সন্ধ্যালগ্নৰ কবিতা (ইন্দ্ৰনীল গায়ন)
||এক||
উদাস আকাশখনৰ তলত বহি
আমি কথা পাতোঁ
গুণগুণাওঁ
চিনাকি
অচিনাকি
এতিয়া অচিনাকি
দুয়ো দুয়োৰ পৰা নিলগত
গৰখীয়া বাঁহীৰ সুৰটো
আহি নীৰৱে উচুপে
চকুলোবোৰ নিগৰে
মোৰ বুকুত
ধীৰে ধীৰে
||দুই||
আমি ৰৈ থাকোঁ
শীৰ্ণ নদীখনৰ পাৰত
সন্ধ্যাৰ চুফিয়ানা বতাহজাকে
আহি চুই যায়
আৰু
কয়—
আজি আকৌ আহিলা
দুখত দুখী হ’বলৈ!!
*****************