সংগী ঈশ্বৰ – ধৰিত্ৰী লাহন

’হে ভগবান! ’ মানুহজনে অস্ফুট স্বৰে হুমুনিয়াহ কাঢ়িলে৷ পিঠিত তেওঁৰ চাৰিটা গধুৰ বেগৰ বোজা৷ জিৰণি চ’ৰাটোৰ পকাৰ বেন্সখনত পিঠিৰ ভৰটো আউজাই তেওঁ পাহাৰটোৰ ওপৰলৈ চালে৷ তেওঁৰ পিছে পিছে কোনোমতে ভৰি চোঁচৰাই গৈ থকা নিমিয়ে স্পষ্টকৈ শুনিলে সেই ভাগৰুৱা নিশাহ৷ ইতিমধ্যে অপৰাধবোধেৰে ভৰি উঠা মনটো আৰু দোষী দোষী লাগিল৷ তেওঁৰ দৃষ্টি অনুসৰণ কৰি তায়ো ওপৰলৈ চোৱাৰ লগে লগে গুৰগুৰীয়া বৰফৰ কণাবোৰ চকুৱে মুখে পৰিল৷ এটা অসহজ অনুভৱ, চকুত বালি সোমোৱাৰ দৰে৷ অৱশ আঙুলিৰে মুখখন মচি একেটাই প্ৰশ্ন আকৌ কৰিলে তাই, ’আৰু কিমান দূৰ?’ যোৱা পোন্ধৰ মিনিটত কমেও দহবাৰ সোধা প্ৰশ্নটোৰ ধৰাবন্ধা উত্তৰটো দিলে মানুহজনে, “বচ পালোহিয়েই৷ আৰু অকণমান৷“ তাইৰ ভাগৰুৱা মুখখন এপলক চাই তাইক উৎসাহ দিবলৈ আকৌ কৈ উঠিল, “সৌ যে পাহাৰৰ একেবাৰে ওপৰত লাইট জ্বলি আছে, সেইখনেই হোটেল ড্ৰিমলেণ্ড৷ পাঁচমিনিটত পাই যাম৷“

ইমান সময়ে সিহঁতে পাহাৰৰ এঢলীয়াৰেই খোজ কাঢ়ি আহি আছিল৷ এতিয়া এই ফুটবল ফিল্ড এখনৰ সমান সমতল ঠাই টুকুৰা পাওঁতে তাই ভাবিছিল অৱশেষত আহি পালেহি চাগৈ৷ কিন্তু নহয়৷ এতিয়া
এই বৰফৰ পথাৰখন পাৰ হৈ পাহাৰটোও বগাব লাগিব? নিমিয়ে হতাশভাৱে আকৌ পাহাৰটোলৈ চালে৷ “আহি থাকক’’ বুলি কৈ মানুহজনে ইতিমধ্যে খোজ লৈছিল পুনৰ৷ মানুহজনৰ পেচাই টুৰিষ্টৰ বেগ কঢ়িয়াই দিয়া, তথাপি নিমিৰ আদবয়সীয়া মানুহজনৰ কষ্ট দেখি মন ভাৰাক্ৰান্ত হ’ল৷ কি কি যে কৰিব লাগে মানুহে পেটৰ দায়ত৷

কোটৰ পকেটত আঙুলিবোৰ মুঠি মৰা আৰু খুলি দিয়া কৰি আছে তাই, নহ’লে আঙুলিৰ সাৰসুৰ নোহোৱা হৈ গৈছে৷ জোতা তিতি মোজাও সেমেকা, টুপী আৰু কোটটোও সেমেকিছে৷ পাছলৈ ঘূৰি চালে তাই৷ অনিমেষহঁত অলপ পাছ পৰিছিল৷ অনিমেষ আৰু নিয়ৰৰ লগতে সেই অচিনাকি মানুহ দুজন৷ এজনৰ কোলাত নিয়ৰ, আনজনৰ হাতত ছাটি এটা, বৰফৰ বৰষুণৰ পৰা দুয়োকো বচাই আহি আছে৷

