সম্পাদকীয় – নাজিফ হাজৰিকা

 
আজিৰ পৰা প্ৰায় ১৯-২০ বছৰ আগলৈকে আমাৰ মানুহে আঞ্চলিক অথবা দেশ-বিদেশৰ খবৰবোৰৰ বাবে বাতৰি-কাকতৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছিল৷ ২৫ অক্টোবৰত হোৱা ঘটনাবোৰৰ বিষয়ে মানুহে ২৬ অক্টোবৰত প্ৰকাশ হোৱা বাতৰি কাকতখনৰ পৰাহে গম পাইছিল৷ আকৌ ২৫ অক্টোবৰৰ নিশা ১২ বজাত শেষ হোৱা ক্ৰিকেট খেলখনৰ খবৰৰ বাবে ২৭ অক্টোবৰৰ পেপাৰখনলৈ অপেক্ষা কৰিবলগীয়া হৈছিল৷ অৱশ্যে ইয়াৰ মাজতে ঘৰত টেলিভিশ্যন থকাসকলে DD National অথবা DD India-ত সম্প্ৰচাৰিত হোৱা ১৫ মিনিটৰ বাতৰি সংগ্ৰহ কৰিব পাৰিছিল ৷
বাতৰিকাকতত দিনটোৰ খবৰবোৰ আঞ্চলিক সংবাদদাতাই সংগ্ৰহ কৰি কাৰ্য্যলয়লৈ পঠিয়ায়৷ সেই খবৰবোৰেই সহকাৰী সম্পাদক, সম্পাদক আদিৰ চোকা দৃষ্টিৰ মাজেৰে জনগণৰ মাজলৈ ওলাই আহে৷ কেইবাজনো মানুহৰ চিন্তাধাৰাৰ মাজেৰে খবৰবোৰ ৰাইজৰ মাজলৈ ওলাই আহোঁতে যথেষ্ট মাৰ্জিত ৰূপত ওলাই আহে৷ নৃশংস হত্যাকাণ্ড এটাৰ বাতৰি প্ৰকাশ কৰোঁতে তাক ’নৃশংস হত্যাকাণ্ড’ বুলিয়ে লিখে, তাতকৈ বেছি সাধাৰণতে নিলিখে৷ হত্যাকাণ্ডৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰি ৰাইজৰ মনত অহেতুক সন্ত্ৰাসৰ সৃষ্টি কৰাৰ প্ৰয়াস নকৰে৷ ফলস্বৰূপে কথাবোৰ মাৰ্জিত হৈ থাকে৷ DD National অথবা DD India চেনেলকেইটাতো প্ৰায় একেই৷ যিহেতু দিনটোৰ খবৰ মাত্ৰ ১৫ মিনিটত দিবলগীয়া হয়, গতিকে খবৰবোৰ মাৰ্জিত হিচাপে ৰাইজৰ আগত প্ৰকাশ কৰে৷
লাহে-লাহে সংবাদ মাধ্যমলৈ নতুন নতুন চেনেলৰ আগমন ঘটিল, আকৌ মানুহৰ ঘৰে ঘৰে টেলিভিশ্যনো হ’ল৷ লগে লগে চেনেলসমূহৰ মাজত প্ৰতিযোগিতাৰ দৌৰ আৰম্ভ হ’ল৷ সংবাদকৰ্মীসকলৰ হাতে হাতে মাইক আৰু কেমেৰাৰ পয়োভৰ বাঢ়িল৷ যিকোনো ঘটনা থাওকতে কেমেৰাত বন্দী কৰিব পৰা হ’ল৷ কোনে কিমান সোনকালে খবৰবোৰ ৰাইজৰ আগত প্ৰকাশ কৰিব পাৰে, তাৰে প্ৰতিযোগিতা আৰম্ভ হ’ল৷ ফলত কেমেৰাত বন্দী ঘটনাবোৰ বিশেষ সম্পাদনা নকৰাকৈ ৰাইজৰ মাজত সোনকালে উলিয়াই দিয়াৰ প্ৰয়াস দেখা পোৱা গ’ল৷
