সফলতাৰ বিষয়ত সুশান্ত সিং ৰাজপুতৰ নিজা অনুভৱ – অৰুণজ্যোতি দাস

( যোৱা ১৪ জুন তাৰিখে সুশান্ত সিং ৰাজপুত নামৰ অভিনেতাজনে মাত্ৰ ৩৪ বছৰ বয়সতে আত্মহত্যা কৰাৰ ঘটনাটোৱে সমগ্ৰ দেশকে জোকাৰি গৈছে। বহুতেই তেখেতৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই। সৰু পৰ্দাৰপৰা ডাঙৰ পৰ্দালৈ অতি কম সময়তে সফলতাৰ জখলাত বগাব পৰা এই অভিনেতাজনৰ অভিনয়শৈলীক বেছিভাগ ভাৰতীয়ই পছন্দ কৰিছিল আৰু সেই হিচাপেৰে তেওঁ এজন সফল চিত্ৰকৰ্মী আছিল। এনে এজন সফল অভিনেতাৰ অকাল মৃত্যুৰ কাৰণ হিচাপে বহুতেই চলচ্চিত্ৰ জগতৰ নেপথ্যত চলি থকা স্বজনতোষণক দোষাৰোপ কৰিছে। সেয়া এই লেখাৰ বিষয়বস্তু নহয়। কেমব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণাৰত এগৰাকী অচিনাকি ছাত্ৰীয়ে ২ বছৰ আগেয়ে পেৰিছ বিমান বন্দৰত তেওঁক লগ পাওঁতে ৫ ঘণ্টাৰ বাবে কথা পাতিছিল আৰু ভাৱিবলৈ বাধ্য হৈছিল যে সুশান্ত এজন পদাৰ্থ বিজ্ঞানৰ বিদগ্ধ পণ্ডিত বা গৱেষক। পাছতহে গম পাইছিল যে সুশান্ত এজন অভিনেতা বুলি। তেনে এজন লোকৰ জীৱনত কি ঘটিছিল আৰু তেওঁৰ মতে সফলতানো কি আছিল, সেয়া আই.আই.টি. বোম্বেৰ এটা অনুষ্ঠানত ইং ২০১৬ চনত সুশান্তে দিয়া এই বক্তৃতাটোৰ পৰা জানিব পাৰি।)

সুশান্ত: – মোক ক্ষমা কৰিব, যদি মই বিচলিত হওঁ, যদি মোৰ কথাৰ কোনো অৰ্থ নাথাকে অথবা মোৰ যদি মতিভ্ৰম হয়। কিন্তু মই সঠিকভাৱে ক’বলৈ সম্পূৰ্ণ চেষ্টা কৰিম।
শ্ৰোতা-দৰ্শকৰ এজন: “আমি তোমাক তোমাৰ সকলো ৰূপতেই ভাল পাওঁ, সুশান্ত!” —(কিৰিলি)
(এখন সৰু কাগজৰ টুকুৰা পকেটৰপৰা উলিয়াই লয়)- এই অভ্যাসটো কলেজৰ পৰাই থাকি গ’ল। (হাঁহিৰ ৰোল উঠে)

মই এজন অভিনেতা হ’লো, কাৰণ মোৰ এটা সমস্যা আছিল। মই আচলতে এজন অন্তৰ্মুখী মানুহ। মই আমাৰ পৰিয়ালৰ পেটমচা ল’ৰা আছিলো। সেয়ে চাগে’ মোক ঘৰত ইমানেই মৰমত ৰাখিছিল যে, যদি মই ঘৰৰপৰা বাহিৰত ওলাই এখোজো দিওঁ, মই নাজানিছিলো কেনেকৈ মানুহৰ লগত কথা পাতিব লাগে। গতিকে মই লাহে লাহে অতি লাজকুৰীয়া, অন্তৰ্মুখী ল’ৰা এজন হৈ পৰিলো, ক’বলৈ গ’লে যিয়ে কথা পাতিবই নাজানিছিল। অৱশ্যে, মই এতিয়াও কথা পাতিব নাজানো। আৰু সমুখত শ্ৰোতা-দৰ্শক কোনোবা থাকিলেই মই অতি নাৰ্ভাছ হৈ পৰো। তেনে পৰিস্থিতিত এজন অভিনেতা হিচাপে মই কি কৰো জানে নে? মই কোনো এটা চৰিত্ৰৰ মাজত সোমাই লুকাই দিওঁ। আৰু তেতিয়া মই আত্মবিশ্বাসী হৈ উঠো। কিন্তু যিহেতু মই এতিয়া তেনে কোনো অভিনয় কৰি থকা নাই, গতিকে ক’ব পাৰো যে, সেই ধৰণৰ সমস্যাবোৰৰো মই এতিয়া পৰিচালনা কৰিব পৰা হৈ উঠিছো।

