সধয়াপুৰৰ সোণৰ মেকুৰী (অনামিকা বৰুৱা)

উপন্যাসঃ- সধয়াপুৰৰ সোণৰ মেকুৰী
লেখকঃ- দিলীপ বৰা
প্ৰকাশকঃ- এপোকাছ, কটন কলেজ
প্ৰথম প্ৰকাশঃ-২৭ মে’ ২০১৪
দ্বিতীয় প্ৰকাশঃ- ১৪ জুন, ২০১৪
মূল্যঃ- ৩৯৬.০০ টকা
ISBN-978-93-82495-16-1

সধয়াপুৰৰ সোণৰ মেকুৰী এখন বুৰঞ্জীভিত্তিক উপন্যাস। থোৰতে ক’বলৈ গ’লে আহোমৰ উত্থান আৰু চুতীয়াৰ পতনৰ কাহিনীয়েই হ’ল সধয়াপুৰৰ সোণৰ মেকুৰী। দিলীপ বৰাৰ ভাষাতেই তেখেতৰ বন্ধু দন্ত চিকিৎসক ড. মৃদুল গগৈয়ে তেওঁক উপহাৰ স্বৰূপে দিয়া “সতী-সাধনী” নাটিকাখনৰ আলমতে লিখিছিল “চন্দনগিৰিৰ চকুলো” আৰু গল্পটো প্ৰকাশ হৈছিল প্ৰান্তিকত। প্ৰান্তিকৰ পাঠকৰ অনুৰোধতে তেওঁ সেই কাহিনীৰ বিন্যাস ঘটাই সধয়াপুৰৰ সোণৰ মেকুৰী লিখাৰ পৰিকল্পনা কৰে। সুদীৰ্ঘ চাৰি বছৰীয়া পৰিশ্ৰমৰ অন্তত তেওঁ উপন্যাসখন পাঠকৰ হাতত তুলি দিবলৈ সক্ষম হয়।
উপন্যসখন আৰম্ভ হৈছে চাফ্ৰাই নৈত হোৱা চৰা নাওৰ খেলেৰে। চুতীয়া ৰাজ্যৰ অন্যতম উৎসৱ বছেৰেকীয়া নাওখেলৰ আয়োজন কৰা হৈছে চাফ্ৰাই আৰু দিচাং নৈ লগ হোৱা চলাপথাৰ নামৰ ঠাইত। বিশাল আয়োজনেৰে চলাপথাৰ লোকে-লোকাৰণ্য হৈ পৰিছে। চুতীয়া ৰজা মহাৰাজ নন্দীশ্বৰৰ আমন্ত্ৰণ ক্ৰমে আহোম ৰজা ছ্যুতুফাই নাওখেলৰ তৃতীয় দিনা চুতীয়াৰ আতিথ্য গ্ৰহণ কৰিবলৈ সন্মত হোৱাত নাওখেলত সমবেত হোৱা ৰাইজৰ মাজত উৎসাহ-উদ্দীপনা দুগুণে বৃদ্ধি পায়। চেগা-চেৰোকাকৈ লাগি থকা যুঁজ-বাগৰৰ অন্ত পেলাবলৈ দুয়ো ৰাজ্যৰ ৰজাৰ মাজত সন্ধিৰ বাৰ্তালাপ সম্বন্ধ হোৱাৰ এই বৃহৎ সুযোগটো চুতীয়া ৰজাই এৰি দিব নুখুজিলে। ডা-ডাঙৰীয়া বিষয়া-বৰ্গ সমন্বিতে সকলোকে মহাৰাজে টানি নিৰ্দেশ দিলে যাতে আহোম ৰজাৰ আতিথ্যত কিঞ্চিতমানো গাফিলতি নহয়। কিন্তু বিধিৰ লিখন নহয় খণ্ডন! আহোম ৰজা ছ্যুতুফাই তিনি মহিষীৰ আৰু ডা-ডাঙৰীয়া; পালি পহৰীয়াৰ সৈতে চুতীয়া ৰাজ্যত ভৰি দিলেহি। চুতীয়া