সম্পাদকীয়

ব্যৱসায় পৰিচালনা পাঠ্যক্ৰমত দুটা বৰ গুৰুত্বপূৰ্ণ বিষয় আছে। এটা হৈছে সময় পৰিচালনা আৰু আনটো হৈছে আঁচনি পৰিচালনা। সময় অমূল্য ধন। অবাবত এটা মুহূৰ্তও নষ্ট কৰা উচিত নহয়। সদায় শুনি অহা এই আপ্তবাক্যশাৰীক উপলব্ধি নকৰি আমি প্ৰায়েই সময়ৰ সদ্‌ ব্যৱহাৰ নকৰো। কিন্তু সময় পৰিচালনাৰ উপযুক্ত জ্ঞান নাথাকিলে কোনো মানুহেই জীৱনত সফল হ’ব নোৱাৰে। দৃষ্টিভংগীৰ ভিন্নতা ভেদে সফলতাৰ আকৃতি ভিন্ন হব পাৰে, কিন্তু সফলতাৰ লগত সুখী হোৱাৰ কথাটো এটা মুদ্ৰাৰ দুটা পিঠি। আনহাতে উপযুক্ত আঁচনি অবিহনে সময়ৰ শুদ্ধ পৰিচালনা অসম্ভৱ। হাতত থকা সময়খিনিত কেনেকৈ আগবাঢ়িম, কি কৰিম, তাৰ বাবে লাগিব উপযুক্ত আঁচনি আৰু সময়ৰ সঠিক ব্যৱহাৰৰ সদিচ্ছা। ইংৰাজী অভিধানৰ Who, Where, When, Why, What আৰু How শব্দকেইটা যাক ব্যৱসায় পৰিচালনাত 5W1H সংক্ষিপ্ত ৰূপৰ সূত্ৰ বুলি জনা যায় সেইয়া মাথোঁ ব্যৱসায় পৰিচালনাতে নহয়, জীৱনৰ খোজে-খোজে প্ৰয়োজনীয়। (এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা আহে, সেয়া হৈছে ব্যক্তিত্বৰ বিকাশৰ প্ৰসংগ। মানুহৰ চিন্তাশক্তিৰ দক্ষতা নাথাকিলে টাইম মেনেজমেণ্ট আৰু প্লেনিং মেনেজমেণ্ট সঠিককৈ কৰিব নোৱাৰে। )

সম্প্ৰতি সময় দুঃসময়। অতিমাৰী কৰ’নাৰ গ্ৰাসত সমগ্ৰ পৃথিবীয়েই জৰ্জৰিত হৈছে। বৃহৎ পুঁজিপতি গোষ্ঠী দুই এটাক বাদ দি সৰহভাগ ব্যৱসায়ীয়েই লোকচানৰ সমুখীন হৈছে। বহু মানুহেই কৰ্ম সংস্থাপন হেৰুৱাই পেলাইছে। শিক্ষাৰ্থীৰ শিক্ষাগ্ৰহণ ব্যৱস্থাত যতি পৰিছে। কিন্তু তথাপিও যোৱা ছমাহে কৰ’নাৰ সৈতে যুঁজি লকডাউনত আবদ্ধ হৈ সাময়িক হতাশ হৈয়ো আমি নিৰাশ হোৱা নাই। জানো ৰাতিৰ শেষত দিন হোৱাৰ দৰে ভাল দিন আহিব। আকৌ আগৰ দৰে সকলো হ’ব। নহলেও বিকল্প পথৰ সন্ধান ওলাব। সময় সাপেক্ষে পৰিৱৰ্তন আৱশ্যক হৈ পৰে। এই আৱশ্যকতাক সঠিক মাত্ৰা দিবলৈয়ে আমাক দৰকাৰ ধনাত্মক দৃষ্টিভংগীৰ। এনে দৃষ্টিভংগীৰেই এই দুঃসময়ৰ কালতো সৰহলোকেই সময়ৰ সদ্‌ ব্যৱহাৰ কৰিছে। যদি কোনোবাই সৃষ্টিশীল কামত মনোনিবেশ কৰিছে, আন কোনোবাই অৰ্থনৈতিক নিৰাপত্তাৰ সঠিক সন্ধান কৰিছে, আৰু যিয়ে সময়ৰ সঠিক ব্যৱহাৰ কৰিবপৰা নাই নিশ্চিতভাবেই জীৱনৰ দৌৰত ক’ৰবাত পিছপৰি আছে।

