সপোনঃ দিব্যজ্যোতি চৌধুৰী

 

দুলালৰ বিয়াখন ভবাণীৰ লগত হৈ গ’ল৷ দুলালে ভবাণীক বিয়া কৰাবলৈ অমান্তি হৈছিল৷ দুৰ্ঘোৰ আপত্তি দৰ্শাইছিল সি মাকৰ আগত৷ কিন্তু সি ভবাণীকেই বিয়া কৰাব লগা হল৷
ঃ সাহস আছে যদি বাপেৰক কগৈ৷ বাপেৰৰ পচন্দ৷ বাপেৰে কিবা মোৰ কথা শুনেনে! কথা দিলেই বোলে৷ মোৰ আগত কেপকেপাই নাথাকিবি৷ বাপেৰৰ আগত এটা শৱদ কব নোৱাৰা মানুহহে তই৷ — ভবাণীক বিয়া নাপাতো বুলি আপত্তি দৰ্শাই থাকোতে মাকে কৈছিল দুলালক৷
হয়, দুলালে বাপেক বলোৰামক অত্যন্ত ভয় কৰে৷ সৰুৰে পৰাই সি দেউতাকৰ বাঘৰ দৰে ভয় কৰে৷ দেউতাকে কথা কলে বাঘে গোজৰা যেন পায় সি৷ ভবাণীক তাৰ একেবাৰে পচণ্ড নহয়৷ গাৰ বৰণ ক’লা৷ তাৰ লগত নিমিলে৷ সি গাৱঁৰে শেৱালিক ভাল পায়৷ শেৱালিয়েও তাক ভাল পায়৷ শেৱালি তাৰ লগত মিলে৷ বিয়াৰ আগতে মাকৰ হতুৱাই সি বাপেকক কোৱাইছিল৷ সি কেইবাদিনো কোৱাৰ অন্তত এদিন ৰাতি ভাত খাই থাকোতে মাকে ভয়ে ভয়ে গিৰিয়েক বলোৰামৰ ওচৰ চাপি কথাষাৰ কলে৷
ঃ বোলো হেৰি, শুনকচোন কথা এভাগ কও….
ঃ অ ক৷ — ভাত চোবাই চোবাই বলোৰামে কলে৷
ঃ দুলালে কৈ আছে সি বোলে সেই ভবাণী নে কি, সেইজনী ছোৱালীক বিয়া নকৰায়, সি বোলে শেৱালি বোলাজনীক ভাল পা….
ঃ হেই চুপ, কটা নিধকৰ জাত, পীৰা মাৰি মুখ ৰঙা কৰি দিম তোক জনা নাই মোক৷ — বলোৰামৰ গোজৰণিত মাক উচপ খাই উঠিল৷ অলপ সাহস গোটাই কলে …
ঃ মোৰ মুখ ৰঙা কৰিব বাৰু, দুলালকো সুধি চাব লাগে নহয়…
ঃ উঠ মোৰ ওচৰৰ পৰা, নহলে পীৰা মাৰি দিম৷ — বলোৰামৰ উগ্ৰ মূৰ্তি দেখি মানুহজনী খৰ খোজেৰে আঁতৰি গল৷ বলোৰামে মুখখন ধুই ঘৈণীয়েকৰ ওচৰলৈ গৈ গালি পাৰিবলৈ ধৰিলে৷
ঃ ঐ, তই মানুহ চিনি পাৱনে নাপাৱ? ভৱানীৰ চালখন ক’লা হব পাৰে, কিন্তু কিমান গুণী ছোৱালী তই জান? মই নিজে তাইৰ ঘৰত দুদিন থাকি দেখি আহিছো৷ হৰিভকতৰ লগত পালনামলৈ গৈ মই সিহঁতৰ ঘৰত দুদিন আছো৷ যাচোন ভবাণীয়ে ঘৰখন কেনেকৈ ৰাখিছে৷ তাতে ভৱানীৰ বাপেক হৰিভকতৰ বৈনায়েক৷ মই দেখিয়ে বোৱাৰী কৰিম বুলি জৱান দি আহিছো৷ ভৱানীৰ মাকজনী চাগৈচোন৷ কিমান কামৰ মানুহ! তই লাজ পাবি ভৱানীৰ মাকৰ ওচৰত৷ ডাকে কৈ গৈছে-“মাটি কিনিবা মাজ খাল, ছোৱালী আনিবা মাক ভাল৷ গতিকে উল্টা পুল্টা নকৰিবি, মৰিয়াই পেলাম৷
