সম্পাদকলৈ চিঠি (পৰেশ মহন্ত)
প্ৰিয় সম্পাদক,
সম্ভাষণ গ্ৰহণ কৰিব৷
প্ৰথমেই সাহিত্য ডট্ অৰ্গৰ ডিচেম্বৰ মাহৰ সংখ্যাটো ‘লোকভাষা’ বিষয়ক লিখনিৰে সজোৱা বাবে আপোনালৈ অভিনন্দন আৰু ধন্যবাদ৷ এইহেন মাটিৰ গোন্ধ থকা, ভাষাবিজ্ঞানৰ শিপা স্বৰূপ বিষয়টো বাচনি কৰি ভাষা জননীৰ সেৱাত কিছু হ’লেওঁ বৰঙণি যোগাব পৰা যাব৷ নিঃসন্দেহে আপুনি ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰী৷
বিষয়টো সম্পৰ্কে আমাৰ কিছু ক’বলগীয়া থকাত, সেইখিনি এই চিঠিৰ মাধ্যমেৰে উবুৰিয়াই দিলো৷
আধুনিক ভাষাবিজ্ঞানৰ মতে ভাষা সমাজৰ ভাববিনিময়ৰ এটা ব্যৱস্থা যাৰ কোনো ইন্দ্ৰিয়গ্ৰাহ্য বাস্তৱ ৰুপ নাই৷ যেতিয়াই মানুহে ভাষাৰ নীতি নিয়মলৈ বৰকৈ চকু নিদি কেৱল ব্যৱহাৰিক ক্ষেত্ৰত তাৰ স্বতস্ফুৰ্ত প্ৰকাশক গুৰুত্ব দিয়ে তেতিয়াই তাৰ প্ৰত্যক্ষ ৰুপ পৰিলক্ষিত হয়৷ বিমূৰ্ত ভাষাৰ এই মূৰ্তৰূপকেই ‘লোকভাষা’ বুলি একাংশই কয়৷ লোকভাষা শব্দটোত ‘লোক’ উপসৰ্গটো ‘ভাষাৰ বিকৃত ৰূপ’ অথবা ‘ক্ষুদ্ৰৰূপ’ হিচাপে ব্যৱহাৰ হোৱা নাই৷ ইয়াত ‘লোক’ শব্দটোৱে ‘প্ৰত্যক্ষ’ বুজাইছে৷ কোনো সংজ্ঞা বা তাত্বিকভাৱে নকবলৈ হ’লে, সাধাৰণ মানুহৰ মুখে মুখে উচ্চাৰিত আৰু ব্যৱহৃত ভাষাটোৱেই হৈছে লোকভাষা৷
আঞ্চলিক কাৰণত যিদৰে লোকভাষাৰ বৈচিত্ৰ্য সৃষ্টি হয়, তেনেদৰেই সমাজ- সংস্কৃতিৰ প্ৰেক্ষাপটতো এই বৈচিত্ৰ্য ফুটি উঠে৷ অঞ্চল অনুসৰি লোকভাষাৰ জনপ্ৰিয়তাৰ ৰূপভেদ থাকিলেও ভাষাবিজ্ঞানৰ দৃষ্টিত প্ৰতিটো লোকভাষাই সমানেই মূল্যৱান৷ সমাজকাঠামো বা সামাজিক পৰিস্থিতিয়ে ভাষাক ব্যাপকভাবে প্ৰভাবিত কৰে৷ ভাষাবিজ্ঞানী লিওনাৰ্ড ব্লুমফিল্ডৰ মতে, মানৱসমাজৰ ভাষাতাত্ত্বিক বৈচিত্ৰ্য্য জনবসতিৰ গভীৰতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আৰু ভাষাভাষীৰ পাৰস্পৰিক যোগাযোগৰ ব্যাপকতাৰ সৈতে সম্পৰ্কশীল৷
ভাষা এক চিৰন্তন পৰিৱৰ্তনশীল প্ৰক্ৰিয়া৷ মানুহৰ মুখে মুখে প্ৰচলিত ভাষাৰ ৰূপ অঞ্চলভেদে ভিন্ন হোৱা পৰিলক্ষিত হয়৷ বিভিন্ন অঞ্চলত প্ৰচলিত ভাষা তাৰ নিজ নিজ বৈশিষ্ট্যৰ আধাৰত গঢ়ি উঠিছে৷ প্ৰাচীনকালৰ পৰা এটা ভাষাতেই বিভিন্ন আঞ্চলিক ৰূপভেদ লক্ষ্য কৰা যায়৷ বিশ্বৰ বিভিন্ন ভাষাৰ দৰেই প্ৰাচীন ভাৰতীয় আৰ্য্য ভাষাসমূহৰো আঞ্চলিক পাৰ্থক্য মন কৰিবলগীয়া৷ বিশ্বৰ সৰ্বাধিক প্ৰচলিত ভাষা ইংৰাজীকে আদি কৰি সকলো আধুনিক ভাষাতে লোকভাষাৰ পয়োভৰ বিদ্যমান৷ পৃথিৱীৰ প্ৰাচীন আৰু আধুনিক সকলো ভাষাৰে এই বৈচিত্ৰ্য্য অতি মনমোহা৷
অঞ্চলভেদে যিদৰে একেটা ভাষাতেই পাৰ্থক্য পৰিলক্ষিত হয়, ঠিক তেনেদৰে সমাজৰ সামাজিক স্তৰভেদৰ ফলতো একেটা ভাষাত পাৰ্থক্য দেখা যায়৷ একে অঞ্চলৰ এজন পণ্ডিত, মৌলৱী, উকীল, নেতা, শ্ৰমজীৱী, অপৰাধী আদিৰ ভাষাৰ ক্ষেত্ৰত পাৰ্থক্য মন কৰিবলগীয়া৷
মানুহৰ ভাষাজ্ঞান তথা ভাষাৰ ব্যৱহাৰ কেতিয়াও একধৰণৰ লোকভাষাৰ মাজত সীমাবদ্ধ নাথাকে৷ বিভিন্ন পৰিস্থিতি তথা পৰিবেশত মানুহে নানা অঞ্চলৰ বা সমাজৰ বিভিন্ন স্তৰত কথা পাতিবলৈ গৈ একেটা ভাষাকে বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰে৷ এইক্ষেত্ৰত স্বাভাৱিকতেই ভাষা ব্যৱহাৰকাৰীজনক পৰিয়াল, সামাজিক ষ্টেটাছৰ গণ্ডী, বা কেতিয়াবা নিজে সচৰাচৰ ব্যৱহাৰ কৰা ভাষাৰ গণ্ডীৰ পৰা ওলাই আহিব লগা হয়৷ সেইবাবেই সমাজিকভাৱে জীৱন যাপনৰ প্ৰচেষ্টাত কিছুক্ষেত্ৰত ভাষাভঙ্গী আৰু ৰীতি নীতি পৃথক হয়৷ ইয়াক বহুতে ব্যক্তিভাষা বুলিও কয়৷ এই ব্যক্তিভাষাৰ লোকভাষাৰ ক্ৰমবিকাশত এক শক্তিশালী ভূমিকা আছে৷ ব্যক্তিভাষা গঢ়ি উঠিছে বিভিন্ন আঞ্চলিক তথা সামাজিক উপভাষা, লোকভাষাৰ সংমিশ্ৰণত আৰু কালক্ৰমত ই সমাজ জীৱনৰ এক অঙ্গ হৈ পৰিছে৷ মানুহ যি সমাজত বাস কৰে, তাৰ সামাজিক প্ৰেক্ষাপটে মানুহজনৰ/জনীৰ ভাষাৰীতি নিৰ্ণয় কৰে৷ আৰু মানুহৰ মনস্তাত্ত্বিক গঢ়ন, বাগযন্ত্ৰৰ ধৰণ অনুসৰি সৃষ্টি হয় ভাষাৰ মনোমোহা বৈচিত্ৰ্য৷ এই লোকভাষাত প্ৰতিলক্ষিত হয় লোকজীৱনৰ সভ্যতা, ইতিহাস আৰু সংস্কৃতি৷ অসমীয়া ভাষাৰ বৈচিত্ৰ্য্য থাকিলেও শব্দবৈচিত্ৰ্য্য, প্ৰবাদ, ফকৰা যোজনা, গীত মাত আদিত প্ৰচলিত লোকভাষাই সকলোকে ক’ৰবাত একেডাল ডোলেৰে বান্ধি ৰাখিছে৷ একেই অসমী আইৰ অভ্যন্তৰত থকা লোকভাষাৰ উদ্যানত যেন শতপুষ্পৰ বিকশিত ৰূপ৷
লোকভাষাৰ প্ৰয়োগত দুই ধৰণৰ ভিন্নতা দেখা যায়৷ চহৰ সংলগ্ন অঞ্চলৰ ভাষা আৰু প্ৰান্তীয় অঞ্চলৰ ভাষা৷ ভাষাত চহৰ সংলগ্নতা যিমানেই কম হয়, সিমানেই ভাষাটোৰ মৌলিকতা তথা প্ৰাচীনৰূপ পৰিলক্ষিত হয়৷ ইয়াৰ লগতে এনে ভাষাত প্ৰাকৃতিক আৰু সামাজিক জীৱনযাত্ৰাৰ প্ৰভাৱ জড়িত হৈ থাকি ইয়াক আমাৰ অন্তৰাত্মাৰ সৈতে জড়িত কৰি তোলে৷ লোকজীৱনৰ এই দৈনন্দিন কথনশৈলীয়ে ভাষাটোক কৰি তোলে নিচেই আপোন৷
এনে বিভিন্ন উপাদানে আমাৰ লোকভাষাক মহীয়ান কৰি তুলিছে৷ সমাজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে এই লোকভাষাৰ ৰস এনেদৰে সোমাই পৰিছে যে এতিয়া ই হৈ পৰিছে এক স্বত: স্ফুৰ্ত প্ৰক্ৰিয়া৷ সমাজ থকালৈ লোকভাষা থাকিবই৷ এতিয়া সময়ৰ আহ্বান কেৱল ইয়াক এক ধনাত্মক দিশলৈ আগুৱাই নিয়াৰ৷
আশা কৰো, আমাৰ ক’বলগীয়াখিনিয়ে সম্পাদকৰ লগতে পাঠক সমাজৰো দৃষ্টি আকৰ্ষণ কৰিব৷
ধন্যবাদেৰে-
পৰেশ মহন্ত