ৰজা নন্দীশ্বৰে মহিষীৰ সৈতে নিজে আগবাঢ়ি আহি আহোম ৰজা ছ্যুতুফাক আদৰি নিলেহি। নিদিৰ্ষ্ট ক্ষণত নাওখেল আৰম্ভ হ’ল। দুটা খেপৰ খেল শেষ হোৱাৰ পাছতেই তাণ্ডৱ উঠিল প্ৰকৃতিৰ বুকুত। মানুহবোৰে কি হৈছে কি নহৈছে তৰ্কিব পৰাৰ আগতেই ভতৰা গৰুজাকৰ খুৰাৰ গচকত ছ্যুতুফা ৰজাৰ প্ৰাণবায়ু উৰি গ’ল। মুহূৰ্ততে নাওখেলৰ থলীলৈ নামি আহিল মৰিশালিৰ ভয়াবহতা। দুৰ্যোগত ৰাইজে ত্ৰাহি মধুসুদন সোঁৱৰিলে। দুৰ্গত লোকসকলৰ দুখ-দুৰ্দশাই ছানি ধৰিলে চলাপথাৰৰ আকাশ-বতাহ। মহাৰাজ নন্দীশ্বৰৰ পৰিকল্পনা সফল নহ’ল। ৰজা ছ্যুতুফাৰ আকস্মিক মৃত্যুৰ ফলত দুই ৰাজ্যৰ মাজত মিলাপ্ৰিতীৰ এনাজৰীডাল নতুনকৈ বন্ধাৰ সপোন বিফল হ’ল। ছ্যুতুফাৰ মৃতদেহৰ ক্ষত বিক্ষত ৰূপে আচল ঘটনাটো সন্দেহাতীতভাৱে প্ৰমাণ কৰিছিল যদিও আহোম ৰাজ্যত কথাটো অন্য ধৰণেহে প্ৰচাৰ হ’ল।
এই ঘটনাৰ পাছত অনেক বছৰ বাগৰি গ’ল। আহোমে চুতীয়াৰ লগত বলে নোৱাৰাত সিমানতে ক্ষান্ত থাকিল। চুতীয়া ৰজাইও নিৰ্বিঘ্নে নিজ ৰাজ্য সুকলমে চলাই গ’ল। পৰম্পৰাগতভাৱে চুতীয়া ৰাজ্য শাসন কৰিছিল ৰজাৰ উত্তৰাধিকাৰী পুত্ৰসকলে। কিন্তু বিধিৰ বিপাক ৰজা ধীৰনাৰায়ণ সেই গৌৰৱৰ অধিকাৰী হোৱাৰপৰা বঞ্চিত হ’ল। বিয়াৰ অত বছৰৰ পাছতো মহাৰাণী ৰুক্মিণীৰ কোষ উদং হৈ ৰোৱাত ৰজাৰ লগতে ৰাজ্যৰ সমস্ত প্ৰজাৰো সমানে দুখ। শেষত সকলোৰে দিহা-পৰামৰ্শমতে আই তাম্ৰেশ্বৰী মাইৰ মন্দিৰত নৰবলি দিয়াৰ পাছত বাৰ বছৰৰ মূৰত মহাৰাণীৰ কোলা শুৱনি কৰে ৰাজকুমাৰী সাধনীয়ে। সাধনীৰ জন্মজয়ন্তীৰ মাজতে মহাৰাজ ধীৰনাৰায়ণে সাধনীক তেওঁৰ উত্তৰাধিকাৰীৰূপে ঘোষণা কৰে। তেওঁৰ ঘোষণাই সকলোকে বিব্ৰত কৰি তুলিলে। পালবংশ প্ৰতিষ্ঠা হোৱাৰেপৰা কোঁৱৰসকলেই ৰাজপাটত বহি আহিছে। মহাৰাজৰ ঘোষণাতে যেন লুকাই আছিল চুতীয়া ৰাজ্যৰ অনাগত ভৱিষ্যতৰ অশনি শংকেত। কালক্ৰমত ৰূপে-গুণে সৰ্বদিশে অলংকৃতা হৈ বাঢ়ি আহিল সাধনী।
