সমাধি কোণত পৃথিৱীখন শুই আছিল (ভাৰ্গৱজ্যোতি বৰা )
আৰু সমাধি কোণত
পৃথিৱীখন শুই আছিল
হে সূর্য্য সেই পথেৰে প্ৰস্থান কৰা
য’ত বিৱৰ্ণ গোৰোহাৰ মানুহবোৰে খোজকাঢ়ে
সমগ্ৰ দুপৰীয়াটো জুৰি
সীমান্তত বাজে
উঁইচিৰিঙাৰ মাত
ৰাতি যিবোৰ শব্দই
আমাক শুবলৈ নিদিয়ে
সেই গাহৰি সময়বোৰ পাছফালে বান্ধি লৈছো
এই জুই শীতল ৰাতিবোৰ
পাৰ হৈ যাবলৈ
বহুযোজন বাট
তেজত শামুক
আমি যিবোৰ পৰ্বতৰ চূড়াত গীত গাওঁ
তাতে সূৰ্য্য শোৱে৷