সময়কে সোধা সব্যসাচী – নূপুৰ হাজৰিকা
সময় কিয় নৰয়
সময়কে সোধা সব্যসাচী ;
যন্ত্ৰণাই শালি পেলোৱা পিতামহ নিৰ্বাক ৷
শৰশয্যাত আই বসুমতী দেখোন !
অন্ধ ধৃতৰাষ্ট্ৰ্ৰৰ ৰাজ্যৰ
বন্দী বিবশ প্ৰজা !
আকাশ ইমান ক্ৰুৰ জানো ?
চকুত এটোপ চকুলো নাই
দাউদাউকৈ বনজুই —
সাগৰো উতলা —
ৰজাৰ অন্ধ চকুত তেন্তে পোহৰো বন্দী —
অন্ধ কৰুণা
অন্ধ প্ৰেম
অন্ধ –বিশ্বাসৰ আধাৰ ?
পাৰা যদি দুহাতেৰে তুলি লোৱা গাণ্ডীব
ক্ৰুৰ আকাশৰ বুকু ফালি বোৱাই আনা ব্ৰহ্মজল —
এয়ে সময় সেই সময়
সময় নৰয় ৷
এইবাৰ সময় সাৰথি হ’ব তোমাৰ
সব্যসাচী !!