সম্পাদকীয় – অভিজিত দত্ত

পুৱা বেলাৰ কথা৷ কাউৰীয়ে ‘কা’ কৰাৰ পিছতেই সিহঁতৰ হাহাকাৰ লাগে৷ শীতৰ নিহালিখন আৰু পুৱাৰ চিকুণ ঘুমটি এৰি আপোনাৰ বা মোৰ গালি-গালাজ, বুজনি অথবা মৰমত নিজকে সমৰ্পণ কৰি নিগনিৰ দৌৰত সিহঁত ব্যস্ত হৈ পৰে৷

হয়, আমাৰ নতুন প্ৰজন্মৰ কথা কৈছো৷ কান্ধত স্কুলৰ বেগটো ওলোমাই লৈ সেই পুৱাই চকু মোহাৰি বিদ্যালয়লৈ ওলাই যোৱা কণমানিটো আমাৰ সন্তান, ভাগিন, ভতিজা অথবা প্ৰতিবেশীৰ পুত্ৰ বা পুত্ৰী৷ সেইযে পুৱাই বিদ্যালয়লৈ বাট বুলিলে, তাতেই জানো সিহঁতৰ দায়িত্ব শেষ? নিশ্চয় নহয়৷ বিদ্যালয়ৰ পৰা ঘূৰি অহাৰ পিছতো ঘৰুৱা টিউচন অথবা কোনো বিশেষ খেলত নিজকে নিয়োজিত কৰি সন্ধিয়া পৰত ঘৰলৈ ঘূৰি আহি সিহঁত হ’মৱৰ্কত ব্যস্ত হৈ পৰে৷ এটা সময়ত হামিয়াই-হিকটিয়াই ভাতমুঠি খাই সিহঁত বিছনাত পৰে৷

মোৰ ল’ৰাটো বা ভাগিন-ভতিজাটোক দেখিলে মই মোৰ স্মৃতি ৰোমন্থন কৰিবলৈ আৰম্ভ কৰো৷ সেই যে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়ত মুখ ধুই উঠি ডাঙৰ ডাঙৰকৈ নেওতা আওৰাইছিলো! পুৱাবেলা মায়ে পাকঘৰত ৰান্ধি দিয়া গৰম ভাত আৰু আলু-কণীৰ লাড়ুটোৰে দুগৰাহ মুখত দি বিদ্যালয়লৈ ওলাইছিলো! সেই সময়ত বিদ্যালয়ৰ বিৰতিৰ সময়ত আমি বনবগৰী, সিজোৱা জলফাই অথবা নীলা, হালধীয়াৰঙী বৰফৰ টেঙা- মিঠা স্বাদেৰে জিভাখনত সোৱাদ লগাইছিলো৷ আবেলি পৰত বিদ্যালয়ৰ পৰা উলটি আহি কেতিয়াবা পথাৰত সমনীয়াৰ সতে ৰবাব টেঙাৰ বল খেলিছিলো৷ অথবা বিদ্যালয় বন্ধ থাকিলে সিহঁতৰ সৈতে কেঁচু-কুমটি বিচাৰি লৈ বৰশী এটাত টোপ লগাই মাছটোৱে টোপটো খোট মৰালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিলো৷ বৰশীৰ পুঙাটো আছিল আমাৰ আশাৰ প্ৰতীক৷ ফুট গধূলি থাপনাৰ সন্মুখত প্ৰাৰ্থনা কৰি নেদেখাজনৰ সতে একাত্ম হৈ পৰিছিলো৷ তামোল খাই সেলেঙি লগোৱা আইতাৰ কোচত মূৰ থৈ আকাশখনলৈ চাই আছিলো আমাৰ বহল চোতালখনৰ পৰা৷ ‘সাতভাই’ (সপ্তৰ্ষি মণ্ডল) আৰু হাতীপটিৰ সাধুকথাই আমাক কঢ়িয়াই নিছিল কোনোবা মায়াময় দেশলৈ৷ জোনবাইৰ গাত লাগি থকা তুলসী গছডাল চাই চাই আইতাৰ সতে আওৰাইছিলো সেই অপৰূপ গীত-