আচলতে মানুহৰ জীৱনত আগবাঢ়িবলৈ ধনাত্মক দৃষ্টিভংগীৰ খুবেই দৰকাৰ।

ই অকল ব্যক্তিকেন্দ্ৰিক উত্তৰণৰ বাবেই যে উপকাৰী সেয়া নহয়, সমাজজীৱনৰ ভাৰসমতাৰ বাবেও ধনাত্মক দৃষ্টিভংগীৰ অতিকৈ প্ৰয়োজন। মানুহৰ চিন্তাশক্তিক নতুন মাত্ৰা দি ধনাত্মক দৃষ্টিভংগীয়ে বিষাদ, অৱসাদৰ পৰা আঁতৰাই আমাৰ জীৱন পোহৰাই তোলে। মানুহৰ ব্যক্তিত্বৰ প্ৰকাশৰ প্ৰধান চালিকাশক্তিয়েই হৈছে দৃষ্টিভংগী। দৃষ্টিভংগীয়েই চিন্তাশক্তিক নিয়ন্ত্ৰণ কৰি মানুহ এজনক চিনাকি কৰাই দিয়ে। মানুহৰ আত্মপ্ৰকাশৰ প্ৰধান মাধ্যম কথনভংগীকো দৃষ্টিভংগীয়ে নিয়ন্ত্ৰণ কৰে।

কথনভংগীয়েই মানুহ এজনৰ প্ৰতি আমাক আকৰ্ষিত কৰে, সন্মান বঢ়াই তোলে অথবা মানুহৰ মানসিকতা উদঙাই হতাশ কৰি তোলে। কিন্তু সাম্প্ৰতিক সময়ৰ সমাজ জীৱনলৈ চালে কেতিয়াবা সাময়িক হতাশা আহি যোৱা পৰিলক্ষিত হয়। মাজে-মাজে ভাব হয় যে আমি বাৰু ক’লৈ গৈ আছো। সভ্যতাৰ অগ্ৰগতিৰ লগে-লগে সমান্তৰালকৈ আমি বাৰু পিছলৈহে গৈ আছো নেকি! আজিকালি উচ্চশিক্ষাৰ ডিগ্ৰীধাৰী মানুহৰ সংখ্যা বাঢ়িছে। পিছে সঁচাকৈয়ে শিক্ষিতৰ সংখ্যা বাঢ়িছেনে। সাক্ষৰ মানেইতো শিক্ষিত নহয়।

প্ৰায়েই অভিযোগ শুনা যায়, ‘আজিকালি সমাজখন বেয়া হ’ল’, ভাল মানুহ নাই। টিভিত নিউজ চাব নোৱৰা হ’লোঁ, ভাল নিউজ নাই। আনকি ফেচবুকো কৰিব নোৱৰা হ’লোঁ, সৱ ফালেই মাথোন বিতৰ্ক। এইদৰে উত্থাপিত অভিযোগবোৰৰ সত্যতা বাৰু প্ৰকৃততে কিমান! সততে দেখা যায় যে জনা-শুনা মানুহবোৰৰ উদাসীনতা, অনীহাৰ ফলত প্ৰকৃত সমাধানৰ উপায় ওলোৱাৰ বিপৰীতে এচাম বিবেচনাহীন বা স্বাৰ্থজড়িত মহলক স্বাৰ্থসিদ্ধিৰ সুবিধা প্ৰদান কৰি থকা হয়। যিদৰে বৃহৎ পুঁজিপতি গোষ্ঠীসমূহে আমি কি চাবোন ব্যৱহাৰ কৰিম, কি ৰঙৰ চোলা পিন্ধিম, কেনেকৈ থাকিম আদি নিৰ্ধাৰণ কৰাৰ লেখিয়াকৈ সম্প্ৰতি দেশৰ মিডিয়া হাউচ আৰু বৌদ্ধিক মহলেও আমি কি চিন্তা কৰিম, কেনেদৰে চিন্তা কৰিম তাক আওপকীয়াকৈ নিৰ্ধাৰণ কৰে যেন লাগে। আমিও সেই মতেই চাবলৈ আৰম্ভ কৰোঁ। উদাহৰণস্বৰূপে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ খৱৰে সমগ্ৰ দেশকে জোকাৰি গ’ল। শোকত সমগ্ৰ দেশ ভাঙি পৰিল। দেশৰ প্ৰায় সকলো সংবাদ মাধ্যমে খবৰটোলৈ ৰমৰমীয়া ব্যৱসায় কৰিলে। আমাৰো ‘টিনএজাৰ’ সকলৰ পৰা জেষ্ঠ সকলোৱে ফেচবুক টুইটাৰত শোক প্ৰকাশ কৰিলে। অথচ ঋণৰ বোজা ব’ব নোৱাৰি কিমান অসহায় কৃষকে আত্মহত্যা কৰিলে, হয়তো সেই কথাটো কোনেও বৰকৈ গুৰুত্ব সহকাৰে নল’লে। যেন সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ খৱৰে আমাক পাহৰাই পেলালে দেশৰ সৰ্ববৃহৎ অৰ্থনৈতিক অৱক্ষয় জিডিপি হ্ৰাসৰ খবৰটো। আমিও গৰম গৰম খৱৰৰ দৰে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খৱৰটোৰে মিডিয়াই যিধৰণে ব্যস্ত কৰি ৰাখিব খুজিলে আমি ব্যস্ত হৈ থাকিলোঁ। ৰমৰমীয়া বজাৰখনত আমি মাথোঁ পণ্যৰ দৰে বিক্ৰী হোৱা খৱৰটো লৈয়েই মনোৰঞ্জন কৰি থাকিলোঁ। তাৰফলত আমাৰ বাবে গৌণ হৈ পৰিল বহুত বিষয়। হয়তো এইটোৱেই আমাৰ ভুল। কোনোবা ন্যস্তস্বাৰ্থ মহলে বিচৰাৰ দৰে আমাৰ চিন্তাশক্তি প্ৰকাৰান্তৰে আনৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে। সঁচা ক’বলৈ গ’লে বৰ্তমান আমাৰ সমাজখনৰ অৱস্থাটো টিভিৰ টক শ্ব’বোৰৰ লেখিয়াহে হৈছেগৈ। অৰ্থাৎ বিষয়বস্তুৰ চিন্তা-চৰ্চা ঠিকেই হয়গৈ, কিন্তু কোনোকালেই সমাধানৰ সঠিক দিশ নোলাইগৈ। কাচিৎ কোনোবাই সন্ধান কৰিব খুজিলেও এচামে চিঞৰ বাখৰ কৰি বিষয়টো তল পেলাবৰ চেষ্টা কৰে। আৰু আমাৰ অধিকাংশ নিৰপেক্ষ মানুহ বিৰক্ত হৈ আলোচনা সিমানতে শেষ কৰি পেলাবলৈ উঠি পৰি লাগে। আৰু ইয়াতেই আমাৰ ক্ষয়িষ্ণু সমাজৰ অসহিষ্ণু আচৰণ আৰু পলায়নবাদী মনোভাৱৰ প্ৰকাশ পায়।

