সংগীতৰ ফিউজন, বেবেৰিবাং চিন্তা আৰু মই-আমি-আপুনি (ৰাজীৱ ৰঞ্জন)
বহুবছৰৰ আগতে তেজপুৰত কোনোবা এটা অনুষ্ঠানত ড°ভূপেন হাজৰিকাৰ সংগীতানুষ্ঠান উপভোগ কৰাৰ সুবিধা পাইছিলোঁ। সম্ভৱতঃ প্ৰথম তেজপুৰ উৎসৱ আছিল। সম্পূৰ্ণ তিনিঘণ্টা সময় কথাৰে-গীতেৰে-ধেমালিৰে তেজপুৰবাসীক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল সুধাকণ্ঠই। সেইদিনাৰ অনুষ্ঠানৰ দ্বিতীয় শিল্পী জন আছিল জিতুল সোণোৱাল।
২৫টকাৰ এটা সৰু কেছেট, নাম ‘যশোৱা’, কণ্ঠ-সংগীত জিতুল সোণোৱালৰ। জিতুলদা তেতিয়া লাহে লাহে নোহোৱা হৈছেগৈ, নতুন গীত-এলবামবোৰে আগৰ দৰে মানুহক মোহিবলৈ এৰিছে। মানুহ গৈছে জুবিনৰ গানলৈ। সেই সময়ত ওলাল যশোৱা। মাত্ৰ চাৰিটা গান। মনত পৰা এটা গীত আছিল, ‘এই খনি গাঁও, নিচেই আপোন’। চিৰ যুগমীয়া সেই গীতটোক জিতুল দাই দিছিল এক নতুন ৰূপ। আৰু মনত পৰা আৰু মনত ৰৈ যোৱা আনটো গীত আছিল ভূপেনদাৰ কণ্ঠৰ সেই অমৰ গীতটো, ‘হে মাই, যশোৱা হে’। গীটাৰ, বাচ গীটাৰ, কীব’ৰ্ড, তবলা, ড্ৰাম আদিৰে গীতটোৰ সম্পূৰ্ণ সাজ-সজ্জা বদলাই জিতুলদাই গাইছিল। কণ্ঠ আৰু সুৰত কিন্তু অকণো হীণ-ডেঢ়ি নাছিল। না আছিল কিবা অভাৱ: শুদ্ধ অন্তঃকৰণৰ। কেছেটটো ৰাইজে ইমানেই ভাল পালে যে দুদিনত শেষ হৈ গৈছিল তেজপুৰৰ বজাৰত। মই কিনিবলৈ নাপালোঁ। বহু চেষ্টা কৰিও নাপালোঁ।
সেইদিনা ভূপেনদা মঞ্চৰ পৰা নমাৰ পাছত জিতুলদা উঠিল। আৰু আৰম্ভ কৰিলে ‘বুকু হম হম কৰে’ গীতটোৰে। দৰ্শকৰ প্ৰথম শাৰীত বহি থকা ভূপেনদা উঠি গৈ জিতুলদাক আশীৰ্বাদ কৰিছিল আৰু এফাঁকি সম্ভৱতঃ গাইছিলোঁ, পাহৰিছোঁ। তাৰ পাছত জিতুলদাই গাইছিল যশোৱা গীতটো। চাৰ্চ ফিল্ডৰ অকণো জেগা খালী নথকা ভীৰ, ৰাইজে অত্যন্ত ভাল পাইছিল গীতটো। ভূপেনদাও আপ্লুত হৈ পৰিছিল, নিজৰ সৃষ্টিৰ নতুন এটা ৰূপ দেখি। আৰু সেই কথা তেখেতৰ মুখত, দেহত প্ৰকাশো পাইছিল।
এতিয়া ভূপেনদাৰ অৱৰ্তমানত কাৰোবাৰ সাহ হ’বনে তেখেতৰ এটা গীত লৈ বেলেগ এটা ধৰণে গাবলৈ, সংগীত দিবলৈ চেষ্টা কৰাৰ? মোৰ বোধেৰে নহয়, কাৰণ ভয়, মানুহৰ, তথাকথিত সংস্কৃতিৰ ৰক্ষকসকলৰ ৰোষত পৰাৰ ভয়। কিন্তু পশ্চিমলৈ চালে দেখিব তেনে প্ৰচেষ্টা বহুত। আৰু তেনেকৈ বেলেগ ধৰণে interpret কৰি গোৱা বেলেগৰ গীতেৰে কোনো কোনো শিল্পীয়ে সংগীতৰ অস্কাৰ জ্ঞান কৰা গ্ৰেমী বঁটাও পাইছে।