“তুলসীৰ তলে তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই ধনুকাড় মাৰে৷”

হয়তো সেই সময়তেই আপোনাৰ বা মোৰ ব্যক্তিত্বৰ বিকাশ ঘটিছিল৷ পিতৃ-মাতৃৰ শাসন আছিল যদিও একে সময়তেই তেওঁলোকে আমাক সমাজ খনৰ সতে অথবা সামাজিক পৰিবেশটোৰ সতে একাত্ম হবলৈ উৎসাহ প্ৰদান কৰিছিল৷ হয়তো সেই সময়তেই এক শিশু হিচাবে বিকশিত হবলৈ আৰম্ভ কৰিছিল আমাৰ অন্তৰ্নিহিত ক্ষমতা৷ সেই সময় আছিল আমাৰ সম্ভাব্য বিকাশৰ৷ ভৱিষ্যত জীৱনৰ প্ৰচুৰ সম্ভাৱনীয়তা তথা গতিশীলতাৰ হয়তো সেয়াই আছিল প্ৰথম সোপান৷

পিছে আজিৰ শিশু অথবা চেমনীয়াসকলে আমাৰ দৰে এনে এটা পৰিবেশত ডাঙৰ-দীঘল হোৱাৰ সুবিধাকণ পোৱা কথাটো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰেহে হব৷ বিভিন্ন প্ৰয়োজনত যৌথ পৰিয়ালসমূহ একক পৰিয়াললৈ সলনি হৈছে৷ পুৱাৰ পৰা নিশাৰ শেষ ক্ষণটোলৈ আমি আমাৰ সন্তানৰ দায়িত্বত নিয়োজিত হবলগীয়া হৈছে৷ এইয়া যে প্ৰতিযোগিতাৰ দৌৰ! মধ্যবিত্ত মানসিকতাৰ অধিকাংশ অভিভাৱকে মাথোঁ এটা চিন্তাতেই সময় খৰচ কৰিছে৷ নিজৰ সন্তানটোক কেনেদৰে মানুহ কৰিব পৰা যায়?

এই মানুহ কৰিব পৰা কথাটোত দৰাচলতে লুকাই আছে আমাৰ ভৱিষ্যত জীৱনৰ স্বপ্ন৷ মানুহ হবলৈ অহৰ্নিশে বোজা জাপি দিয়া শিশুটোৰ ওপৰত এই স্বপ্নই প্ৰকৃততে কোনো প্ৰভাৱ নেপেলায়৷ কাৰণ শিশুটোক অকল নিজৰ জীৱনৰ সুনিশ্চিত ভৱিষ্যত সম্পৰ্কে ভাবিবলৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে বাধ্য কৰা হয়৷ ইয়াতেই আচল সমস্যাটোৰ সৃষ্টি হ’য়৷ সুনিশ্চিত ব্যক্তিগত জীৱনৰ সোপান ৰচনা কৰাৰ দ্বাৰা আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আৱশ্যকীয় গুণসমূহ যেনে ন্যায়নিষ্ঠতা, যুক্তিনিষ্ঠতা তথা মানৱীয় প্ৰমুল্যবোধৰ ধাৰণাক কিমানখিনি গুৰুত্ব প্ৰদান কৰিছো? এই বিশেষ গুণসমূহৰ বীজ আমি তেওঁলোকৰ মনত অথবা মস্তিষ্কত ৰোপণ কৰিব পাৰিছোনে? ভৱিষ্যত প্ৰজন্মৰ সামাজিক যোগ্যতা তথা অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা আমি সচাকৈয়ে সিচি দিব পাৰিছোনে তেওঁলোকৰ চিন্তা-ধাৰা আৰু কৰ্মৰাজিত?