গণশিল্পী ভূপেন হাজৰিকাই গাইছিল, ‘সমালোচনাৰ অগনিৰে পুৰি মোকো কৰা উন্নত।’ সম্প্ৰতি দেখা যায় যে মানুহে গঠনমূলক সমালোচনালৈ আগ্ৰহী নহয়। মাথোঁ তোষামোদহে বিচাৰে। এয়া সাংঘাতিক ক্ষতিকাৰক। শেহতীয়া প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে দেখিম যে বহু উচ্চশিক্ষিত লোকেই কোনো বিষয়ৰ গভীৰতালৈ নগৈ তোষামোদ কৰি সমাজলৈ প্ৰায়েই ভুলবাৰ্তা প্ৰেৰণ কৰে।

ঘৰৰ চাৰিবেৰৰ বাহিৰ ওলোৱাৰ পিছতে প্ৰতিটো বিষয় পুংখানুপুংখকৈ ভাবি চোৱা দৰকাৰ। সেয়াই সচেতনতা। শিক্ষা মাথোঁ আনুষ্ঠানিকভাৱেই নহয়, অনানুষ্ঠানিক উপায়েৰে জীৱনে অহৰহ শিকাই থাকে।

আচলতে কোনবোৰ কথা ভাল¸ কোনবোৰ কথাৰ চৰ্চাই উন্নতিৰ পথ দেখুৱাব পাৰে সেইয়া চিন্তাৰ খোৰাক হোৱাটো নিতান্তই জৰুৰী। এইখিনিতে প্ৰশ্ন আহিব যে আচলতে কোনবোৰ কথা ভাল। ভালৰ সংজ্ঞা কি? আপোনাৰ ভালটোৱেই মোৰ বাবেই ভাল বিষয়নে? মই ভবা ভালটো প্ৰকৃততে সৰ্বজনীননে? ভালৰ সৰ্বজনীন সংজ্ঞা আচলতে সমাজ আৰু সমাজৰ বাসিন্দাসকলৰ বাবে কেনে ধৰণৰ হোৱা উচিত?

