ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

সপোন (মূল উৎস – আক্ৰামূল্লা চৈয়দ) (অনুবাদ – অঞ্জল বৰা)

সপোন

মূল উৎসআক্ৰামূল্লা চৈয়দ

অনুবাদ অঞ্জল বৰা

এজনী গুৱালিনীয়ে তাইৰ নিজৰ পোহনীয়া গৰুজনীৰ গাখীৰ বিক্ৰী কৰিবৰ কাৰণে বজাৰলৈ গৈছিল ৷ তাই গাখীৰেৰে ভৰ্তি পাত্ৰটো মূৰত তুলি লোৱাৰ পিছতে তাই গাখীৰখিনি বিক্ৰী কৰি পোৱা পইচাৰে কি কি কৰিব তাৰ সপোন দেখিবলৈ ধৰিলে ৷

“সেই টকাৰে, মই মোৰ ঘৰৰ পিছফালে থকা ঠাইখিনিত পুহিব পৰাকৈ এশটা কুকুৰাৰ পুৱালি কিনিম ৷ সেইবিলাক সম্পূৰ্ণৰূপে ডাঙৰ হোৱাৰ পিছ্ত, মই ভাল দামত সেইবিলাক বজাৰত বিক্ৰী কৰিম ৷”

তাই যিমানেই আগুৱাই গৈ থাকিল, সিমানেই সপোন দেখিবলৈ ধৰিলে ৷ “তাৰ পিছ্ত মই ঘৰৰ লগত লাগি থকা ঘাঁহনিত চৰিব পৰাকৈ দুজনী ডেকেৰী ছাগলী কিনিম৷ সেই দুজনী সম্পূৰ্ণৰূপে ডাঙৰ হোৱাৰ পিছত মই সিহঁতক অধিক ভাল দামত বিক্ৰী কৰিম!”

পুনৰ তাই নিজকে ক’লে, “লগে লগে, মই আন এজনী গাই গৰু কিনিব পাৰিম আৰু তেতিয়া মই বিক্ৰী কৰিবৰ বাবে অধিক গাখীৰ লাভ কৰিম ৷ তাৰ পিছ্ত মই আৰু অধিক টকা লাভ কৰিম…”

সেই আনন্দৰ মুহূৰ্তৰ লগে লগে তাই এটা শিলত উজুটি খালে ৷ তাই নিজৰ ভাৰাসাম্য ৰাখিব নোৱাৰিলে ৷ ফলত মূৰৰ ওপৰত লৈ থকা পাত্ৰটো মাটিত পৰি সকলো গাখীৰ মাটিৰ লগত মিলি গ’ল ৷

এতিয়া আৰু তাইৰ সম্মুখত কোনো সপোন নাই, তাই মাটিত বহি পৰিল আৰু কান্দিবলৈ ধৰিলে ৷

 

(উমনি দি পোৱালি জগোৱাৰ আগতে তুমি তোমাৰ কুকুৰা পোৱালিৰ হিচাপ নকৰিবা)

………………………………………………………..

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!