বাৰু যি নহওক, মই এতিয়া আপোনালোকৰ লগত মোৰ জীৱন-যাত্ৰাৰপৰা শিকা কিছু অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ লৈছো। ইয়াৰ লগতে এই কথাষাৰো কৈ থওঁ যে, যদি কিবা কাৰণত, আপোনাৰ এই কলেজীয়া শিক্ষাৰ প্ৰতি বৈৰাগ্য ভাৱ জন্মে আৰু বলীউডত মোৰ লগত যোগদান কৰিব খোজে, তেন্তে সেয়া নিশ্চয়কৈ বৰ আনন্দময় হ’ব। অ’—মই গাড়ীত বহি ভাৱি আছিলো, মইনো আপোনালোকক কি ক’ম যিবোৰ আপোনালোকে ইতিমধ্যে নাজানে? মই অনুমান কৰি লৈছো, আৰু অনুভৱ কৰোঁ, সম্ভৱত: সঁচাকৈয়ে আপোনালোক বেছি স্মাৰ্ট আৰু অধিক জ্ঞানী হ’ব নিশ্চয়- যিমান মই আপোনালোকৰ বয়সত আছিলো। কিন্তু অলপ গভীৰতাৰে ভৱাৰ পিছত, মই আচলতে মোৰ অনুভৱবোৰ মাত্ৰ দুটা বিষয়লৈ সীমিত কৰিব পাৰিলোঁ, যিদুটাৰ ওপৰতে মই অলপ আলোচনা কৰিব বিচাৰো। এই বিষয় দুটায়েই ক’ব আপোনাৰ সপোনবোৰ কিদৰে বাস্তৱায়িত কৰিব পাৰি। সঁচা কথা ক’বলৈ গ’লে, সপোনৰ সতে কিদৰে সহবাস কৰিব পাৰি। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে, যেতিয়া মই যাত্ৰাৰম্ভ কৰি ওলাই আহিছিলো, এই বিষয়ত মোক কোনেও একো এটা উল্লেখ কৰা নাছিল।

সফলতাৰ বিষয়ত যি এটা গোকাট মিছা আৰু যি কেৱল মাথোঁ সত্য বুলি মোক কোৱা হৈছিল সেয়া মই এই বোৰ্ডত লিখি দিব বিচাৰোঁ, (যিহেতু প্ৰফেচৰৰ আগত এই লিখা কামটো কৰি মই সদায়ে বৰ ভাল পাইছিলো)। প্ৰথমে, আটাইতকৈ ডাঙৰ মিছা কথাটো কৈ লওঁ- সেয়া হ’ল-
টকা + যশস্যা = সুখ = সফলতা

