সম্পাদকলৈ চিঠি (অজয়লাল দত্ত)

বছৰটোৰ প্ৰভাৱশালী ব্যক্তি বা বৰ্ষটোৰ ব্যক্তিৰ নিৰ্বাচন

টিভিৰ পৰ্দাত বছৰটোৰ প্ৰভাৱশালী ব্যক্তি, আটাইতকৈ জনপ্ৰিয় ব্যক্তি আদিৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰসংগত এটা কথা উনুকিয়াই দিব খুজিছোঁ। তালিকাত মনোনীত কৰা ব্যক্তিসকলে বিগত বছৰটোত ৰাইজৰ মাজত সামূহিক উন্নতি বা সামাজিক বিকাশৰ বাবে কৰা বিশেষ দহটা কৰ্মৰ তালিকা বা সবিশেষো তুলি ধৰিব লাগে। বিগত বৰ্ষটোত কৰা কামৰ ভিত্তিতহে বৰ্ষটোৰ ব্যক্তি খিতাপ প্ৰদান কৰিব লাগে। যিহেতু সকলো ব্যক্তিৰে এই কথাবোৰ সবিশেষ জনাৰ উপায় নাথাকে, সেয়ে প্ৰতিযোগিতা বা এনে সমীক্ষা পাতি এচ.এম.এচ বা অনলাইন যোগে ভোটদান কৰিবলৈ আহ্বান কৰা ৰাইজক এই কৰ্মসূচী আৰু তাৰ সাৰ্বজনীন প্ৰভাৱৰ কথা বিশ্লেষণ কৰি উপস্থাপন কৰিব লাগে। দহটা কামৰ তালিকা দিব লাগিব বুলি কথা নাই। এটাৰ পৰা আৰম্ভ কৰি এনে প্ৰভাৱ পেলোৱা দহোটা পৰ্যন্ত কামৰ বিৱৰণ দিলে ৰাইজে বিচাৰ কৰিবলৈ সুবিধা পাব। নহ’লে এবাৰ কোনোবা এটা কামৰ বাবে জনপ্ৰিয়তা পোৱাৰ পাছতে একেবোৰ মানুহৰে প্ৰতিবাৰেই এনে মনোনয়নৰ তালিকাত প্ৰতিবছৰেই নাম আহি থাকে। আৰু ফলত এই বছৰটোত নতুনকৈ সুন্দৰ পদক্ষেপ লোৱা বা ভাল কাম কৰা সকল বা কামবোৰ ৰাইজৰ অলক্ষিতেই থাকি যায়।

আৰু এনে সমীক্ষা বা মনোনয়নৰ তালিকা প্ৰস্তুত কৰাৰ বাবে জিলাভিত্তিত বা ব্লকভিত্তিত ব্যতিক্ৰমী বা ইতিবাচক কাম কৰি থকা নীৰৱ কৰ্মীসকলৰো খা-খবৰ বছৰজুৰি গোটাই থকাটো জৰুৰী। আৰু এনে ভাল কামৰ বছৰজোৰা পৰ্যবেক্ষণ আৰু আঁৰত লুকাই থকা সকলকো একে মঞ্চত চিনাকি কৰাই দিয়াৰ এক ধাৰাবাহিক প্ৰক্ৰিয়াই আচলতে প্ৰচাৰৰ অভাৱত “নিজৰ কৰ্ম বা উদ্ভাৱনীৰ ফলত প্ৰভাৱশালী হৈ উঠিব নোৱৰা সকলকো” সহায় কৰা হ’ব আৰু বৰ্ষটোৰ ব্যক্তি হোৱাৰ বাবে নতুন নতুন লোকৰ নাম মনোনয়নৰ তালিকালৈ আহিব। ভাল কামবোৰৰ প্ৰচাৰ হ’ব আৰু সমাজৰ আন সকলেও এনে সমাজলৈ ইতিবাচক প্ৰভাৱ পেলোৱা কৰ্মত ব্ৰতী হ’বলৈ প্ৰেৰণা লাভ কৰিব। এনে পৰিকল্পিত প্ৰক্ৰিয়াৰে বৰ্ষটোৰ ব্যক্তি বা প্ৰভাৱশালী ব্যক্তি নিৰ্বাচন কৰিলে সৰ্বস্তৰক স্পৰ্শ কৰা সৰ্ব-গ্ৰহণযোগ্য ব্যক্তিৰ নিৰ্বাচন হয়তো অধিক সুক্ষ্ম আৰু কাৰ্যকৰী ভাৱে কৰিব পৰা যাব।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!