সম্পাদকীয় (দিগন্ত কুমাৰ ভট্টাচাৰ্য)
কেইটিমান ভাবনাৰ ক’লাজ
‘আমোলমোল শেৱালিৰ গোন্ধ, যাওঁ বুলি যাবই নোখোজে চোন…’
অবিনাশ বৰাহঁত মুম্বাইত থাকে। অসমলৈ বছৰেকত এবাৰ বা দুবাৰ অহা হয়। বৰাৰ পিতৃ-মাতৃ বছৰত এবাৰ মুম্বাইলৈ গৈ এমাহ-দুমাহ থাকি আহে।
বৰাই লেপটপত পুৰণি গানবোৰ বজাই শুনায় দেউতাকক। ‘আমোলমোল শেৱালিৰ গোন্ধ, যাওঁ বুলি যাবই নোখোজে চোন…’ বৰাৰ দেউতাকৰ প্ৰিয় গীত। যোৱাবছৰৰ কথা ।
‘আস্, শেৱালিৰ আমোলমোল গোন্ধে শৰত অহাৰ বাতৰি দিয়ে। শৰত আহিলেই…’। গানটো শুনাৰ লগে লগে বৰাৰ দেউতাকে কৈ উঠে।
‘শেৱালি ফুল কি ককা? কেনেকুৱা দেখিবলৈ?’ সেয়া বুবুৰ প্ৰশ্ন। বুবু অবিনাশ বৰাৰ ছয়বছৰীয়া সন্তান।
‘এই মহানগৰত থাকি শেৱালি ক’ত চিনি পাবি বাৰু তহঁতে? আমাৰ গুৱাহাটীতে পাবলৈ নাই। অহাবাৰ তহঁত অসম গ’লে আমাৰ নলবাৰীৰ ঘৰৰ কাষতে থকা ডাঙৰ শেৱালি ফুলজোপা দেখুৱাম দেই তোক’।
এইবাৰ বৰাহঁত অসমলৈ যাওঁতে বৰাৰ দেউতাকে বুবুক এদিন শেৱালি দেখুৱাবলৈ লৈ গ’ল। কিন্তু তাত এতিয়া ফুলজোপা নাই। নতুনকৈ ঘৰ বন্ধাৰ কাম আৰম্ভ কৰিছে, সকলো ফুল-গছবোৰ কটা হৈছে।
এইবছৰ আকৌ বৰাৰ মাক-দেউতাক মুম্বাইলৈ আহিল। সিদিনা ওচৰৰ গণেশ পূজা এখনলৈ যাওঁতে বুবুৱে চিঞৰি উঠিল, ‘ককা, ককা…সেয়া শেৱালি ফুল!’।
ককাকে চালে, হয়তো ভিন ভিন ফুলৰ মাজত শেৱালি ফুল কেইটিমান জিলিকি আছে।
‘তই কেনেকৈ চিনি পালি অ’, বুবু?’
‘ময়েই ইন্টাৰনেটৰ পৰা শেৱালি ফুলৰ ফ’টো কিছুমান ডাউনল’ড কৰি প্ৰিন্ট-আউট লৈ তাক দেখুৱাইছোঁ’।’- অবিনাশ বৰাই মাত লগালে।
‘এই কম্পিউটাৰটোৱে মাজে মাজে বৰ ভাল ভাল কথাও শিকাই ও’ – ইন্টাৰনেটে অমূল্য সময় নষ্ট কৰি নতুন চামক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি থকা বৰাৰ দেউতাকৰ ধাৰণাটো পলকতে নি:শেষ হ’ল সেইদিনা।
‘মই তেজ দেখিলে ভয় নাখাওঁ….’
আকৌ বুবুৰ কথা…। দিনটোৰ বেছিভাগ সময় অনা-অসমীয়া মানুহৰ মাজত থকা বাবে বুবুই ভগা-ভগা অসমীয়াতহে কথা ক’ব পাৰে। দেখি-শুনি অসমীয়া ভাষাটো আৰু অলপ ভালকৈ শিকক বুলি বৰাই সেইকাৰণে টিভিত অসমীয়া চেনেল কেইটা বেছিকৈ লগায়। ইন্টাৰনেটতো অসমীয়া ই-পেপাৰ কেইখন দেখুৱাই ডাঙৰ ডাঙৰ আখৰেৰে লিখা হেডলাইন কেইটা মাতিবলৈ দিয়ে। ‘শিৱসাগৰত বোমা বিস্ফোৰণ…’। জোটাই জোটাই পঢ়িব লাগে বাবে ‘বিস্ফোৰণ’, ‘সাম্প্ৰদায়িক সংঘৰ্ষ’ আদি শব্দবোৰ পঢ়িবলৈ বুবুই বৰ কষ্ট পায়। ‘বিস্ফোৰণ’, ‘ধৰ্ষণ’, ‘গোষ্ঠীগত সংঘৰ্ষ’ আদিৰ দৰে শব্দবোৰ সদায় জটিল, কঠিন; কিন্তু ‘মৰম’, ‘ভালপোৱা’ আদিবোৰ সৰল, সুকোমল। তথাপিও কিয় জানো এই জটিল শব্দৰ প্ৰতিয়ে মানুহৰ আকৰ্ষণ বেছি- বৰাই ভাবে।
পাকঘৰত কাম কৰি থাকোতে সিদিনা হঠাতে বৰাপত্নীৰ হাতখন কাটিলে অলপ। তেজ ওলোৱা বহুদেৰিলৈ বন্ধ নোহোৱাত বৰাৰ টেনশ্যন বাঢ়িল। পত্নীক হ’স্পিটেললৈ লৈ গ’ল।
‘দেউতা, তুমি কিয় ইমান ভয় খাইছা?’ বুবুৰ প্ৰশ্ন।
‘দেখিছনে মাৰাৰ হাতৰপৰা কেনেকৈ তেজ ওলাই আছে…’
‘তুমি তেজ দেখিলে ইম্মান ভয় খোৱা? টিভিত, পেপাৰত সদায় মানুহৰ তেজবোৰ দেখায়…তেজ দেখিলে মই ভয় নাখাওঁ’।
‘এই টিভি, নিউজপেপাৰবোৰে ‘যা-তা’ নিউজ দেখুৱাই সৰু ল’ৰা-ছোৱালীৰ মূৰবোৰ নষ্ট কৰিলে। নিদিবা আৰু এইবোৰ তাক চাবলৈ..’ – বৰাপত্নীয়ে ভোৰভোৰালে।
পিছদিনা অসমীয়া চেনেল এটাত চিনাকি কবিতা এটি কোনোবাই আবৃত্তি কৰা শুনি বৰা লৰি আহিল। অন্তিম শয়নত সেয়া হীৰু দা! হীৰু দাৰ কবিতা ‘মোৰ প্ৰাণৰো প্ৰানৰ…মোৰ দেশ’ কোনোবাই আবৃত্তি কৰিছে। কাষতে বহি থকা বুবুক ক’লে বৰুৱাই-“ তোমাৰ ককাৰ প্ৰিয় গান ‘আমোলমোল শেৱালিৰ গোন্ধ’- এইজনা ককাই লিখিছিল। তেওঁৰ কবিতা আবৃত্তি কৰি আমি সৰু থাকোতে কিমান যে পুৰস্কাৰ পাইছিলোঁ।…আজি তেওঁ ঢুকাল। তেওঁক সেৱা এটি কৰা, বুবু…”। বুবুই কণমানি হাতদুখন যোৰ কৰি কপাললৈ লৈ গ’ল।
‘তুলসীৰ তলে মৃগ পহু চৰে….’
গুৱাহাটী চহৰত গগৈৰ দুটি ৰুমৰ সৰু ফ্লেটটো। চাৰিজনীয়া পৰিয়ালটোৰে সৰু ফ্লেটটোত থাকিবলৈ কেতিয়াবা কিছু কষ্ট অনুভৱ নকৰা নহয়। দত্ত গগৈৰ কাষৰ ফ্লেটটোতে থাকে। গগৈৰ ঘৰত মাজে মাজে সৰু-সুৰা ‘পাৰ্টি’ হয় – ৩১ ডিচেম্বৰ, দুৰ্গা পূজা আদিত। দত্তই আকৌ এইবোৰ বেয়া পায়। ‘থাৰ্টি ফাৰ্ষ্ট পালন কৰাৰ মানে কি? দুৰ্গা পূজাত কোটি কোটি টকা ব্যয় কৰাৰ যুক্তি ক’ত?’ -দত্ত আৰু গগৈৰ কথা কটা-কটি চলে।
