ফাগুন আৰু পলাশ

লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই

ফাগুন মানেই পলাশ আৰু পলাশ মানেই ফাগুন ৷ নহয়নে বাৰু? পলাশ ফাগুনৰ উন্মাদনা আৰু বসন্তৰ মায়াৱী প্ৰাণস্পদন ৷ শীতক বিদায় দি বসন্তৰ বতৰা লৈ আহে এই পলাশে ৷ বসন্ত যদি ঋতুৰাজ হয়, তেন্তে পলাশ হ’ল ধৰিত্ৰীৰ কপালত জিলিকি উঠা সেন্দুৰৰ এটি ৰঙা ফোঁট ৷ পলাশৰ ৰঙ যদি বিদ্ৰোহীৰ তেজ,  তেনে কোনো প্ৰেয়সীৰ ই সেন্দুৰীয়া সপোন ৷ হয়, ফাগুনৰ আকাশত পলাশ এক ৰঙীন সপোন ৷ এইয়া ফাগুনৰ বতৰ ৷ ৰাঙলী পলাশে উতলা কৰা বাউলী পচোৱাৰ বতৰ ৷ ৰিঙা ৰিঙা মন ৷ পলাশৰ জুইয়ে হৃদয় গলোৱা এই সময় ৷ সেয়ে মনো ৰঙীন, সময়ো ৰঙীন ৷ কিমানজনৰ কেমেৰাত হয়তো বন্দী এই সময়! ময়ো আছো আজি ঠিয় হৈ জুই ফুলা এখন পলাশ বনত ৷ এনে লাগিছে মই যেন হেৰাই যাম ক’ৰবাত ৷ চাই চাই ভাবিছো, ইমান ৰং দিয়া এই পলাশৰোতো আছে এটা জীৱন! ইমান ক্ষণস্থায়ী, অথচ কিমান প্ৰবল তাৰ প্ৰভাৱ ৷ জানিবৰ মন যায়নে বাৰু? তেনে আহকচোন, আজি আমি অলপ পলাশৰ কথাকে পাতো ৷

পলাশ কেৱল এবিধ ফুল অথবা উদ্ভিদেই নহয়, ই হ’ল বসন্ত আৰু ফাগুনৰ এক নিভাজ আৱেগ । পলাশ ‘ফাবে-চি-ই’ (Fabaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এক মধ্যমীয়া আকাৰৰ পৰ্ণপাতি বৃক্ষ । বৈজ্ঞানিক নাম Butea monosperma. সংস্কৃত সাহিত্যত ইয়াক ‘কিংশুক’ বা বিপৰ্ণক নামেৰে জনা যায় ৷ ‘শুক’ মানে ভাটৌ চৰাই ৷ পলাশৰ ফুলপাহ ভাটৌ ঠুঁটিয়া হোৱাৰ বাবে ইয়াক কিংশুক বোলা হয় ৷ আনহাতে ‘বিপৰ্ণক’ মানে পাতবিহীন ৷ পলাশ ফুলিলে ডালত পাত নাথাকেই ৷ লঠঙা ডালত সূৰ্যমুখী হৈ থোপাথোপে ফুলি থাকে ফুলবোৰ ৷ সেয়েহে ই বিপৰ্ণক ৷ ইংৰাজী নাম ‘Flame of the Forest’ বা ‘Parrot Tree’. মণিপুৰী ভাষাত ইয়াক ‘পাঙ গোঙ’ বুলি কয় ৷ হিন্দীত ঢাক বা টেসু ৷ উত্তৰ ভাৰতত ঢাক নামটো অতি জনপ্ৰিয় । ‘ঢাক কে তিন পাত’ (ঢাকৰ তিনি খিলা পাত) নামেৰে এটা প্ৰবচনো আছে তাত ৷ প্ৰাচীন কালৰে পৰা পলাশ বা টেসু ফুলৰ পৰাই ফাকুৱাৰ হালধীয়া-কমলা ৰং প্ৰাকৃতিকভাৱে তৈয়াৰ কৰি অহা হৈছে ৷

