সংখ্যাটোৰ আঁৰত

সংখ্যাটোৰ আঁৰত

ফে’চবুকৰ এক জনপ্ৰিয় গোট “অসমীয়াত কথা বতৰা“ ৰ মই এগৰাকী সাধাৰণ সদস্য হোৱাৰ লগতে “সাহিত্য ডট অৰ্গ“ৰ নিয়মীয়া পঢ়ুৱৈ৷ সাহিত্যৰ প্ৰতি থকা হেঁপাহৰ লগতে ফে’চবুকত সাহিত্য চৰ্চাৰ যি সামান্য প্ৰয়াস, অসমীয়াত কথা বতৰা গোট এইক্ষত্ৰত মোৰ বাবে এক উৎসাহৰ সমল৷ গোটত লেখা মেলা কৰাৰ সূত্ৰেই হওক বা গোটৰ নিয়মীয়া সদস্য হিচাপেই হওক ’অসমীয়াত কথা বতৰা’ আৰু ’সাহিত্য ডট অৰ্গ’ ৰ তৰফৰ পৰা মোক সাহিত্য ব’হাগী সংখ্যাটোৰ সম্পাদনাৰ গুৰুদায়িত্ব অৰ্পণ কৰাৰ বাবে মই কৃতজ্ঞ৷ গোটত প্ৰকাশিত বিভিন্ন লেখাসমূহৰ উপৰি গোটৰ বাহিৰৰো দুই এটা লেখাৰে সংখ্যাটো সজাই তোলাৰ আমাৰ যি আন্তৰিক প্ৰয়াস, তাৰ আঁৰত অসমীয়াত কথা বতৰা গোটৰ প্ৰশাসকমণ্ডলী আৰু সাহিত্য ডট অৰ্গৰ সম্পাদনা গোটৰ অৰিহণা উল্লেখনীয়৷

সাহিত্য ডট অৰ্গ, এপ্ৰিল ২০১৭ সংখ্যাটোৰ সম্পাদনাৰ কালছোৱাত অসমীয়াত কথা বতৰা গোট তথা সাহিত্য ডট অৰ্গৰ সম্পাদনা সমিতিৰ সহায় সহযোগিতা আৰু পৰামৰ্শই সম্পাদক হিচাপে আমাৰ এই নতুন অভিজ্ঞতা মধুৰ আৰু সমৃদ্ধ কৰি তুলিলে৷ এইক্ষেত্ৰত দীপজ্যোতি বৰা, ৰূপাংকৰ চৌধুৰী, মৃদুল কুমাৰ শৰ্মা, ভাস্কৰজ্যোতি দাস, মিতালী বৰ্মন, মৌচুমী বৰি, ধ্ৰুৱজ্যোতি শৰ্মা, গীতাৰ্থ বৰদলৈ, অমিতাভ মহন্ত আৰু উৎপলা কৌৰৰ নাম বিশেষভাৱে উল্লেখ কৰিবলৈ বিচাৰিম৷ আপোনাসৱৰ সহায় সহযোগিতা আৰু পৰামৰ্শই মোক কৃতাৰ্থ কৰিলে৷

সম্পাদনা গোটৰ বাহিৰৰ জ্যোতিৰূপম দত্ত, ধ্ৰুৱ কাশ্যপ আৰু কুলদীপ কাশ্যপৰ আন্তৰিক সহযোগিতাৰ বাবে কৃতজ্ঞ হৈ ৰ’লো৷

সাহিত্য ডট অৰ্গৰ ব’হাগী সংখ্যাটোৰ বেটুপাতৰ বাবে জয়দীপ চক্ৰৱৰ্তীলৈ আন্তৰিক ধন্যবাদ৷

শেষত, সম্পাদনাৰ কালছোৱাত আৰম্ভণিৰেপৰা শেষলৈকে অনলাইন অথবা অফলাইনযোগে মোক সহায় সহযোগিতা আৰু পৰামৰ্শৰ লগতে শুভকামনাৰে উপচাই তোলা প্ৰতিজন অগ্ৰজ, অনুজ তথা শুভাকাংক্ষী বন্ধুলৈ হিয়াভৰা ধন্যবাদ৷ আপোনালোকৰ এই সহায় শুভকামনাৰে মই চিৰদিন কৃতাৰ্থ হৈ ৰম৷
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে –

মেঘালী দিহিঙীয়া
সম্পাদক, সাহিত্য ডট অৰ্গ
এপ্ৰিল ২০১৭

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 years ago

অভিনন্দন মেঘালী দিহিংগীয়ালৈ । এটি ‘বিজ্ঞান’ শিতান ৰখাৰ পৰামর্শ আগবঢ়ালোঁ । ধন্যবাদ ।

Copying is Prohibited!