পূজাৰ ব্যস্ততা, ভাগৰ মাৰ নাযাওঁতেই কাতি বিহুৰ আগমন ঘটে ‘সংগোপনে’। গগৈয়ে যোৱাবছৰ তেওঁলোকৰ সৰু বেলক’নিখনতে ডাঙৰ টাব এটিত তুলসী এডাল ৰুলে। বেলক’নিৰ চাঁদত চাকি ওলোমাই আকাশ বন্তি সাঁজিলে। কণমানি সন্তান দুটিৰ উৎসাহৰ সীমা নোহোৱা হ’ল। সন্ধিয়া একেলগে গালে -‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি….’। ….তাকে দেখি দত্তই আহি সুধিলে ‘বোলো গগৈ, আজি আগতীয়াকৈ দেৱালী যে…?’ দত্তই সোঁৱৰাই দিলে কাতি বিহুৰ কথা।
‘থাৰ্টি ফাৰ্ষ্ট পালনৰ দোষবোৰ কুৰুকি কুৰুকি উলিয়াই থাকোতে আমি পোন্ধৰ দিন পিছত অহা ভোগালী বিহুৰ কথা পাহৰি যাওঁ। দুৰ্গাপূজাৰ ব্যয়ৰ কথা চিন্তা কৰি মূৰ ঘমাই বক্তৃতা দি থাকোতে পূজাৰ আগে-পিছে অহা কঙালী বিহুটিক আদৰিবলৈ আহৰি নাপাওঁ, তুলসীৰ তলত এগছি বন্তি জ্বলাবলৈ সময়ৰ অভাৱ হয়। এনেকুৱাকৈ চলি থাকিলে আমাৰ আজিৰ শিশুহঁতে কিছুবছৰ পিছত বিহুৰ ৰচনাত কাতি বিহুৰ বিষয়ে লিখিব লাগিব – এসময়ত অসমত কঙালী নামেৰেও এটি বিহু আছিল…।” -গগৈয়ে ক’লে।
সামৰণিত দুআষাৰ:
“অসম তথা অসমীয়া জাতি, ভাষা-সাহিত্য আৰু সংস্কৃতি আজি ধ্বংসৰ গৰাহত। আজিৰ অসমৰ নবীন প্ৰজন্মৰ অসমীয়া জাতীয় চেতনাৰ প্ৰতি আকৰ্ষণ ক্ৰমাৎ লোপ পাবলৈ ধৰিছে।”-এই অভিযোগ যিকোনো সময়তে আমাৰ বহুতৰে মুখৰ পৰা এক উষ্ম হুমুনিয়াহৰ সৈতে বাহিৰ হয়। আচলতে আমাৰ তলৰ প্ৰজন্মৰ ওপৰত অভিযোগ ঠেলি দি কথাৰ ফুলজাৰি মৰাতকৈ অগ্ৰজ আমিবোৰে ইয়াৰ দোষ যেতিয়ালৈকে নিজেই মূৰ পাতি লৈ সমাধানৰ অৰ্থে আগনাবাঢ়ো, তেতিয়ালৈকে হয়তো এনে অভিযোগ বৰ্তি থাকিব চিৰদিন আৰু সঁচা অৰ্থত এদিন অসমীয়া সাহিত্য-সংস্কৃতি এনে এক গভীৰ গাঁতত পৰি ককবকাই থাকিব, যাৰ পৰা ইয়াক উদ্ধাৰ কৰাটো হ’ব অতিশয় জটিল আৰু কষ্টকৰ।
নতুন প্ৰজন্মক পোন বাটে আগুৱাই নিবলৈ হ’লে তাৰ সু-ব্যৱস্থা ল’ব লাগিব নিজৰ ঘৰখনতে। এই বিষয়ত নৱপ্ৰজন্মৰ অভিভাৱক সকলৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। আমাৰ জাতীয় সাহিত্য-সংস্কৃতিৰ কাৰণে যি শিক্ষা বা অভিজ্ঞতাৰ প্ৰয়োজন, সেয়া বিভিন্ন উৎসৰপৰা আয়ত্ব কৰিব পাৰি। আকৌ সেই একেই উৎসৰে থাকিব পাৰে অসংখ্য নেতিবাচক দিশ। কেবল নেতিবাচক দিশবোৰ লক্ষ্য কৰি, নেতিবাচক মনোভাবেৰে তৰ্ক-বিতৰ্কত লিপ্ত থাকোতে আমি প্ৰায়েই ইয়াৰ ইতিবাচক দিশবোৰৰ কথা পাহৰি