ঃ হলেও বিয়াখন তাৰ যেতিয়া তাৰ পচণ্ডমতে…
ঃ চুপ থাক বুলিছো৷ পুতেৰেও তোৰ নিচিনাই জধামুৰ্খ হল৷ শেৱালিক আনে সি৷ শেৱালি বোলাজনী বগা কাৰণে ভাল৷ তহঁতে মাৰে পুতেৰে শেৱালিৰ মাকৰ কথাটো নাজান৷ হেৰৌ মোক সোধ৷ শেৱালিৰ মাক এইখন গাঁৱৰেইটো জীয়াৰী৷ মই দেখোন চব জানো৷ তাই গাভৰু হৈ থাকোতে যিয়েই ভালপাবলৈ নোসোধক কিয় তাই চবকে সন্মতি দিয়ে৷ চাৰিটামানৰ হাত বগাইহে শেৱালিৰ বাপেকৰ হাতত পৰিছে৷ তাইৰ জীয়েক হেমামালিনীৰ দৰে হলেও মই বিয়া পাতিমনেকি? মন কৰ, মাকৰ দৰেই জীয়েক৷ তায়ো যিয়ে সোধে চবকে ভাল পায়৷ আমাৰ এই মুৰ্খটোৱেও কলে চাগৈ তাইক, তাই চাগে কওতেই গাটো হিলাই দিলে; তোৰ পুতেৰৰ মাঠাটো চাগৈ চকচককৈ ঘূৰাই গল৷ মোৰ মিলিটেৰী বন্ধুৱে তাক এনেয়ে নালায়ক বুলি নকয়৷ মানুহৰ মূল্য চালৰ ৰংৰে নুজুখিবি৷ মোৰ সিদ্ধান্ত ওপৰত আৰু মাত নামাতিবি আৰু এই মুহূৰ্তৰ পৰা৷ নহলে বখলিয়াই পেলাম৷
* * * *
বলোৰাম কাকতিৰ কথাৰ ওপৰত পৰিয়ালৰ কোনেও মাত দিব নোৱাৰে৷ গতিকে দুলালে ভৱানীকে বিয়া পাতিবলৈ বাধ্য হল৷ শেৱালিক লৈ সি দেখা সপোন থানবান হৈ গল৷ কাৰণ দুলালে আজিলৈকে বাপেকৰ আগত একো কথাই কবলৈ সাহস নকৰিলে৷ কিন্তু সি এটা কথা মনে মনে স্বীকাৰ কৰিলে যে ভৱানী কিন্তু ভাল৷ ইমান কৰ্মদক্ষ যে সিহঁতৰ ঘৰখন কম সময়ৰ ভিতৰতে সলনি কৰি পেলালে ভৱানীয়ে৷ কিন্তু যিমানে ভাল নহওক কিয় ভৱানীক সি অন্তৰৰ পৰা পত্নীৰ মৰ্যাদা দিব নোৱাৰিলে৷ ভৱানীৰ প্ৰতি সি মুঠেই আকৰ্ষণ অনুভৱ নাজাগে তাৰ৷
শেৱালিক সি এতিয়াও লগ ধৰে সি৷ তাই হেনো তাক এতিয়াও ভাল পায়৷ এদিন সি তাইক লগ ধৰিলে৷
ঃ মই বিয়া পতাৰ কাৰণে তুমি চাগৈ মোক বৰ বেয়া পালা ন? — দুলালে কলে৷
ঃ নাই নাই, বিয়া পাতিলে পাতিলে আৰু৷ সেইজনীক এৰি দিয়ক৷ সেইজনীক মৰম কৰি ভাল লাগে জানো? — খিলখিলাই হাঁহি শেৱালিয়ে কলে৷
