সংখ্যাটোৰ আঁৰত- পুহ, ১৯৩৯ শক

সৰুতে দুবাৰ মান ‘মোৰ মন যায়’-ধৰণৰ কবিতা প্ৰকাশ হৈছিল বাতৰি কাকতত৷ খুব ফূৰ্তি লাগিছিল নিজৰ নামটো ছপা আকাৰত দেখি৷ তাৰ পিছত কিন্তু লেখা মেলা প্ৰায় নোহোৱা হোৱাৰ ধৰণৰে হৈ গৈছিল৷ কলেজত থাকোতে হোষ্টেলৰ প্ৰাচীৰ পত্ৰিকাৰ বাবে লিখিছিলো যদিও কাগজে পত্ৰই লেখা পঠোৱা বাদ পৰিছিল৷ তিনিবছৰমান আগতে এদিন বন্ধু তথা সহকৰ্মী প্ৰাঞ্জল দাসে ‘অকব’-নামৰ গোটটোৰ কথা ক’লে৷ পিছে তেতিয়া লেপটপত অসমীয়া লিখাৰ ক্ষেত্ৰত মই আছিলো নিৰক্ষৰৰ দৰে৷ তেতিয়া প্ৰাঞ্জলেই ‘ৰ’দালি’ নামৰ চফ্টৱেৰটো দিলে আৰু কেনেকৈ টাইপ কৰিব লাগে শিকালে৷ মোৰ হাতৰ আখৰ সাংঘাতিক বেয়া, তদুপৰি কটাকটি হয় বহুত৷ সেয়ে প্ৰথম যেতিয়া নিজৰ আখৰ কেইটা লেপটপত স্পষ্ট ৰূপত দেখিছিলো তেতিয়া যেন নতুনেই এক উৎসাহ পাইছিলো লিখিবলৈ৷ সেই উৎসাহতে লিখি উলিয়াইছিলো ‘ফ্ৰণ্টফুটত’ নামৰ উপন্যাসিকাখন যিখন পিছলৈ ‘সাহিত্য ডট্ অৰ্গ’ৰ লগতে ‘বিস্ময়’তো প্ৰকাশ পাইছিল৷ ‘অকব’-ত সেইখন বেছি মানুহে পঢ়া নাছিলে যদিও পঢ়া কেইজনৰ পৰা বৰ সুন্দৰ মন্তব্য কেইটামান পাইছিলো৷ ‘অকব’-ত দ্বিতীয় পষ্টটো দিছিলো ঠিক এক বছৰৰ পিছত, অন্য এখন উপন্যাসিকা ‘ৱেটিং লিষ্ট’; মই লিখা প্ৰথম ৰহস্য উপন্যাসিকা৷ যিখনো পিছলৈ ‘বিস্ময়’ত প্ৰকাশ পাইছিল৷ সেইখন ‘অকব’-ত দিওতেও অমিতাভ মহন্ত দাকে ধৰি অন্য বহুতৰ পৰাও বহুত প্ৰশংসামূলক মন্তব্য পাইছিলো৷ উৎসাহ পাই লিখি গৈছিলো নিয়মীয়াকৈ৷ ‘কাঁইট নথকা মাছ’-আন এটা গল্প যিটো প্ৰথম ‘অকব’-ৰ বাবেই লিখিছিলো আৰু যিটো পিছলৈ ‘দৈনিক জনমভূমি’ৰ ‘বসুন্ধৰা’ৰ পাতত ওলাইছিল৷ সেই গল্পটো প্ৰকাশ হোৱাৰ দিনা অসমৰ বিভিন্ন স্থানৰ পৰা ত্ৰিশটামান ফ’ন আহিছিল পঢ়ি ভাল পালো বুলি কবলৈ৷ গতিকে ক’ব খুজিছো যে ‘অকব’ আৰু ‘সাহিত্য ডট্ অৰ্গ’-ৰ পৰা পাইছিলো বহুত৷ আজি যি দুই এক মানুহে লিখা মেলা কৰো বুলি জানে সেয়া কেৱল ‘অকব’-ৰ কাৰণেই সম্ভব হৈছিল৷ সেয়ে ৰূপাংকৰ দাই ‘সাহিত্য’-ৰ এই সংখ্যাটোৰ সম্পাদনা কৰাৰ কথা কোৱাত বহুতেই সুখী হৈছিলো কিবা এক প্ৰতিদান দিয়াৰ সুযোগ পায়৷ চাকৰি জীৱনৰ ব্যস্ততাৰ মাজতেই যিমান পাৰি চেষ্টা কৰিছিলো সংখ্যাটো উৎকৃষ্টমানৰ কৰাৰ৷

পিছে আজিলৈকে কৰি নোপোৱা কাম এটা কৰিবলৈ লৈ ভয়ো অলপ লাগিছিল৷ পিছে মৃদুল দা আৰু ৰূপাংকৰ দায়ে প্ৰথমে ইমান সুন্দৰভাবে কথাখিনি বুজাই দিছিল যে সেই ভয় লগে লগেই নোহোৱা হৈছিল৷ আনহাতে সাক্ষাৎকাৰটোৰ কথা ভাবোতে প্ৰথমেই মনলৈ আহিল মোক নিয়মীয়াকৈ লিখিবলৈ উৎসাহ দিয়া আন এজন মানুহ শশী ফুকন চাৰৰ কথা৷ মই অনুমতি ল’বলৈ ফ’ন কৰোতে ফুকনে চাৰে একেষাৰেই হা কৈছিল৷ পিছে নিজে যাব নোৱাৰাৰ বাবে অলপ বেয়া লাগিল, আনহাতে সাক্ষাৎকাৰটো সুন্দৰ ভাবে লৈ দিয়াৰ বাবে মৃদুল দা, জ্যোতিৰূপম দা, উৎপলা বা আৰু ডা° হিতেশ্বৰ শৰ্মা দেৱলৈ অশেষ ধন্যবাদ৷ লগতে নিৰ্বাচন কৰা প্ৰতিটো লেখা অতি সুন্দৰভাবে চাই দিয়াৰ বাবে মিতালী বৰ্মন, দিগন্ত কুমাৰ ভট্টাচাৰ্য্য, ভাস্কৰজ্যোতি দাস, মৌচুমী বৰি, দীপজ্যোতি বৰা, পল্লৱী গোস্বামীৰ লগতে গোটটোৰ আন সদস্য সকলৰ ওচৰতো মই কৃতজ্ঞ৷
সদৌশেষত ক’ব খোজো যে ‘অকব’ আৰু ‘সাহিত্য ডট্ অৰ্গ’-ৰ অসমীয়া ভাষাৰ প্ৰচাৰ অব্যাহত থাকক৷ প্ৰচাৰ নহ’লে আজি কালি একো বস্তুয়েই টিকি নাথাকে আৰু বৰ্তমান ইংৰাজী ভাষাৰ মোহত বন্দী নৱপ্ৰজন্মৰ মাজত ভাষাটো জীয়াই ৰখাটোয়েই যেন এক প্ৰত্যাহ্বান৷

পিনাক পাণি বৰুৱা

সম্পাদক,

সাহিত্য ডট অৰ্গ
১ পুহ, ১৯৩৯ শক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!