সংগীত – সুৰা নে অমৃত -(শৰৎ বৰকাকতি )

সংগীত – সুৰা নে অমৃত

-শৰৎ বৰকাকতি


ভাৰতৰ ইতিহাসৰ কৰ’বাত পঢ়া মনত আছে- এবাৰ সম্ৰাট ঔৰংগজেৱে দেশত সংগীত নিষিদ্ধ বুলি ঘোষণা কৰিছিল। কাৰণ, সংগীতৰ ৰাগীয়ে দেশৰ মানুহক নিষ্কৰ্মা কৰে, এলেহুৱা আৰু দুৰ্বল কৰে। ইমানদিনে সাধাৰণতে ৰজা বা ৰাজবিষয়াৰ পৃষ্ঠপোষকতাত, মেহফিলৰ চৰ্চাৰ জৰিয়তে উজলি উঠা আৰু জনপ্ৰিয় হোৱা সংগীত শিল্পীসকলে ঔৰংগজেৱৰ নিৰ্দেশৰ প্ৰতিবাদ স্বৰূপে ৰাজপথত সংগীতৰ ‘জনাজা’ অৰ্থাৎ সংগীতৰ প্ৰতীকী মৃতদেহ লৈ ‘হায়, হায়’ বিলাপ ধ্বনিৰে শোভাযাত্ৰা উলিয়ালে।

সংগীতে বাৰু মানুহক সঁচাকৈ নিচাগ্ৰস্ত কৰে নেকি?

লক্ষ্ণৌৰ নৱাবসকল সংগীতৰ অত্যন্ত ৰসিক আছিল আৰু হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ উন্নতিত এই অনুৰাগৰ যথেষ্ঠ অৱদান আছে। পিছে, লক্ষ্ণৌৰ (আন প্ৰদেশতো)‘বাইজী’সকলৰ কুঠীত বহা সুৰৰ ‘আসৰ’বোৰত সুৰা আৰু সংগীতৰ সংযোগে আৰু ঘণ্টাৰ পিচত ঘণ্টা, দিনৰ পিচত দিন সুৰৰ মায়াত বা ‘সাকী’ৰ (মেইখানাত সুৰা পৰিবেশন কৰা সুন্দৰী) মোহবন্ধনত আবৃতসকলৰ কাহিনীয়ে সংগীতত সুৰাৰ দৰে অনিষ্টকাৰী নিচা থকা বুলি মনত এক সন্দেহ ওপজায়।

আচলতে তেনে পৰিস্থিতি হৈছিল- ক্ষমতা আৰু ধন কেন্দ্ৰীভূত হৈ থকা, অফুৰন্ত আহৰি থকা সমাজৰ এমুঠি মানুহৰ বাবে সংগীত অৱসৰ বিনোদনৰ সহজ মাধ্যম হোৱাৰ ফলত, যি পিছলৈ আভিজাত্য প্ৰকাশৰ আহিলাও হৈ পৰিছিল। আনহাতে, যিসকল সংগীতৰ আচল শিল্পী তেওঁলোকক তিনিটা বস্তু লাগিছিল- সৃষ্টিত দিনে-নিশাই নিমজ্জিত হৈ থকাৰ সুবিধা; দুবেলা দুসাজৰ চিন্তাৰ পৰা মুক্তি; আৰু তেওঁলোকৰ সৃষ্টিৰ বাবে ‘বাহ্ বাহ্’ শুনি থকাৰ এক পৰিবেশ। সেইসময়ত সমাজৰ সেই দুয়োটা শ্ৰেণীৰ বাবেই এই ‘আসৰ’ৰ ব্যৱস্থা উপকাৰী আছিল আৰু স্বাভাৱিকতেই শাস্ত্ৰীয় সংগীতৰো প্ৰসাৰ ঘটিছিল। অৱশ্যে তাৰ বাহিৰেও উচ্চভিলাষী বা প্ৰেমৰ পূজাৰী আৰু এটা শ্ৰেণী গঢ়ি উঠিছিল যি সৌন্দৰ্যৰ বেহা-বেপাৰ কৰিছিল আৰু সংগীতৰ গৰিমা ম্লান কৰিছিল।

কিন্তু সংগীতৰ ব্যৱহাৰ বা প্ৰয়োজন সদায় এনেকুৱা নাছিল। হিন্দু ধৰ্মবিশ্বাস বা ভাৰতীয় সংগীতৰ উৎস ৰ বিষয়ে ধাৰণা অনুসৰি সৃষ্টিৰ আৰম্ভণি হৈছিল- ‘ওঁম’ ধ্বনিৰে য’ৰপৰা সংগীতৰ অধুনা ব্যৱহৃত বিভিন্ন স্বৰসমূহ সৃষ্টি হৈছে। ১৫০০ ৰ পৰা ৫০০ খৃষ্টপূৰ্বৰ সময়ছোৱাত ঋগবেদ ৰচিত হৈছিল। ঈশ্বৰৰ প্ৰশস্তিৰ উদ্দেশ্যে ৰচিত প্ৰায় ১০০০ শ্লোক পিছে ক’তো লিখা হোৱা নাছিল। এটাৰ পৰা আনটো প্ৰজন্মলৈ যুগে যুগে মৌখিক ৰূপতেই এয়া প্ৰৱাহিত হৈছিল। কিন্তু কোনো ৰেকৰ্ডিংৰ সুবিধা নোহোৱাকৈ কেনেকৈ….

১) এই শ্লোকবোৰ কাব্য ৰূপত ছন্দেৰে সুৰ লগাই গাব পৰাকৈ ৰচনা কৰা হৈছিল

২) গুৰু-শিষ্য পৰম্পৰাৰে গুৰুৱে সম্পূৰ্ণ মৌলিক ৰূপত শিষ্যক সংগীতৰ সুৰ-লয়-তাল-মান অক্ষত ৰাখি শিকাইছিল আৰু শিষ্যই তেনেকৈয়ে শিকি আগবঢ়াই লৈ গৈছিল।

সৰুতে শিক্ষকসকলে পঢ়াশালিত প্ৰয়োগ কৰা নেওতা মনত ৰখাৰ সহজ উপায় আছিল- ছাত্ৰসকলে সুৰ লগাই সমবেত কণ্ঠত গোৱা। যুগ পাৰ হ’ল, আজিলৈকে সেয়া মনত থাকি গ’ল। অৰ্থাৎ সংগীতে স্মৃতিক গতিশীল সময়ৰ বুকুত জাহ যাবলৈ নিদি অমৰ কৰে- এয়া আমাৰ নিজা অভিজ্ঞতা।

সংগীত চিৰন্তন, অমৃতময়….. সংগীতে সংৰক্ষণৰ কাম কৰাই নহয়, মানুহক সততে আকৰ্ষিত কৰি কলাক জনপ্ৰিয় কৰে, হৃদয়ত সহজে প্ৰবেশ কৰি গীতৰ কথাৰে, সুৰেৰে নতুন প্ৰেৰণা যোগায়।

গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ যোগেদি অসমীয়া জাতি গঢ়াৰ উদ্যোগত সংগীতৰ সকলো উপাদান-গীত, বাদ্য, নৃত্যক পৰিকল্পিত আৰু সাৰ্থকভাৱে প্ৰয়োগ কৰাটো আমি সকলোৱে জানো। আজান ফকীৰেও ইছলাম ধৰ্ম প্ৰচাৰৰ বাবে ‘জিকিৰ’ প্ৰৱৰ্তন কৰিছিল। পল ৰবচন, নজৰুল, ৰবীন্দ্ৰনাথ, বঙ্কিমচন্দ্ৰ, বেজবৰুৱা, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, অম্বিকাগিৰিৰ দৰে সমাজ-সচেতন শিল্পীসকলে সমাজ- বিপ্লৱৰ বীজ সিঁচিবলৈ গীত বা সংগীত ব্যৱহাৰ কৰিছিল। অসমৰ প্ৰতিটো জাতীয় অনুষ্ঠানত আৰু উৎসৱত সুধাকণ্ঠ ভূপেনদাৰ গীতৰ প্ৰেৰণা অবিহনে সামূহিক জাগৰণ অনাটো কঠিন। আজিৰ যুগতো ৰাষ্ট্ৰীয় চেতনাৰে নিজক আৰু সকলোকে উদ্বুদ্ধ কৰিবলৈ আমি সমূহীয়াভাৱে ৰাষ্ট্ৰীয় সংগীত গাওঁ। বিহুৰ তলিত দোভাগ নিশালৈ বিহুগীতৰ সুৰত নচা ধমনীৰ তেজত অসমীয়াত্ব বিচাৰি পাওঁ, প্ৰেমৰ অনুভৱ প্ৰিয়জনক ক’বলৈ সাহস গোটাওঁ।

এক কথাত, সংগীত মানৱ সমাজৰ সমৃদ্ধিৰ বাবে, প্ৰগতিৰ বাবে অমৃতস্বৰূপ- সেয়া অনস্বীকাৰ্য। কিন্তু যদি সংগীতৰ আধ্যাত্মিক প্ৰেৰণা বা অনাবিল প্ৰশান্তিক আওকাণ কৰি সাময়িক আনন্দ যোগোৱা উপকৰণ হিচাপে লওঁ, তেন্তে সংগীত আমাৰ মানসিক বা আধ্যাত্মিক স্বাস্থ্যৰ অৱনতিৰ কাৰণ- সৰ্বনাশী সুৰাও হ’ব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!