পলাশ গছ প্ৰায় ১৫ মিটাৰ পৰ্যন্ত ওখ হ’ব পাৰে । বাকলিৰ বৰণ ধূসৰ আৰু কাণ্ডটো প্ৰায় একা-বেকা । পলাশৰ পাতবোৰ ত্ৰিপত্ৰী আৰু গাঢ় সেউজীয়া বৰণৰ ৷ শীতকালত পাতবোৰ সৰি গছজোপা লঠঙা হৈ পৰে আৰু বসন্তৰ আগমনৰ লগে লগেই এই লঠঙা ডালবোৰ ৰঙা-কমলা ফুলৰে পুনৰ উপচি পৰে ৷ বিৰল যদিও ভাৰতৰ কেইখনমান ৰাজ্য যেনে – মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, পশ্চিমবংগ, গুজৰাট, তেলাংগনা, অন্ধ্ৰপ্ৰদেশ আৰু দিল্লীৰ কোনো কোনো অঞ্চলত কেতিয়াবা হালধীয়া পলাশো দেখিবলৈ পোৱা যায় । পলাশে উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ ৰাজ্যিক ফুলৰো মুকুট পিন্ধে ৷ ইয়াৰ ফলবোৰ দেখিবলৈ প্ৰায় উৰহীৰ দৰে চেপেটা আৰু দীঘলীয়া । পকিলে  ফলবোৰ মুগা বৰণীয়া হৈ পৰে ৷ ইয়াৰ ভিতৰত অৱশ্যে গুটি মাত্ৰ এটাহে থাকে । পলাশ গন্ধহীন ৷ ৰঙেই তাৰ সৌন্দৰ্যৰ আধাৰ ৷

পলাশ ফাগুনৰ চিনাকি দূত । শীতৰ শেষত প্ৰকৃতি যেতিয়া ধূলিময় আৰু শুষ্ক হৈ পৰে, তেতিয়াই এই গছে পাতৰ আৱৰণ এৰি নিজক ফুলেৰে সজাই তোলে । পলাশৰ এক বৈশিষ্ট্য আছে — ডালত পাত থাকিলে পলাশ নুফুলে ৷ পাত সৰি ডালবোৰ সম্পূৰ্ণ উদং হ’লেহে ফুলে ধৰা দিয়ে ৷ আৰু যেতিয়াই ফুলে ই মনত, বনত জুই লগাই দিয়ে ৷ খৰাং বতৰত বাষ্পীভৱনৰ পৰা হ’ব পৰা পানীৰ অপচয় ৰোধ কৰিবলৈ গছজোপাই নিজেই লোৱা এক অভিনৱ প্ৰাকৃতিক কৌশল এইয়া ৷

উদ্ভিদ বিজ্ঞানৰ দৃষ্টিৰে চালে, এই লঠঙা ডালত ফুল ফুলাৰ এনে প্ৰক্ৰিয়াই ফুলবোৰক অধিক দৃশ্যমান আৰু আকৰ্ষণীয় কৰি তোলে ৷ ফলত পৰাগসংযোগ (pollination) অধিক কাৰ্যকৰী হয় । পলাশ প্ৰচণ্ড জীৱনী শক্তি, নিৰ্মল সৌন্দৰ্য, সাহস আৰু কামনাৰ প্ৰতীক ৷ সেয়েহে কোৱা হয়, পলাশ অৰণ্যৰ অগ্নিশিখা ৷ পলাশে অৰণ্যত জুই লগায় সঁচা, কিন্তু সেই জুইয়ে কাকো নোপোৰে, বৰং তাৰ ৰঙেৰে অৰণ্য সজাই ঋতুচক্ৰৰ সতে থকা জীৱবোৰক একোটা নতুন জীৱন দিয়ে ৷ 