বাৰু, মোক অলপ মোৰ পৰিয়াল বিত্তান্ত দি ল’বলৈ দিয়ক। মই এটা মধ্য-বিত্ত পৰিয়ালত ডাঙৰ দীঘল হোৱা ল’ৰা। গতিকে যেতিয়া মই ডাঙৰ হৈছিলো, তেতিয়াও ‘টকা’ মোৰ জীৱনৰ বাবে ভাগ্য সলনি কৰি দিব পৰা এটা অতি মহত্ত্বপূৰ্ণ উপাদান হৈ আছিল। আৰু, নাম-যশ কেনে ধৰণৰ বস্তু হয় সেয়া মোৰ ঘৰৰ তিনি প্ৰজন্মই কাহিনীও কেতিয়াও চিনি পোৱাই নাছিল। সেই হেতুকেই, মই যেতিয়া যাত্ৰা আৰম্ভ কৰিছিলো, তেতিয়া ‘টকা’ আৰু ‘যশস্যা’ এই দুয়োটা বস্তুৱেই মোৰ হাতত নাছিল। ক’ব পাৰি যে, মই ইতিমধ্যেই সফলতাৰ সলনি ‘বিফলতা’ক হাতত লৈহে যাত্ৰা আৰম্ভ কৰিছিলো। ৰ’ব, মই একেবাৰে সংক্ষিপ্ত ভাষাৰে কওঁ। মোৰ পৰিয়ালে মোক কৈছিল যে, মই এজন অভিযন্তা হ’ব লাগিব। (ডাক্তৰী শিক্ষা যেনিবা মোৰ ভণ্টিহঁতৰ বাবে ‘বুক’ হৈ আছিল!) আৰু অভিযন্তা হোৱাৰ পাছত মই হেনো চিভিল চাৰ্ভিছেচৰ বাবে চেষ্টা কৰিব লাগিব, আৰু এবাৰ যদি সেয়া হৈ উঠে, তেন্তে সেয়াই হ’ব বোলে সকলো ধৰণৰ সুখৰ দুৱাৰ খোলাৰ চাবি-কাঠি! আৰু তেতিয়াই হৈ পৰিম মই অনন্ত কালৰ বাবে সফল, অনন্ত কালৰ বাবে সুখী! আপোনালোকক কওঁ- এয়াই আছিল মোৰ অৱস্থা যি মই সমুখীন হ’ব লগীয়া হৈছিল।

গতিকে, ভাৱি ল’লো যে ঠিক আছে! সকলোখিনি যথেষ্টভাৱে ঠিক আছে আৰু মই পঢ়া-শুনাত ভাল কৰিবই লাগিব। সেইমতেই মই মেট্ৰিক পৰীক্ষাত ভাল ফলাফলেই পালো। ইয়াৰ পাছতে মোক দিল্লীত ভাল এখন কলেজত নাম লগাই দিয়া হ’ল। ‘বিদ্যা মন্দিৰ’ আৰু ‘FIITZEE’ আৰু ছখনমান অন্য কোছিং প্ৰতিষ্ঠানত। তেতিয়া একেটা কোঠাতে অন্য দুজন ল’ৰাৰ সতে আমি তিনিজন আছিলো। পঢ়া-শুনাৰ উপৰিও আমি নিজেই নিজৰ খোৱা-বোৱাৰ যতন ল’ব লাগিছিল, কাপোৰ-কানি, বাচন ধোৱাও নিজেই কৰিব লাগিছিল। কিন্তু মই কোনো অভিযোগ কৰা নাছিলো। সেয়া মোৰ বাবে ক’বলৈ গ’লে অতি নগণ্য কষ্ট বুলি ধৰি লৈছিলো, কিয়নো মই, জীৱনত প্ৰথমবাৰৰ বাবে, হয়, প্ৰথম বাৰৰ বাবেযে সফলতা চুমিবলৈ গৈ আছিলো! মই তেতিয়া ভীষণ কষ্ট কৰিছিলো আৰু অৱশেষত, মই নিৰ্বাচিত হ’লো। মই একেলগে কেইবাখনো ইঞ্জিনীয়াৰিং কলেজত নামভৰ্তিৰ সুযোগ পালো। আৰু সিদ্ধান্ত ল’লো যে মই ‘দিল্লী কলেজ অৱ ইঞ্জিনীয়াৰিং’তে মেকানিকেল ইঞ্জিনীয়াৰিং পঢ়িম। এনে লাগিছিল তেতিয়াহে যেন মই ক্ষন্তেক ৰ’ম আৰু দীঘলকৈ উশাহ ল’ম! মই নিজকে নিজে কৈছিলো যেন-‘জানানে? তুমি এইটো কৰি দেখুৱালা! তুমি এতিয়া সুখী হোৱা, কাৰণ তুমি এতিয়া সুখী হ’বা বুলি ধৰি লোৱা হৈছে। ‘