হয়তো পৰা নাই৷ আমি মাত্ৰ এটা কথাত গুৰুত্ব আৰোপ কৰিছো৷ কেনেদৰে আমি আমাৰ সন্তানক শিক্ষা প্ৰদান কৰি এটা চাকৰিৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিব পাৰো৷ হয়, এনে এটা চাকৰিয়ে এই শিশুটিক স্বাচ্ছন্দ্য জীৱন এটা উপভোগ কৰাত সহায় কৰিব৷ পিছে সেই চাকৰি অথবা জীৱিকাৰ পথ সুনিশ্চিত কৰিবলৈ আমি শিশুটিৰ ওপৰত বোজা একোটা জাপি আছো নেকি? সেই বোজাই শিশুটিৰ মানসিক উত্তৰণৰ পথত লাহে লাহে হেঙাৰ হৈ পৰিছে নেকি?

সমাজখনৰ উন্নতিৰ বাবে অথবা শিশুটিৰ ব্যক্তিগত উৎকৰ্ষ সাধনত আমি কিমান উৎসাহ যোগাব পাৰিছো, সেয়া নিশ্চয় বিচাৰ্যৰ বিষয়৷ আমি প্ৰদান কৰা তথাকথিত জ্ঞানৰ ভাণ্ডাৰে আজিকোপতি কোনোধৰণৰ সমাজকেন্দ্ৰিক উদ্দেশ্য সফল কৰি তুলিব পৰা নাই৷ এটা দুটা ক্ষেত্ৰত অথবা এজন দুজন অভিভাৱকৰ ক্ষেত্ৰত অৱশ্যে ওপৰোক্ত বিষয়সমূহে গুৰুত্ব লাভ কৰিছে৷ কিন্তু বেছিভাগ ক্ষেত্ৰতেই শিশু আৰু চেমনীয়াসকলে ভৱিষ্যত গঢ়াৰ নামত আহুকালতহে পৰিছে৷

প্ৰকৃত মানুহ গঢ়াৰ পৰিবেশ এটাৰ সৃষ্টি কৰি লোৱাৰ অন্তৰালত জীৱন গঢ়াৰ সামৰ্থ্যতা আৰু সুনাগৰিকতাৰ বিষয়টো ওতঃপ্ৰোত ভাবে জড়িত হৈ থাকে৷ এই ক্ষেত্ৰত আমি আমেৰিকাৰ প্ৰখ্যাত দাৰ্শনিক জন ডিউইৰ ধাৰণাটো সমৰ্থন কৰিব পাৰো৷ ডিউইৰ Democracy and Education নামৰ গ্ৰন্থখনত প্ৰতিজন ব্যক্তিয়ে শিল্প বিষয়ৰ সামৰ্থ্যতা আৰু সুনাগৰিকতা অৰ্জন কৰা আৱশ্যক বুলি তেওঁ মত প্ৰকাশ কৰিছে‌৷ শিল্প বিষয়ৰ সামৰ্থ্যতা মানে তেওঁ জীৱন নিৰ্বাহৰ এক বৃত্তিক বুজাইছে৷ আনহাতে সুনাগৰিকতাৰ অবিহনে মানুহে মানুহৰ প্ৰতি ন্যায়, সুবিচাৰ আদি কৰিব নোৱাৰে বুলি এইগৰাকী মহান দাৰ্শনিকে তেওঁৰ মত ব্যক্ত কৰিছে৷ হয়তো আমাৰ সমস্যাটোৰো ইয়াতেই সৃষ্টি হৈছে৷ বেছিভাগ অভিভাৱকে জীৱন নিৰ্বাহৰ বৃত্তিক সৰলীকৰণ কৰিবলৈ ইচ্ছুক নহয়৷ সুনিশ্চিত ভৱিষ্যতৰ বাবে একান্তই আৱশ্যক ভালৰো ভাল বৃত্তি এটাত সন্তানক কেনেদৰে নিয়োজিত কৰিব পাৰি, সেই চিন্তাতেই অধিকাংশ অভিভাৱকে সন্তান অৰ্থাৎ বৰ্তমানৰ শিশু আৰু চেমনীয়াসকলৰ ওপৰত এক চাপৰ সৃষ্টি কৰিছে৷ সন্তানৰ দক্ষতা বা অৰ্হতাক বেছিভাগ ক্ষেত্ৰতই গুৰুত্ব দিয়া হোৱা নাই৷ তেওঁলোকৰো যে ভাল লগা বা বেয়া লগাৰ এক অনুভূতি থাকে, তাক প্ৰায়েই উলাই কৰা হৈছে৷ আমিৰ খান অভিনীত সেই ’থ্ৰি ইডিয়টচ’ৰ ’অলপ সূৰ্য্যৰ কিৰণ’ আৰু ’অলপ বৰষুণ বিচৰা’ যুৱকজনৰ দৰেই হয়তো শিশুটো অথবা চেমনীয়াজনে বিচাৰি আছে বছৰৰ প্ৰথম বৰষুণজাকত ভিজাৰ স্বাধীনতা, খৰাং বতৰত বৰষুণজাক পৰি নিৰ্গত হোৱা মাটিৰ গোন্ধ পোৱাৰ স্বাধীনতা অথবা সূৰুযৰ হেঙুলী আভা এমুঠি নিজৰ দেহত সানি লোৱাৰ স্বাধীনতা৷

