সমাজ-মেকানিক! – দেৱকান্ত সন্দিকৈ

ঘড়ী বেয়া হ’লে আমি ঘড়ী মেকানিকৰ ওচৰলৈ যাওঁ, টিভি বেয়া হ’লে টিভি মেকানিকৰ ওচৰলৈ যাওঁ৷ তেনেকৈ সমাজখন বেয়া হ’লে অৰ্থাৎ সমাজখন বিভিন্ন দুৰ্যোগৰ সন্মুখীন হ’লে যিসকল ব্যক্তিৰ দিহা-পৰামৰ্শ তথা বুদ্ধি-ভাৰসাত সকলো ঠিক হৈ যায় বুলি আমি সৰ্বসাধাৰণে আশা কৰোঁ — তেওঁলোক হ’ল সমাজ-মেকানিক! অৱশ্যে ঘড়ী আৰু টিভিৰ নিচিনাকৈ সমাজখন মেকানিকৰ ওচৰলৈ দাঙি লৈ যাব পৰা বস্তু নহয়৷ তাতে সমাজ-মেকানিকসকল দুৰ্যোগপূৰ্ণ সমাজখনৰে মানুহ৷ তেওঁলোকে সমাজত থাকি সমাজখনৰ বেয়া বা ব্যাধিগ্ৰস্ত অংগবোৰ ভাল কৰি দিব বুলি আমি আশা কৰোঁ৷ এতিয়া প্ৰশ্ন হ’ল — এই সমাজ-মেকানিকসকল কোন? সমাজৰ প্ৰতিটো দুৰ্যোগতে আমি কাৰ মুখলৈ চাই বিপদ তৰণৰ উপায় আশা কৰোঁ? তেওঁলোক হ’ল বুদ্ধিজীৱী৷ বুদ্ধিজীৱীসকলেই হ’ল সমাজ-মেকানিক! সমাজৰ যিকোনো সমস্যাত আমি তেওঁলোকক বিচাৰোঁ৷ চিঞৰোঁ— বুদ্ধিজীৱীসকল ক’ত? তেওঁলোক কিয় সমস্যাত নিমাত? — আমি বিশ্বাস কৰোঁ সমাজ-ব্যাধিৰ সকলো চিকিৎসা এই বুদ্ধিজীৱীসকলে জানে!
কিন্তু সঁচাকৈয়ে বুদ্ধিজীৱীসকলে সমাজৰ দুৰ্যোগত উদ্ধাৰকাৰী ভূমিকা ল’ব পাৰেনে? সমাজ-মেকানিক পদত নিয়োগ কৰিব পৰাকৈ বুদ্ধিজীৱীসকলৰ উপযুক্ত অৰ্হতা আছেনে? — বিচাৰ কৰি চোৱা যাওক৷ সমাজৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে বিভিন্ন বিষয়ৰ দক্ষ ব্যক্তিৰ প্ৰয়োজন হয়৷ তেনেকুৱা নিৰ্দিষ্ট বিষয়ৰ দক্ষ ব্যক্তিজনক কিন্তু আমি বুদ্ধিজীৱী নোবোলোঁ৷ সেই বিশেষ বিষয়টো জনা ‘বিষয়বিদ’ বুলিহে জানো৷ সমাজৰ অৰ্থনৈতিক সমস্যাবোৰ সমাধানৰ বাবে প্ৰয়োজন হোৱা দিহা-পৰামৰ্শ আমি কাৰ পৰা পাম? অৰ্থনীতিবিদৰ পৰা৷ জনসাধাৰণৰ কল্যাণৰ অৰ্থে গ্ৰহণ কৰা বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে ৰাজকোষত ধন লাগিব, সেই ধন কেনেকৈ আহৰণ কৰিব পাৰি, আহৰণ কৰা ধন কেনেকৈ অপব্যয় নোহোৱাকৈ বিভিন্ন আঁচনিত খটুৱাব পাৰি — ইত্যাদি কথাবোৰ অৰ্থনীতিবিদৰ বাহিৰে আনে নিশ্চয় ভালকৈ নাজানিব৷ সমাজত বাঢ়ি অহা অপৰাধৰ সমস্যা কোনে নোহোৱা কৰিব? আৰক্ষী, চোৰাংচোৱা আৰু বিচাৰ ব্যৱস্থাটোৱে৷ অপৰাধ আৰু অপৰাধীৰ পৰা মুক্ত কৰি সমাজখন শান্তিপূৰ্ণ কৰি ৰখাৰ দায়িত্ব দি ৰখা হৈছে এই তিনিটা বিভাগক৷ কিন্তু এই তিনি বিভাগত কৰ্মৰত ব্যক্তিসকলকো আমি বুদ্ধিজীৱী নোবোলো৷ বানপানীৰ সমস্যা কোনে সমাধান কৰিব? বান বিশেষজ্ঞসকলে৷ উগ্ৰপন্থীৰ সমস্যা কোনে? — চৰকাৰে, পুলিচে …..