সম্পাদকীয় – নৱম বৰ্ষ, দশম সংখ্যা, আহাৰ ১৯৪২ শক
ভ্ৰমণ আজিৰ সময়ত বহুলোকৰ বাবে জীৱনৰ এটা অনন্য অংশ হৈ পৰিছে৷ ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ চাকনৈয়াত পৰি অৱসাদ, ব্যগ্ৰতা, মানসিক চাপ আদি আঁতৰাবলৈ ভ্ৰমণক বহুলোকে সৰ্বোত্তম আহিলা হিচাপে বাছি লৈছে৷ ইতিহাসৰ পাত লুটিয়ালে আমাৰ চকুত পৰে মাৰ্ক পল’, হিউৱেনচাঙ, ইবন বটুটা ইত্যাদি ইতিহাসপ্ৰসিদ্ধ ভ্ৰমণকাৰীসকলৰ দু: সাহসিক ভ্ৰমণ অভিযান৷ তুষাৰ গিৰিপথ, মৰু, সমুদ্ৰৰ গগনচুম্বী অতিক্ৰম কৰি সহস্ৰজনে সহস্ৰবাৰ পৃথিৱীৰ এটা অংশৰপৰা আন কোনো অংশলৈ যাত্ৰা কৰোঁতে এখন ঠাইৰপৰা আন এখনলৈ লগত কঢ়িয়াই নিছে কলা-সংস্কৃতি, সাহিত্য, ভাস্কৰ্য্য, বিজ্ঞান ইত্যাদিৰ পৃষ্ঠাজোৰা বাৰ্তা৷ যদিও আজিৰ যুগত বিজ্ঞান-প্ৰযুক্তিবিদ্যাই আমাৰ ভ্ৰমণশৈলী আৰু জীৱনযাত্ৰাক আগতকৈ যথেষ্ট সহজ কৰি তুলিছে তথাপি ভ্ৰমণৰ ইতিবৃত্ত কালক্ৰমত ক’ৰপৰা কেনেকৈ আৰম্ভ হৈ আগবাঢ়ি আহিছিল তাক আমি মনত ৰাখিবই লাগিব৷ স্বীকাৰ কৰাটো অনিবাৰ্য্য যে ভ্ৰমণে অকল মনলৈয়ে শান্তি নানে, ইয়াৰপৰা হোৱা ৰাজহ সংগ্ৰহে চৰকাৰক টনকিয়াল কৰে লগতে ভ্ৰমণস্থানবোৰৰ দাঁতিকাষৰীয়া ঠাইবিলাকৰ লোকসকলকো জীৱন নিৰ্বাহৰ ক্ষেত্ৰত সহায় কৰে৷ এইখিনিতে উল্লেখ কৰিব লাগিব আমাৰ দেশৰ কেইবাখনো ৰাজ্য যেনে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান, কেৰালা আৰু মেঘালয়ৰ ৰাজকোষৰ এটা অংশ ভ্ৰমণ আৰু পৰ্য্যটনেই শক্তিশালী কৰি আহিছে৷
আজিৰ যুগ ইণ্টাৰনেটৰ যুগ৷ সম্প্ৰতি চ’চিয়েল মিডিয়া আৰু ভ্ৰমণৰ যেন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠিস্বৰূপ হৈ পৰিছে৷ ফেচবুক, ইনষ্টাগ্ৰাম, ট্ৰেল এপ আদিত মাত্ৰ হেচটেগ (#) ট্ৰেভেল বুলি লিখাৰ লগে লগে ভ্ৰমণকাৰীসকলৰ ভ্ৰমণৰ বিৱৰণ আৰু ফটো ওলায়৷ বিৱৰণবিলাকৰ প্ৰতিটো বাক্যত থকা উৎসাহ আৰু নতুন ঠাই চোৱাৰ হেঁপাহে দৰ্শকসকলক ভ্ৰমণৰ প্ৰতি আগ্ৰহী কৰি তোলে৷ ট্ৰিপ এডভাইজৰ, মেক মাই ট্ৰিপ, ট্ৰিপ’ট’ কমিউনটি ইত্যাদি ৱেবচাইটত আজিৰ সময়ত পৃথিৱীৰ যিকোনো ঠাইৰ বিৱৰণ উপলব্ধ৷ এইবোৰ ৱেবচাইটত ভাৰতৰ পূব দিশৰ ৰাজ্য অৰুণাচলৰ চুকত থকা কিবিথ’ৰপৰা গোবি মৰুভূমিৰ বালিৰ স্তূপবোৰলৈকে, নাগালেণ্ড-ম্যানমাৰ সীমান্তৰ অজনাজাত ঠাই এখনৰপৰা কেনিয়াৰ কোনোবা জনজাতিৰ খাদ্যাভাসলৈকে, এণ্টাৰ্কটিকাৰ পৰ্বতবোৰৰপৰা ৰোমানিয়াৰ ৰহস্যময় হাবিবোৰলৈকে সকলো জানিব লগা কথা সহজতে ওলাই আহে৷ ভ্ৰমণপ্ৰিয় লোকসকলৰ আকৰ্ষণ এইদৰে বাঢ়ি আহে৷ প্ৰজন্মগতভাৱে ভ্ৰমণৰ ৰুচি সদায়েই বেলেগ বেলেগ হয়৷ বয়োজ্যেষ্ঠসকলে সাধাৰণতে ধৰ্মীয় তথা ঐতিহ্যমণ্ডিত ঠাইবিলাকৰ ভ্ৰমণত গুৰুত্ব দিয়ে৷ আনহাতে বহুলোকৰ বাবে প্ৰিয় ঠাই হৈছে সাগৰ তীৰ আৰু আন এক সৰহ অংশৰ বাবে গছ-বন, পৰ্বত আৰু পাহাৰ৷ সম্প্ৰতি সময়ত নৱপ্ৰজন্মৰ মাজত বেকপেকিং, ট্ৰেকিং, চাইক্লিং আৰু বাইক ৰাইডিঙে যথেষ্ট জনপ্ৰিয় হোৱা দেখা গৈছে৷ এইক্ষেত্ৰত চচিয়েল মিডিয়াৰ প্ৰভাৱৰ উপৰি চলচ্চিত্ৰবিলাকৰ অৱদানো লেখত ল’বলগীয়া৷ বলীউডৰ চলচ্চিত্ৰসমূহৰ ভিতৰত বিশেষকৈ ’য়্যে জৱানী হ্যে দীৱানী’, ‘থ্ৰী ইডিয়টচ’ আদিৰ কথা উল্লেখ কৰিব পাৰি৷
ভ্ৰমণৰ উপৰি বহুলোকৰ ৰুচি হৈছে দুঃসাহসিক ক্ৰীড়া আৰু অভিযানসমূহ৷ তুষাৰ গিৰিপথ, বৰফে ঢাকি ৰখা নদী, শৈলাৰোহণ, ৰিভাৰ ৰাফটিং ইত্যাদি বহুলোকৰ বাবে জনপ্ৰিয় বিষয়৷ বিশ্বখ্যাত নাবিক কলম্বাচ আৰু মেগালান, পৰ্বতাৰোহী এডমাণ্ড হিলাৰী, টেনজিং নৰ্গে, ফু দৰ্জী, বাচেন্দ্ৰী পালৰ ইত্যাদিৰ নাম এইক্ষেত্ৰত প্ৰাতঃস্মৰণীয়৷ ক’বলৈ গ’লে এনেধৰণৰ দুঃসাহসিক অভিযানৰ মোহ মানুহৰ মাজত এওঁলোকে জীৱন বৃত্তান্তবোৰৰ মাজত নিজকে অনুভৱ কৰোৱাৰ পাছৰপৰাই আৰম্ভ হয়৷ আন আন ৰাজ্যবোৰৰ দৰে আমাৰ ৰাজ্য অসমৰপৰাও দুঃসাহসিক ক্ৰীডা়ৰ প্ৰতি আকৰ্ষিত হোৱা ব্যক্তিৰ প্ৰায় প্ৰতিদিনে জন্ম হৈছে৷
সময়ৰ লগে লগে প্ৰচলিত কেম্পিং, কেম্পফায়াৰ, লিভিং ৱাইল্ড, লষ্ট ইন ৱাইল্ড, হোমষ্টে ইত্যাদি ধাৰণাৰ সৈতে ভ্ৰমণ জগতত বৰ্তমান দুটা নতুন ধাৰণাই জনপ্ৰিয়তা পাইছে, ’হিটচ হাইকিং’ আৰু ’কাউচ চাৰ্ফিং’৷ দুয়োটা ধাৰণা বাজেট ট্ৰেভেলিঙৰ অংশস্বৰূপ৷ প্ৰথমটোত এজন ভ্ৰমণকাৰীয়ে ৰাস্তাত লগ পোৱা যিকোনো গাড়ী, বাইকত লিফ্ট খোজে আৰু দ্বিতীয়টোত ভ্ৰমণ কৰা লোকজনে কেইদিনমানৰ বাবে কাৰোবাৰ ঘৰত পৰিয়ালৰ সদস্য এজনৰ দৰে থাকি ঘৰৰ সকলো কাম-বনত সহায় কৰি ঠাইবোৰ ফুৰে৷ আমি পঢ়িবলৈ পোৱা ব্লগ আৰু চাবলৈ পোৱা ভ্লগবোৰত বিশেষকৈ এনেধৰণৰ ভ্ৰমণৰ ধাৰণাবিলাক আকৰ্ষণীয় হৈ উঠে৷ সেইবোৰৰ উপস্থাপনত প্ৰতিখন ঠাইৰ মাটিৰ গোন্ধ পোৱা যায়, ফলত ’আমিও এনেকুৱা কৰিব পাৰোচোন’ বুলি ভবা কথাষাৰে নতুন দিগন্তলৈ উৎসাহ জন্মায়৷