ইপিনে তেতিয়া আহোমৰ সিংহাসন দখল কৰিছিল ৰজা ছ্যুহুংমঙে। ৰাজপাতত বহিয়েই ৰজা ছ্যুহুমুঙে ৰাজ্য বহলোৱাৰ পৰিকল্পনা আৰম্ভ কৰে। নাওখেল চাবলৈ মতাৰ চলেৰে ৰজা ছ্যুতুফাক বলধ গৰুৰে গচকাই হত্যা কৰাৰ অপমান ছকুৰি বছৰৰ পাছতো তেওঁ পাহৰা নাছিল। ৰজা ছ্যুহুংমুঙে, বুঢ়াগোহাঁই ডাঙৰীয়া আৰু বৰগোহাঁই ডাঙৰীয়াৰ বাঢ়ি অহা প্ৰতিপত্তি ৰোধ কৰিবৰ বাবে সতীয়া ভায়েক কনচেঙক নগা পাহাৰৰপৰা মতাই আনি বৰপাত্ৰগোহাঁই বাব দি ৰাজ্যত নতুন বাবৰ সৃষ্টি কৰে। প্ৰধান সেনাপতিৰূপে দায়িত্বভাৰ দিয়া কনচেঙৰ সহযোগতে ছ্যুহুংমুঙে ৰাজ্য বহলোৱাৰ সপোন বাস্তৱত পৰিণত কৰাৰ আখৰা কৰে।
একলা-দুকলাকৈ বাঢ়ি আহে সাধনী। কিন্তু সাধনীক ৰজাৰ উত্তৰাধিকাৰীৰূপে কোনেও মানি ল’ব নোখোজাত বিমোৰত পৰে ৰজা ধীৰনাৰায়ণ। সাধনীৰ পাছত কোঁৱৰ সাধকনাৰায়ণৰ জন্ম হোৱাত পৰিস্থিতি আৰু জটিল হৈ পৰিল। সাধনীক উত্তৰাধিকাৰীৰূপে মানি ল’বলৈ ডা-ডাঙৰীয়া আৰু প্ৰজা কোনো সন্মত নহয়। চুতীয়াসকলৰ মাজত প্ৰবাদ আছে যে চুতীয়া ৰজা বীৰবৰে কুবেৰদেউৰ অনুগ্ৰহতে ৰাজ্য পাইছিল। কুবেৰদেউৰ দান- এখন ঢাল, এখন তৰোৱাল আৰু এটা সোণৰ মেকুৰীয়ে চুতীয়াসকলৰ সৌভাগ্যৰ আকৰ। এই তিনিপদ কুবেৰপ্ৰদত্ত সম্পদৰ যহতে চুতীয়াই কাৰো বহতীয়া নোহোৱাকৈ মূৰ তুলি সগৌৰৱে পুৰুষানুক্ৰমে ৰাজত্ব কৰি আহিছে। সাধনীক লৈ সকলো ব্যতিব্যস্ত হৈ থাকোঁতেই আহোমে চুতীয়া ৰাজ্য আক্ৰমণ কৰে। তেতিয়ালৈ আহোম সেনা বহুত শক্তিশালী হৈ উঠিছিল। দাঁতি-কাষৰীয়া নগা, কছাৰী, বৰাহী, মৰাণ আদি ৰজাসকলক বশ কৰি আনিছিল। ৰজা ছুহুংমুঙৰ মতে চুতীয়া ৰাজ্য জয় কৰিব পাৰিলে সৌমাৰপীঠত আহোমৰ ৰাজত্ব চিৰস্থায়ী হ’ব। আহোমে বাৰভূঞাসকলকো পৰাস্ত কৰাৰ পাছতহে চুতীয়াসকল সষ্টম হৈ উঠে। কিন্তু তেতিয়ালৈ বহু বেলি হৈছিল। চুতীয়াই নিজৰ বল-বিক্ৰম গোটাই নিজক তুলি ধৰে মানে আহোমসেনা