এনে স্থলত আমাৰ কৰণীয় কি? কেনেদৰে অভিভাৱক হিচাবে আমি নতুন প্ৰজন্মক এটা সফল আৰু আদৰ্শ ভৱিষ্যত গঢ়াৰ উদ্দেশ্যে আকৰ্ষিত কৰিব পাৰো? মৰু সদৃশ প্ৰতিযোগিতাৰ বিশাল ক্ষেত্ৰখনত আমি জানো মৰূদ্যানৰ এটোপাল জল হৈ তেওঁলোকক নিৰ্ভয়তা প্ৰদান কৰিব নোৱাৰো? এইয়া এশ শতাংশই শুদ্ধ যে মই বা আপুনি সমাজৰ উঠি অহা ল’ৰা-ছোৱালীৰ শুভচিন্তক৷ কিন্তু আমাৰ অত্যাধিক শুভ চিন্তাই সিহঁতৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে নেকি? আকৌ এনে হবও পাৰে নেকি যে তেওঁলোকক আমি চাপমুক্ত কৰাৰ নামত বৰ্তমানৰ প্ৰতিযোগিতাৰ দৌৰত ’শহা আৰু কাছৰ দৌৰ’ নামৰ সাধুটোৰ শহাটোৰ লেখিয়া এলেহুৱা কৰি তুলিছো? অভিভাৱক হিচাবে অথবা উঠি অহা প্ৰজন্মৰ বাবে আমি কি কৰিব পাৰো? আমাৰ ভৱিষ্যত প্ৰজন্মক অহৰহ হেঁচা প্ৰয়োগ কৰি আত্মকেন্দ্ৰিক হিচাবে গঢ় দি তোলো নে তেওঁলোকৰ ব্যক্তিগত স্বাধীনতাক সঁহাৰি জনাই সেই শহাটোৰ দৰে গঢ়ি তোলো?

