সমধিকাৰ মহিলাৰ প্ৰাপ্য ( আজিজুল হক )

সমধিকাৰ মহিলাৰ প্ৰাপ্য

আজিজুল হক

 

মহাত্মা গান্ধীয়ে কৈছিল যে তেওঁ মহিলাৰ অধিকাৰৰ কথাত আপোচহীন আৰু কন্যা আৰু পুত্ৰৰ মাজত সমতাৰ কোনো হেৰফেৰ নাই। মহিলা আৰু পুৰুষ পৰস্পৰৰ পৰিপূৰক আৰু সমানে মৰ্যাদা আছে। কিন্তু বাস্তৱত হ’লে তেনে দেখা নাযায়। এটি সমীক্ষাত প্ৰকাশ যে পৃথিৱীৰ দুই তৃতীয়াংশ কাম মহিলায়েই কৰে আৰু খাদ্য সামগ্ৰীৰ অৰ্ধেক ভাগ তেওঁলোকেই উৎপাদন কৰে যদিও উপাৰ্জনৰ কেৱল এক দশমাংশ আৰু সম্পত্তিৰ এক শতাংশহে মহিলাসকলক দিয়া হয়। সেয়েহে দীঘৰ্কালীন পুৰুষতান্ত্ৰিক সামাজিক ব্যৱস্থাত দলিত আৰু নিৰ্য্যাতিত হৈ অহাৰ পৰিণতিত মহিলাসকলে আন্দোলনেৰে তেনে সামাজিক ব্যৱস্থা জোকাৰি পেলাইছে। নাৰী আন্দোলনৰ এটি প্ৰকাশ হৈছে আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপন।
প্ৰায় এশ বছৰৰ পূৰ্বেই উত্তৰ আমেৰিকা আৰু ইউৰোপত মহিলাসকলে সমতা, চাকৰিত উচিত দৰমহা আৰু ভোটাধিকাৰ আদি ন্যায্য দাবীৰে আৰম্ভ কৰা এই আন্দোলন ক্ৰমশঃ সমগ্ৰ পৃথিৱীতে বিস্তাৰ লভে। তেতিয়াৰ পৰাই সমাজৰ সকলো দিশতে পুৰুষৰ সমানে মৰ্যাদা আৰু অধিকাৰ বিচাৰি বিভিন্ন মাধ্যমেৰে বিশ্বৰ নাৰীসকলে আন্দোলনেৰে আকাশ বতাহ কঁপাই আহিছে। ৰাষ্ট্ৰসংঘই ১৯৭৫ চনত এই নাৰী আন্দোলন স্বীকৃতি দি প্ৰতি বছৰে ৮ মাৰ্চৰ দিনা আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপন কৰি আহিছে। সম্প্ৰতি এই আন্দোলনে সমাজত বৈপ্লৱিক প্ৰভাৱ বিস্তাৰ কৰি মহিলাসকলৰ অধিকাৰ, সমতা আৰু ন্যায় প্ৰাপ্তিৰ বাবে জনমত গঢ়ি তুলিছে।
`আমাৰ স্বাধীনতাৰ ছয় দশকৰ পিছতো আৰু মহিলাৰ বাবে বহুতো সাংবিধানিক আৰু আইনী অধিকাৰ থকা সত্তেও তেওঁলোক পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বলি হ’ব লগা হৈ আহিছে। ভাৰতৰ বহুতো ঠাইত কৃষিভূমি, নিৰ্মাণক্ষেত্ৰ, শিল্প আৰু উদ্যোগত অনেক মহিলায়ে দৈনিক দহ ঘণ্টাতকৈ অধিক কাম কৰে। কিন্তু বহু সময়ত তেওঁলোকৰ পৰিশ্ৰমক স্বীকৃতি দিয়া নহয়। আনকি জৰীপ, অধ্যয়ন আৰু পৰিসংখ্যাতো সেই পৰিশ্ৰমৰ কথা উপেক্ষিত হয়। কিয়নো পুৰুষতকৈ মহিলাক কম মজুৰি দিয়া হয়। ঘৰুৱা