যিবোৰ কথাই আমাৰ মন মগজুক জোকাৰি ভাবিবলৈ বাধ্য কৰায়¸ সেইবোৰ কথাই ভাল। কাম এটা কৰাৰ আগতে¸ কথা এষাৰ কোৱাৰ আগতেও ভাল-বেয়া দুয়োটা দিশেই ফঁহিয়াই চোৱাটোৱেই হৈছে ধনাত্মক দৃষ্টিভংগীৰ লক্ষণ। ধনাত্মক দৃষ্টিভংগীয়ে প্ৰতিটো কথাৰ পৰাই শিক্ষা ল’ব খোজে। বিবেকে ভাল বুলি কোৱাখিনি গ্ৰহণ কৰি বেয়াখিনি এৰি দিয়ে।

কেতিয়াবা কিছুমান কথা, কিতাপ, চিনেমাই মানুহৰ মন-মগজু চুই যায়। মানুহ মাত্ৰেই এই উপলব্ধি সকলোৰে হয়। বলিউডৰ চুপাৰহিট চিনেমা ‘জয় হৌ’ত এটা ধুনীয়া বাৰ্তা আছিল, ‘কাৰোবাক ধন্যবাদ জনোৱাৰ সলনি তিনিজন লোকক সহায় কৰা আৰু তেওঁলোকক কোৱা আগলৈ আৰু তিনিজনক সহায় কৰিব।’ এই মহান বাৰ্তাটোৱে নতুন ধুনীয়া মানুহৰ সমাজ এখনৰ সপোন দেখুৱাইছিল। কিন্তু আজিৰ স্বাৰ্থপৰ পৃথিৱীত কোনেও কাকো সহায় কৰিবও নোৱাৰে কৰোঁ বুলি¸ কিন্তু আত্মোপলব্ধি, দৃষ্টিভংগীৰ সংশোধন কৰিবলৈ অৱশ্যেই পাৰে।

এইখিনিতেই আচলতে ভাল-বেয়া কথাবোৰ সমাৰ্থক হৈ পৰে। অৰ্থাৎ মই কৰা কাম এটা মোৰ অভিধানমতে ভাল হ’ব পাৰে। কিন্তু সেই একেটা কথাই আনৰ বাবে বেয়া হ’বও পাৰে। সেইখিনিতেই প্ৰশ্ন হয় আচলতে ভাল কোনটো আৰু বেয়া কোনটো। ভাল বা বেয়াৰ সংজ্ঞা কি?

এই সমগ্ৰ কথাই আচলতে আপেক্ষিক। যদি আমি নিজৰ স্বাৰ্থসিদ্ধি কৰিবলৈ যাওঁতে দেশৰ অথবা দহৰ ক্ষতি হয়, সেয়া নিশ্চয়েই ভাল নহয়। আমাৰ কৰ্মৰ যোগেদি আনৰ ভাল কৰিব নোৱাৰিলেও কাৰো ক্ষতি নহ’লে অথবা সমাজৰ উন্নতিৰ ক্ষেত্ৰত একো অন্তৰায়ৰ সৃষ্টি নকৰা কথাটোৱে হয়তো কিছুপৰিমাণে ভালৰ মানদণ্ড নিৰূপণ কৰে। পিছে আমি হলো জীৱশ্ৰেষ্ঠ প্ৰাণী। সেই কথাটোকেই সাৰোগত কৰি সমাজ তথা প্ৰতিজন সামাজিক প্ৰাণীৰ উন্নতিত আমি নিজ কৰ্মৰ যোগেৰে অৰিহণা যোগোৱা কথাটোতেই আচলতে লুকাই আছে ভালৰ সংজ্ঞা, ভাল মানুহৰ সংজ্ঞা। মন আৰু মগজুৰ উচিত ব্যৱহাৰে এনেধৰণৰ ভাল কাম কৰিবলৈ আমাক উদগনি যোগায়। তাতেই লুকাই থাকে ভালৰ সংজ্ঞা, নীতি আৰু নিহিত উদ্দেশ্য।

সেয়েহে যদি প্ৰত্যেকেই প্ৰতিটো বিষয়ৰ গুৰুত্ব বুজি মতপ্ৰকাশ কৰিবলৈ শিকে, যদি নিজৰ দায়িত্ব, কৰ্তব্যৰ প্ৰতি সচেতন হবলৈ শিকে, প্ৰতিটো কথাকে ধনাত্মক দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰে হয়তো এদিন আমি গৌৰৱেৰে ক’ব পাৰিম, আমি এখন আধুনিক, সাংস্কৃতিক তথা মৌলিক সমাজৰ নাগৰিক বুলি। বেয়া সময়খিনি সোনকালে আঁতৰি যাওক, সকলোৰে ভাল হওক, সেই কামনাৰে –

ধন্যবাদেৰে-

সম্পাদক

সাহিত্য ডট অৰ্গ

3 thoughts on “সম্পাদকীয়

  • September 25, 2020 at 4:12 pm
    Permalink

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • September 26, 2020 at 5:02 pm
    Permalink

    সময়োপযোগী সম্পাদকীয়

    Reply
  • October 13, 2020 at 10:48 am
    Permalink

    আপোনাৰ লিখনিটো পঢ়ি নথৈ উপকৃত তথা আনন্দিত হ’লো। ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!