সংগীতৰ পূজাৰী – ঈশানজ্যোতি বৰা

‘বিশাল মাৰ্কেটৰ পৰা পৰা কিনি আনিলোঁ অ’ মৰমজান

ফোৰ জি এটা ম’বাইল ফোন, ফোৰ জি এটা ম’বাইল ফোন৷

বিলাহীৰ লগত গাজৰ কাটি খালে অ’ মৰমজান

ৰাজহাড় হয় আমাৰ পোন৷ অ’ মৰমজান ৰাজহাড় হয় আমাৰ পোন৷’

 

হেহেহেঃ কেনে লাগিল গানটো? একদম টেৰিফিক নহয়নে? মোৰ দৰে দুৰ্দান্ত গীতিকাৰ এজনে যেতিয়া গান লিখিব, তেতিয়া আৰু টেৰিফিক নহৈ পাৰেনে! কালি দুপৰীয়া বিলাহী-গাজৰৰ চাটনিখন খাই উঠিয়েই এই গানটো লিখি পেলালোঁ জানেনে!

 

তাৰপিছৰকণ নুশুনে নেকি! শুনক,

 

শিখৰৰ পেকেটতে অ’ মাজনী সেইদিনা

দেখিলোঁ তোমাৰে ছবিখন, দেখিলোঁ তোমাৰে ছবিখন

হনুমানে বোলে দাঙি নিছিল অ’ মাজনী

জানানে গন্ধমাদন পৰ্বতখন, অ’ মাজনী গন্ধমাদন পৰ্বতখন৷

 

আশা কৰিছোঁ, বব ডিলানক দিয়াৰ দৰে ন’বেল বঁটা সমিতিয়ে সাহিত্যৰ ন’বেল বঁটাটি অহাবাৰলৈ মোকেই প্ৰদান কৰে যেন৷ মোৰ বিৰল প্ৰতিভাৰ সন্মানাৰ্থে৷ তাৰ বাবে লাগিব অসম তথা ভাৰতৰ ৰাইজৰ আন্তৰিক প্ৰচেষ্টা, উৎসাহ আৰু সহায়৷ ন’বেল পাই গ’লেতো ভাল কথাই৷ গোটেই অসমৰ মানুহকে মাছে-মঙহে উদৰ পূৰাই এসাঁজ খুৱাম৷ কিবা অজ্ঞাত কাৰণত ন’বেল নাপালেও আমাৰ অসমৰ সাহিত্য অকাডেমী, অসম উপত্যকা, শংকৰদেৱ বঁটা-এইকেইটাতো লাগিবই৷ সাহিত্য সভাৰ সভাপতিৰ পদটোতো বহিবলৈ মই পৰম আগ্ৰহী৷ সেইটো ডিপাৰ্টমেণ্ট ৰাজবংশীয়ে চাই দিম বুলি কৈছে৷

আপোনালোকৰ মনত এইখিনিতে এটা প্ৰশ্ন জাগ্ৰত হ’ব পাৰে- এইজন মহাপুৰুষে যে আমাৰ আগত ইমান ফটা ফটা লেকচাৰ মাৰি আছে, এওঁনো কিমান পানীৰ মাছ? একদম সঠিক প্ৰশ্ন৷ একেবাৰে স্বাভাৱিক প্ৰশ্ন৷ শুনক তেন্তে মোৰ আত্মকথা৷

