সংগী (ৰাজীৱ ৰঞ্জন)
চকুৰ পতাত আছে অলেখ অযুত সপোন
ৰং সানিবৰ বাকী
মনত আছে হেঁপাহ হাঁহিৰ
ফুটি উঠিবৰ বাকী
ৰং সানিবলৈ মাতোঁ কাক
হাঁহি বিলাবলৈ পাওঁ কাক
দিনৰ পোহৰত
নিশাৰ এন্ধাৰত
ৰূপালী জোনাকত
মন নদীৰ ঘাটত
ঘুৰি চালে কিয় নাপাওঁ কাকো বিচাৰি
আশা হতাশা সুখ দূখ হাঁহি কান্দোনৰ মাজত
মই কথা পাতো, ৰং চতিয়াওঁ, সপোন সাজোঁ, ভাঙোঁ গঢ়োঁ
নিজেই নিজৰ লগত ।