জীৱনতো মহিলাৰ তথৈৱচ অৱস্থা। আমাৰ সমাজৰ এনে ধাৰণা যে সকলোবোৰ ঘৰুৱা কাম, যেনে- পানী অনা, কেঁচুৱাৰ যতন লোৱা, ঘৰ চাফা কৰা, কাপোৰ-কানি আৰু বাচন বৰ্তন ধোৱা, আহাৰ ৰান্ধি গোটেই পৰিয়ালৰ আগত সজাই-পৰাই দিয়া, আলহী সোধা, পোহনীয়া জীৱ-জন্তু তদাৰক কৰা আদি এশ এবুৰি কাম মহিলাৰ । সেইবিলাক কৰা স্বত্বেও অনেক স্বামীয়ে নিজ ভাৰ্যাক চাকৰণীৰ দৰেহে ব্যৱহাৰ কৰে। তদুপৰি ল’ৰা সন্তান জন্ম দিব নোৱাৰা বাবে, বন্ধ্যা হোৱা বাবে আৰু যৌতুকজনিত কথাত বহুতে ভাৰ্য্যাক ত্যাগ কৰে। অনেক মদাহী আৰু উগ্ৰ স্বভাৱৰ স্বামীৰ দ্বাৰা ভাৰ্য্যা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হ’ব লগা হয়। আমাৰ সমাজত বিবাহ প্ৰথাক পৱিত্ৰ আৰু স্বামী-স্ত্ৰীৰ আজীৱন প্ৰেমৰ বন্ধন বুলি স্বীকৃত যদিও বহুতো পৰিয়ালত বিবাহৰ কিছুদিনৰ পিছত স্বামী ঘৰখনৰ মালিক হৈ যায় আৰু ভাৰ্য্যা দাসীলৈ পৰিণত হ’ব লগা হয়।
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বেন কি-মুনে কৈছে যে কমেও প্ৰতি তিনিগৰাকী মহিলাৰ এগৰাকীক হয়তো শাৰীৰিক শাস্তি দিয়া হয় বা শালীনতা নষ্ট কৰা হয় , নতুবা জীৱনকালত অন্য প্ৰকাৰে হ’লেও লাঞ্চিত হয়। অপহৰণ, ধৰ্ষণ , বিবাহ বিচ্ছেদ, গৰ্ভপাত, কন্যা-ভ্ৰূণ নাশ, স্বামীৰ আতিশয্য আৰু যৌতুকজনিত হত্যা আদিৰে নাৰীসকল ঘৰত আৰু সমাজত নিৰ্য্যাতিত হৈ আহিছে। ৰাষ্ট্ৰীয় অপৰাধ লেখ্য কাৰ্যালয়ৰ(National Crime Records Bureau)প্ৰতিবেদনত প্ৰকাশ যে ভাৰতত মহিলাৰ বিৰুদ্ধে কৰা অপৰাধজনিত কাৰণত বছৰি গঢ়ে ডেৰ লাখ গোচৰ পঞ্জীভূত হয় আৰু ইয়াৰে পঞ্চাছ হাজাৰটা পাৰিবাৰিক নিৰ্যাতন সম্বন্ধীয়। ভাৰতত প্ৰতি ঘণ্টাত দুগৰাকী নাৰী ধষিৰ্তা হ্য়। বহুতো ধষৰ্ণ আৰু যৌন আতিশয্যৰ দৰে অপৰাধ লোকনিন্দাৰ ভয়ত অনেকে প্ৰকাশ নকৰে বা গোচৰ নতৰে। এক চৰকাৰী তথ্যমতে ২০০৫ ৰ পৰা ২০১০ চনলৈকে অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ মুঠ ৩৮,৬৬২ টা গোচৰ থানাত পঞ্জীভূত হৈছে আৰু ইয়াৰে প্ৰায় অধা সংখ্যক স্বামীৰ দ্বাৰা নিৰ্যাতিত হোৱা গোচৰ। সেই কেইবছৰৰ গোচৰসমূহৰ ৬,৯৯৩ টা ধৰ্ষণ আৰু ৫৫৮ টা জৌতুকজনিত অপৰাধ। অসমত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ উদ্দেগজনক হাৰত বৃদ্ধি হৈছে। পূৰ্বে অতি বিৰল যদিও বৰ্তমান আমাৰ সমাজত জৌতুকজনিত আৰু ধৰ্ষণৰ অপৰাধ অতি ভয়াৱহ ভাৱে বৃদ্ধি হৈছে ।
