সখী…ভালনে তোৰ…. (দীপাঙ্ক বৰা)

xokhi val ne turকিয় জানো ‘ক’ শ্ৰেণীৰ পৰা কলেজলৈকে একেলগে পঢ়া ছোৱালী এজনীৰ কথা কালি হঠাৎ মনত পৰিল । অথচ প্ৰায় বিশ বছৰ ধৰি তাইৰ লগত কোনো যোগাযোগ নাই । শেষৰ বাৰ ফোনতেই কথা পাতিছিলো তাইৰ বিয়াৰ দিনা সন্ধিয়া । মই তাইৰ বিয়ালৈ নোযোৱা কাৰণে গালি পাৰি পাৰি খুব কান্দিছিল তাই সেইদিনা । নামটো নকওঁ দিয়ক । এতিয়ামানে ছাগৈ গিৰিয়েক, ল’ৰা-ছোৱালী, শাহু-শহুৰ, থাইৰয়ড ইত্যাদিৰ কৃপাত মস্ত শকত মানুহ এজনী হ’লগৈ । সৰুৰে পৰা ইটোৱে সিটোক তই তই বুলি মাতিছিলো কাৰণে নিজৰ ঘৰৰ ছোৱালীৰ নিচিনাই লাগিছিল । অলপ খেয়ালি মনৰ, অতি সীমিত বন্ধু-বান্ধবী থকা ছোৱালী জনীয়ে মোৰ আগত তাইৰ মনৰ বহুত কথা কৈছিল । এদিন তাই মোক সুধিছিল .. মই ইমান পেক পেক কৰি তোক ব’ৰ কৰি থকাৰ পিছতো তই কিয় আহ ? মই কৈছিলো ‘তোৰ মাৰে বনোৱা লুচী-ভাজি খাবলৈ । তইতো আজিলৈকে চাহ একাপো খুৱাই পোৱা নাই’ ।
কলেজ / বিশ্ববিদ্যালয় পাছ কৰাৰ পাছত তাই কেইবাটাও বিয়াৰ প্ৰস্তাব প্ৰত্যাখান কৰি থকাত মাকে এদিন ভয়ে ভয়ে মোক সুধিছিল…বেয়া নাপাবা দেই….কথা এটা সোধো…আমাৰ এই যে বেলেগৰ লগত বিয়া হ’ব নোখোজে…তোমালোক দুটাৰ মাজত কিবা আছে নে’কি !!!…
সচাঁকৈ একো নাছিল আমাৰ মাজত…
মাকৰ সন্মুখতে তাইক শুধিলো…ঐ পাগলী…তই বিয়া নহৱ নে’কি ? ইমান ভাল ভাল ল’ৰাবোৰো পছন্দ হোৱা নাই যে ! কেনেকুৱা ল’ৰা লাগেনো তোক ?
তাই কৈছিল…বিয়াৰ কথা চিৰিয়াচলী ভাবিব পৰা হোৱাগৈয়ে নাই দেখোন মনটো । আৰু ল’ৰাৰ কথা কৈছ…শুন…ল’ৰা যেনেকুৱাই নহওক..তোৰ নিচিনা ওখোৰামুৰীয়া, কথা এটা শুধিলেই খেং খেং কৰা নহ’লেই হ’ল । মাকে তাইক গালি পাৰিছিল মোৰ কথা তেনেকৈ কোৱা কাৰণে ।
মুখৰ আগতে ইমান এখন মহান প্ৰমাণ পত্ৰ দিয়াৰ পাছতো মই কিন্তু তাইক বেয়া পাব নোৱাৰিলো । হয়তো শৈশৱৰ লগৰী বাবেই তাই মোক, মই তাইক আহেঁ আহেঁ চিনি পাইছিলো, বুজি পাইছিলো ।
বিয়াৰ দিনা সন্ধিয়া তাই কন্দা দেখি খুব বেয়া লাগিছল মনটো । ৰাতি হঠাৎ সিদ্ধান্ত লৈ দহ বাৰ ঘণ্টা গাড়ী চলাই গৈছিলো তাইৰ ঘৰলৈ । গম পাইছিলো দূৰণি বটীয়া দৰা ঘৰৰ মানুহে কইনা লৈ মই গৈ পোৱাৰ অলপ আগে আগে ওলাই গৈছিল ।
পিছত কেতিয়াবা লগ কৰিম বুলি সান্তনা লভিছিলো । সিহঁতৰ মাক-দেউতাকো আমাৰ ঠাইৰ পৰা ঘৰ মাটি বেচি গুছি গ’লগৈ বুলি অলপ দিন পিছত শুনিছিলো কাৰোবাৰ মুখত ।
সিহঁতৰ ঘৰৰ মুখৰ বকুল গছ দাল এতিয়াও আছে । আৰু আছে মোৰ বুকুত কেতিয়াবা মোক ‘বকুল খাবি ..ল’ বুলি আগবঢ়াই দিয়া তাইৰ হাতৰ উমাল তলুৱাৰ পৰশ লাগি গৰম হৈ থকা পকা বকুলৰ উম খিনি ।
ভালে কুশলে থাক …মোৰ আজলী সখীয়তী চৰাইজনী ।….মোৰো ভাল….।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!