মোৰ নাম সংগীত ফুকন৷ আৰু মই এজন বিশিষ্ট….না, নহয়৷ মোৰ দৰে বিস্ময়মানৱৰ নামৰ আগত ‘বিশিষ্ট’ বিশেষণ? অতি অপমানৰ কথা৷ মই অসমৰ এজন প্ৰথিতযশা.. নাই নহয়, মুকুটবিহীন… নাই হ’বই নোৱাৰে.. মই…, মই অসমৰ এজন ‘কালজয়ী’ সংগীতশিল্পী৷ ইয়েছ কালজয়ী সংগীতশিল্পী, এইবাৰহে জেগাত পৰিছে৷ মোৰ নখ, চুলি আৰু দাঁতটো বাদেই; মোৰ শিৰা, ধমনী, কোষ, হাওফাও, বৃক্ক-এইবোৰতো আপুনি ৰক্তকণা বিচাৰি নাপায়৷ মোৰ সৰ্বশৰীৰত কেৱল এটা কণাৰেই উপস্থিতি৷ সেইয়া হৈছে সংগীতকণা৷ বিমল চুপাৰিৰ আঁহে আঁহে কেশৰৰ দ’ম থকাৰ দৰে মোৰ শৰীৰৰ আঁহে আঁহে সংগীতে দ’ম বান্ধি আছে৷

আজিৰ পৰা তিনিবছৰ মানৰ পূৰ্বে ৰে’লৰ আলিত দূৱৰি বন বিচাৰি ফুৰোঁতে মোৰ হাতখনে এটা লিপষ্টিকৰ পৰশ লাভ কৰিলে৷ নাজানো কেনেকৈ আৰু ক’ৰ পৰা সেই অনুভূতিটো আহিল, হঠাতে কি এনে চমৎকাৰ হৈ গ’ল, মোৰ মুখৰ পৰা দেখোন হঠাতে ওলাই গ’ল-

‘ৰে’লৰ আলিত বিচাৰি আছিলোঁ অ’ মৰমজান জানানে ঐ দূৱৰি,

জানানে ঐ দূৱৰি

হঠাতে আহিল ক’ৰবাৰ পৰা জান ঐ

লিপষ্টিক এডাল ওফৰি, লিপষ্টিক এডাল ওফৰি’৷

মোৰ চকু বহল হৈ গ’ল৷ পকেটতে স্মাৰ্টফোনটো আছিলেই৷ পটাপট মনৰ সমস্ত অনুভৱ লিপিৱদ্ধ কৰি পেলালোঁ৷ ‘অ’ মানে ‘অমিতা’ আৰু ‘আ’ মানে ‘আম’ বুলি স্পষ্টকৈ লিখিব নজনা, স্কুলত মাষ্টৰে যাক ‘অভং’ বুলি জোকাইছিল, তেনে এজন অল্পমতিৰ দ্বাৰা কিদৰে এই দুঃসাধ্য সাধন হ’ল, কিদৰে মাত্ৰ কেইটিমান ছেকেণ্ডতে এটা গান লিখি পেলালোঁ- মই নিজেই নাজানো৷ প্ৰতিভাৰ চমৎকাৰী, ঐতিহাসিক আৱিষ্কাৰত মই আজিকোপতি বিস্মিত, হতবাক আৰু হতচকিত হৈ আছোঁ৷ সেই যে সেইদিনা মোৰ শৰীৰত গানৰ পিশাচটো সোমাল, আজিলৈকে ওলাই যোৱা নাই৷ আৰু শপত, শপত তিনি শপত খাই কৈছোঁ- পিশাচটো এতিয়া ওলাই যাব খুজিলেও মই তাক যাবলৈ নিদিওঁ৷

বাৰু, গানটো স্মাৰ্টফোনত লিখি লোৱাৰ পিছত মই কৰিলোঁ কি- ঘৰতে পেট পেলাই শুই থকা দুজনমান বন্ধু আছিল, তেওঁলোক আকৌ চুৰি কৰাত ব্যুৎপত্তি অৰ্জন কৰিছে দেই; তেওঁলোকৰ ওচৰত মই সহায়-ভিক্ষা মাগিলোঁ৷

মই বোলোঁ- ‘মোক এটা সহায় লাগে৷ অমুকটো গানৰ পৰা তমুক সুৰটো সৰকাই আনিব পাৰিবিনে?’