গোৱালপৰীয়া ‘দিনে দিনে’ গীতটো পাপনে নিজৰ ধৰণেৰে সজাই প্ৰস্তুত কৰিছিল ক’ক ষ্টুডিঅ’ত। লগত গাইছিল চুফী, পাঞ্জাৱী গায়িকা হৰ্ষদীপ কৌৰে। পাপনৰ আগতেও দিনে দিনে গীতটো শুনা মানুহ নিশ্চয় আছিল। আৰু সেই গীতটো তেনেকৈয়ে বহুতৰে ভাল লাগিছিল। কিন্তু পাপনৰ গীতটো আজিৰ প্ৰজন্মৰ মাজত অতিপাত জনপ্ৰিয়। ইমানেই জনপ্ৰিয় যে অসমৰ বাহিৰত, বা বিদেশতো সেইটো গীত গালে মানুহে হাত ডাঙি সহযোগ কৰিবলৈ বাধ্য হয়। পাপনে ঝুমুৰ গোৱাৰ আগতে আমি কিমানজনে নিজৰ নিজৰ ঘৰত, ফোনত ঝুমুৰ গীত শুনিছিলোঁ এবাৰ বুকুত হাত দি কওকচোন। বা ‘ৰৈ যোৱা ডাকোৱাল’ গীতটো? বা ‘বৈথা মাৰো, বৈথা মাৰো ৰে’? হয়, ওলাব কোনোবা কেইজনমান ক’ৰবাত, যি এইবোৰ গীত শুনাৰ সুযোগ পাইছিল, আৰু সেই পুৰণা গীতকেইটা সেইটো ৰূপতে তেওঁলোকৰ ভাল লাগে। কিন্তু আমিবোৰে? আমিবোৰেতো সুযোগ পোৱা নাই এইবোৰ গীত শুনাৰ। আমি পাইছোঁ পাপনৰ যোগেৰে, আৰু আজিৰ তাৰিখত ইউটিউবত বিচাৰি চালে দেখিব কোনো সদাশয় ব্যক্তিয়ে সেই পুৰণি গীতকেইটাও আপলোড কৰি দিছে, পুৰণি ৰূপতে। আমিবোৰে এই সুবিধাটো পোৱাৰ একমাত্ৰ কৃতিত্ব মোৰ বোধেৰে পাপনৰ। পাপনৰ আগতেও এইবোৰ গীত আছিল। ইমান বছৰে কিয় কোনেও নোৱাৰিলে এইবোৰ গীতক নৱপ্ৰজন্মৰ কাষলৈ আনিবলৈ? (এইটো এটা ক্ষোভৰ প্ৰকাশ হে, কাকো দোষাৰোপ কৰা নাই, আৰু মূল প্ৰসংগৰ লগত ইয়াৰ কোনো সংগতিও নাই!)
আকৌ আমিবোৰেই (আমি বুলি কওঁতে মই বেচিকৈ গীত-মাত শুনি থকা সকলৰ কথা কৈছোঁ) ক’ৰবাত কোনোবা নতুন হিন্দী গান এটাত অসমীয়া ঢোলৰ শব্দ শুনি ফুৰ্তি পাওঁ! ‘মুৰি ভাত, আলু ভাত’ বুলি গোৱা হিন্দী গীত শুনি আমি অকবতে আলোচনা কৰোঁ। ‘তাতে বহি বহি ৰ’দ দে’ বুলি গোৱা হিন্দী গীতটো উৰাই ঘূৰাই শুনো, লোককো শুনাওঁ, ‘এইখিনি অসমীয়া গাইছে’! আমিবোৰেই আকৌ ৰাষ্ট্ৰীয় চেনেলত বিহু নাচৰ লগত অন্য নৃত্যৰ ভংগীমা মিলাই প্ৰস্তুত কৰা ‘ফিউজন’ নৃত্যক লৈ সমালোচনা কৰোঁ, থকা-সৰকা কৰি দিওঁ আমাৰ বিহু বিকৃত কৰা বুলি।
জিতুলদাই যেনেকৈ যশোৱা গীতটো বিকৃত কৰা নাছিল (আমি কোন, স্বয়ং ভূপেনদাই ভাল পাইছিল, সেই ভালপোৱাৰ চাক্ষুস সাক্ষী মই নিজে), ঠিক তেনেকৈয়ে পাপনে ‘দিনে দিনে’ বা অন্যান্য গীতবোৰ বিকৃতকৰণৰ মানসিকতাৰে নতুন ৰূপ দিবলৈ যোৱা নাই। হয়, হয়তো কিছু নতুন বা অপৰিপক্ক শিল্পীয়ে পুৰণি গীত কিছুমান নতুন সংগীতেৰে ‘ফিউজন’ কৰিবলৈ গৈ বেসুৰা কৰিছে, মানি লৈছোঁ। কিন্তু বেয়া হোৱাৰ বা বেয়া বুলি