৷ এনেকৈ সমাজৰ সৰু-ডাঙৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে বিশেষভাৱে নিয়োজিত বিভিন্ন দক্ষ ব্যক্তি আছে৷ তেনেহ’লে সুদাকৈ ‘বুদ্ধিজীৱী’ বোলাজনে কি কৰিব? তেওঁলৈ কি কৰ্ম বাকী থাকিল? আমি যদিও সমাজ জীৱনৰ প্ৰতিটো দুৰ্যোগতেই বুদ্ধিজীৱীসকলক বিচাৰোঁ, বুদ্ধিজীৱীসকলৰ পৰা কিন্তু কোনো সমস্যাৰে একোটা সুনিৰ্দিষ্ট তথা স্পষ্ট ৰূপৰ সমাধানসূত্ৰ ওলাই নাহে! সমস্যা একোটা কেনেকৈ সমাধান হ’ব এই কথাটো কিছুমান সচেতন অথচ সাধাৰণ মানুহে যেনেকৈ জানে, আমি বুদ্ধিজীৱী বুলি গণ্য কৰাসকলেও ঠিক তেনেকৈয়ে জানে বা বহুত সমস্যাৰ সমাধানসূত্ৰ কি হ’ব বুদ্ধিজীৱীয়েও নাজানে৷ ফলস্বৰূপে বুদ্ধিজীৱীৰ বৰ্তমানতো বহু সমস্যা আমাৰ সমাধান নোহোৱাকৈ পৰি আছে৷

বুদ্ধিজীৱী আখ্যাপ্ৰাপ্ত ব্যক্তি এজন কোনোবা এটা বিষয়ত দক্ষও হ’ব পাৰে, কিন্তু সেই দক্ষতাৰ কাৰণেই তেওঁ বুদ্ধিজীৱী নহয়৷ তেওঁ বুদ্ধিজীৱী হৈছে সমাজৰ বিভিন্ন সমস্যাত বা সমস্যা সমাধানত নিজৰ মতামত ব্যক্ত কৰি থাকি সমাজ কল্যাণৰ চিন্তাত ৰত হৈ থকাৰ কাৰণে৷ ইয়াতে এটা মজাৰ ঘটনা ঘটে৷ যিহেতু সমাজৰ প্ৰতিটো সমস্যাতে আমি বুদ্ধিজীৱীসকল ক’ত বুলি চিঞৰোঁ আৰু সমস্যা একোটাত মাত নমতাজনক মনে মনে বেয়া পাওঁ, গতিকে সৰু-ডাঙৰ প্ৰতিটো সমস্যাত মাত মাতি থাকি বহুতে নিজকে জনসাধাৰণৰ পক্ষত বুদ্ধিজীৱী বুলি প্ৰমাণ কৰিব বিচাৰে৷ তেওঁলোকে নজনা বিষয় ভূ-ভাৰস্তত নাই! ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে কেনেকৈ ক’ত কি কৰিব লাগিছিল, আমেৰিকাৰ ইৰাক আক্ৰমণৰ প্ৰস্তুতিত কি উদ্দেশ্য লুকাই আছে, গাঁও পঞ্চায়তৰ সভাপতিয়ে দুৰ্নীতি কৰিলে ৰাইজে কি কৰা উচিত, মন্ত্ৰীৰ অবৈধ প্ৰেমৰ বৈধ চাৰ্টিফিকেট প্ৰদান — মুঠতে বুদ্ধিজীৱীৰ বুদ্ধিয়ে পৰশ নকৰা বিষয় নাই! কিন্তু এজন বুদ্ধিজীৱীয়ে বুদ্ধি অকণমান আনতকৈ বেছি থাকিল বুলিয়েই সমাজৰ সকলো সমস্যাৰ সমাধানত নিজৰ মতামত বা বুদ্ধি-পৰামৰ্শ দিব পাৰেনে? এজন মানুহ সকলো বিষয়তে দক্ষ হ’ব পাৰেনে? — যেনেকৈ দেহৰ বিভিন্ন ৰোগৰ ডাক্তৰ বেলেগ বেলেগ, তেনেকৈ সমাজদেহৰ বিভিন্ন ৰুগ্ন অংগৰ মেৰামতি বাবেও মেকানিক লাগিব বেলেগ বেলেগ আৰু এই মেকানিকসকল হ’ব লাগিব নিজৰ নিজৰ বিষয়ত অতি দক্ষ৷