“এটি ল’ৰাক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া কিন্তু এজনী ছোৱালীক শিক্ষা দিয়া মানে এটা পৰিয়ালক শিক্ষা দিয়া” — কথাফাঁকি গুৰুত্বপূৰ্ণ । আমাৰ দেশত শৈক্ষিক দিশত যথেষ্ট উন্নতি হৈছে যদিও মহিলাৰ সাক্ষৰতা হাৰ এতিয়াও পুৰুষতকৈ ১৬.৬৮% পিছত আছে। অৱশ্যে অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ ২০০১ চনৰ ৫৪.৬১ শতাংশৰ পৰা ২০১১ চনত ৬৭.২৭ লৈ বৃদ্ধি পাইছে। মহিলা সবলীকৰণৰ বাবে চৰকাৰে ছোৱালীৰ শিক্ষাত গুৰুত্ব দিছে যদিও দেশৰ ৫০ % ছোৱালীয়ে বিদ্যালয়ত উচ্চ শ্ৰেণী পোৱাৰ পূৰ্বে শিক্ষা সামৰিব লগা হয়। কিয়নো তেওঁলোকে ঘৰুৱা কাম আনকি পৰিয়ালৰ ভৰণ-পোষণৰ বাবে কাম কৰিব লগা হয়। তদুপৰি বহুতো পিতৃ-মাতৃয়ে তেওঁলোকৰ কন্যা সন্তানক বিদ্যালয়লৈ পঠাবলৈ নিবিচাৰে। তাতে আকৌ ১৮ বছৰ নৌ-হওঁতেই প্ৰায় ৫০% ছোৱালীক বিয়া দিয়া হয়। নাৰী নিৰ্যাতনত আমাৰ সামাজিক ব্যৱস্থা বহু পৰিমাণে দায়ী । শিশু কালৰে পৰা ছোৱালীক এক দিশে আৰু ল’ৰাক আন এক দিশে গঢ়াৰ আমাৰ মানসিকতা আছে। উদাহৰণস্বৰূপে শিশু কালতে ছোৱালীক খেলিবৰ বাবে বাৰ্বী পুতলা বা কিছেন্ ছেট আৰু ল’ৰাক মটৰ গাড়ী বা পিষ্টল দি পুৰুষতান্ত্ৰিক সমাজে বিচৰা চিৰাচৰিত ব্যৱস্থাৰে তেওঁলোকক গঢ়িতোলা হয়।
বহু মহিলায়ে সমাজত সমতা বিচৰা আৰু পুৰুষৰ আতিশয্য প্ৰতিবাদ কৰাটো নাৰীসুলভ স্বভাৱ নহয় বুলি নিজকে হেয়জ্ঞান কৰে । ইয়ো হয়তো যুগ যুগ ধৰি পুৰুষতান্ত্ৰিক সামাজিক ব্যৱস্থাৰ অধীনত থাকি অহাৰ মানসিক পৰিণতি। মহিলাৰ এনে হীনমন্যতা পৰিৱৰ্তন হোৱাটো দৰকাৰ।
ৰাজনীতিতো মহিলাৰ ভূমিকা অতি প্ৰয়োজন। ইন্দিৰা গান্ধী আৰু প্ৰতিভা পাটিল ভাৰতৰ অতি শীৰ্ষস্থানত অধিস্থিত হোৱা মহিলা । অৱশ্যে বতৰ্মানৰ প্ৰধান মন্ত্ৰীৰ চাবি-কাঠীও ছোনিয়া গান্ধীৰ হাতত । কিন্তু সেই কেইগৰাকীয়েই দেশৰ ৫০ কোটি মহিলাৰ মান নিৰ্ণায়ক হব