সংখ্যাটোৰ আঁৰত –প্ৰাঞ্জল অনুভৱী

সাহিত্য ডট অৰ্গ আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব পোৱাৰ পিছৰে পৰা এক ধৰণৰ ভয় আৰু শংকাত ভুগিছিলোঁ। কিন্তু ‘ অসমীয়াত কথা বতৰা ‘ গোটৰ সদস্যবৃন্দ আৰু ‘সাহিত্য ডট অৰ্গ’ ৰ সম্পাদনা সমিতিৰ পৰা লাভ কৰা অকুন্ঠ সহায়-সহযোগিতাৰ বাবে এই সংখ্যাটো সময়মতে পাঠকৰ বাবে উলিয়াই দিবলৈ সক্ষম হ’লোঁ। এই সংখ্যাটোৰ সম্পাদনাৰ ক্ষেত্ৰত মোক সকলো সময়তে বিশেষভাৱে সহায়ৰ হাত আগবঢ়োৱা শ্ৰদ্ধাৰ ব্যক্তিসকল হৈছে ক্ৰমে – জ্যোতিৰূপম দত্ত , মৃদুল কুমাৰ শৰ্মা , হিতেশ্বৰ শৰ্মা, ৰূপাঙ্কৰ চৌধুৰী , ৰাজশ্ৰী ধনদিয়া মিতালী বৰ্মন আৰু উৎপলা কৌৰ। এই সুযোগতে এওঁলোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বেটুপাতৰ ফটোখন ডাঃ হিতেশ্বৰ শৰ্মাৰ বন্ধু ডাঃ জ্যোতিৰ্ময় বৈশ্যৰ পৰা সংগ্ৰহ কৰা হৈছে। সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে মোৰ প্ৰতিজন শুভাকাংক্ষী, ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্যবৃন্দ আৰু ‘সাহিত্য ডট অৰ্গ’ৰ সমূহ পঢ়ুৱৈক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। পাঠকসমাজৰ পৰা সঁহাৰি লাভ কৰিলে আমাৰ কষ্ট সাৰ্থক হ’ব।
 
প্ৰাঞ্জল অনুভৱী

সম্পাদক,

সাহিত্য ডট অৰ্গ সপ্তম বৰ্ষ , নৱম সংখ্যা ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!