আচলতে ওপৰৰ কোনো এটা দিশেই আমাৰ সন্তানক প্ৰকৃত মানুহ হিচাবে কাহানিও গঢ় দি তুলিব নোৱাৰে৷ মানৱীয়তাৰ প্ৰমূল্যবোধ তথা তেওঁলোকৰ সম্ভাৱনীয়তা সমূহ উপলব্ধি কৰি এই নতুন প্ৰজন্মক গঢ়ি তোলাতহে লুকাই আছে আমাৰ আচল কৃতকাৰ্য্যতা৷ এক নিৰ্দিষ্ট পদ্ধতিৰ মাজেৰে তেওঁলোকৰ মানৱীয়তা আৰু সম্ভাৱনীয়তাসমূহ বিকশিত হোৱা নিতান্তই আৱশ্যক৷ হোমৱৰ্ক, খেলাধূলাৰ প্ৰশিক্ষণ দিয়াৰ লগে লগে আমাৰ নৱপ্ৰজন্মক তেওঁলোকৰ নিজা সম্ভাৱনীয়তাসমূহ সম্পৰ্কে অনুভৱ কৰাৰ এক পৰিবেশ সৃষ্টি কৰাত আমি গুৰুত্ব দিয়া আৱশ্যক হব৷ কাহিলী পুৱাই নিহালি এৰিবলৈ বাধ্য হোৱা সেই সৰলমতি শিশুক কৰ্তব্যনিষ্ঠাৰ পাঠ পঢ়ুৱাব লাগিব৷ হাজাৰ দায়িত্বৰ পিছতো নিশাৰ আকাশৰ তৰা গণিব পৰা, সেউজীয়া পথাৰৰ বাংময় সত্ত্বাক উপলব্ধি কৰিব পৰা অথবা নদীখনৰ বিশালতাক বুকুত সাৱটি লব পৰা পৰিবেশ এটা আমি তেওঁলোকৰ বাবে ৰচনা কৰিব লাগিব৷ ঠেটুৱৈ ধৰা জাৰত শতচ্ছিন্ন কাপোৰেৰে শীত খেদিবলৈ যত্ন কৰা পদপথৰ নিঃকিন মানুহটোৰ বেদনা উপলব্ধি কৰিব পৰা এখন উমাল হিয়াৰ জন্ম দিব লাগিব তেওঁলোকৰ হৃদয়ৰ অভ্যন্তৰত৷

হয়, আপোনাৰ, মোৰ অথবা আন কোনো এজনৰ সন্তানটো ভৱিষ্যত জীৱনত কৃতকাৰ্য্য হোৱাটো আমাৰ একান্তই কাম্য৷ পিছে সেই কৃতকাৰ্য্যতাৰেই জানো জীৱন এটা জুখিব পৰা যায়? জীৱন নামৰ বৃক্ষৰ সাৰ-পানী যোগান ধৰে মানৱীয় অনুভূতি আৰু প্ৰজ্ঞাবোধে৷ আকাশখনে সেই বৃক্ষক যোগান ধৰে ৰ’দ আৰু বৰষুণৰ৷

আমিও এখন আকাশ হৈ সামৰি লব পাৰো আমাৰ নৱ প্ৰজন্মক৷ খৰাং বতৰৰ এজাক বৰষুণৰ দৰে বিধৌত কৰিব পাৰো আমাৰ সন্তানক৷

আহক, আমি এবাৰৰ বাবে তেওঁলোকৰ কান্ধত হাতখন থৈ উচ্চাৰণ কৰো সেই আমোঘ শব্দ,-

“যি ঘটিছে, ভালৰ বাবেই ঘটিছে৷ যি হব, ভালৰ বাবেই হব৷ তুমিয়েই মোৰ ভৱিষ্যত৷ মই তোমাক বিশ্বাস কৰো৷”


অভিজিত দত্ত
সম্পাদক,
সাহিত্য ডট্ অৰ্গ
সপ্তম বছৰ, দশম সংখ্যা৷

◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆

Subscribe
Notify of

3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
হৰিপ্ৰসাদ কলিতা
3 years ago

সুন্দৰ অনুভৱ

অৰ্ণৱ
3 years ago

সুন্দৰ লেখা। পৰিবৰ্তনবোৰ বিবৰ্তনৰেই ফচল নহয় জানো! ইয়াৰ প্ৰভাৱ আমাৰ মানসিকতাত পৰিব পাৰে নেকি?

3 years ago

লিখনি বহুত ভাল লাগিছে

Copying is Prohibited!