নোৱাৰে। মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত ৩৩% আসন সংৰক্ষণৰ বহুচৰ্চিত বিধেয়কখন শীঘ্ৰে গৃহীত হোৱা উচিত। কিন্তু এই বিধেয়কখন ৰাজনৈতিক দলবিলাকৰ নিৰ্বাচনীৰ টোপ যেনহে পৰিলক্ষিত হৈছে। বতৰ্মান ভাৰতবৰ্ষৰ ৫৪৪ জন সাংসদৰ ৫৯ গৰাকী মহিলা আৰু অসম বিধানসভাৰ ১২৬ জনৰ ১৩ গৰাকীহে বিধায়িকা । অসম চৰকাৰে বিধানসভাৰ অধিৱেশনত পূৰ্বৰ পৌৰসভাৰ আইন সংশোধন ঘটাই পৌৰসভা, পৌৰ নিকায় আৰু নগৰ সমিতিত মহিলাৰ অংশগ্ৰহণ ৫০%লৈ বৃদ্ধি কৰাটো আশাব্যঞ্জক। কিন্তু কাৰ্যতঃ হোৱাটোহে কথা।
ধৰ্ম আৰু সংস্কৃতিয়ে আমাৰ সমাজত সৰ্বাধিক প্ৰভাৱ পেলায়। ধমৰ্শাস্ত্ৰবিলাক মহিলাৰ দৃষ্টিকোণৰ পৰাও অধ্যয়ন আৰু ব্যাখ্যা কৰাৰ প্ৰয়োজন। বিচাৰিবলৈ জানিলে সকলো ধৰ্মতে নাৰীৰ মৰ্যাদা আৰু অধিকাৰৰ কথা পোৱা যায়। নিৰ্ভৰ কৰে আমাৰ মানসিকতা আৰু সমতাপূৰ্ণ ব্যাখ্যাৰ ওপৰত। মহিলাকো পুৰোহিতৰদৰে ধৰ্মীয় নেতৃত্ব লবলৈ সুযোগ দিয়া উচিত। পুৰুষ-মহিলাৰ সম মৰ্যাদাৰ বিষয়ে সমাজত সজাগতা আনি সংৰক্ষণশীল ৰীতি-নীতি আৰু পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়োজন । লগতে ধৰ্ম-সংস্কৃতি ৰক্ষাৰ নামত পাকিস্তানত তালিবান আৰু কৰ্ণাটকত ৰাম সেনাৰ দৰে ধৰ্মান্ধবাদী দল আৰু সংগঠনসমূহ নিষিদ্ধ কৰা উচিত।
মহিলাৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে সাংবিধানিক আৰু আইনী ব্যৱস্থা অছে যদিও কাৰ্যতঃ সেইবিলাক হৈ নুঠে। অনেকসময়ত মহিলাসকল ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত কঠিন অৱস্থাৰ সম্মুখীন হ’ব লগা হয় আৰু চৰকাৰে আইন প্ৰণয়ন কৰিছে যদিও তৃণমূল পৰ্যায়লৈকে ন্যায় প্ৰদান কৰা নহয়গৈ । তদুপৰি সৰ্বসাধাৰণ মহিলা আইনী অধিকাৰৰ বিষয়ে জ্ঞাত নহয় আৰু হ’লেও সেই সুবিধাবিলাক সময়ত প্ৰাপ্ত নহয় বা সহজলভ্যও নহয় ।
নাৰী সবলীকৰণৰ বাবে তেওঁলোকক পুৰুষৰ সমানে সকলোতে অংশীদাৰ হোৱাৰ সুযোগ দিব লাগিব যাতে তেওঁলোকে শৈক্ষিক , সামাজিক , ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত সমানে আগুৱাই যাব পাৰে। তেহে সমাজৰ সামগ্ৰিক উন্নতি সম্ভৱ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!