তেওঁলোকে চকুহাল মুদিয়েই ক’লে- ‘ছিউৰ৷ কিন্তু আমাক তই ভিডিঅ’টোত নাচিবলৈ দিব লাগিব৷’

‘চিউৰ৷’ মই জঁপিয়াই উঠিলোঁ৷ হেৰৌ নাচিবিহে, নাচ৷ কিমান নাচ, কেনেকৈ নাচ, নাচি থাক৷ কেৱল মোৰ কামটো হ’ব লাগে৷ বুধিয়ক মানুহ৷ সিহঁতে বুজি পালে আৰু চোৰ কৰা অ’হ ছৰি, সুৰ  কৰা কামটো বৰ পৰিপাটিকৈ কৰি দিলে৷

এইবাৰ গায়কৰ সন্ধান৷ টেনছন নাই৷ আছেই নহয় আমাৰ গোবিনদা৷ গোবিনদাৰ ঘৰলৈ গৈ দুদিন তেওঁৰ দুভৰি খাঁটি সৰিয়হৰ তেলেৰে ঠিকছে মালিচ কৰি দিলোঁ৷ অকণমান ভেজাল চকুপানী উলিয়াই দিলোঁ৷ আৰু ফাইনেলী ‘আপুনি নাচালে আমাক কোনে চাব’ বুলি ব্ৰহ্মাস্ত্ৰপাত এৰি দিলোঁ৷ মই জানো, মানৱতাবাদী গোবিনদাই মোক কেতিয়াও নিৰাশ নকৰে৷ আৰু সেয়াই হ’ল৷ আবেলি মোৰ কোঠালৈ আহি গোবিনদাই মোৰ গীতটিত কণ্ঠ নিগৰাই থৈ গ’ল৷ ইণ্টাৰেষ্টিং কথা-তাৰ বিনিময়ত মোৰ পৰা এক পইছাও নল’লে৷ মই তেওঁক প্ৰতিশ্ৰুতি দিলোঁ-‘আপুনি চিন্তা নকৰিব৷ আপোনাক কেতিয়াও নাপাহৰোঁ৷ কথা দিলোঁ, আপোনাক সদায় মই খাঁটি সৰিয়হৰ তেলেৰে ভৰি আৰু পিঠি মালিচ কৰি থাকিম৷ কিন্তু আপুনি মোক তৈলমৰ্দনকাৰী গোবিনভক্ত বুলি ক’ব নোৱাৰিব৷’ গোবিনদাই হাঁহি এটা মাৰি গুচি গ’ল৷

আজিকালি আকৌ গানটো লিখি গাই দিলেই নহ’ব নহয়৷ আগৰ কথা সুকীয়া আছিল৷ গান লিখিলে, বাণীৱদ্ধ কৰিলে তাৰপিছত আকাশবাণী নাইবা অডিঅ’ কেছেটযোগে ৰাইজৰ মাজত বিলাই দিলে৷ আজিকালি গান মানুহে শুনে কম, চায় বেছি৷ বিশেষকৈ গাঁৱলীয়া ৰাস্তা, সেউজীয়া পাহাৰ, পথাৰত গৰু চৰি ফুৰা- এনেকুৱা আইটেমবিশিষ্ট ভিডিঅ’ আজিকালি ৰাইজে বৰ ভাল পায়৷

সেয়ে পিছদিনা গৈ দিপৰ বিলৰ কাষৰীয়া গাঁও দুখনমানলৈ গৈ স্মাৰ্টফোনেৰে ভিডিঅ’ এটা বনাই পেলালোঁ৷ কলেজীয়া বান্ধৱীজনীকে ভিডিঅ’টোৰ নায়িকা সজালোঁ৷

তেওঁ প্ৰথমতে চুচুক-চামাককৈ ক’লে– “হেই ছংগীত, মই কেনেকৈ নাচিম৷ হাউ? হাই হিলযোৰ পিন্ধি ভালকে ৱাকেই কৰিব নোৱাৰোঁ৷ এণ্ড ম’ৰঅ’ভাৰ, গাঁও বুলি ক’লেই মোৰ বমি ওলাই আহে৷ তাকো বিলৰ মাজত, তাকো নাৱৰ ওপৰত- ন’ ছংগীত; ইট ইজ ইমপ’ছিবল৷ মই কেনেকৈ নাৱত উঠিম? মোৰ যে তামাম ভয় লাগিছে”৷

