প্ৰসংগ: কৰ’না, লকডাউন আৰু আমি…. – ড° চয়নিকা বৰুৱা
গৃহবন্দী হৈ থকা আজি ডেৰমাহৰো বেছি দিন হ’ল। সমগ্ৰ বিশ্বতে এতিয়া মানুহ ঘৰৰ ভিতৰত। বাহিৰত মৃত্যুৰ কিৰীলি, উন্নত দেশবোৰত চিকিৎসালয়ত মৃতদেহৰ শাৰী, আমাৰ দেশতো প্ৰতিদিনে বাঢ়িছে মৃতক আৰু আক্ৰান্তৰ সংখ্যা। বেছ কিছুদিন আগলৈকে এতিয়াৰ বহুল ব্যৱহৃত লকডাউন, কোৱাৰেন্টাইন আজি শব্দবোৰ আমাৰ চিনাকি নাছিল। এটা ভাইৰাছে সমগ্র বিশ্বৰে কামকাজ স্থবিৰ কৰি তুলিছে। যেন ক্ষুন্ন হৈছে জীৱশ্ৰেষ্ঠৰ অহংকাৰ।
এনে লাগে প্ৰকৃতিয়েও উশাহ লৈছে এইকেইটা দিনত। আকাশ পৰিষ্কাৰ, বায়ু নিৰ্মল, নাই যান্ত্ৰিক কোলাহল। টিভিত দেখিলোঁ সেইদিনা কোনোবা এখন দেশৰ ৰাজপথত আপোনমনে ঘূৰি আছে এটা কেঙ্গেৰু, এঠাইত দেখিবলৈ পালোঁ পেংগুইনৰ জাক আৰু সমুদ্ৰতীৰত আপোনমনে খেলি থকা কাছ। ব্যক্তিগত ভাৱে ক’বলৈ গ’লে গতানুগতিক ব্যস্ততা এৰি আমি অলপ নিজৰ কাৰণে, নিজে কৰি ভাল পোৱা কামবোৰৰ বাবে সময় পাইছোঁ, পৰিয়ালৰ মানুহৰ লগত সময় কটাব পাৰিছোঁ। কিন্তু, সমগ্ৰ বিশ্বজুৰি হোৱা এই স্থবিৰতাই খাঁটিখোৱা মানুহক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে।
চৰকাৰী, বেচৰকাৰী খণ্ডৰ ফালৰ পৰা যিমান পাৰি সাহাৰ্য প্ৰদান কৰিছে যদিও দাৰিদ্ৰ পীড়িত বহুতে হতাশাত জীৱনৰ চৰম পন্থা বাছি লৈছে। ঘৰতে থাকক, সুস্থ থাকক কথাকেইটা সমাজৰ নিম্ন মধ্যবিত্ত মানুহখিনিৰ কাৰণে আৰু অধিক কষ্টকৰ হৈ পৰিছে। বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে অৰ্থনীতি। ব্যক্তিগত খণ্ডৰ বহুলোকে চাকৰি হেৰুৱাব লগা হ’ব পাৰে বুলিও বাতৰি পঢ়িবলৈ পাইছোঁ। শিল্পী,কলাকুশলী, ক্ষুদ্র উদ্যোগীৰ পৰা উদ্যোগপতিলৈকে, ব্যৱসায়ী, খাঁটিখোৱা মানুহৰ পৰা বিষয়া-কৰ্মচাৰীলৈকে সকলোৱে ক্ষতিগ্ৰস্ত হৈছে। বাৰুকৈ ক্ষতি হৈছে শিক্ষাবিভাগৰো৷
এই সময়ছোৱাত মানসিক স্বাস্থ্য ভালে ৰখাটোও জৰুৰী হৈ পৰিছে। বহুলোকে ঘৰৰ ভিতৰতে সোমাই থাকি একপ্ৰকাৰ হতাশাগ্ৰস্ততাৰো চিকাৰ হৈছে। কৰ’না ভাইৰাছৰ পৰোক্ষ প্ৰভাৱ হিচাপে সৃষ্টি হোৱা আৰ্থিক সংকট, কৰ্মসংস্থাপনহীনতা আৰু খাদ্যৰ ভোকে সমাজৰ বহুলোকৰ মৃত্যু ঘটালে ইতিমধ্যে। এনে মহামাৰীৰ ত্ৰাসৰ সময়তো চিকিৎসা, জৰুৰীকালীন সেৱা আৰু প্ৰশাসনৰ সৈতে জড়িত লোকসকলে নিৰন্তৰ সেৱা আগবঢ়াই আছে। এই মহামাৰীৰ সোনকালে অন্ত পৰক। স্বাভাৱিক জীৱন-যাত্ৰা সুচল হৈ পৰক আগৰ দৰে।
০০০০০