পলাশ মূলতঃ ভাৰতীয় উপমহাদেশৰ এক থলুৱা বৃক্ষ । ভাৰতৰ লগতে নেপাল, বাংলাদেশ, শ্ৰীলংকা আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন প্ৰান্ততো ইয়াৰ প্ৰাকৃতিক বিস্তাৰ দেখা পোৱা যায় । পলাশ কোনো উদ্যানৰ আলংকাৰিক উদ্ভিদ নহয়, বৰং মুকলি পথাৰ আৰু প্ৰকৃতিৰ কঠোৰ পৰিৱেশত গঢ় লৈ উঠা এক অদম্য বৃক্ষহে । ই সাধাৰণতে শুকান পৰ্ণপাতি অৰণ্য, ঘাঁহনি আৰু শিলুৱা বা অসাৰুৱা মাটিত বেছিকৈ গজে । প্ৰচণ্ড উত্তাপ আৰু ঋতুকালীন বৰষুণ হোৱা অঞ্চলবোৰেই ইয়াৰ বাবে আটাইতকৈ উপযোগী আৱাসস্থল । পলাশ ডাঠ হাবি বা অতি সাৰুৱা মাটিত নগজে; বৰং য’ত জীয়াই থকাৰ সংগ্ৰাম কঠিন আৰু য’ত সম্পদৰ অভাৱ, তেনে ঠাইতহে ই নিজৰ অস্তিত্বক সবলভাৱে প্ৰতিষ্ঠা কৰি ভাল পায় ৷

এই পাৰিপাৰ্শ্বিক পটভূমিয়েই পলাশৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সতে আমাক পৰিচয় কৰাই দিয়ে ৷ পলাশ অতি সহনশীল, সূৰ্যমুখী আৰু অত্যন্ত অভিযোজনক্ষম বৃক্ষ ৷ সেয়েহে খৰাং বতৰতো হেলাৰঙে জকমকাই থাকি নিজৰ বিজয়ধ্বজা উৰুৱাব পাৰে ৷ এই উজ্জ্বল ৰঙে পৰাগসংযোগকাৰী কীট-পতংগ আৰু মৌ-পিয়া চৰাইবোৰক অতি সহজেই আকৰ্ষিত কৰে ৷ ফলত প্ৰকৃতিৰ খাদ্য-শৃংখলাত এক গুৰুত্বপূৰ্ণ ভাৰসাম্য ৰক্ষা হয়। ই মাটিৰ উৰ্বৰতাও বৃদ্ধি কৰে আৰু লা-পোকৰ দৰে ক্ষুদ্র জীৱক আশ্ৰয় দি এক বিশাল জৈৱ-বৈচিত্ৰ্যক নীৰৱে আশ্ৰয় দিয়ে । 

পলাশে বাৰু এই ৰংবোৰ ক’ৰ পৰা পায়? ইয়াৰ সেই চকু চাট মাৰি ধৰা উজ্জ্বল ৰঙা-কমলা ৰঙৰ আঁৰত আছে এক বিজ্ঞান ৷ ইয়াৰ পাহিৰ ভিতৰত কিছুমান নিৰ্দিষ্ট জৈৱিক ৰঞ্জক পদাৰ্থ (pigments) আৰু ৰাসায়নিক যৌগৰ এক অদ্ভূত মিশ্ৰণ আছে । পাহিবোৰত থকা বিউট্ৰিন (butrin), আইচ’বিউট্ৰিন (isobutrin), ফ্লেভ’নইড আৰু চেলকনৰ দৰে বায়’এক্টিভ যৌগই ইয়াৰ এই বিশেষ ৰং তৈয়াৰ কৰাৰ লগতে ইয়াৰ ঔষধি গুণাগুণো নিৰূপণ কৰে ৷

