সন্ধ্যাতৰা তোমাৰ অপেক্ষাত

পংকজ বৰা

সন্ধ্যাতৰা,
তোমাৰ অপেক্ষাত
পাৰ হৈ গ’ল অনেকটা বসন্ত …

বৈ গ’ল হাজাৰখন লুণীয়া সোৱণশিৰী
বৰ্ষাৰ ঈৰ্ষাত অনেকবাৰ উটি গ’ল মোৰ যৌৱনৰ উত্তাপ
পৰি ৰ’লোঁ অকলশৰে কঁৰাল-মৰা হৃদয়ৰ হীমশীতল উপত্যকাত
সন্ধ্যাতৰা,
তোমাৰ অপেক্ষাত

আজি পুৱাই দেখিছোঁ শৰতৰ এখন মুকলি আকাশ
গাখীৰতী পথাৰত এটা লহপহ দুপৰীয়া
ৰাতিলৈ হয়তো ফৰিংফুটা জোনাক
তুমি আহিবা লগত লৈ
হাচনাহানা আৰু শেৱালিৰ সুৱাস

ৰৈ আছোঁ মই-
সন্ধ্যাতৰা,
মাথো তোমাৰ অপেক্ষাত

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!