মই তেওঁক হাঁহি হাঁহি অভয়বাণী দিলোঁ- “হ’ব দিয়াহে৷ ইমান টেনছন ল’ব নালাগে৷ তুমি কেৱল হাঁহি থাকিবা৷ সেইবুলিয়েই বত্ৰিশটা দাঁত একেকোবে নুলিয়াবা৷ শাৰীৰ আঁচলটো এহাতে দাঙি ধাননিৰ কাষে কাষে লয়লাস ভংগীৰে ৱাক কৰিবা৷ বিলৰ পানী অকণ আনি মুখত ছটিয়াবা৷ ন’ টেনছন৷ মিনাৰেল ৱাটাৰ আছে৷ তোমাৰ মুখত মিনাৰেল ৱাটাৰেই পৰিব৷ আমি সেইবোৰ এডিটিং কৰি মেনেজ কৰি দিম৷ আৰু মইতো তোমাৰ লগত নাচিমেই৷ গতিকে কিহৰ টেনছন৷” এইবাৰ নায়িকাই সাহস পালে৷

গান, ভিডিঅ’, এডিটিং সব হৈ গ’ল৷ এতিয়া বাকী থাকিল প্ৰমোশ্যন৷ অসমীয়া সংগীতৰ ভূত-বৰ্তমান আৰু ভৱিষ্যতক লৈ সদাচিন্তিত, সদাসতৰ্ক মনোৰঞ্জনধৰ্মী মিউজিক চেনেলকেইটা (যাৰ জনপ্ৰিয় নাম নিউজ চেনেল) আছেই নহয়৷ মোৰ গানৰ অদ্বিতীয় কথা, সুৰ আৰু সংগীতৰ বিষয়ে ঘুনুক-ঘানানকৈ শুনি গানটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সমস্ত দায়িত্ব ল’বলৈ তেওঁলোক নিজেই আগবাঢ়ি আহিল৷ মই সম্পাদকৰ কাণৰ কাষত ফুচফুচাই ক’লোঁ- “বোলোঁ দাদা, হেৰি নহয়৷ এটা কথা হ’লে বাৰু কেনেকুৱা হয়?” তেওঁ বৰ কৌতূহলী হৈ সুধিলে- “কি কথা বাৰু?” মই ক’লোঁ- “এই ধৰক, মোৰ গানটো আৰু আপোনাৰ শ্ব’টোৱে একেদিনাই একেসময়তে যদি এসোপা টিআৰপি গোটাই লয়, ফে’চবুকে- টুইটাৰে যদি আমাৰ এই শ্ব’টোৰ বিষয়ে আলোচনা হয়-কেনে লাগিব?” টিআৰপি বুলি কওঁতেই ছাৰৰ জিভাৰ পৰা আধালিটাৰমান পানী সৰিলেই নহয়৷ তেওঁ মোক সাষ্টাংগে প্ৰণিপাত জনালে আৰু ততালিকে মান্তি হ’ল৷ আগতে শ্ব’টোৰ নাম আছিল ‘অসমীয়া আধুনিক গীত আৰু সংগীত ফুকনৰ ‘ৰে’লৰ আলিৰ লিপষ্টিক’’৷ মোৰ অনুৰোধমৰ্মে সম্পাদক ছাৰে নামটো সলাই ‘অসমীয়া সংগীতৰ শ্মশানযাত্ৰা আৰম্ভ হ’ল নেকি? কোন ওলাল এইজন সংগীত ফুকন?’ আপোনালোকে বিশ্বাস নকৰিব- এনেকুৱা সাংঘাতিক টক্ শ্ব’ আজিলৈকে অসমৰ ৰাইজে দেখা নাছিল৷ বাপৰে, শ্ব’ নহয় যেন এটি প্ৰচণ্ড ধামাকাহে৷ কি চাচপেন্স, কি থ্ৰিল, কি আৱেগ, কি গালি-প্ৰতিটো আইটেমেই ছুপাৰ্ব হৈছিল৷ আৰু আমি আশা কৰা ধৰণেই চাৰিআলিৰ আড্ডাত, হোটেলৰ ৰান্ধনীশালাত, গোহালি, আস্তাবল, ফেচবুকৰ টাইমলাইনত গানটোৱে চৰ্চা লাভ কৰিলে৷ ব্যাপক চৰ্চা আৰু সীমাহীন জনপ্ৰিয়তা৷ সেইদিনা যে সম্পাদক ছাৰৰ লগত আমাৰ সম্পৰ্কটোৱে জন্ম লাভ কৰিছিল, আজিলৈকে সেই সম্পৰ্ক চলি আছে৷ যেতিয়াই মোৰ নতুন গান বজাৰলৈ আহে, যেতিয়াই ছাৰক টিআৰপিৰ প্ৰয়োজন হয়- তেতিয়াই আমি দুয়ো চাহৰ কাপ একোটা সন্মুখত লৈ বহি লওঁ আৰু গোটেই অসম কঁপাই দিও৷ আৰু আজিকালিতো ইউটিউব আছেই৷ ভিডিঅ’টো শ্বেয়াৰ কৰোঁ আৰু মোৰ প্ৰতিভাৰ ঢোলটো  পূৰ্ণোদ্যমে বজাই সকলোৰে কাণ ঘোলা কৰি দিওঁ৷ মুহূৰ্ততে পাঁচ হাজাৰ, দহ হাজাৰ ভিউজ পাই যাওঁ৷ নাপাম নে! হাৰে ভাই, গান বনাইছে কোনে!