এই ৰঞ্জক পদাৰ্থবোৰে সূৰ্যৰ পোহৰৰ পৰা ৰঙা আৰু কমলা বৰ্ণালীৰ (spectrum) পোহৰক তীব্ৰভাৱে শোষণ কৰি পাহিবোৰত প্ৰতিফলিত কৰে ৷ ফলত প্ৰখৰ ৰ’দত এই ফুলবোৰ স্বয়ং-প্ৰভ হৈ উজ্জ্বলি উঠে ৷ ইয়াৰ উপৰি পলাশৰ পাহিৰ মখমল সদৃশ পাতল গাঠনিটোৱে পোহৰক সিঁচৰতি হ’বলৈ নিদি তাক পোনপটীয়াকৈ ৰঞ্জক স্তৰৰ সংস্পৰ্শলৈ অহাত সহায় কৰে, যাৰ ফলত ফুলৰ ৰঙবোৰ ৰ’দত আৰু তীব্ৰতৰ হৈ উঠে ৷ এই ৰাসায়নিক যৌগবোৰে ফুলপাহক সুৰক্ষাও প্ৰদান কৰে ৷ ইয়াত থকা এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-মাইক্ৰ’বিয়াল যৌগ আৰু কাৰকবোৰে ফুলপাহক অত্যাধিক তাপ, পোক-পৰুৱা আৰু পাৰিপাৰ্শ্বিক চাপৰ বিৰুদ্ধে যুঁজিবলৈ অহৰহ শক্তি যোগায় ৷

আয়ুৰ্বেদ শাস্ত্ৰই পলাশক কেৱল এবিধ উদ্ভিদ হিচাপেই নহয়, বৰং এক সম্পূৰ্ণ ‘চিকিৎসা পদ্ধতি’ হিচাপে গণ্য কৰে । ইয়াৰ ফুল, গুটি, ছাল আৰু আঠাৰ ঔষধি গুণে মানৱ শৰীৰৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলায় ৷ আয়ুৰ্বেদ শাস্ত্ৰ মতে আমাৰ শৰীৰটো তিনিটা মূল শক্তি বা ‘দোষ’ যেনে — বাত, পিত্ত আৰু কফৰ ওপৰত ভিত্তি কৰি চলে ৷ এই তিনিটাৰ ভাৰসাম্য বিঘ্নিত হ’লেই শৰীৰত ৰোগৰ সৃষ্টি হয় । আয়ুৰ্বেদে পলাশক ত্ৰিদোষিক আখ্যা দিয়ে ৷ ‘ত্ৰিদোষিক’ মানে হ’ল এনে এক ঔষধি গুণ সম্পন্ন দ্ৰব্য যিয়ে এই তিনিওটা দোষৰে ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে । বিশেষকৈ পিত্ত (শৰীৰৰ তাপ) আৰু কফৰ সমস্যা দূৰ কৰাত পলাশ অদ্বিতীয় ৷ পলাশৰ ফুলবোৰ ইয়াৰ প্ৰদাহ-বিৰোধী আৰু বিষমুক্তকৰণ (detoxifying) গুণৰ বাবে পৰিচিত ৷ ছালৰ বিভিন্ন ৰোগ আৰু সংক্ৰমণৰ চিকিৎসাতো পৰম্পৰাগতভাৱে ইয়াৰ ব্যৱহাৰ হৈ আহিছে ৷ পলাশৰ গুটিবোৰ কৃমিনাশক হিচাপে অত্যন্ত কাৰ্যকৰী ৷ ইয়াৰ ছালে হজম শক্তি বৃদ্ধ কৰাত সহায় কৰে ৷ আনহাতে, পলাশৰ আঠা (যাক সাধাৰণতে ‘কমৰকাচ’ নামেৰে জনা যায়) শৰীৰৰ শক্তি বৃদ্ধি আৰু পুনৰুজ্জীৱনৰ বাবে ব্যৱহাৰ কৰা হয় ৷ বিশেষকৈ সন্তান জন্মৰ পিছত মাতৃৰ স্বাস্থ্যৰ যত্ন ল’বলৈ ইয়াক এক মহৌষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি । সেয়েহে কোৱা হয় — পলাশ কেৱল এক প্ৰতিকাৰ নহয়, ই নিজেই এক সম্পূৰ্ণ চিকিৎসা ব্যৱস্থা।

বৈদিক দৰ্শনত পলাশক এক পবিত্ৰ বৃক্ষ হিচাপে গণ্য কৰা হয় যাৰ সম্পৰ্ক অগ্নি, যজ্ঞ আৰু সৃষ্টিৰ সৈতে জড়িত । বৈদিক শাস্ত্ৰ মতে, পলাশৰ জন্ম হৈছিল যজ্ঞাগ্নিৰ পৰা ৷ সেইবাবে ইয়াক ‘অগ্নিপুষ্প’ বুলিও কোৱা হয় ৷ হিন্দু ধৰ্মত ইয়াৰ ব্যৱহাৰিক গুৰুত্ব অপৰিসীম ৷ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত পলাশৰ ফুল আৰু কাঠ সভক্তিৰে ব্যৱহাৰ কৰা হয় । কোনো কোনো পৰম্পৰাত সৰস্বতী পূজাতো পলাশৰ আধাফুটা কলিবোৰ পবিত্ৰতা আৰু জ্ঞানৰ প্ৰতীক হিচাপে দেৱীক অৰ্পণ কৰা হয়। ঋগবেদ আৰু অথৰ্ববেদতো পলাশৰ উল্লেখ আছে, য’ত যজ্ঞৰ বিভিন্ন আহিলা আৰু পবিত্ৰ জুইৰ বাবে পলাশ কাঠৰ বিধান দিয়া হৈছে । যজ্ঞত ব্যৱহৃত ঘিউ ঢলা হেতা (যেনে – শ্ৰুক আৰু শ্ৰুভা) পৰম্পৰাগতভাৱে পলাশৰ কাঠেৰে তৈয়াৰ কৰা হয় । বিশ্বাস কৰা হয় যে এই কাঠে অনুষ্ঠানৰ পবিত্ৰতা ৰক্ষা কৰি জীৱৰ কৰ্মৰ সৈতে মহাজাগতিক শৃংখলাৰ এক প্ৰতীকী সংযোগ স্থাপন কৰে ।

মণিপুৰী ভাষাত পলাশক ‘পাঙ গোঙ’ বুলি কোৱাৰ কথা ওপৰত কৈয়েই আহিছো ৷ মেইটেই পৰম্পৰাত ইয়াৰ এক ব্যতিক্ৰমী আৰু বিশেষ স্থান আছে ৷ স্থানীয় পৰম্পৰা অনুসৰি, যদি সমাজৰ কোনো ব্যক্তিৰ মৃত্যু হয় আৰু তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাযায়, তেন্তে এক প্ৰতীকী ধৰ্মীয় ৰীতি হিচাপে মৃতদেহৰ পৰিৱৰ্তে পলাশ গছৰ কাঠ দাহ কৰা হয়।

ভাৰতৰ সাংস্কৃতিক পৰম্পৰাতো ইয়াৰ ভূমিকা উল্লেখযোগ্য ৷ মথুৰা, বৃন্দাবনত সৌ তাহানিৰে পৰা পলাশ ফুলৰ ৰঙেৰে ফাকুৱাৰ প্ৰাকৃতিক ৰং প্ৰস্তুত কৰি আহিছে । এই ৰঙবোৰ ছালৰ বাবে অতি কোমল, শীতল আৰু ঔষধি গুণসম্পন্ন ৷ আবিৰ সনাৰ লগতে এই ৰংবোৰে আমাৰ ছালকো উজ্জ্বল কৰে ৷

ইয়াৰ ব্যৱহাৰিক দিশো জানো কম? পলাশৰ পাতবোৰক জৈৱ-বিঘটনশীল (biodegradable) থালী বা প্লেট হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷ বিশেষকৈ সামাজিক ভোজ আৰু ধৰ্মীয় অনুষ্ঠানত ইয়াৰ ব্যৱহাৰ হৈয়েই আছে ৷ ইয়াৰ কাঠ ঘৰুৱা আৰু আধ্যাত্মিক কামত ব্যৱহাৰ কৰাৰ লগতে ইয়াৰ ছাল আৰু ফুলসমূহো লোক-চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ আনকি খৰাং বতৰত গৰু-ম’হকো এই গছৰ কিছু অংশ খাদ্য হিচাপে দিব পাৰি ৷ গতিকে নিশ্চয়কৈ ক’ব পাৰি যে পলাশ গ্ৰাম্য অৰ্থনীতিৰ এক ভৰষাযোগ্য চালিকা শক্তি হ’ব পাৰে ৷