শেৱালিৰ প্ৰশ্নৰ উত্তৰত সি একো নকলে৷ বহু কথা পতাৰ পাচত সি সিদ্ধান্তত উপনিত হল যে সি শেৱালিক বিয়া কৰাব আৰু ভৱানীক এৰি দিব৷ সি শেৱালিক পলুৱাই নিম বুলি কথা দিলে৷ শেৱালিয়ে তাক কেইটামান বুদ্ধি শিকাই দিলে৷ সিহঁতে পলাই যোৱাৰ দিনবাৰ পয্যন্ত ঠিক কৰিলে৷ এইবাৰ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে ভেলেণ্টাইন দে আৰু শিৱৰাত্ৰী একেলগে পৰিছে৷ সেইটো দিনেই বৰ মজা হ’ব৷ দুলালৰ বাপেক বলোৰামে ভাং খাই পুৰা নিচাত থাকিব৷ বৰ সহজ৷ ইফালে “ভেলেণ্টাইন দে“ও ভালদৰে পালিব পাৰিব৷
শিৱৰাত্ৰী আৰু ভেলেণ্টাইন দেৰ দিনা দুলালে ভীষণ টেনচনত কটালে৷ কাৰণ ৰাতি দহ বজাত শেৱালি সিহঁতৰ ঘৰৰ ওচৰত থকা আহত গছজোপাৰ তলত ৰৈ থাকিব৷ শেৱালিয়ে কৰিবলৈ দিয়া কামটো ৰাতি ন বজাৰ পৰা চাৰে ন বজাৰ ভিতৰত শেষ কৰি দহবজাত আহঁতৰ তল পাবগৈ লাগিব৷ তাৰ ইমান বেছি টেনচন হৈ গল যে সি ওচৰৰ শিৱ মন্দিৰটোলৈ বুলি ওলাই গল৷ বাপেক এতিয়াও মন্দিৰতেই আছে৷ শিৱৰাত্ৰী পাতিছে মন্দিৰত৷ বহুত মানুহ মন্দিৰলৈ আহিছে আৰু গৈছে৷ দুলালে দক্ষিনা এটা দি সেৱা কৰিলে৷ সি কৰিব খোজা কামটোৰ বাবে ভগৱানৰ আশীষ বিচাৰিলে৷ মন্দিৰতেই সি দুটা ভাঙৰ লাড়ু আৰু দুচামুচ ঘোটা খাই দিলে৷ ন বাজিবলৈ দহ মিনিট থাকোতেই সি আহি ঘৰ পালেহি৷ আহিয়েই সি বেডৰুমৰ বিছনাখনত ধপকৈ বহি দিলে৷ ভিতৰৰ পৰা কোনোবা ওলাই অহা যেন অনুমান হোৱাত সি মূৰ তুলি চালে…আৰে এইজনীচোন শেৱালি…দুহাত মেলি সি উঠি গল বহাৰ পৰা আৰু শেৱালিক সাৱতি ধৰিলে৷
ঃ মোৰ সোণজনী…..
ঃ হে গোসাই, আজি মোৰ কি কপাল৷ আজিনো ইমান মৰম লাগিলনে? হে প্ৰভু, অৱশেষত তুমি মোলৈ চকু মেলি চালা৷ আজি শিৱৰাত্ৰীৰ চাকিগচ জ্বলাওতে ইমান ধুনীয়াকৈ জ্বলোতেই মই গম পাইছো প্ৰভু৷ — দুলালৰ বুকুৰ মাজত শেৱালিয়ে কৈ উঠিল৷
ঃ শিৱৰাত্ৰীৰ চাকি জ্বলক নজ্বলক, মই তোমাক এনেয়ে বহুত ভাল পাও শেৱালি৷ — শেৱালিৰ ওঁঠত চুমা খাব বিচাৰিলে দুলালে৷
ঃ ধেই, মোৰ নামটোও পাহৰিলে আপুনি, সদায় মাতি থকা ভৱানী নামটো কিয় পাহৰিলে৷
দুলালে চক খাই গল আৰু মুদ খাব খোজা চকুহাল জোৰেৰে মেলি দেখিলে তাৰ বুকুৰ মাজত ভৱানী কুচিমুচি সোমাই আছে৷ তাইক বুকুৰ মাজৰ পৰা উলিয়াই আনি সি এটা কৃত্ৰিম হাঁহি মাৰিলে৷
ঃবলক ভাত খাওকগৈ৷