এহাজাৰ সাতশ নব্বৈটা- যোৱা পাঁচটা বছৰত বনোৱা গীতৰ সংখ্যা৷ ইমানবোৰ গীত লিখিও মোৰ গীত লিখাৰ হেঁপাহটো ম্লান হোৱা নাই৷ মন গ’লেই গান লিখি দিওঁ৷ কেতিয়াবা চাহ খাই থাকোঁতে, কেতিয়াবা শৌচালয়ত বহি থাকোঁতে, কেতিয়াবা পত্নীক চুমা খাই থাকোঁতে, কেতিয়াবা গাৰ্লছ কলেজৰ ছোৱালীৰ লগত চেনি… হ’ব দিয়ক বুজিছেই চাগে৷

মোৰ প্ৰতিভা, মেধা আৰু গুণাৱলী সম্বন্ধে অতবোৰ কথা শুনাৰ পাছত এতিয়া চাগে আপোনালোকৰ মনত মোৰ যোগ্যতা আৰু অহৰ্তাক লৈ তিলমানো প্ৰশ্ন নাইবা সন্দেহ নাই৷ নহয় জানো?

কিন্তু এইখিনিতে দুখৰ কথাটো হ’ল- বৰ্তমানৰ অসমত মোৰ দৰে চমৎকাৰী সংগীতশিল্পীৰ অভাৱ৷ বহুতেই সংগীতৰ শিল্পী হোৱা কামটো বৰ জটিল বুলি ভাবে৷ সঁচা কথা ক’বলৈ গ’লে- অসম বন্ধ ঘোষণা কৰা, বিহু কমিটিৰ সভাপতি হোৱা আৰু স্মাৰ্ট ফোনেৰে চেল্ফি উঠা কামটোতকৈও এতিয়া সহজ হৈ পৰিছে অসমীয়া গীত লিখা কামটো৷ নালাগে, আপুনি অসমীয়া গীত লিখিবৰ কাৰণে জপ, তপ, সাধনা, চাধনা এইবোৰ একো কৰিব নালাগে৷ কোঠাৰ চাৰিওফালে মা সৰস্বতীৰ ফটো আঁৰি সংগীতৰ আদিপাঠ, অন্তিমপাঠ শিকি থাকিবও নালাগে৷

তাৰ পৰিৱৰ্তে আপুনি কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব৷

আচ্ছা, আপুনি কেতিয়াবা ভাতৰ লগত পানী খাই পাইছেনে?