আমি দুটামান বিশেষ সমস্যাৰ সমাধানত বুদ্ধিজীৱীৰ ভূমিকা কেনে হ’ব পাৰে চাব পাৰোঁ৷ ধৰা হওক, উগ্ৰপন্থীৰ সমস্যাটো৷ বুদ্ধিজীৱীসকলে প্ৰথমে নিজৰ বুদ্ধিৰে উগ্ৰপন্থী সমস্যাটোৰ মূল কাৰণবোৰ বিচাৰি উলিয়াব৷ তাৰ পিছত ক’ব যে সেই কাৰণবোৰ সমাজৰ পৰা নোহোৱা কৰি দিলেই উগ্ৰপন্থীৰ সমস্যাও নোহোৱা হ’ব৷ দিল্লীয়ে অসমক শোষণ কৰি থকাৰ কাৰণে যদি কিছুমান যুৱকে অস্ত্ৰ ধৰিছে তেনহ’লে দিল্লীৰ শোষণ বন্ধ কৰাৰ উপায় উলিয়াব পাৰিলেই উগ্ৰপন্থী নোহোৱা হ’ব৷ নিবনুৱা সমস্যাৰ কাৰণে যদি কিছুমানে অস্ত্ৰ ধৰিছে — সকলোকে চাকৰিৰ ব্যৱস্থা কৰি দিব পাৰিলেই উগ্ৰপন্থীৰ সমস্যা শেষ! — বুদ্ধিজীৱীসকলে এনেদৰে বিচাৰি উলিওৱা কাৰণবোৰ সমাজত বৰ্তি থকাৰ কাৰণে উগ্ৰপন্থী থাকিব৷ তেওঁলোকে নিৰ্দোষী মানুহ-দুনুহো গুলীয়াই মাৰিব, কিন্তু পুলিচৰ হাতত উগ্ৰপন্থী মৃত্যু হ’লে পুলিচ সমালোচিত হ’ব৷ যুক্তি — উগ্ৰপন্থীৰ হাতত মানুহ মৰিবই, তেওঁক উগ্ৰপন্থী বোলা হৈছে সেই কাৰণে, কিন্তু যিসকল উগ্ৰপন্থী নহয়, যেনে পুলিচ, তেওঁলোকৰ হাতত মানুহ অৰ্থাৎ উগ্ৰপন্থী মৰিব কিয়? — যি নহওক, সমাজত এতিয়া উগ্ৰপন্থীও আছে, পুলিচো আছে, বুদ্ধিজীৱীও আছে৷
ধৰা হওক, বানপানী সমস্যাটো৷ বানপানীৰ কাৰণ আৰু তাক নিয়ন্ত্ৰণ কৰা উপায় সম্পৰ্কে বিশদভাৱে জনা বান বিশেষজ্ঞই তৈয়াৰ কৰা আঁচনি এখন লাগিব৷ আঁচনিখন তৈয়াৰ কৰিবলৈ যথেষ্ট ধন লাগিব৷ সেই ধন মঞ্জুৰ কৰিবলৈ শাসনাধিষ্ঠিতসকলৰ আগ্ৰহ তথা সদিচ্ছা লাগিব৷ এনেকুৱা এটা প্ৰেক্ষাপটত অসমৰ বানপানী সমস্যাত বুদ্ধিজীৱীৰ ভূমিকা কি হ’ব? কাৰণ বুদ্ধিজীৱীসকল বান বিশেষজ্ঞ নহয়, বানপানী ৰোধৰ আঁচনিত ধন দিব পৰা ৰাজনৈতিকভাৱে ক্ষমতাশালী ব্যক্তিও নহয়৷ তেওঁলোকে মাত্ৰ বান-আক্ৰান্ত হেজাৰজন দুৰ্ভগীয়াৰ লগতে চিঞৰিব পাৰে — অসমক বান সমস্যাৰ পৰা বচাওক বুলি৷
সমাজত নৈতিকতাৰ অৱক্ষয় হৈছে৷ ভ্ৰষ্টাচাৰ হৈছে৷ দুৰ্নীতি হৈছে৷ ভোগৰ লিপ্সা বাঢ়িছে৷ ভোগৰ বাবে কৰিবলগা পৰিশ্ৰমৰ আগ্ৰহ কমিছে৷ — এই গোটেইবোৰ ‘বেয়া’ নোহোৱা কৰি সমাজখন শান্তিৰ কৰিবলৈ, নীতিৰ কৰিবলৈ বুদ্ধিজীৱীসকলৰ বুদ্ধিয়ে আমাক কেনেকৈ সহায় কৰিব?
