সময় গতিশীল
লেখক- গুনদীপ কলিতা
নৱেম্বৰ, ডিচেম্বৰ মাহ পৰিলেই মনলৈ ভাব আহে যে বছৰটো যাবৰেই হ’ল৷ সৌ সিদিনা ২০২৪ চনৰ ঠাইত ২০২৫ লিখিব আৰম্ভ কৰিছিলোহে৷ এই অনুভৱ বহু সংখ্যক লোকেও ব্যক্ত কৰা শুনিব পাইছো৷ যিমানেই বয়স বাঢ়িছে সিমানেই যেন বছৰবোৰ চুটি হৈ গৈ আছে৷ শৈশৱত এইবাৰৰ দুৰ্গা পূজাৰ পৰা অহা বছৰৰ দুৰ্গা পূজালৈ এটা যুগ যেন লাগিছিল৷ পূজাৰ আগমনৰ প্ৰত্যাশাত দুই-তিনিমাহ আগৰে পৰা গা সাতখন-আঠখন হৈ থাকে৷ এতিয়া লাগে সেইদিনা দুৰ্গা পূজা গৈছিল হে মাত্ৰ, আকৌ আহিবৰ হ’লেইনে? অথচ বছৰ, মাহৰ, দিনৰ সময়টো সলনি হোৱা নাই৷ স্কুলৰ এটা বৰ্ষ নাযায় নুপুৱাই যেন লাগিছিল৷ আজি চকুৰ পলকতে মাৰ্চ, এপ্ৰিল পাৰ হৈ নৱেম্বৰ, ডিচেম্বৰ আহি পালে৷
মনোবিজ্ঞানৰ মতে বয়স বঢ়াৰ লগে লগে যে আমাৰ সময়ৰ গতি দ্ৰুত হোৱা যেন লাগে, এই অদ্ভুত অনুভৱ কোনো ভ্ৰম নহয়। ঘড়ীৰ সময়ৰ লগত ইয়াৰ সম্পৰ্ক নাই৷ মগজুৱে আমাৰ জীৱনৰ দৈনন্দিন ঘটনা-পৰিঘটনাসমূহ স্মৃতিত কেনেকৈ লিপিবদ্ধ কৰে তাৰ লগতহে ইয়াৰ সম্পৰ্ক আছে।
এটা শিশুৰ কাৰণে সকলো অভিজ্ঞতা নতুন। প্ৰথম বিদ্যালয়, শ্ৰেণীকোঠা, প্ৰথম বন্ধুত্ব, প্ৰথম শিক্ষকজন, লাজ ইত্যাদি। মগজুৱে এই সকলো নতুন অভিজ্ঞতাবোৰ বিশদভাৱে স্মৃতিৰ মণিকোঠাত সংৰক্ষণ কৰি থয়। ইয়াৰ বিপৰীতে আমাৰ প্ৰাপ্তবয়স্ক জীৱনৰ অধিকাংশ সময় একঘেয়ামি আৰু বিৰক্তিকৰ পুনৰাবৃত্তিৰ মাজেৰে অতিবাহিত হয়৷ একেই অফিচ, একেবোৰ কাম, কামলৈ যোৱাৰ একেবোৰ পথ, একেবোৰ মানুহ, একেবোৰ কথা-বতৰা, একেবোৰ চিন্তা৷ কেৱল দিনবোৰহে সলনি হৈ গৈ থাকে, বাকী সকলোবোৰ চৰ্বিত-চৰ্বন। বেছিভাগ দিনেই যেতিয়া নতুনত্ত্বহীন পুনৰাবৃত্তি, তেতিয়া মগজুৱে সেই দিনবোৰৰ কম বিৱৰণ সংৰক্ষণ কৰি ৰাখে। পিছলৈ ঘূৰি চালে পাৰ হৈ যোৱা নতুনত্তহীন গোটেই সপ্তাহ, মাহ, বছৰবোৰ আমাৰ স্মৃতিত ধূসৰ হৈ দেখা দিয়ে, আৰু সময় পিছলি যোৱাৰ দৰে অনুভৱ হয়। তাৰ তুলনাত শৈশৱৰ ৰোমাঞ্ছকৰ সময়বোৰ দীঘলীয়া যেন লাগে৷