প্ৰবল পৰাক্ৰমী হৈ উঠে। ৰজা ধীৰনাৰায়ণে কাৰো বাধা নামানি ৰাজকুমাৰী সাধনীৰ স্বয়ম্বৰ পাতে। স্বয়ম্বৰৰ আঁৰত তেওঁ মনে মনে আশা কৰিছিল কোনোবা প্ৰতিপ্ৰত্তিশালী ৰাজ পৰিয়ালৰ সৈতে বৈবাহিক সম্পৰ্ক ঘটাই চুতীয়া ৰাজ্যৰ অগ্ৰগামী বিপদ কিছু হ’লেও ৰোধ কৰিব পাৰিব বুলি। কিন্তু তেওঁৰ আশাত চেঁচা পানী ঢালি তেওঁ বান্ধি দিয়া চৰ্ত পূৰণ কৰে গৰখীয়া ল’ৰা নিতায়ে। পাছত নিতায়ে ৰজা নীতিপাল নাম লৈ সিংহাসনত বহে আৰু অনভিজ্ঞ ৰজাৰ হাতত পৰি চুতীয়া ৰাজ্যৰ বেলি চিৰদিনলৈ মাৰ যায়।। ৰজা ধীৰনাৰায়াণৰ অদূৰদৰ্শী সিদ্ধান্তৰ বাবেই চুতীয়া ৰাজ্যৰ পতন হয়।
সধয়াপুৰৰ সোণৰ মেকুৰী এখন সুখপাঠ্য উপন্যাস। সেই সময়ৰ আহোম-চুতীয়া ৰাজ্যৰ বিস্তৃত আৰু সজীৱ বিৱৰণ কিতাপখনৰ পাতে পাতে বিদ্যমান। প্ৰাচীন কালৰ চুতীয়া ৰাজবংশৰ বিশ্বাস, পৰম্পৰা, আহোম-চুতীয়াৰ মাজত হোৱা যুদ্ধ-বিগ্ৰহৰ কুচ-কাৱাজ, ৰাজহাউলী আৰু ৰাজকাৰেঙৰ কাৰুকাৰ্য, চুতীয়া ৰাজবংশৰ উত্থান-পতন, উত্তৰাধিকাৰীক লৈ বাদ-বিসম্বাদ, ৰজা-ৰাজমহিষীৰ সুখ-দুখ, প্ৰজাবৰ্গৰ আলৈ-আহুকাল, সাধনী-নীতিপালক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নানান সমস্যা, ৰজা-প্ৰজাৰ মাজৰ ব্যৱধান, ৰাজ পাৰিষদৰ বিষয়-ববীয়া, মন্ত্ৰী-মণ্ডলীৰ আলোচনা-সমালোচনা, সেনাপতি আৰু সেনানীসকলৰ ৰণকৌশল, পুৰণি অসমৰ প্ৰাকৃতিক দৃশ্য, নৈসৰ্গিক ৰেহৰূপ, পাহাৰ-পৰ্বত, নদ-নদী, গছ-গছনি, তৰু-তৃণ, বিভিন্ন জীৱ-জন্তু, ইত্যাদিৰ মনোৰম বৰ্ণনা, ইয়াৰ কলা-কৌশল, বিষয়-বস্তুৰ গভীৰতা, ঘটনাসমূহৰ সঠিক উপস্থাপন অতিকৈ আকৰ্ষণীয়। সৌমাৰপীঠত চুতীয়াৰ সমকক্ষ কোনো নাছিল। ধনে-ধানে উভৈনদী চুতীয়া ৰাজ্যলৈ সকলোৰে চকু। চুতীয়াৰ পথাৰত ধান, নদীত সোণ। প্ৰাকৃতিক সম্পদেৰে চকুতলগাকৈ চহকী চুতীয়াসকল। কুবেৰপ্ৰদত্ত সম্পদেৰে সকলোফালে জয়জয় ময়ময় অৱস্থা। তৎস্বত্তেও