ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

সত্যবাদী হৰিচন্দ্ৰ বৰুৱাই আজিকালি টুইটাৰ কৰে ….. (পংকজ জ্যোতি মহন্ত)

facebook kajia

 

সত্যবাদী হৰিচন্দ্ৰ বৰুৱাই কাম-বন নকৰি একেৰাহে ফেচবুক কৰি থাকে। তেওঁৰ অজলা ঘৈণীয়েকেও আজিকালি ফেচবুক বুলিলে কিছু বুজি পোৱা হৈছে। আগতে তেওঁ মানুহজনীৰ আগত, ফেচবুকত কৰা বিভিন্ন কামবোৰৰ কথা ফুটনি মাৰি কয়। তেওঁ ভাগ লোৱা বিতৰ্কবোৰৰ কথা কয়।

মানুহটোকতো টিভিত বিতৰ্কত ভাগ ল’বলৈ নামাতেই, কিন্তু ফেচবুকত তেওঁ ইমান বিতৰ্কত ভাগ লয়, তেওঁক ইমান নিমন্ত্ৰণ জনাই ফেছবুকলৈ, তাকে ভা‌ৱি মানুহজনীয়ে বৰ গৰ্ব অনুভৱ কৰে। অত বছৰৰ মূৰত মানুহগৰাকীয়ে মানুহটোক অন্ততঃ কিছু কামৰ মানুহ যেন অনুভৱ কৰিবলৈ লৈছিল। কিন্তু লাহে লাহে যেতিয়া ঘৰৰ কাম-বনবোৰ একো নোহোৱা হ’ল, আনকি গেছৰ চিলিণ্ডাৰটোৱো মানুহজনীয়ে নিজে আন কাম কৰা মানুহ লগাইহে খা-খবৰ কৰি আনিব লগাত পৰিলে, তেতিয়াৰ পৰা তেওঁ মানুহটোক পুনৰ পাৰেমানে গালি পাৰিবলৈ আৰম্ভ কৰিলে। আজিও মানুহটোৱে ফেচবুকডাল কৰি কৰি লগৰে একলব্য শইকীয়াক কাষতে লৈ কম্পিউটাৰটোৰ ওচৰতে বহি “বিতৰ্ক” কৰি থকা যেন দেখি তেওঁ ঠিকমতে গালি পাৰিবলৈ আৰম্ভ কৰি দিলে। বিতৰ্ক কৰাৰ মোহত পৰিলে, কাম নকৰা বুলি পত্নীয়ে পৰা গালি সহ্য কৰাটোও অতি সহজ হৈ পৰে। কিন্তু অত দিন গালি শুনি শুনি, আজি হৰিচন্দ্ৰ বৰুৱাই সদায় শুনি থকাৰ দৰে আজিও শুনি থাকিবলৈ মন নকৰিলে। তেওঁ কৈ দিলে— “হেৰৌ, মই ফেছবুক কৰা নাই। ফেছবুক বাদ দিলোঁ। মই টুইটাৰহে কৰি আছোঁ।” কিন্তু হৰিচন্দ্ৰ বৰুৱাইতো ফেছবুকেই কৰি আছে! হৰিচন্দ্ৰৰ কথা শুনি একলব্য শইকীয়া আচৰিত হৈ পৰিল, ইমান সত্যবাদী মানুহটোৱে আজি কিয় ফাঁকিটো মাৰিলে?? তেওঁ নুশুধি নোৱাৰিলে— “হেৰৌ হৰিচন্দ্ৰ, তই ফেছবুক কৰি আছ, অথচ মানুহজনীক ক’লি যে তই টুইটাৰ কৰি আছ’। জীৱনত আজি প্ৰথমবাৰ হ’লেও তই মিছা কথা কৈ নেপেলালি  নে ? তই আৰু আজিৰ পৰা সত্যবাদী হৈ থকা নাই!”

হৰিচন্দ্ৰ বৰুৱাই উত্তৰ দিলে— “তই নুবুজিবি একলব্য। শুন, আজি সকলো মানুহৰ হাতে হাতে ম’বাইল। তাহানিৰ ফ’নবোৰ কেতিয়াবাই নাইকীয়া হ’ল। অথচ মানুহে ম’বাইলত কথা পাতিলে ম’বাইল কৰিছোঁ বুলি নকয়। ফ’ন কৰিছোঁ বুলিয়ে কয়। মইয়ো কওঁ সদায়, ফ’ন কৰিছোঁ বুলি। সেইটো মই কি ফাঁকি দিয়া হ’ল নেকি?? তেনেদৰেই, ফেচবুক কৰিলেও মই যদি টুইটাৰ কৰা বুলি মানুহজনীক কওঁ, মই কেনেকৈ ফাঁকি দিয়া হ’ব?”

হৰিচন্দ্ৰ বৰুৱাৰ উত্তৰ শুনি একলব্য শইকীয়াই হয় হয়কৈ শলাগিবলৈ আৰম্ভ কৰিলে…..।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!