তদুপৰি সময়ৰ এই অনুভৱৰ এটা গাণিতিক কাৰণো থকা বুলি কয়। দহ বছৰীয়া এটা শিশুৰ বাবে এবছৰ সময় শতকৰা হিচাপত জীৱনৰ এক বৃহৎ অংশ (দহ শতাংশ)। অন্যহাতে, চল্লিশ বছৰীয়া মানুহ এজনৰ বাবে জীবনৰ এবছৰ শতকৰা হিচাপত বহুত কম ( আঢ়ৈ শতাংশ মাত্ৰ)। দহ বছৰীয়া আৰু চল্লিছ বছৰীয়া দুজন মানুহৰ বাবে এবছৰ সময়ৰ দৈৰ্ঘ্য যদিও একে, কিন্তু চল্লিছ বছৰীয়া মানুহজনৰ বাবে জীৱনৰ এবছৰৰ গুৰুত্ত্ব দহ বছৰীয়া শিশুটোৰ তুলনাত কম ৷
আমি মনত ৰখা উচিত যে সময়ৰ গতি দ্ৰুত হোৱা নাই৷ বয়স নিৰ্বিশেষে দিনটোৰ দৈৰ্ঘ্য চৌব্বিছ ঘণ্টাই৷ বয়সৰ লগে লগে সলনি হয় মাথো আমাৰ মনত সময়ৰ বেগ। ঘড়ীত সময় ঠিকমতে গৈ থাকিলেও আমাৰ স্মৃতিত কিন্তু সময়ৰ গতি বঢ়া যেন লাগে।
ষ্টইক দাৰ্শনিক চেনেকাই কৈছিল যে জীৱনটো চুটি যেন লাগে এই কাৰনে নহয় যে আমি জীৱনত কম সময় লাভ কৰো, কিন্তু আমি জীৱনৰ যথেষ্ট সময় অপচয় কৰো৷
লিঅ’ টলষ্টয়ে কৈছিল যে আমি যেতিয়া যান্ত্ৰিকভাৱে জীয়াই থাকোঁ তেতিয়া সময় বেছি দ্ৰুত অনুভৱ হয়। দিনবোৰ সোনকালে পাৰ হৈ যায় এইকাৰণে নহয় যে দিনবোৰ চমু, বৰঞ্চ আমি সেই দিনবোৰৰ প্ৰ্ত্যেকটো পল সচেতনভাবে জীয়াই নাথাকো৷
মনোবিজ্ঞান আৰু দৰ্শনে দাবী কৰে যে আমি অমনোযোগী হৈ জীয়াই থাকিলে সময় সংকুচিত হোৱা যেন লাগে। অৰ্থাৎ, আমি যেতিয়া জীৱনটোক লক্ষ্য কৰা বন্ধ কৰি দিওঁ, তেতিয়া জীৱনটো যেন আমাৰ কাষেৰে লৰালৰিকৈ পাৰ হৈ যায়।
আধুনিক জীৱনেও সময়ক দ্ৰুত অনুভৱ কৰোৱাত অৰিহনা যোগাইছে। অমনোযোগী হৈ মোবাইল ফোনত ইনষ্টাগ্ৰাম ৰীলছ, ইউটিউব চৰ্ট ভিডিও স্ক্ৰোল কৰি থাকিলে অজানিতে চকুৰ পচাৰতে বহু সময় গুচি যায়৷ যেতিয়া মনত হুচ আহে তেতিয়াহে আমি উপলব্ধি কৰো যে কিমান সময় পাৰ হৈ গ’ল৷ অসচেতনভাৱে পাৰ হৈ যোৱা মূহুৰ্তবোৰ স্মৃতিত বেছি সময় ৰৈ নাযায়। স্মৃতিত সেইবোৰ মুহূৰ্তৰ কোনো হিচাপ নাথাকে৷
যদি আমি সময়ৰ এই অনাকাংক্ষিত তীব্ৰ গতিক নিয়ন্ত্ৰণ কৰিব বিচাৰো, আমি জীৱনৰ প্ৰ্তিটো মূহুৰ্ত সচেতন, মনোযোগী হৈ যাপন কৰিব লাগিব৷ জীৱনটোক নিত্য নতুন অভিজ্ঞতাৰে পৰিপূৰ্ন কৰিবলৈ চেষ্টা কৰিব লাগিব৷ আমাৰ উদ্দেশ্য জীৱনটোত অধিক ঘণ্টা যোগ কৰা হোৱা উচিত নহয়, আমাৰ হাতত থকা ঘণ্টাবোৰত জীৱন যোগ কৰাহে হোৱা উচিত।