কালৰ কুটিল গতিত চুতীয়া ৰাজত্বৰ অৱসান ঘটে। আনহাতে বহিঃৰাজ্যৰপৰা অসমলৈ অহা আহোমসকলে শক্তিশালীৰূপে নিজক প্ৰতিষ্ঠা কৰি ছশ বছৰ ৰাজত্ব কৰে। কিতাপখনৰ ভাষা প্ৰাঞ্জল। পৰিবেশ-পৰিস্থিতিৰ নিৰ্ভুল অংকণে পাঠকক সহজেই কাহিনীৰ স’তে একাত্ম হ’বলৈ বাধ্য কৰে। ঠলুৱা ভাৱ-ভাষাৰ প্ৰয়োগে সোণত সুৱগা চৰাইছে। চুতীয়া আৰু আহোমসকলৰ সময়ৰেপৰা চলি প্ৰচলিত হৈ অহা মালিতাৰে অধ্যায়বোৰৰ শিৰোনাম দিয়াতো মন কৰিবলগীয়া। অৱশ্যে পুনঃ পুনঃ বৰ্ণনাই কিতাপখনৰ পঠনত কিছু ব্যাঘাত জন্মায়। সেই একেটা কাৰণতে কিতাপখনৰ কলেবৰ বৃদ্ধি পোৱাৰ ক্ৰুতি আওকাণ কৰিব নোৱাৰি। দুই এঠাইত আঁসোৱাহ ধৰা পৰে–
পৃষ্ঠা নং ৩১ত আছে ……প্ৰসন্নচিত্তে আগবাঢ়িল সধয়াপুৰৰ একচত্ৰী সম্ৰাট মহাৰাজাধিৰাজ ধৰ্মধ্বজপাল। (হ’ব লাগিছিল ধীৰনাৰায়ণ)
পৃষ্ঠা নং ১২৬ত আছে……ৰূপেশ্বৰীৰ মাক মৰাৰ দুবছৰ হ’ল।
পৃষ্ঠা নং ১২৮ ত আছে……বাপেক নোহোৱা ল’ৰা এটালৈ নুমলীয়া জীয়েকক উলিয়াই দিবলৈ তেওঁৰ সৎ যোৱা নাছিল। পিছে ঘৈণীয়েক পাভৈয়েই জীয়েকৰ মনৰ কথা গিৰীয়েকক জনালে। (অথচ ৰূপেশ্বৰীৰ মাক মৰাৰ দুবছৰ হ’ল)

তথাপিও স্বীকাৰ কৰোঁ সধয়াপুৰৰ সোণৰ মেকুৰী এখন উপভোগ্য উপন্যাস। পাঠকৰ মন ধৰি ৰখাত লেখকৰ শ্ৰম সাৰ্থক হৈছে। ইচ্ছুকসকলে কিতাপখন পঢ়ি ভাল পাব বুলি আশা কৰোঁ।

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
manas
3 years ago

আহোমসকল বহিৰাজ্যৰ পৰা অহা বুলি কোৱাটো সমিচিন হোৱা নাই ৷ সেই সময়ৰ পৰিস্থিতি আৰু তেতিয়াৰ প্ৰেক্ষাপটত অসম এখন ৰাজ্য নাছিল ৷ এইটো ঠিক চ্যুকাফাই ১২২৮ চনত সুদুৰ ম্যুং মাওৰ পৰা এই সৌমাৰ খণ্ডত প্ৰবেশ কৰি সাত ৰাজ এক কৰি অসমীয়া জাতি গঠন কৰাত আগভাগ লৈছিল ৷ পোনপ্ৰথমে টাই আহোমসকলেই বুৰঞ্জী লিখা আৰম্ভ নকৰা হলে সেই সময়ৰ কথাবোৰ সদায় কাল্পনিক হৈয়ে থাকিলহেতেন ৷

Copying is Prohibited!