সপোনৰ ৰাজকুমাৰ (কাটুৰ হাতত): মৌচুমী বৰি

মাথোঁ এটি পদশব্দৰ বাবে
কাণ উনাই ৰৈছিলোঁ প্ৰতিপল ৷
কোঠাৰ খিৰিকি খুলি ভাবি ৰৈছিলোঁ
জোনাক সিঁচা বাটেৰে সপোনৰ ৰাজকুমাৰ আহিব
সোণৰ কাঠিৰে,ৰূপৰ কাঠিৰে মোক জগাব
ৰজনীগন্ধাৰ সুবাসেৰে উন্মনা হ’ব হৃদয়।
 
শুকুলা ঘোঁৰাত উঠি খট খট খট খট……..
মোৰ সপোনৰ ৰাজকুমাৰ আহিব !
 
(ৰাজকুমাৰৰ সপোন দেখা দিনবোৰত লিখা কবিতা)
 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
kiran daimary
9 years ago

বেচ ৰমান্তিক কবিতা ।ভাল লাগিছে ।

Copying is Prohibited!