গোষ্ঠীয়ে গোষ্ঠীয়ে নিজৰ বাসভূমি বিচাৰিছে, ভাষা বিচাৰিছে, ধৰ্ম বিচাৰিছে, ঐতিহ্য পৰম্পৰা বিচাৰিছে৷ কোনেও বেলেগকৈ নিবিচাৰি সকলোৱে একেলগে এক হৈ থকাৰ আগ্ৰহ এটা সকলো গোষ্ঠীৰ জনসাধাৰণৰ হৃদয়ত জগাবলৈ বুদ্ধিজীৱীসকলে কেনেকৈ সহায় কৰিব? বুদ্ধিজীৱীৰ কথাত বা পৰামৰ্শত শাসকে কাম কৰে নে? নকৰে৷ কৰিলে সকলোৱে বুদ্ধিজীৱীজনৰ নাম ল’ব৷ শাসকে নিজৰ নাম হ’বলৈ নিদি বুদ্ধিজীৱীৰ নাম হ’বলৈ দিবনে? গতিকে বুদ্ধিজীৱীয়ে খুব বেছি জনমত এটা গঢ়ি তুলিব পাৰে৷ কিন্তু আজিকালিৰ শাসকে জনমতলৈ কেৰেপ নকৰে৷ কাৰণ জনমতলৈ কেৰেপ নকৰা শাসককো যথাসময়ত জনসাধাৰণে ভোট দি জয়যুক্ত কৰে৷ গতিকে শাসকৰ একোলৈ ভয় কৰিবলগা নাই৷ মানুহৰ সমাজত খেতিয়কে খেতি কৰিব, ইঞ্জিনীয়াৰে দলং, ৰাস্তা-পদূলি তৈয়াৰ কৰিব, শিক্ষকে পঢ়াব, ছাত্ৰই পঢ়িব, পুলিচে চোৰ-ডকাইত ধৰিব, আইন-আদালতে বিচাৰ কৰিব, ব্যৱসায়ীয়ে ব্যৱসায় কৰিব, কবিয়ে কবিতা লিখিব, গায়কে গান গাব ……, কিন্তু তাৰ মাজতে বুদ্ধিজীৱীয়ে কি কৰিব? যদিও তেওঁক আমি সমাজ-মেকানিক বুলিলোঁ, সমাজৰ প্ৰতিটো অংগৰ মেৰামতি বা আদৰ-যত্নৰ বাবে বিশেষজ্ঞ লোক আছে৷ বুদ্ধিজীৱী একোজন কোনো বিষয়ত বিশেষজ্ঞ হ’বও পাৰে৷ কিন্তু বুদ্ধিজীৱী মাত্ৰেই বিশেষজ্ঞ নহয়, বিশেষজ্ঞ মাত্ৰেই বুদ্ধিজীৱী নহয়৷ তেনেহ’লেচোন বুদ্ধিজীৱীও হ’ল সমাজৰ ৰঘুমলা! সমাজক নানা তৰহৰ বুদ্ধি-পৰামৰ্শ দিয়াৰ নামত ব্যৱহাৰিক একো কাম নকৰি বুদ্ধিজীৱীয়েও এনেয়ে ওপৰতে ৰস চুহি খায়৷


Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!