কিন্তু মোৰ এনে লাগিছিল, যেন সেই আদৰ্শবোৰ, ধ্যান-ধাৰণাবোৰ কিবা কামত অহা নাছিল। সেয়ে মই ভাৱিবলৈ বাধ্য হৈছিলো যে নিশ্চয় ‘অতি ডাঙৰ’ কিবা এটাহে চাগে’ মোক লাগিব। কিবা কাৰণত, মোৰ জীৱনৰ প্ৰথম ১৮-১৯ বছৰ বয়সলৈকে, মোৰ জীৱনৰ বৰ্তমানটোতকৈ মোৰ ভৱিষ্যতটোহে মোৰ বাবে সুখী হৈ আছিল। তথাপি মই ভাৱি লৈছিলো, যে ঠিক আছে, সেয়াই হ’ব। সেই বাবেই মই মোৰ চিভিল চাৰ্ভিছ পৰীক্ষাৰ বাবে নিজকে অহোপুৰুষাৰ্থ কৰিবলৈ উদ্বুদ্ধ হৈছিলো। মই কষ্টও কৰিছিলো, কিন্তু নাজানো কিয় বা, কি হৈছিল, এটা সময়ত মই একঘেয়ামী অনুভৱ কৰিবলৈ ল’লো। UPSC ৰ পৰীক্ষালৈ তেতিয়া যথেষ্ট সময় আছিল। আৰু সেই সময়তে মই নাটকৰ অভিনয় কৰিবলৈ বিচাৰিলো। আৰু বিশেষকৈ মই নাচৰ প্ৰতি আকৰ্ষিত হৈছিলো। ইয়াৰ কেইবাটাও কাৰণ আছিল। তাৰে প্ৰথম কাৰণটো হ’ল যে এনেকৈ মই মোৰ লাজকুৰীয়া স্বভাৱটো সলনি কৰিব পাৰিম বুলি ভাৱিছিলো। আৰু দ্বিতীয়টো হৈছে যে মোৰ কলেজীয়া জীৱনত তেতিয়ালৈকে কোনো ছোৱালীৰ লগতে মোৰ একো এটা সম্পৰ্ক গঢ়ি উঠা নাছিল। মই ভাৱিছিলো, এয়া মোৰ বাবে অন্যায় হৈছে। ভাৱিছিলো, – “তুমি ইমান কষ্ট কৰা, তুমি ইমান ডাঙৰ ডাঙৰ পৰীক্ষাত ভাল ফলাফল দেখুওৱাত অথচ তোমাৰ কাষত এজনী ছোৱালী নাই! ভীষণ অন্যায় হৈছে!” কোনোবা এজনে মোক কৈছিল যে ডান্সৰ একাডেমীত বোলে বৰ ধুনীয়া ধুনীয়া ছোৱালীয়ে যোগদান কৰিছে। গতিকে মই মনে মনে ভাৱিবলৈ লৈছিলোৱেই যে- হয় মই এইটো কৰিবই লাগিব।

মই যেতিয়া এই পৰিৱেশ্য কলাৰ সতে জড়িত হৈ পৰিলো, এই কথা নিশ্চিত ভাৱে জানিলো যে, মই ইয়াক দেহে-মনে ভালপাবলৈ লৈছো। তেনে এটা সময়তে এদিন মই কল্পনা কৰিলো যে, মই সঁচাকৈয়ে এদিন ইয়াৰ জৰিয়তেই টকা ঘটিব বিচাৰোঁ তথা স্বীকৃত হ’ব বিচাৰোঁ। এনেকি এনেকৈও ভাৱিছিলো, যে যদি মই এজন চিনেমা জগতৰ ষ্টাৰ হ’ব পাৰোঁ, তেন্তে মোৰ এই দুইটা আকাংক্ষাই পূৰণ হ’ব। বিষয়টোৰ প্ৰতি মই সঁচাই অতি চিৰিয়াছ হ’লো আৰু এদিন ইঞ্জিনীয়াৰিং বাদ দিলো। সেয়াও মাথোঁ তেতিয়া ঘটিছিল, যেতিয়া মোৰ ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীৰ বাবে মাত্ৰ ১টা বছৰহে বাকী আছিল।