যাওঁ বা ইতিবাচক দিশবোৰ বিচাৰি উলিওৱাত ব্যৰ্থ হওঁ। প্ৰতিজন অভিভাৱকেই নিজৰ সন্তানক প্ৰয়োজনীয় আৰু অপ্ৰয়োজনীয়ৰ মাজৰ পাৰ্থক্য দেখুৱাই এই শিক্ষাৰ আদিপাঠ নিজ ঘৰতেই আৰম্ভ কৰিব লাগিব। শিশুহঁতক আকাশৰ ‘টুইংকল টুইংকল লিটিল ষ্টাৰ’ দেখুৱাই আচৰিত কৰাৰ সময়তে কাষতে থকা জোনবাইটিলৈ চাই মোনা চিলাবৰ বাবে বেজী এটি কেনেকৈ খুজিব লাগে, দেখুৱাই দিব পাৰিব লাগিব। হেৰি প’টাৰক দোষ দি দি ভাগৰি পৰাতকৈ হেৰি প’টাৰৰ লগতে ‘গোটে কৰাই’ দিম বুলি বটা চৰাইজনীক ধান নাখাবলৈ ‘হুৰ হুৰ’কৈ খেদিবলৈ গোৱা কবিতা ফাঁকি শিকাই দিব লাগিব। আমাৰেই কৰ্মফল বুলি এটা এটা কাণতলীয়া চৰ হিচাপে ল’বলৈ আমি কুণ্ঠাবোধ কৰিলে নহ’ব যেতিয়া আমাৰ পিছৰ প্ৰজন্মই আমাক এদিন প্ৰশ্ন কৰিব, ‘আচলতে ‘বিষ্ণু প্ৰসাদ আগৰৱালা’ এজন নে দুজন ব্যক্তি?’ বা ‘গৰীয়সী কি নতুন ডিজাইনৰ অসমীয়া গহনাৰ নাম?’ অথবা ‘প্ৰান্তিক সাদিনীয়া নে দৈনিক?’।
শেষত, কলীয়া ডাৱৰ আঁতৰাই এইবেলি শৰতে অসমৰ আকাশ ফৰকাল কৰি অসমবাসীৰ মুখত ‘শেৱালি কোমল হাঁহি’ বিৰিঙাই তুলিব বুলি আমি আশা কৰিছোঁ। সমূহ পঢ়ুৱৈলৈ থাকিল শাৰদীয় শুভকামনা!
বিনম্ৰতাৰে-
দিগন্ত কুমাৰ ভট্টাচাৰ্য
(১৫ অক্টোবৰ’ ২০১২)
খুব ভাল লাগিল!!
সদায় দেখি থকা , শুনি থকা আৰু পঢ়ি থকা এটা বিষয়ক আৰ্কষণীয়ভাবে বুকুত সাঁচ বহি
যোৱাকৈ পুনৰ এবাৰ পঢ়িলো । লাহে লাহে বাঢ়ি অহা আমাৰ এই উল্লেখিত সমস্যাখিনিক
হৃদয়ংগম কৰিবলৈ দিয়াৰ বাবে সম্পাদক মহোদয়ক ধন্যবাদ জনালো ।
ক্লাচ ।
দিগন্ত, অতি সময় সাপেক্ষ সম্পাদকীয়। অতি সুন্দৰ।
হৃদয়ৰ গভীৰতালৈকে চুই গ’ল| একেই কথা একেই ভাব তথাপি তাৰ ইমান সাৱলীল প্ৰকাশ! এই সময়ত এই বতৰত ইয়াতকৈ সুন্দৰ সম্পাদকীয় আন ক’ৰবাত পঢ়িবলৈ পাম বুলি মনে নধৰে| ভাল লাগিল| সুখী সুখী লাগিছে মনটো| মুকলি আকাশখনৰ দৰে মনটোৱেওচোন বিশালতাক চুব খুজিছে| অভিনন্দন আপোনাক এই অৱদানৰ বাবে….
Awesome write-up dada..very true..superb read. thanks.
হৃদয় চুই গ’ল সম্পাদকীয়টোৱে| একেই কথা একেই ভাব তথাপি তাৰ ইমান সাৱলীল প্ৰকাশ! এই সময়ত এই বতৰত ইয়াতকৈ সুন্দৰ সম্পাদকীয় আন ক’ৰবাত পঢ়িবলৈ পাম বুলি মনে নধৰে| সুখী সুখী যেন লাগিছে মনটো| মুকলি আকাশখনৰ দৰেই মনটোও মুকলি মুকলি লাগিছে| এই অনুপম উপলব্ধিৰ পৰশ দিয়াৰ বাবে আপোনাক ওলগ জনাইছোঁ| শাৰদীয় শুভেচ্ছাৰে….