ওচৰ পোৱাৰ লগে লগে এজনে ক’লে “আপোনালোকক সেই পাহাৰৰ দাঁতিলৈকে আমি আগবঢ়াই দিম৷ বেচি দূৰ নাই, পাৰিব আপোনালোকে৷’’
মূৰ তল কৰি আকৌ খোজ আগবঢ়ালে সিহঁতে৷ সন্মুখলৈ চাই যাবলৈও বৰফৰ কণাবোৰে চকুত বিন্ধি যায়৷ এজনে ক’লে, “এইসময়ত সৰা বৰফত পানীৰ পৰিমাণ বেছি, সেয়ে ইমান পিচল হৈছে৷ সাবধানে পাহাৰটো উঠিব আপোনালোকে৷ বাচ্ছাটো হোটেল পালেই হিটাৰৰ ওচৰত সেক দিব৷’’

হয়, আহি থাকোঁতে কেবাজনো নামি আহি থকা মানুহক পিচলি ধুম ধাম থেকেচ খাই পৰা দেখি আহিছে৷ টিপি টিপি খোজ দিছে নিমিয়ে৷

কল্কা ষ্টেচনতে ঠাণ্ডা লাগিছিল অলপ অলপ৷ টয় ট্ৰেইনখনে চাৰিটামান ষ্টেচন এৰাৰ পাছতেই ডেকা সহযাত্ৰী দুজনমানে আনন্দতে উকিয়াই কৈছিল, “শ্বিমলাত আজি বৰফ পৰিছে৷ বছৰৰ প্ৰথম বৰফ৷“ ফোনযোগে খবৰ পাইছিল সিহঁতে৷ ডবাটোৰ প্ৰায়ভাগ বিদেশী ভ্ৰমণকাৰী, তেওঁলোকক খবৰটোৱে প্ৰভাবিত নকৰিলে৷ নিমিহঁত কিন্তু উৎফুল্ল হৈছিল, জীৱনৰ প্ৰথম বৰফ পৰা দেখা পাব৷ ৰেল তাৰাদেৱী ষ্টেচনত সোমাওঁতেই বৰফৰ বৰষুণ দেখা গৈছিল৷ নিমিয়ে কোলাত শুই থকা নিয়ৰক জগাই কৈছিল, “সৌৱা চোৱা, বাহিৰত বৰফ পৰিছে৷ স্ন’ ফ্লেক্স৷“ শ্বিমলা ষ্টেচন পাবৰ হৈছিল, বেগ খুলি গৰম কাপোৰ উলিয়াই তিনিও দুতৰপীয়াকৈ পিন্ধি ললে৷ অন্ধকাৰপ্ৰায় ষ্টেচনটোত নামোতে বিয়লি পাঁচ বাজিছিল৷ কেইবাজনো কুলি আগবাঢ়ি আহিল কিন্তু হোটেলৰ নাম শুনিয়েই চিয়ৰি উঠিল, “হোটেল ড্ৰিমলেণ্ডটো পাহাৰৰ একদম ওপৰত৷ কমেও বিছ মিনিট লাগিব খোজ কাঢ়ি গ’লে৷ এই বতৰত গাড়ী বন্ধ কৰি দিছে, বৰফত স্কিদ কৰে কাৰণে৷’’ কি কৰো নকৰো গুণাগঁঠা কৰি থাকোঁতেই গোটেই যাত্ৰীবোৰ গৈ নোহোৱা হ’ল৷ ডিমলেণ্ডত দুৰাতিৰ অগ্ৰিম টকা দি থোৱা আছিল, এতিয়া বেলেগ হোটেলত ৰুম পোৱা যাব নে নাই তাৰো নিশ্চয়তা নাই৷ লাহে লাহে গৈ থকাটো ঠিক কৰি তেতিয়াও তাঁহাতৰ কাষত ৰৈ থকা একমাত্ৰ কুলীজনকেই বন্দবস্ত কৰি পেলালে৷ সমস্যাটো যে অলপ গুৰুতৰ সিহঁতৰ অনুমান নাছিল৷ ষ্টেচনৰ বাহিৰত ভৰি দিয়েই দেখিলে বৰফৰ এখন সাগৰ, বৰফো পৰি আছে অবিৰাম৷ ৰাস্তা ঘাটৰ একো চিন নাই৷ সকলোফালে বগা বৰফৰ চাদৰ৷ ঘৰ, গছ বন বৰফেৰে ঢকা৷ ৰাস্তাৰ দাঁতিত ৰখাই থোৱা গাড়ীবোৰ বৰফাবৃত৷ নিয়ৰ অনিমেষৰ কোলাত, নিমিয়ে শ্বলখনেৰে তাক মেৰিয়াই ঢাকি দিলে৷ হাড় কপোঁৱা ঠাণ্ডা কাক কয় আজিহে অনুভৱ হ’ল৷ এখোজ আগবঢ়ালে নিমিয়ে৷ জোতা সোমাই গ’ল বৰফত ভৰককৈ৷ এটা এটা খোজ দিবলৈ যেন চিন্তা কৰিব লগা হৈছে৷ ছাতি এটাৰ অতি দৰকাৰ হৈছিল, বৰফৰ গুৰিৰ বাবে চকু ভালকৈ মেলিব নোৱাৰা অৱস্থা৷ দোকান পোহাৰ বন্ধ, মানুহজনে ক’লে৷ অলপ পাছতেই থিয় বাট আৰম্ভ হ’ল, অনিমেষে নিমিয়ে সলনা সলনিকৈ নিয়ৰক লৈ গৈ থাকিল৷ ৰাস্তাত ছাতি লোৱা মানুহ দেখিলেই অনিমেষে ছাতিটো বিক্ৰী কৰিবলৈ অনুৰোধ কৰে৷ কোনোৱে দিবলৈ ৰাজী নহয় বা আচৰিত দাম এটা বিচাৰে৷ গতিকে তিতি বুৰিয়ে গৈ থাকিব লগা হৈছে৷ ফোফাই গৈছেগৈ দুয়ো৷ অৱস্থাটো দেখি কুলীজনেই উৎসাহ দি দি আহি আছিল৷ তাই লাজো পাইছিল অলপ৷ ল’ৰাটো লৈ খোজ দিবলৈও তাই ফেফাই গৈছে আৰু এই বুঢ়াজনে চাৰিটা বেগ লৈ বেগেৰে গৈছে৷ পাহাৰত আৰু ভৈয়ামত জীৱন-যাপনৰ এয়াই পাৰ্থক্য৷ সিহঁতৰ এনেকুৱা লাগিবলৈ ধৰিলে আজি যেন সিহঁত গৈ নাপাবগৈ৷ ইমান দূৰ, ইমান থিয় বাট বৰফ পিচল৷ ভাগৰত খোজ অচল হ’ব লওঁতেই সেই দেৱদূতৰ দৰে মানুহ দুজন ওলালহি৷ এটা ডাঙৰ ছাটিৰ তলত সোমাই দুয়ো কথাত মচগুল হৈ আহি আছে৷ অনিমেষে কাষলৈ গৈ ছাতিটো বিক্ৰী কৰিব নেকি বুলি সোধোতেই তেওঁলোকে কলে ’’ছাতিটো দিব নোৱাৰিম, কিন্তু বলক, আমি আপোনালোকক আগবঢ়াই দিম৷’’ এজনে উপযাচি নিয়ৰক কোলাত ল’লে৷ উশাহ ঘূৰাই পোৱাৰ দৰে অনুভৱ হ’ল, এই যাত্ৰালৈ ঈশ্বৰে দুহাত আগবঢ়াই দিলে৷ অনেক ধন্যবাদ জনালে অন্তৰেৰে, দুয়োটাই৷

কিন্তু এতিয়া এই শেষৰকণ ৰাস্তাত তেওঁলোক নাথাকিব৷ বৰফ পৰা বন্ধ হৈছে ইতিমধ্যে, অকণমান স্বস্তি৷