চোৰ এটাক মৰিয়াই মৰিয়াই মৰা ঘটনা এটা যদি কেমেৰাত বন্দী হ’ল, তেন্তে তাক তেনেকৈয়ে ৰাইজৰ মাজলৈ উলিয়াই দিয়া হ’ল৷ আকৌ ধৰ্ষণৰ অপচেষ্টা কৰা কৰা ঘটনা এটা যদি কেমেৰাত বন্দী হ’ল, তেতিয়া তাক তেনেকৈয়ে ছবিবোৰ অলপ জিলমিল কৰি ৰাইজৰ আগত দেখুওৱা হ’ল৷ লাহে লাহে খবৰবোৰে মাৰ্জিত ৰূপ হেৰুৱালে৷ আগতে যদি ১০০জন মানুহৰ ৫জন বাতৰি-কাকত অথবা প্ৰিণ্ট মিডিয়াৰ লগত জড়িত আছিল, এতিয়া ১০০ জনৰ ১০ জনেই ইলেক্ট্ৰনিক মিডিয়াত জড়িত হৈ পৰিল৷ দেখা গ’ল, জনসাধাৰণৰ মাজৰ ১৫-২০ % ই সংবাদ মাধ্যমৰ লগত জড়িত৷ যিকোনো ক্ষেত্ৰতে মানুহ যিমানেই বেছি হয়, সিমানেই মতাদৰ্শৰ পাৰ্থক্যও বেছি হয়৷
লাহে লাহে স্মাৰ্টফোনৰ সময় আহিল৷ সমান্তৰালকৈ social media ৰ জালখনত ৰাইজ সোমাই পৰিল৷ কোনো কোনো ক্ষেত্ৰত দেখা গ’ল যে ইলেক্ট্ৰনিক মিডিয়ায়ো খবৰ সংগ্ৰহ কৰিবৰ বাবে social media-ৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰি দিলে৷ প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াত যিমান যি হ’লেও খবৰবোৰৰ ওপৰত সম্পাদক, প্ৰকাশক, স্বত্বাধিকাৰীৰ হস্তক্ষেপ কৰাৰ ক্ষমতা থাকে৷ কিন্তু social media-ত এজন ব্যক্তি নিজেই সাংবাদিক, নিজেই সম্পাদক, নিজেই প্ৰকাশক৷ নিজৰ মতাদৰ্শৰে সকলোৱে খবৰবোৰ নিজৰ মতে সজাই (কোনো কোনো ক্ষেত্ৰত বিকৃত কৰিও) ৰাইজৰ আগত উলিয়াই দিয়াৰ প্ৰয়াস কৰে৷ এটা সময়ত কিছুমান মুষ্টিমেয় ব্যক্তিৰ হাতত আবদ্ধ থকা সংবাদ মাধ্যম এতিয়া ৰাইজৰ হাতলৈ আহিল৷
আগতে মানুহে খবৰবোৰ পঢ়িছিল, টেলিভিশ্যনত চাইছিল৷ কিন্তু খবৰবোৰত অংশগ্ৰহণ কৰিব পৰা নাছিল ৷ এতিয়া মানুহে খবৰবোৰত অংশগ্ৰহণ কৰিব বিচাৰে৷ social media-ত প্ৰচাৰ হোৱা যিকোনো এটা খবৰত মানুহে মন্তব্যৰে নিজৰ নিজৰ মত প্ৰকাশ কৰে৷ আপাত দৃষ্টিত বৰ্তমান ১০০ জনৰ ৬০-৭০জন মানুহেই social media ত সক্ৰিয়ভাবে জড়িত৷ সকলোৱে নিজৰ নিজৰ মতাদৰ্শ সক্ৰিয়ভাবে প্ৰচাৰ কৰে৷ এতিয়া কথাটো হ’ল, কোনে কাৰ খবৰ শুনিব, কোনে কাক খবৰ দিব? social media-ত প্ৰচাৰ হৈ থকা হাজাৰ হাজাৰ খবৰৰ মাজত কোনটো সঁচা, কোনটো মিছা কোনে চাই থাকিব?