মই মুম্বাই আহিলো। থিয়েটাৰৰ লগত গভীৰ ভাৱে জড়িত হ’লো। আৰু জড়িত হ’লো সেইবোৰ দক্ষতাৰ সৈতে, যিবোৰ এজন অভিনেতাৰ বাবে প্ৰয়োজনীয় বুলি গণ্য কৰা হয়। যি কি নহওক, এইবাৰ মই একেটা ৰান্ধনী ঘৰ তথা একেটা কোঠা অন্য ছজনকৈ ল’ৰাৰ লগত ভাগ-বতৰা কৰি থাকিব লগা হ’ল। (অৱশ্যে এনেবোৰ পৰিস্থিতিৰ সমুখীন হ’বলৈ মই এইবাৰ মানসিকভাৱে সাজু হৈয়ে আহিছিলো)। কিন্তু এইবাৰত এটাই মাথোঁ পাৰ্থক্য আছিল- সেয়া হ’ল যে এইবাৰত মোক ভিতৰৰপৰা কিবা এটা শক্তিয়ে অনবৰত ঠেলি আছিল। এইবাৰত মই মোৰ আত্মসন্মান ৰক্ষাৰ যুঁজতো নামিবলগীয়াত পৰিলো। মোৰ এই না-জল না-থল অৱস্থা দেখি মোৰ পুৰণা কলেজীয়া সহপাঠীসকলে (তাৰে এজন ইয়াৰে সেই ক’লা চোলা পৰিহতজনকো ধৰি) ভাৱিবলৈ ধৰিলে যে মই হ’লো সেইসকল দুৰ্ভগীয়া ছাত্ৰ-ছাত্ৰীৰ এটি উদাহৰণ যিসকলক ইঞ্জিনীয়াৰিং কলেজ বা বিজিনেছ-স্কুলৰ ছাত্ৰ হিচাপে কলংক আখ্যা দিব পাৰি আৰু যাৰপৰা তেনে দশা কাহিনীও আশা কৰা নাযায়। গতিকেই মোৰ বাবে এনে এটা সন্ধিক্ষণ আহি পৰিল যে মই সকলোকে প্ৰমাণ কৰি দেখুৱাব পাৰিব লাগিব। মই মোৰ পৰিয়ালকো প্ৰমাণ দিব পাৰিব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে, মই অন্তঃত নিজকে নিজে প্ৰমাণিত কৰিব পাৰিব লাগিব।

এইখিনি সময়ত মই আচলতে এজন ‘বেকগ্ৰাউণ্ড ডেন্সাৰ’ হিচাপেও কাম কৰিছিলো। গতিকে মই সকলো ষ্টাৰ, যাৰ নামেই আপুনি নকওক কিয় যেনে- শ্বাহৰুখ খান, শ্বাহিদ কাপুৰ – এই সকলোবোৰৰে পাছফালে নাচি আছিলো। সেই মুহূৰ্তত মোৰ কি অনুভৱ হৈছিল জানে? মই নিজকে নিজে কৈছিলো, যে মাত্ৰ তিনি খোজ– মাত্ৰ তিনি খোজৰ আগত থিয় হ’ব পাৰিলেই মই সকলো কৰিব পাৰিম। সকলো যেন ঠিক হৈ যাব! তেনেদৰেই দিনবোৰ যাবলৈ ধৰিলে।

আৰু দুবছৰৰ পাছত, অনুমান কৰক- কি হ’ল? মই মোৰ জীৱনৰ প্ৰথমটো ডাঙৰ সুযোগ লাভ কৰিলো। মই দূৰদৰ্শনৰ এটা প্ৰাইমটাইম শ্ব’ৰ বাবে নিৰ্বাচিত হ’লো। সঁচাকৈয়ে, সঁচাকৈয়ে সেয়া মোৰ বাবে এক ডাঙৰ সাফল্য আছিল। কিয়নো- প্ৰথম কথা, মই উপাৰ্জন কৰিব পৰা হ’লো। আৰু দ্বিতীয়তে, মানুহে মোক চিনি পোৱা হ’ল। একেবাৰে সঁচাকৈ ক’বলৈ হ’লে, মই সেই সময়ত ইচ্ছাকৃতভাৱে ওচৰৰ মলবোৰত গৈ ফুৰি থাকিবলৈ ভাল পোৱা হ’লো- যিহেতু মই বিচাৰিছিলো যাতে মানুহে মোক চিনি পাই এটা মিচিকিয়া হাঁহি মাৰক অথবা মোৰ অটোগ্ৰাফ বিচাৰক! (সভাঘৰত হাঁহিৰ উৰুলি উঠে আৰু হাত চাপৰি বাজে )

আৰু মই প্ৰথমবাৰৰ বাবে টিভিত নিজকে চাইছিলো। আপোনালোকৰ নিশ্চয় কোনো ধাৰণা নহ’ব যে, মোৰ নিচিনা কোনোবা এজনৰ বাবে এই অনুভৱ কেনে হ’ব পাৰে। কিয়নো, সেয়া মোৰ বাবে সঁচাই ‘বৰ্ণনাতীত বহুত বহুত বহুত ডাঙৰ অভিজ্ঞতা’! আৰু হঠাৎ মই এদিন আৱিষ্কাৰ কৰিলো যে, সেই সময়ত মোৰ আশে-পাশে যথেষ্ট সংখ্যক বন্ধু গোট খাবলৈ ধৰিলে, যিসকল আচলতে কোনোদিনেই মোৰ বন্ধু নাছিল আৰু যিসকল হঠাতে শূন্যৰ পৰাহে আৱিৰ্ভাৱ হোৱা!

লাহে লাহে সেই শ্ব’টো বহুত জনপ্ৰিয় হ’ল। আৰু মই যথেষ্ট পৰিমাণে টকা অৰ্জন কৰিব পাৰিলো। কিন্তু এটা কথা মই উপলব্ধি কৰিবলৈ ধৰিলো যে, ‘টকা’ মোৰ বাবে তেতিয়া এটা ‘ভাগ্য সলনি কৰিব পৰা উপাদান’ হৈ থকা নাছিল। মই যেতিয়া বেছি আৰু অতি বেছি জনপ্ৰিয় হ’বলৈ ধৰিলো, তেতিয়া আৰু সেই মলবোৰলৈ যাব নোৱাৰা হ’লোঁ, য’ত আগেয়ে মই অকলেই ইচ্ছাকৃতভাৱে গৈছিলো। গতিকে মই মললৈ যাবলৈ হ’লেও মোক ‘বচাবৰ’ বাবে লগত কোনোবা নিবলগীয়াত পৰিলো। মই নিজৰ উপাৰ্জনেৰে নিজাকৈ এটি ‘সপোনৰ ঘৰ’ কিনিলো, ‘সপোনৰ গাড়ী’খন কিনিলো। আৰু মাত্ৰ কথাৰ কথাত ক’ব খুজিছো যে, মই ইমানেই নাৰীৰ আকৰ্ষণ পাবলৈ ধৰিলো যে সেয়া মোৰ ইঞ্জিনীয়াৰিঙৰ সহপাঠীসকলে কল্পনাই কৰিব নোৱাৰিব! (উচ্ছাস আৰু হাত-চাপৰি!)

গতিকে সেয়া যেন মই মোৰ জীৱনটো ঘূৰাই পালো, তেনে অনুভৱ হ’ল। ঠিক তেনে সময়তে এটা অস্বাভাৱিক ঘটনা ঘটিল। এই সকলো সপোন যেন লগা বাস্তৱেৰে মোৰ জীৱনৰ ১০ বা ১৫টা বসন্ত কটোৱাৰ পাছত মই সকলোতে একঘেয়ামী অনুভৱ কৰিলো, আৰু এনে লাগিল যেন মই ঠগ খালো। কিন্তু মইটো আচলতে সুখ বিচাৰি পোৱাৰ কথা আছিল, সফলতা বিচাৰি পোৱাৰ কথা আছিল! –এই সকলো উচ্ছাস-আনন্দ মোৰ জীৱনত মাত্ৰ কেইটামান দিনৰ বাবেহে আছিল। মই নিজকে নিজে শৃংখলাবদ্ধ কৰিছো, কাৰণ, মই শূন্য টকাৰ পৰা, শূন্য স্বীকৃতিৰ পৰা আৰম্ভ কৰিছিলো। গতিকে মই সুখী নহয়। সুখী হ’মেইবা কেনেকৈ? কিয়নো, সুখৰ এই সংস্কৰণটোক মই ভাল পোৱা নাছিলো। মোৰ ভৱিষ্যতটোৱেই পুণ: মোৰ বৰ্তমানৰ মাজত বাস কৰিবলৈ ধৰিলে। কিন্তু এইবেলি, মই সিদ্ধান্ত ল’লো অন্যধৰণে।