তেওঁলোকে লগ এৰাৰ পাছৰখিনিও কম কষ্টসাধ্য পথ নাছিল৷ সমতলখিনিৰ পাছত একেবাৰে থিয় ৰাস্তাটো তাতেই আৰম্ভ হৈছে৷ বৰফ পিছল ৰাস্তাটোত খুপি খুপি দুয়ো আগবাঢ়িল৷ পৰিব লাগিলে হাড় মূৰ ভগাটো নিশ্চিত৷ স্থানীয় মহিলা এগৰাকীও নিমিহঁতৰ লগে লগে আহি আছিল৷ তেওঁ সাৱধানে খোজ দিবলৈ বাৰে বাৰে কৈ আছিল৷ প্ৰায় এশ মিটাৰমানৰ একাঁ বেকা বাটটোত কেইবাৰ যে ৰৈ ৰৈ জিৰণি ল’লে৷ অৱশেষত হোটেলৰ চিৰিত ভৰি থৈয়েই দীঘল নিশাহ এটা এৰিলে৷ মহিলাগৰাকী আৰু ওপৰলৈ যাব৷ হাত জোকাৰি বিদায় লৈ তেওঁ গলগৈ৷ কৈ গ’ল, ’’you all are safe now’’.

ৰিচেপচনৰ চোফাতে সিহঁতকেইটা বহি পৰিল৷ এনেকুৱা বতৰত কোনোৱা আহি ওলাব বুলি হোটেলৰ মানুহবোৰে ভবাই নাছিল৷ ব্যস্ত হৈ পৰিল তেওঁলোক৷ তাৰ পাছত হিটাৰ অন হ’ল, টাৱেল আহিল, গৰম পানী, চুপ, বইল কণী, গৰম খাদ্য সব হ’ল৷ তাৰ আগতে ঠাণ্ডাত ঠেৰেঙা লগা নিয়ৰৰ দহ মিনিটীয়া কান্দোনৰ পৰ্ব এটাও গ’ল৷

বেগ কঢ়িওৱা মানুহজন বেগবোৰ ৰুমত চিজিল লগাই ওলাই আহিল৷ নিমিয়ে তেওঁ বিচৰাতকৈও অলপ টকা বেছিকৈয়ে তেওঁৰ হাতত দিলে৷ সন্তোষৰ হাঁহি এটা মাৰি তেওঁ নমস্কাৰ জনাই তেওঁ গলগৈ৷

হিটাৰৰ তাপেৰে উমাল কোঠাত গৰম নিহালিৰ তলত সোমোৱাৰ আগতে নিমিয়ে খিৰিকীৰ পৰ্দা মেলি চালে৷ বাহিৰৰ দৃশ্যৰাজিয়ে ক’ব নোৱাৰাকৈয়ে তাইক বেলকনিলৈ লৈ গ’ল৷ অদূৰত এটা ষ্ট্ৰিট লাইট অকলশৰে জ্বলি আছিল৷ তাৰ পোহৰত বৰফ সৰাৰ দৃশ্যই অপৰূপ সৌন্দৰ্য্যৰ পোহাৰ মেলিছে৷ নিজান ৰাতিটোত চহৰখন শুই পৰিছে৷ বৰফৰ দলিছা এখনে আলফুলে সকলোবোৰ সামৰি লৈছে৷ নিমিৰ মনটো অবুজ আবেগত উঠলি উঠিল, তাইৰ কান্দি পেলাবলৈ মন গ’ল৷ এই মায়াময় ৰাতিটো আৰু আজিৰ দু্ৰ্যোগপূৰ্ণ আবেলিৰ সেই সময়খিনি সৃষ্টি কৰা উপাদান এটাই৷ বৰফ৷
সেই কুলী মানুহজন বা বাটৰ সাৰথি দুজন, তিনিও আচলতে ভগবান প্ৰেৰিত দূতেই৷ তেওঁলোক নহ’লে কি হলহেতেন সেয়া ভাবিবলৈও তাইৰ ভয় লাগিল৷ ঈশ্বৰৰ অস্তিত্ব এইবোৰতেই দেখা যায়৷ এই মানুহৰ সহায়, প্ৰকৃতিৰ সৌন্দৰ্য এইয়াই ভগবানৰ স্বাক্ষৰ৷ পৃথিৱীৰ সকলো লোক কুশলে থাকক, সকলো শিশুৱে মৰম পাওঁক, ঈশ্বৰ, তুমি আছা, নিমিৰ মনৰ নিভৃত কোণৰ পৰা আকুতি এটা ওলাই আহিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments