঁহিপাঠ জাতীয় কিতাপো আমি পঢ়িব নোৱাৰিম নহয়। সেইবোৰ কিতাপ বা সমলো চাগৈ ইংৰাজীত আছিল। আকৌ তুমি ফৰাচীত কোৱা শুনি বুজিলেওটো চাগৈ হোৱা নাছিল। তুমি লগৰ পৰ্য্যটকসকলক চাগৈ তুমি বুজাখিনি ইংৰাজীত বুজাই দিছিলা। গতিকে মই যিমানদূৰ বুজি পাওঁ তোমাৰ জীৱনৰ বিভিন্ন দিশত, বিভিন্ন ক্ষণত তুমি নজনাকৈয়েই ইংৰাজীৰ জ্ঞানে যথেষ্ট সহায় কৰিছিল।
এতিয়া আহোঁ তোমাৰ মানুহজনৰ কথালৈ। তেখেতে পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ সুযোগ পাইছে চাকৰীৰ সংক্ৰান্তত। ইয়াত কৰ্মশ্পৃহা আৰু নিপুণতা যে প্ৰধান কথা তাত কোনো সন্দেহ নাই। কিন্তু মোৰ কাৰণে এটা কথা জনাটো জৰুৰী। তেওঁ পঢ়া শুনা কৰোঁতে আৰু তাৰ পাছত চাকৰীটো পোৱাৰ ক্ষেত্ৰত ইংৰাজীৰ জ্ঞানে কিমান সহায় কৰিছিল? ধৰি ল’লো তেখেত পঢ়া শুনাত খুব ভাল আছিল, সকলো কথা সহজে আয়ত্ব কৰিব পাৰিছিল। কিন্তু যেতিয়া সেই জ্ঞান প্ৰমাণ কৰি চাকৰীৰ কাৰণে সাক্ষাৎকাৰ বা পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেতিয়া চাগৈ ইংৰাজীত ক’ব বা লিখিব লগীয়া হৈছিল, নহয়নে? বা এতিয়াও চাগৈ তেখেতে যেতিয়া কৰ্মৰ খতিয়ান দিয়ে, বা দেশ বিদেশৰ মানুহৰ লগত ভাৱ বিনিময় কৰে বা তোমালোকক লগত লৈ বিভিন্ন ঠাই ফুৰিবলৈ যায়, বেছিখিনি ক্ষেত্ৰতেই চাগৈ প্ৰধানকৈ ইংৰাজীয়েই ব্যৱহাৰ কৰিবলগীয়া হয়। ভাৰত বাদেই দিয়া, অসমতো দেখোন অসমীয়াৰ পাছতে চৰকাৰী ভাষা ইংৰাজী। ভালকৈ নাজানিলে বৰ অসুবিধা হ’ব চাগৈ বহু ক্ষেত্ৰত।
এতিয়া আহোঁ মোৰ ছোৱালীজনীৰ কথালৈ। পৰহি সন্ধিয়া মই তাইক ‘মোৰ লক্ষ্য’ কবিতাটো পঢ়াই আছিলোঁ। তাই খুব মন দি শুনিছিল। কালি পুৱা মোক কি ক’লে জানা? “মা, মই ডাঙৰ হৈ সুনীতা উইলিয়ামছ, কল্পনা চাৱলাৰ দ’ৰে এগৰাকী মহাকাশ বিজ্ঞানী হ’ম”। হিঃ হিঃ, মোৰ যে এনেকুৱা হাঁহি উঠিছিল নহয়!! কিন্তু কি কৰিবা, হাজাৰ হ’লেও মই তাইৰ মাক। তাইক সপোন দেখিবলৈ উৎসাহ দিয়া আৰু সেই সপোনক বাস্তৱত পৰিণত কৰিবলৈ যিমান পাৰি চেষ্টা কৰাই জানো মাকৰ ধৰ্ম নহয়? মই ক’লো, “ঠিক আছে মাজনী, তুমি মহাকাশ বিজ্ঞানী হৈ দেশৰ, দহৰ, অসমৰ নাম উজ্জ্বল কৰিবা। ভগৱান তোমাৰ সহায় হ’ব”। তাইৰ এই সপোনটোৰ কথা যদি মই দ কৈ ভাবোঁ, তাইতো মহাকাশ বিজ্ঞানী হ’বলৈ যাওঁতে বহুত পঢ়িব লাগিব! প্ৰথমে দশম মান, তাৰ পাছত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত, তাৰ পাছত বিজ্ঞানত স্নাতক, স্নাতকোত্তৰ আৰু তাৰ পাছতো আৰু কত কি যে পঢ়িব লাগিব। তাই ডাঙৰ হৈ সেই স্তৰ পাইগৈ মানে জানো সেইবোৰ বিষয়ৰ সকলোবোৰ লাগতিয়াল কিতাপ অসমীয়াত উপলব্দ্ধ হ’ব?? অঁ’, এটা কথা ঠিক যে যদি তোমালোকৰ নিচিনা ইংৰাজী জনা বুজা হাজাৰ-লাখজন অসমীয়া ওলাই আহি আজিৰে পৰাই সকলোবোৰ লাগতিয়াল কিতাপ পত্ৰ, সমল অসমীয়াকৰণত লাগা, এদিন হয়তো হ’বগৈ। কিন্তু চাগৈ কেইবা শ বছৰ লাগিব। মোৰ তেত্ৰিশ বছৰীয়া জীৱনৰ অভিজ্ঞতাৰে এটা কথা বুজি পাওঁ যে সকলোবোৰ শংকৰ গুৰু নহয় যে হাতী মাৰি ভুৰুকাত ভৰাই ৰাতিৰ ভিতৰতে গুণমালা একোখন উলিয়াই দিব পাৰিব। নোৱাৰে, আৰু সেইটোৱেই বাস্তৱ। ইংৰাজীৰ শুদ্ধ জ্ঞানৰ প্ৰয়োজনীয়তা তুমি-মই পঢ়াৰ দিনতো আছিল, এতিয়াও আছে, মোৰ মাজনীৰ দিনতো থাকিব (বৰঞ্চ অলপ বেছি হে হ’ব চাগৈ) আৰু তাৰ পাছৰ প্ৰজন্মৰ কাৰণেও একেই থাকিব বুলিহে মোৰ ভাৱ হয়চোন।
গতিকে মই ভাবিছোঁ, মোৰ মাজনীক মই সম্পূৰ্ণ অসমীয়া হিচাপে গঢ়ি তুলিম। অসমীয়া ভাষা-সংস্কৃতি-জন জীৱনৰ প্ৰতিটো দিশৰ সম্যক জ্ঞান দি মই তাইক এগৰাকী সু-সংস্কৃতিৱান, সু-শিক্ষিত, স্বয়ংসম্পূৰ্ণ আৰু স্বাৱলম্বী নাৰী হিচাপে তাইক গঢ়িম। আৰু মই জানো মই পাৰিম। তুমি দিল্লীত থাকি যদি তোমাৰ ল’ৰাক অসমীয়া কৰিব পাৰা, অসমতে থাকি মই কৰিব নোৱাৰাৰ কোনো কথাই নাই। কিন্তু, মই মোৰ মাজনীক ইংৰাজী ভাষাৰো শুদ্ধ জ্ঞান দিম। তাই যাতে ইংৰাজী শুদ্ধকৈ আৰু সুন্দৰকৈ বুজি পায়, ক’ব পাৰে, লিখিব পাৰে আৰু আনক অসমীয়া-ইংৰাজী দুয়োটাতে বুজাব পাৰে তাৰ চেষ্টা কৰিম। শিক্ষাৰ মাধ্যম কি হ’ব সেইটো মই এতিয়াও ভবা নাই। কিন্তু যি ভাষাতেই তাই শিক্ষা গ্ৰহণ নকৰক, মই মোৰ কাম কৰিমেই, তাইক অসমীয়া আৰু ইংৰাজী দুয়োটাতে পাৰ্গত কৰি তুলিমেই বুলি মই ভাবিছোঁ।
তুমি এই বিষয়ত চিন্তা কৰি মোক মই কি কৰা উচিত ক’বাচোন। তোমালোকে পৃথিৱী দেখিছা, তোমালোকে বহু কথা জানা। আমাৰ গাঁৱৰ পৰিবেশ তুমি জানাই। কাৰোবাৰ লগত এইবোৰ আলোচনা কৰিবলৈ গ’লে মোক ঠাট্টা কৰিব বুলিহে মোৰ ভয় হয়। কিন্তু মোৰ মাজনীৰ ভৱিষ্যতক লৈ মোৰ ভয়ো লাগে জানা, কিজানি ক’ৰবাত মোৰ ভুল হয়। আজিৰ এই প্ৰতিযোগিতাৰ যুগটোৰ কথা তুমি মোতকৈ বহু বেছি ভালকৈ জানা।
সামৰাৰ আগতে কথা এটা কওঁ শুনা, ৰস পাবা। মাজনীয়ে মাজতে এদিন মোক ক’লে, “মা, মা, চেণ্ডৱিচ্ কি বস্তু?” এতিয়া মই কি কৰোঁ? মই কেতিয়াও শুনা নাই। চেণ্ডৱিচ্ খাই নে পিন্ধে মোৰ কোনো ধাৰণা নাছিল। গতিকে মই তাইক ক’লো, “মাজনী, মই নাজানো। কিন্তু মই যিকোনো প্ৰকাৰে জানি তোমাক ক’ম”। ওচৰৰে দাদাৰ ল’ৰা জোনক মাতি আনিলোঁ জানা, আৰু লগতে তাৰ চৰকাৰে দিয়া সৰু কম্পিউটাৰটো লৈ আনিবলৈ ক’লো। তাক ক’লো, “জোন, তই মোক চেণ্ডৱিচ্ কি বস্তু এইটোত বিচাৰি উলিয়াই দেখুৱাই আৰু বুজাই দিব পাৰিবি?”। জোন ল’ৰাটো বৰ তীক্ষ্ণ জানা। সি খুব হাঁহিলে জানা, মই অলপ লাজো পাইছিলোঁ। তোমাৰ ওচৰত নো কি লুকুৱাম। কিবা ভূ-গোল নে গোলগোল কিবা এটা আছে যে কম্পিউটাৰত, সি তাতে কিবাকিবি কৰি ফটো এখন উলিয়াই দেখুৱালে। পাউৰুটী দুটুকুৰাৰ মাজত কিবা কিবি দি তৈয়াৰ কৰা বিদেশী জলপান। মাজনীয়ে বোলে মা এইটো ‘বনাই’ খুওৱানা। আমাৰ গাঁৱৰ কথাটো বাদেই, চৌদ্ধ চুবুৰীতে কোনেও জলপানত চেণ্ডৱিচ্ নাখাই বুলি মই জানো। কিন্তু সেইবুলি জানো মই মোৰ মাজনীৰ আবদাৰটো নাৰাখিম? কথা মতেই কাম। জোনক ক’লো, “জোন, তই মোক চেণ্ডৱিচ্ কেনেকৈ তৈয়াৰ কৰে কম্পিউটাৰতে উলিয়াই পঢ়ি বুজাই দিব পাৰিবি”? জোন ইংৰাজীত বৰ ভাল। সি মোক ধুনীয়াকৈ পঢ়ি মেলি ফটো দেখুৱাই দেখুৱাই বুজাই দিলে। পাছদিনা পুৱা মই তৈয়াৰ কৰা চেণ্ডৱিচ্ খাওঁতে সিহঁত দুটাৰ মুখত হাঁহি দেখি মোৰ বৰ ভাল লাগিছিল জানা। আমাৰ মাজনীৰ বাপেকেও বৰ শলাগিলে দেই!
আজিলৈ আৰু নিলিখোঁ। ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা তোমালোক সকলোটিলৈ দিলোঁ।
ইতি
মিনু
বি:দ্ৰ: মই জোনক কৈছোঁ মোক ইংৰাজী শিকাবলৈ। এইবাৰ পূজাত তোমালোক ঘৰলৈ আহোঁতে মাজনীয়ে তোমাক আমৈয়েই মাতক বা আণ্টীয়েই মাতক, মই কিন্তু তোমাক “Hey Miku!!Nice to see you after such a long time!!” বুলি ক’মেই ক’ম!!! (ইংৰাজী লাইনটো জোনে লিখি দিছে দেই।)