খাই পাইছেনে লাল চাহৰ লগত বিস্কুট এটা তিয়াই?

পকা পকা বিলাহীৰ ৰঙা ৰঙটো দেখিলেই আপোনাৰ হৃদয়তন্ত্ৰী আঠ ৰিখটাৰ স্কেলত কঁপিবলৈ ধৰে নেকি? ৰসে চৌচৌৱাই থকা জেলেপিৰ আকাৰ, আকৃতি আৰু বৰণে আপোনাৰ বাৰু সঘনাই নিদ্ৰাহৰণ কৰে নেকি?

সৰ্বশেষত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক প্ৰশ্নটো-

আপুনি বাৰু বিতৰ্ক কৰি ভাল পায় নেকি?

যদি আটাইকেইটা প্ৰশ্নৰ উত্তৰেই ‘হয়’; তেন্তে আপুনি চিন্তা নকৰিব, আপুনি সঠিক জেগালৈকে আহিছে৷ হয়৷ আজি আপোনাৰ সেই স্বপ্নটো বাস্তৱত পৰিণত হ’ব৷ গতিকে কাগজ-কলম… নাই নালাগে৷ কাগজ-কলম নালাগে৷  আজি বনাবলৈ যোৱা গানটোৰ বাবে অন্য কেইটামান আইটেমহে লাগিব৷

তিনিকেজি পকা পকা বিলাহী, আধাকেজি গৰম গৰম জেলেপি, ফ’ৰ জিৰ সেৱা উপলব্ধ এটা স্মাৰ্টফোন, ইউ টিউবত এটা প্ৰফাইল, নাচৰ ‘ন’টোও নজনা এজনী নাচনী আৰু তৈলমৰ্দন কৰাৰ কেপাচিটি৷ মন কৰিব- পকা বিলাহীৰ ৰঙ তেজৰ দৰে হোৱাটো কম্পালছৰি৷

বিলাহীৰ ৰঙা ৰঙটোৰেই আপুনি গানৰ প্ৰথমটো শাৰী লিখিব পাৰে৷

‘বিলাহীৰ ৰঙ ৰঙা৷ তোমাৰ নাকটো জোঙা’- এনেকুৱা শাৰীৰে গীতটো আৰম্ভ কৰক৷ হেঁপাহ পলুৱাই বিলাহী, ৰঙা আৰু নাকৰ গুণানুকীৰ্তন কৰক৷ পাণমছলা, শিখৰ, গুটখা, ফুচকা আদি আধুনিক সমাজৰ বিভিন্ন উপাদান গানৰ মাজে মাজে সুমুৱাইও আপুনি গীত লিখিব পাৰে৷ যেনে ধৰক-

‘ফুচকা খোৱা ছোৱালী চাবা, অ’ মোৰ ঢুলীয়া, অ’ মোৰ ঢুলীয়া

শিখৰ খোৱা ল’ৰাইহে অ’ বন্ধু পায় জানানে নাচনী ধুনীয়া৷

 

 

এতিয়া জেলেপিলৈ আহক৷ এইবাৰ লিখক-

জেলেপি খোৱা ছোৱালীৰ কিনো চাবা ফুটনি৷

আই ঐ দেহি, কিনো চাবা ফুটনি৷

শুকান ৰুটিৰ লগত খাই ভাল লাগে অ’ মাজনী মটৰ মাহৰ ঘুগুনি৷

অ’ মাজনী মটৰ মাহৰ ঘুগুনি৷

 

আঠ-নটা শাৰী হয়েই গ’ল নহয়৷ এতিয়া শেষত আপুনি এটা কাম কৰক৷ জেলেপি আৰু বিলাহীৰ ফিউজন কৰক৷ ‘ফিউজন’ আজিকালি খুউব চলিছে৷ গানৰ শেষৰফালে থাকিবলগা আপোনাৰ স্বৰচিত ফিউজনটো এনেকুৱা হ’ব পাৰে-