ঢেৰ ভাত খালে দুলালে৷ ওচৰতে বহি ভৱানীয়ে গিৰিয়েকৰ মুখলৈ মুগ্ধ দৃষ্টিৰে চাই থাকিল৷ বিয়াৰ পাচত আজি এই পবিত্ৰ দিনটোত গিৰিয়েকে আজি তাইক বহুত মৰমেৰে সাৱতি ধৰিছে৷ হিয়াখন ভৰি আছে তাইৰ৷ চকু দুটা মুদি অন্তৰৰ পৰা দেৱাদিদেৱক সেৱা এটি জনালে ভৱানীয়ে৷
ভাত খাই দুলাল বেডৰুমলৈ আহিল৷ সি বিছনাতে পৰি ভৱানীয়ে ভাত খোৱালৈ আপেক্ষা কৰিলে৷ ভাত খায়েই তাই কাঁহি-বাতি ধুবগৈ৷ আধাঘণ্টা সময় লব তাইৰ৷ সেইখিনি সময়ত সি সহজেই বাকচ খুলি সোণৰ অলংকাৰবোৰ লৈ যাব৷ এইটো কাম শেৱালিয়েই কৰিবলৈ দিছে৷ সি বিছনাতে পৰি চকু দুটা মুদি দিলে৷ শেৱালিলৈ মনত পৰিল তাৰ৷ এনেদৰে বিছনাত পৰি চকু মুদিলেই তাক শেৱালিৰ স্মৃতিয়ে আমনি কৰেহি৷ শেৱালি যেন তাৰ কাষ চাপি আহিছে৷ শেৱালিৰ গুলপীয়া গাল, ওঁঠ, বুকু আস….
কোনোবাই যেন তাক মাতিছে৷ সেয়া যেন শেৱালিৰ মাত৷ সি উঠি চাবিকোঁচা লৈ বাকচৰ তলাৰ ফুটাটোত সুমুৱাই পকাই দিলে৷ কিন্তু তলাটো নুখুলিল৷ সি বহুত যত্ন কৰাৰ পাচটো তলাটো নোখোলাত অধৈৰ্য হৈ সি চিঞৰি উঠিল-
“শেৱালি সোণজনী অ….তলাটো দেখোন নুখুলে অ….গহনা কেনেকৈ নিম…..
কিবা এটা বেদনাত সাৰপাই উঠি গিৰিয়েক দুলালে তাইৰ সোকাণখনৰ ফুটা এটাত আঙুলি এটা সুমুৱাই পকাই দি কৈছে-“শেৱালি সোণজনী অ…তলা দেখোন….
ঃ চেহ, এই মানুহটোৱে ভাং সোপা খাই আহি মোৰ নামটোও পাহৰিলে৷ ভাত খায়েই যি ফোঁচ ফোঁচ টোপনি৷ — ভৱানীয়ে গিৰিয়েকৰ গাত ধৰি জোকাৰি দিলে৷ সাৰ পাই খকমককৈ উঠি বহিল দুলাল৷ ৱাল ঘড়ীটোলৈ চালে সি৷ ৰাতি দুই বাজি গল৷ তাৰমানে তাৰ টোপনি….চেহ৷
কৰবাত কোনোবাই কৈ উঠিল- ঔম নমঃ শিৱায়…..
গাটো জিকাৰ খাই গ’ল দুলালৰ৷ এটা দুঃস্বপ্নৰ অন্ত পৰিল৷ ভগৱানে হেনো যি কৰে ভালৰ বাবেই কৰে৷ তালৈ অযুত মৰমেৰে আকলুৱা দুচকুৰে তাৰফালে চাই থকা ভৱানীলৈ সি দুহাত মেলি দিলে৷ পচণ্ড আবেগেৰে ভৱানী দুলালৰ বুকুৰ মাজত সোমাই পৰিল৷
ঃ ভেলেণ্টাইন ডে শেষ হ’ল৷ —অনুচ্চ কণ্ঠৰে ভৱানীয়ে কলে৷
ঃ ওহো, আমাৰ এতিয়াহে আৰম্ভ হব৷ আজিৰ পৰা প্ৰতিটো দিনেই আমাৰ বাবে হব একো একোটা ভেলেণ্টাইন ডে৷ — দুলালে নিজৰ ওঁঠ দুখন ভৱানীৰ ওঁঠত গুজি দিলে৷

-সমাপ্ত-

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!