সুন্দৰ দিগন্তদা !! ভাল লাগিল ৷
সুন্দৰ সম্পাদকীয় |
গল্প গল্প লগা কথাৰে প্ৰবন্ধ এটাত থাকিব পৰাতকৈও অধিক কথা কিছুমানেৰে লিখা বাস্তৱধৰ্মী অনুভৱী সম্পাদকীয়টো পঢ়ি এখন উপন্যাসৰ জগতৰ পৰা ঘূৰি অহা যেন লাগিল। দুটা স্তৰৰ ব্যৱধানবোৰ আৰু এই ব্যৱধানবোৰৰ মাজতো কলা-কৃষ্টি, সাহিত্য-সংস্কৃতিক বচাই ৰখাৰ যি সুন্দৰ উপায় সম্পাদকে এই সম্পাদকীয়ৰ মাজত দিলে, সেয়া অসম আৰু উন্নতিকামী অসমীয়াসকলৰ বাবে নিত্যান্তই গুৰুত্বপূৰ্ণ হৈ পৰিব। এয়া নিসন্দেহে ‘সাহিত্য’ৰ শ্ৰেষ্ঠ সম্পাদকীয়।
বহুত সুন্দৰ হৈছে সম্পাদকীয়টো ,অভিনন্দন আপোনাক ।
সুন্দৰ সম্পাদকীয় ।
bhal lagil….sundor hoise….
অগতানুগতিক । কলমক জিৰণি নিদিবা। হেপাঁহেৰে…
সুন্দৰ৷ আপোনাৰ সম্পাদকীয়টো পঢ়ি বৰ আপ্লুত হ’লো৷ এৰা আমি বোৰে বাৰু যান্ত্ৰিকতাৰ চেপাত সোমাই গৈ আমাৰ ধুনিয়া ধৰণিখনৰ কথা, ঐতিহ্যৰ কথাবোৰ পাহৰি যাম নেকি?
তথাপিতো আমিও আশাবাদী৷ আপোনাৰ ভাষাৰেই— কলীয়া ডাৱৰ আঁতৰাই এইবেলি শৰতে অসমৰ আকাশ ফৰকাল কৰি অসমবাসীৰ মুখত ‘শেৱালি কোমল হাঁহি’ বিৰিঙাই তুলিব বুলি আমি আশা কৰিছোঁ।
‘‘সেই বুলি নুৰুমনেকি সোন্দাকলৰ পুলি’’
সম্পাদকীয় পঢ়ি ভাল পালো| বহুকেইটা বিষয় সাঙুৰি সুন্দৰকৈ সজাই আগবঢ়োৱা লিখনিৰ বাবে সম্পাদক ধন্যবাদৰ পাত্ৰ|
আমাৰ কেইটাৰ দৰে জন্মৰ পৰায়ে বাহিৰত থকা সন্তান থকা ৰাইজে এই দুখ ভালদৰে বুজি পাওঁ । বুবুৰটো তথাপিও ককাক আছিল, শেৱালিৰ কাহিনী কবলৈ । আমাৰ কেইটাৰতো সেয়ায়ো নাই । আমি নিজেও লাহে লাহে কাতি বিহু নেপালা হ’লো । এইয়া আজি বিহুৰ বতৰত ৰাতিৰ ডিউটি কৰি অফিচত বঢ়ি আছোহি ।
সম্পাদকীয়টো পঢ়ি বৰ ভাল পালো । নিজৰ কথায়ে কোৱাহেন লাগিল ।
Never in life felt worst than this – that I can’t write in Assamese about the wonderful work you are doing. At the same time, never felt so proud of knowing you and reading this wonderful work by you.
Impressed
আমাক আমনি দি থকা এনেবোৰ কথাৰ বিষয়ে দ’কৈ চিন্তা কৰি কিবা এটা কৰাৰ সময় এতিয়াও উকলি যোৱা নাই। আমিবোৰ এক নহওঁ কিয়? লেখাটোৰ বাবে ধন্যবাদ।
এতিয়াহে পঢ়িলো, সকলো মনৰ কথা আপোনাৰ সম্পাদকীয়ত প্ৰকাশ পোৱা দেখি মনটো ভাল লাগি গল। সুন্দৰ সম্পাদকীয়………….বহুদিনৰ মুৰত সৰুকালৰ সেই গীত কেইটি আপোনাৰ লেখাটিত প্ৰকাশ কৰা বাবে সলাঁগ নলৈ নোৱাৰিলো—-১) হুৰ হুৰ বটা চৰাই, মোৰ ধান নাখাবি তোক দিম গোটে কৰাই, ২) জোনবাই এ বেজি এটি দিয়া, বেজি নো কেলৈ মোনা চিলাবলৈ………………….মন ভৰি গল মোৰ।
শাৰদীয় সংখ্যাটি উত্তম হৈছে ৷
শাৰদীয় সংখ্যাটি উত্তম হৈছে ৷
toi je bhal likha, praman hol tor sampadakiat.Saroiwati, saroiwati !
আশাকৰো ভাল দিন আহিব ।
বহুত ভাল লাগিল……।। অত্যুত্তম!!!