১৭৫৭ চনত বংগৰ শেষ স্বতন্ত্ৰ নবাব চিৰাজউদ্দৌলা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা ‘পলাশী যুদ্ধ’খনৰ কথা মনত আছেনে? পশ্চিম বংগৰ নদীয়া জিলাত অৱস্থিত এই ঠাই ৷ ঠাইখনত প্ৰচুৰ পৰিমাণে পলাশ গছ আছিল ৷ সেয়েহে ঠাইখনৰ নাম হ’ল পলাশী ৷ বৃটিছসকলে  ‘পলাশী’ শব্দটো শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰি নিজৰ সুবিধামতে ইয়াক ‘Plassey’ (প্লাছী) বুলি ক’বলৈ লয় । এই যুদ্ধখনৰ এক ঐতিহাসিক গুৰুত্বও আছে ৷ এই যুদ্ধৰ পৰিণতি স্বৰূপেই ভাৰতত ব্ৰিটিছ শাসনৰ ভেটি প্ৰতিষ্ঠা হয় ৷ ইয়াৰ পিছতেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা সাধাৰণ ঔপনিৱেশিক প্ৰতিষ্ঠানৰ পৰা দেশৰ ৰাজনৈতিক শক্তিলৈ উন্নীত হয় আৰু বংগৰ বিশাল ধন-সম্পদ হস্তগত কৰি ক্ৰমে সমগ্ৰ ভাৰত জয়ৰ পথ ই প্ৰশস্ত কৰে ৷

পলাশ ফুলক ভাৰতীয় সাহিত্য আৰু দৰ্শনত অদম্য হেঁপাহ, যৌৱন আৰু ক্ষণস্থায়ী সৌন্দৰ্যৰ এক তীব্ৰ ৰূপক হিচাপে ব্যৱহাৰ কৰা হয় । আনহাতে পলাশ বৈৰাগ্যৰো প্ৰতীক ৷ লঠঙা ডালত অকলে ফুলি আসক্তিবিহীনভাৱে ক্ষণিকতে সৰি পৰা ইয়াৰ এই বৈশিষ্টক বৈৰাগ্যৰ সতে তুলনা কৰা হয় ৷ এই বৈপৰীত্যই পলাশক বিশেষ কৰি তুলিছে ৷ এই জগতত কোনো সৌন্দৰ্যই চিৰস্থায়ী নহয় ৷ স্থায়ী হয় কেৱল অনুভৱ ৷ এটা অনুভৱে হৃদয়ত কিমান গভীৰভাৱে প্ৰৱেশ কৰিব পাৰে, তাৰ ওপৰতে ইয়াৰ স্থায়িত্ব নিৰ্ভৰ কৰে ৷ এটা জীৱন পূৰ্ণ হ’বলৈ কোনো চিৰস্থায়ী হোৱাৰ প্ৰয়োজন নাই,  কেৱল সঠিক সময়ত নিজক সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পাৰিব লাগে ৷ জীৱনৰ পৰম সত্য এয়াই ৷ পলাশৰ শিখাই যেন আমাক তাকেই কৈ যায় ৷ 

              অ’ মোৰ ফাগুনী পলাশ!

               ফাগুনৰ অভিমানী ৰং,

          মোৰ হৃদয়ৰ তেজস্বী অনুৰাগ ৷

       হৃদয় মৰুত তই এক তেজাল ধুমুহা

     তেজ ৰঙা সপোনৰ এক মৌন বিদ্ৰোহ ৷

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments