সম্পাদকলৈ চিঠি [ডিচেম্বৰ,২০১৪ সংখ্যা] -(হেমেন্দ্ৰ কুমাৰ বৰি)

 

প্ৰতি

সম্পাদক,

সাহিত্য ডট্‌ অৰ্গ

 

নমস্কাৰ গ্ৰহণ কৰিব। অসমৰ অন্যতম চহকী জনগোষ্ঠী, মিচিং সকলৰ স্বকীয় পৰিচয়ক দেশ আৰু বিশ্বৰ ৰাইজৰ আগত চিনাকি কৰি দিবৰ বাবে অহৰহ্ প্ৰচেষ্টা চলায় থকা এজন ব্যক্তি, পৱিত্ৰ কুমাৰ পেগু ডাঙৰীয়াৰ বিষয়ে কিছু কথা আপোনাৰ জৰিয়তে সাহিত্য ডট্ অৰ্গৰ পাঠকলৈ আগবঢ়াব বিচাৰিছোঁ ।

hemendra kumara bori_letter to editor

তেখেতে বিগত বহু বছৰ ধৰি মিচিং লোক সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যথেষ্ঠ নিষ্ঠাৰে কাম কৰি গৈছে । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত প্ৰচাৰিত “কাৰ্পুমপুলি” শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে নিজৰ সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰা পৱিত্ৰ কুমাৰ পেগুৱে নিৰলস ভাৱে গীত-নাটক-তথ্যচিত্ৰ-উপন্যাস আদিৰ যোগেদি মিচিং সকলৰ লোককলাক ৰাইজৰ আগলৈ উলিয়াই দিয়াৰ কাম কৰি আহিছে। মিচিং সকলৰ উৎপত্তি,জীৱিকা,ধর্ম্ম বিশ্বাস,সংস্কৃতি,ভূমিসমস্যা,অর্থনৈতিক সমস্যা আদিৰ বর্ণনাৰে নির্মিত ‘মিচিং সকলৰ জীৱন আৰু সংস্কৃতি’ শীর্ষক পূর্ণদৈর্ঘ্যৰ তথ্যচিত্ৰ খনিৰ সহকাৰী সংগীত পৰিচালক হিচাপে মিচিং নৃত্য-গীতৰ সংযোজন কৰি ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপক সংগীত পৰিচালক শ্বেৰ চৌধুৰীৰ সতে কাম কৰা পৱিত্ৰ কুমাৰ পেগুৰ অন্য এক উল্লেখনীয় অৱদান হ’ল –মিচিং ভাষাত নিৰ্মিত প্ৰথমখন কথাছৱি “মিগাঙ”ৰ পৰিচালনা ।অন্যহাতে গৌতম বৰাৰ দ্বাৰা পৰিচালিত তথা ৩৯ সংখ্যক ৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত নন্ ফিচাৰ ফিল্ম আৰু অ’ডিঅ’গ্ৰাফী’ শাখাত ক্ৰমে স্বৰ্ণকমল আৰু ৰজতকমল বিজয়ী ‘ছনছ্ অৱ্ আবতানিঃ দ্য মিচিংছ’ ছৱিখনৰো সহকাৰী পৰিচালক হিচাপে তেওঁ কাম কৰিছিল।ইয়াৰ ওপৰিও তেওঁ অন্য কেবাখনো তথ্যচিত্ৰ যেনে – ‘গিনমুৰ অৗচাৰ’, ‘গ্লিম্পছেছ অৱ্ মিচিং ৰিলিজিয়াছ বিলিফছ্’, ‘দ্য লিগাং’ , ‘শ্বহীদ কমলা মিৰি’, ‘মিচিং সমাজত বিয়া নাম’, ‘ধর্ম্মীয় বিশ্বাসত মিচিং সমাজ’ আদিৰ পৰিচালক, সহ-পৰিচালক সংগীত পৰিচালক তথা চিত্ৰ-নাট্যকাৰ হিচাপে অৰিহণা যোগাইছে।ড০ ভূপেন হাজৰিকাৰ “মিৰিজীয়ৰী” শীৰ্ষক কথাছৱিত সহকাৰী পৰিচালক হিচাপে কাম কৰা সূত্ৰে তেওঁ সুধাকৰৰ সান্নিধ্যলৈ আহিছিল।

অন্যহাতে মিচিঙৰ পৰিচয় জ্ঞাপক ‘গুমৰাগ নৃত্য’ উত্তৰণৰ ববে চর্চা,অনুশীলন,ৰাজ্য‍িক ভিত্তিত কর্মশালা আদি অনুষ্ঠিত কৰি বি‍জ্ঞান সন্মত বিশ্লেষণৰ দ্বাৰা ঢোলৰ নির্দ্দিষ্ট ছেও,চাপৰ,বোল আৰু বস্ত্ৰালংকাৰ পৰিধানৰ নির্দ্দেশনা প্ৰস্তুতিৰ এক ব্যাপক পদক্ষেপৰ লগতে ‘মিচিং দৃৰবৃ কৗবাং’ৰ অভিযানৰ তেওঁ নেতৃত্ব বহন কৰি আছে ৷ মিচিং সংগীতত পূর্বতে প্ৰচলিত আৰু অধুনালুপ্তপ্ৰায় অনেক সুষিৰ বাদ্যৰ অন্যতম ‘অৗজুক তাপুং’ পুনৰুদ্ধাৰৰ বাবেও তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে৷‘মিচিং সমাজ সংস্কৃতিৰ ৰেঙনি’ নামৰ গ্ৰন্থৰ জৰিয়তে তেওঁ এইসকলো সাংস্কৃতিক তথ্যক আলোচনা কৰাৰ লগতে শেহতীয়াকৈ হেৰাই যাবলৈ ধৰা পুৰণি মিচিং লোকসংগীতসমূহ, যিবোৰ কেৱল পুৰোহিত বা মিবু সকলৰ মাজতহে জনাজাত, সেইবোৰক সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ কামত ব্ৰতী হৈছে । মিচিং সংস্কৃতিৰ ৰং-বিৰঙী স্বকীয় লোক-কলা সমূহ অধিক উজ্জল আৰু শুদ্ধ ৰূপত দাঙি ধৰিবলৈ‍ অহৰহ চেষ্টা কৰা পৱিত্ৰ কুমাৰ পেগুৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি ভাৰত চৰকাৰৰ পর্য্যটন আৰু সংস্কৃতি বিভাগৰ সাংস্কৃতিক মন্ত্ৰালয়ে ‘এ ষ্টাডি অৱ্ দ্য ফক ছংছ এণ্ড মিউজিকেল ইন্সট্ৰুমেণ্টছ’ বিষয়ত গৱেষণা কৰিবৰ বাবে তেওঁক জলপানি প্ৰদান কৰিছে, যিটো সমগ্ৰ ৰাজ্যৰ বাবেই সুখবৰ। কলা-স্ংস্কৃতি-লোককৃষ্টিৰ সাধনাৰে সমাজৰ উৎকৰ্ষ সাধনৰ বাবে দৃঢ় মনোৰথ এইজনা ব্যক্তিৰ আদৰ্শ আমাৰ সকলোৰে বাবে প্ৰেৰণা হোৱা উচিত ।

ইতি

হেমেন্দ্ৰ কুমাৰ বৰি

মহকুমা কৃষি বিষয়া

বিশ্বনাথ মহকুমা, শোণিতপুৰ

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!