কোৱাৰ ভয়ত ভাল কাম কৰিবলৈ থমকি ৰ’লে কেনেকৈ হ’ব? একো নকৰিলে ভালেই হৈছে নে বেয়াই হ’ল গম পাব কেনেকৈ? গতিকে মোৰ ক্ষুদ্ৰ ‘মাথাৰে’ এইটোকে বুজোঁ যে কৰিব লাগে, নতুন পৰীক্ষা-নিৰীক্ষা কৰিব লাগে। অন্যত নহ’লেও সংগীতৰ ক্ষেত্ৰ খনত। যি খিনি ভাল হয় সেইখিনি ৰাইজে আদৰি ল’ব, ভূপেনদাই ‘যশোৱা’ক দুহাত ডাঙি হাত তালি মাৰি আদৰি লোৱাৰ দ’ৰে, ‘বৈথা মাৰো’ বা ‘দিনে দিনে’ক দেশী-বিদেশী সকলোৱে আদৰি লোৱাৰ দৰে। আৰু যি খিনি বেয়া, সেইখিনি ৰাইজে পাহৰি যাব, ‘গৰম গৰম জেলেপী’ক পাহৰি যোৱাৰ দৰে। কিন্তু এফালে সংস্কৃতিবিকৃত কৰণ, সাংস্কৃতিক সংগম, সাংস্কৃতিক জীণ যোৱা আদি টান টান বিশেষণৰে অভিহিত কৰি এইবোৰক বাধা দিবলৈ চেষ্টা কৰি আৰু আনফালে একেসময়তে ‘অসম’ আৰু অসমীয়া কৃষ্টি সংস্কৃতি বিশ্ব-দৰবাৰ, জগত সভালৈ নোযোৱা বুলি কান্দি থাকিলে গৈ থৈ পুৰণাবোৰো কালৰ লগত হেৰাই যাব, সেই প্ৰতিভাশালী শিল্পী সকলৰ দৰে যি আজি আমাৰ মাজত নাই। আৰু গীতবোৰ, কেছেটবোৰ, ৰেকৰ্ডবোৰ আকৌ আমাৰ মাজলৈ অহাৰ কোনো সম্ভাৱনাও নাই।
এইখিনিতে মন কৰিব যে, সংৰক্ষণৰ কামো হৈছে, হ’বও। ‘প্ৰেম বাবা, প্ৰেম বাবা, জয় মহাদেৱা’ৰ বিপৰীতে ‘গোমচেং’, ‘ফুলচেং’, ‘কিৰিলি’ও হৈছে। সম্পূৰ্ণ বিশুদ্ধ ৰূপত। গতিকে ইমানো ভয় কৰিব নালাগে যে সংস্কৃতি যাওঁ, যাওঁ। কিন্তু কথা হ’ল, সংস্কৃতিৰ কথা কৈ কৈ থু উলিয়াই দিয়া কিমানজনে এইবোৰ এলবাম কিনি প্ৰযোজক-শিল্পীসকলক উৎসাহ দিছে? বাৰু, কিনাৰ কথা বাদ, কিমান জনে এই বিহু গীতখিনি শুনিছে ইতিমধ্যে? বয়সীয়াল সকলৰ কথা নাজানো, কিন্তু আমাতকৈ সৰু চামৰ বহুতেই শুনিছে, সেইটোত মই নিশ্চিত। আৰু মই ভাবোঁ, সেয়াই আশাৰ বতৰা, নহয়নে? হয়, তেওঁলোকে য়ৌ য়ৌ হানি সিঙকো শুনে, ঠিক যেনেকৈ আজিৰ পৰা প্ৰায় ২৫ বছৰ মান আগতে আমি শুনিছিলোঁ, ‘হাৱা হাৱা, এ হাৱা’। এইবোৰ আহিব যাব, সেয়াই নিয়ম। আজি জুবিনে দুটা ৰঙৰ দুপাট জোতা পিন্ধিছে, কোনোবাই ক’ব, ‘নতুন প্ৰজন্মই অনুসৰণ কৰিব’। হয়, কৰিব পাৰে, কোনোবাই পিন্ধিব পাৰে। তাতে কি ক্ষতি হ’ব? আমাৰ আগৰ প্ৰজন্মইও একেই কাম কৰিছিল দেখোঁন! যাওকচোন, ঘৰৰ পুৰণা ফটোৰ এলবামটো খুলি চাওক। অমিতাভ বচ্চনৰ নিচিনা কাণ ঢকা চুলিৰ ষ্টাইলত দেখিব আপোনাৰে দেউতা-খুৰা-বৰদেউতা-তাৱৈদেউ সকলক। ইমানো ভয় নাখাব। ইমান সহজতে নোহোৱা হ’বলৈ সংস্কৃতি ইমানো ঠুনুকা বস্তু নহয়৷