এতিয়া আমি মই প্ৰথমেই কোৱা দুটা কথাৰ দ্বিতীয়টোত আহি উপনীত হৈছোহি- যিটো হৈছে একমাত্ৰ সত্যটো। মই উপলব্ধি কৰিব পাৰিলো যে, যিবোৰ দূৰৰ বস্তু বা ধ্যান-ধাৰণা আমাৰ বাবে ‘অতি উচ্চ খাপৰ’ যেন অনুমান হয়, সেইবোৰ সিমানো উচ্চ স্তৰৰ হৈ নাথাকে, যেতিয়া সিহঁতক আমি পাওঁ বা সিহঁতৰ ওচৰলৈ আহোঁ। আৰু তেনে সময়ত যেতিয়া আমি পাছলৈ ঘূৰি চাওঁ, তেতিয়া হয়তো এনে লাগে যে, কিজানি সেই ‘সৰু’ বস্তু বা ধাৰণাবোৰেই যেন ‘অতি ডাঙৰ’ বস্তু বা ধাৰণা আছিল! মোৰ জীৱনত এটা বস্তুৰেই অভাৱ আছিল, যি মোৰ এই ভ্ৰমৰো মূল কাৰণ হয়, সেয়া হৈছিল – ‘মোৰ বৰ্তমান’! মই এই গোটেই সময়ছোৱাত অন্ধকাৰাচ্ছন্ন হৈ কটালো কেৱল এই ভাৱিয়েই যে জীৱনত মোৰ কি হ’ব, অথবা জীৱনত মই কি কৰিম। যিদৰে আমি আমাৰ স্কুলত শিকিছিলো- সেইদৰেই মই মোৰ জীৱনত ‘ফ্লো ছাৰ্ট’(Flow Chart) আঁকিয়েই কটালো- যে এইটো হ’লে মই এইটো কৰিম, আৰু নতুবা এইটো যদি নহয়, তেন্তে মই এইটো কৰিম, ইত্যাদি ইত্যাদি। মই মোৰ জীৱনটোক নিয়ন্ত্ৰিত কৰিবলৈ গৈ কেৱল মোৰ অতীত আৰু ভৱিষ্যতৰ মাজত দোলা দি আছিলো আৰু কাহিনীও প্ৰকৃতাৰ্থত জীৱনটোক উপভোগ কৰিবলৈ নিশিকিছিলো।

মোৰ জীৱনৰ বৰ্তমানৰ এই আনন্দময় দিনবোৰত মই বুজি উঠিছো যে, যেতিয়া মই মঞ্চত বা কেমেৰাৰ সমুখত পৰিৱেশন কৰোঁ, মই ইমানেই উৎফুল্ল আৰু আগ্ৰহী হওঁ যে, এনে সময়ত মোৰ বাবে জীৱনৰ অতীত বা ভৱিষ্যতৰ কথা ভাৱিবলৈকে কোনো অৱকাশ নাথাকে। মই মাথোঁন সেই মুহূৰ্তটোত বিলীন হৈ থাকোঁ। গতিকে মই যেতিয়া পৰিৱেশন কৰোঁ সেই মূহৰ্ততে মই জীপাল হৈ উঠোঁ। আৰু জীৱনত পোন প্ৰথম বাৰৰ বাবে, বিশ্বাস কৰক, বহু বছৰৰ অন্তত, মই ‘সফলতা’ৰ প্ৰকৃত অৰ্থ বিচাৰি পাবলৈ সক্ষম হৈছো। সেয়া কাহিনীও ‘টকা আৰু যশয্যা’ হ’ব নোৱাৰে, অথচ সেয়া হোৱা উচিত ‘বৰ্তমানক উদযাপন কৰা’ আৰু ‘কাম কৰাৰ উত্তেজনা’ৰ সমষ্টি মাথোঁন। মোৰ এই পৰ্যবেক্ষণৰ প্ৰথম অনুৰণন হৈছিল ২০১১ চনত আৰু এতিয়ালৈকে সেয়া হোৱা ৫ বছৰ হৈ গ’ল।

এতিয়া মোক এটা অতি সৰু কাহিনী আপোনালোকক শুনাবলৈ অনুমতি দিয়ক। মই যেতিয়া সৰু আছিলো, স্কুললৈ যোৱাৰ সেই সময়খিনিত দিনটোৰ ভিতৰত বাহিৰত গৈ খেলিবৰ বাবে এটা নিৰ্দিষ্ট সময় বান্ধি দিছিল ঘৰৰ মা-দেউতাহঁতে। সেইখিনি সময় আছিল আবেলি ৪ বজাৰ পৰা ৫: ৩০ বজা পৰ্যন্ত। কিন্তু গোটেই দিনটোত মই সেই ৪: ৩০ বজাৰ সময়খিনিলৈ ৰৈ আছিলো, আৰু যেতিয়া খেলিবলৈ যাওঁ, মোৰ এনে লাগিছিল যেন হাতত পোৱা এই ডেৰঘণ্টা সময় আছিল কেৱল মাত্ৰ ৫ মিনিটহে! এই কথাটো মই তেতিয়া বুজিব পৰা নাছিলো। কিন্তু এতিয়া, বহুত নম্ৰভাৱে আৰু আত্মবিশ্বাসেৰে আপোনালোকক মই ক’ব পাৰোঁ যে, মই সেই ৪ বজাৰ পৰা ৫: ৩০ বজালৈ পোৱা সময়খিনি কটাই আছো – এতিয়া আৰু এই মুহূৰ্তত, যোৱা ৫ বছৰৰ পৰা ধৰি! (হাত তালি আৰু কিৰিলি)

