সন্ত্রাসবাদী সংগঠন সমীপেষু (সুশান্ত কাশ্যপ)

সন্ত্রাসবাদী সংগঠন সমীপেষু

আকৌ এবাৰ তেজেৰে ৰাঙলী কৰিলা ৰাজপথ

এনেদৰে তোমালোকে ফাকু খেলা তেজৰ

তোমালোকৰ অস্তিত্ব জাহিৰৰ প্ৰতিযোগিতাত

ক্ষত-বিক্ষত হয় নিৰীহৰ শৰীৰ।

সাপে মোট সোলোৱাৰ দৰেই

তোমালোকৰো সলনি হয় দেহৰ বৰণ,

কেতিয়াবা আলোচনাপন্থী, কেতিয়াবা আত্মসমৰ্পণকাৰী।

হত্যা-সন্ত্রাসে তোমালোকক দিয়ে একো একোখন চাৰ্টিফিকেট

‘গ্ৰেড-ওৱান’ হোৱাৰ প্ৰতিযোগিতাত

তোমালোকৰ সন্ত্রাসৰ পৰা সাৰি নাযায় শিশু,

আবাল বৃদ্ধ -বনিতা

যাৰ ভিত্তিত তোমালোকক যঁচা হয় চৰকাৰী আতিথ্য

গৃহ জিলাত তোমালোকক আদৰিবলৈ ৰৈ থাকে

অজস্ৰ জণগন।

গ্ৰেপ্তাৰ হ’লেও তোমালোক ভি.আই. পি.

তোমালোকৰ মুক্তিৰ দাবিত

তথাকথিত সংগঠনবোৰে বাহিৰ কৰে

প্ৰতিবাদৰ মিছিল ,

অধিবক্তাই বিচাৰি চলাথ কৰে

সংবিধানৰ পৃষ্ঠা

আইনৰ সুৰুঙা।

 

এনেকৈয়ে যদি দেখিছা স্বাধীনতাৰ সপোন

ল’ব খুজিছা শাসনৰ বাঘজৰী

তোমালোকৰ স্বাধীনদেশত নাথাকিব কোনো মানুহ

বিৰাজ কৰিব মাথোন নিস্তব্ধতা

মৰিশালীৰ নিস্তব্ধতা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!