সংবাদ মাধ্যমে জনমত গঠন কৰাত শক্তিশালী ভূমিকা পালন কৰে৷ social Media ত সঁচা-মিছা, ভাল-বেয়া, মাৰ্জিত-বিকৃত সকলো ধৰণৰ খবৰেই উপলব্ধ৷ হাজাৰটা মতাদৰ্শৰ হাজাৰটা (সঁচা-মিছা মিহলি) খবৰে সুস্থ জনমত গঠন কৰিব নোৱাৰে৷ ফলত জনমত হৈ পৰে দিশহীন৷ এইধৰণৰ সমস্যা সমাধানৰ বাবেই প্ৰয়োজন হয় ৰাইজৰ ৰুচিবোধক উচ্চস্থান দি মাৰ্জিত আৰু নিৰ্মোহভাবে খবৰবোৰ ৰাইজৰ আগত প্ৰকাশ কৰা একোটা সংবাদ সংস্থা৷ Social media-ৰ দপদপনিৰ সময়তো ব্ৰিটেইনত BBC আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত CNN, Fox News আদি চেনেলে বছৰ বছৰ ধৰি নিজৰ স্থিতি মজবুত কৰি ৰাখিব পাৰিছে৷ জনগণৰ ৰুচিবোধ আৰু মাৰ্জিতভাবে খবৰ প্ৰকাশ কৰাৰ বাবেই জনগণৰ মনত এইবোৰ চেনেলে উচ্চস্থান লাভ কৰি আহিছে৷ সুস্থ জনমত গঠন হোৱাত বছৰ বছৰ ধৰি এইবোৰ চেনেলে শক্তিশালী ভূমিকা পালন কৰি আহিছে৷
বৰ্তমান সময়ত আমাৰ এই মুলুকতো প্ৰয়োজন হৈছে সুস্থ জনমত গঠন হোৱাত শক্তিশালী ভূমিকা পালন কৰিব পৰা এক শক্তিশালী সংবাদ সংস্থাৰ৷ যিয়ে ৰাইজৰ ৰুচিবোধলৈ গুৰুত্ব দি মাৰ্জিতভাবে সংবাদ প্ৰকাশ কৰে৷ নহ’লে Social Media-ৰ চাকনৈয়াত পৰি আমাৰ জনমত হৈ পৰিব পংগু আৰু গণতান্ত্ৰিক পদ্ধতিত পংগু জনমতে সদায় এটা জাতিৰ উন্নয়নৰ পথত বাধাৰ সৃষ্টি কৰি থাকিব৷ ■■

নাজিফ হাজৰিকা
সম্পাদক,
সাহিত্য ডট অৰ্গ
সপ্তম বৰ্ষ, অষ্টম সংখ্যা

8 thoughts on “সম্পাদকীয় – নাজিফ হাজৰিকা

  • November 17, 2018 at 10:40 pm
    Permalink

    সম্পাদকীয় পঢ়ি ভাল লাগিল৷

    Reply
  • November 18, 2018 at 3:03 pm
    Permalink

    সম্পাদকীয় পঢ়ি খুব ভাল লাগিল।

    Reply
  • November 18, 2018 at 6:01 pm
    Permalink

    সম্পাদকীয় কথাখিনি ভাল লাগিল।

    Reply
  • December 1, 2018 at 6:29 pm
    Permalink

    সুন্দৰ

    Reply
  • December 1, 2018 at 6:30 pm
    Permalink

    সাম্প্ৰতিক

    Reply
  • December 15, 2018 at 8:33 pm
    Permalink

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!