আমি জানো যে, কাৰণ আৰু প্ৰতিক্ৰিয়া একে নহয়। কিন্তু ‘উত্তেজনা’ হৈছে কাৰণ, আৰু ‘উত্তেজনা’ হৈছে প্ৰতিক্ৰিয়াও। মই পৰিৱেশনৰ বাবে বাৰে বাৰে আমন্ত্ৰণ পাওঁ- কিয়নো সকলো সফলতাৰ চাবি-কাঠি (যিবোৰৰ কথা আমি সাধাৰণতে কওঁ), যেনে- অহোপুৰুষাৰ্থ, প্ৰত্যয়, একাগ্ৰচিত্ততা, দৰ্শন, বিপদাশংকাহীনতা, প্ৰতিভা, অধ্যাৱসায় বা আপুনি যিয়েই নকওক কিয়, এই সকলোটোৱেই মোৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰেই যেন এটা যেন পাৰ্শ্চক্ৰীয়া হৈ পৰিছে। মই ইমানেই নিয়োজিত যে, মোৰ আকৰ্ষণ অন্য কিহবালৈ নিবলৈ অন্য উপাদান একোৱেই নাথাকে। সেইবাবেই মোৰ বাবে কঠোৰ পৰিশ্ৰমো কাহিনীও ‘কঠোৰ’ যেন অনুভৱ নহয়। ইয়াত আপোনাৰ সেই পৰিশ্ৰমক চলাই নিয়াৰ বাদে অন্য কোনো কথা নাথাকে। আপুনি এনে এটা স্তৰত উপনীত হ’ব পাৰিলে প্ৰতিভা আপুনি কৰ্ষণ কৰিব পাৰিব, দৰ্শন আপুনি পাব পাৰিব, আৰু একাগ্ৰচিত্ততাও অন্য প্ৰকাৰে অৰ্জন কৰাৰ কোনো কথাই নাথাকে, কিয়নো ই আপোনাৰ সকলো আকৰ্ষণ তেতিয়া কাঢ়ি নিব।

গতিকে মই যোৱা পাঁচ বছৰৰ উপলব্ধিৰ পাছত এই কথা ক’ব পৰা হৈছো যে, টকা আৰু যশস্যাই এতিয়াও মোৰ কোনো স্বীকৃতিক গোটাই দিব পৰা নাই। কিন্তু আপোনালোকক মই এই কথাৰ নিশ্চয়তা দিওঁ যে, যিমানৰ মই আচলতে পৰিকল্পনা কৰিছিলো তাতকৈ বহু বেছি পৰিমাণে টকা আৰু যশস্যা এই দুয়োটাই আজি গোটাব পাৰিছো। আৰু আটাইতকৈ হাঁহি উঠা অথচ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, সিদিনা মই মোৰ এজন শিক্ষাগুৰু প্ৰফেচৰ, যি মোৰ লগত খুবেই ঘনিষ্ঠ, আৰু আজিৰ এই অনুষ্ঠানটিত ভাগ ল’বৰ বাবে যিয়ে মোক মাতি আনিছে, তেওঁক মই হাঁহি হাঁহিয়েই সুধিছিলো যে, ‘আপুনি মোৰ কলেজৰ ডিগ্ৰীটো দিব পাৰিব নেকি’ বুলি, যিটো হয়টো কাহিনীও মই ঘূৰাই নাপাম! (হাঁহি আৰু হাত চাপৰি)

এইবোৰেই ঘটি আছে আৰু মই আপোনালোকৰ মাজত আজি থাকিবলৈ পাই বৰ উত্তেজিত অনুভৱ কৰিছো। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!