 

পকা পকা বিলাহীবোৰ জেলেপিৰ দৰে গোল

জেলেপিৰ দৰে গোল৷

অহাবাৰ ব’হাগতে দিবা নেকি মোক

তুমি গোলাপৰ এটি ফুল৷

 

বাৰু৷ গান লিখা কামটো হ’ল৷ এতিয়া এজন জনপ্ৰিয় গায়কৰ কাষলৈ যাওক৷ তেওঁৰ ভৰি-চৰিত তেল মালিছ কৰি গান গোৱা কামটো কৰাই লওক৷ তেওঁ যদি গাব নিবিচাৰে, তেন্তে বাদ দিয়ক৷ এনে ওফাইদাং মাৰি থকা গায়কৰ দৰকাৰ নাই৷ আপোনাৰ নিজৰ কণ্ঠটো আছে নহয়! সেইটোৰেই সদব্যৱহাৰ কৰক৷ একো নাই, ভয় নকৰিব৷ আপোনাৰ মাতটো কাউৰীৰ দৰে কৰ্কশ হ’লেও ভয় খাব নালাগে৷ ষ্টুডিঅ’ত আধাঘণ্টামান বহি মাতটোক কুলি চৰাইৰ দৰে কোমল কৰি পেলাব পাৰিব৷ ইয়াৰ পিছত অসমৰ কোনোবা এখন গাঁৱলৈ যাওক আৰু গানৰ ভিডিঅ’ এটা কৰি পেলাওক৷ ভিডিঅ’টোত সেউজীয়া পাহাৰ, নিৰ্মল নদী আৰু গাঁৱলীয়া পথ থকাটো কমপালছৰি৷ ভিডিঅ’টোত গীতিকাৰ, গায়ক, বাদ্যযন্ত্ৰী- সকলোৱে নচাটোও সমানেই কমপালছৰি৷ তেতিয়া একস্ট্ৰা নৃত্যশিল্পীৰ খোৱা, থকা, প্ৰস্ৰাৱ, পায়খানা আদিকে ধৰি সমস্ত খৰছতো কমি যায় আৰু৷

তেন্তে ভিডিঅ’টো তৈয়াৰ হ’ল৷ এতিয়া এডিটিং-ছেডিটিং কৰি ইউ টিউবলৈ লৰি যাওক নাইবা অসমৰ কোনোবা এটা নিউজ চেনেলৰ লগত যোগাযোগ কৰক৷ মোৰ ফৰ্মূলা প্ৰয়োগ কৰি টিআৰপিৰ কথাটো উনুকিয়াওক৷ তাৰ পিছত আৰু কি কৰিব! হাত সাবটি বহি থাকক৷ পাঁচ মিনিটৰ ভিতৰতে আপোনাৰ গান আৰু আপুনি গোটেই অসমতে ছুপাৰহিট হৈ যাব৷ আপুনি গৰমে গৰমে পৰিৱেশন কৰাৰহে কথা এতিয়া৷

গতিকে নতুন প্ৰজন্মৰ সংগীতপ্ৰেমীসকল, তোমালোক আগবাঢ়ি আহা৷ ভয় নকৰিবা৷ মই কালজয়ী সংগীতশিল্পীজন থাকোঁতে তোমালোকে ভয় কৰাৰ প্ৰয়োজনেই নাই৷ এবাৰ মাত্ৰ মোক লগ কৰা আৰু কোৱা -“দাদা, এটা গান বনাব বিচাৰিছোঁ৷” বচ৷ তোমাৰ কাম হৈ গ’ল৷ তোমাক মই বনাই দিম৷ মোৰ ওচৰলৈ আহোঁতে কেৱল তিনিটা বস্তু লৈ আহিবা৷ বিলাহী, কমলা আৰু জেলেপী৷ এইকেইটা আইটেম মোৰ অনুপ্ৰেৰণাৰ উৎস৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!