ঐতিহ্যমণ্ডিত আমাৰ অসমখন সোণালী অতীতেৰে প্ৰাচুৰ্যময়৷ বছৰ বছৰ ধৰি স্ব মহিমাৰে মণ্ডিত হৈ থকা অসমৰ কীৰ্তিচিহ্ন-ধৰ্মীয়স্থানসমূহ, কাজিৰঙা, মানাহ, ডিব্ৰু -চৈখোৱাৰ দৰে ঠাই, গম্ভীৰতাৰে বৈ থকা ব্ৰহ্মপুত্ৰ, নদীদ্বীপ মাজুলী, ভাষিক জাতি-জনজাতীয় সংস্কৃতি, খাদ্যাভাস, উৎসৱ-পাৰ্বণ ইত্যাদিয়ে ভাৰতৰ আন আন ঠাইৰ লগতে বিশ্বৰ বহুতো লোকক আকৰ্ষিত কৰি আহিছে৷ ফুৰিবলৈকে হওক বা গৱেষণা সংক্ৰান্তিয় কামৰ বাবেই হওক বা জ্ঞান অৰ্জনৰ বাবেই হওক, আজিৰ সময়ত আমাৰ ৰাজ্যখন দেশৰ ভিতৰতে এখন অন্যতম ‘ট্ৰেভেল ডেষ্টিনেশ্যন’৷ অৱশ্যে অসমলৈ অধিক পৰ্যটকক আকৰ্ষিত কৰিব পৰাৰ জোখাৰে আমাৰ কৰণীয়ও বহুত আছে৷ এক কথাত আমাৰ ঠাইবোৰ ভ্ৰমণৰ বাবে প্ৰচুৰভাৱে সম্ভাৱনাপূৰ্ণ৷ বগামাটি, চক্ৰশিলা, নামেৰী ইত্যাদি ঠাইত আৰম্ভ কৰা দুঃসাহসিক ক্ৰীড়াবোৰ যদি আন্তঃৰাষ্ট্ৰীয় মানলৈ উন্নত কৰাব পৰা যায় তেন্তে সেয়া সমগ্ৰ ৰাজ্যৰ বাবেই গৌৰৱৰ বিষয়স্বৰূপ হৈ পৰিব৷ সজাগতা বৃদ্ধি আৰু পৰ্য্যাপ্ত সংৰক্ষণৰ কামৰ ক্ষেত্ৰতো আমি গুৰুত্ব দিয়াটো প্ৰয়োজনীয়৷ কিছুমান ন ন ধাৰণা যেনে ফাৰ্ম টুৰিজম, আৰ্ট টুৰিজম, চাইক্লিং, পেৰাগ্লাইডিং, গাইডেড ট্যুৰ ইত্যাদিবোৰ আমাৰ ঠাইবোৰত বহুল প্ৰচলন হোৱাটো প্ৰয়োজন৷
২০২০ বৰ্ষৰ এই সময়ছোৱা ক’ভিড-১৯ৰ বাবে স্তব্ধ হৈ পৰিছে৷ ইয়াৰ প্ৰভাৱ ভ্ৰমণৰ ক্ষেত্ৰতো বহুলভাৱে পৰিছে৷ কিন্তু কথাখিনি আমি ধনাত্মকভাবে চিন্তা কৰিলে বুজিব পাৰি যে আমাৰ মনৰ অৱসাদ মাৰ নিয়াবলৈ যিদৰে ভ্ৰমণৰ প্ৰয়োজন, ঠিক একেদৰেই প্ৰকৃতিয়েও হয়তো মানুহৰ ভাৰ বৈ অৱসাদগ্ৰস্ততাৰপৰা খন্তেক জিৰণি লৈছে, ন ৰূপত ধৰা দিবলৈ৷ শাৰীৰিকভাৱে আমি কোনো ঠাইলৈ এতিয়া যাব নোৱাৰিলেও ডিজিটেল ভ্ৰমণ আমি কৰি থাকিব পাৰোঁ৷ গুগল মেপ আৰু ৱেবচাইটসমূহে সেইক্ষেত্ৰত জ্ঞান আহৰণ কৰাত আমাক যথেষ্ট সহায় কৰিব৷ এয়া সময়ৰ সদব্যৱহাৰ কৰি, বিশ্বখনৰ লগতে বিশ্ববাসীৰ ভালদিনৰ বাবে আশা কৰাৰ সময়৷ আশাকৰোঁ দিনবোৰ সোনকালে ফৰকাল হৈ উঠিব৷
সুন্দৰ সম্পাদকীয় ৷ ফুৰিবলৈ নেপাই মন এনেয়ো বেয়া ৷ ভাল দিন আহক সোনকালে ৷
প্ৰকৃতিৰ বিশ্ৰামৰ কথা ভবা নাই কেতিয়াও, কিন্তু এতিয়া ভাবিছোঁ। ভাল লাগিল সম্পাদকীয়টো।
ধনাত্মক চিন্তাই দিনবোৰ ধুনীয়া কৰে। পঢ়ি ভাল পালোঁ সম্পাদকীয়টো।
ধনাত্মক চিন্তাই দিনবোৰ ধুনীয়া কৰে। সম্পাদকীয়টো পঢ়ি ভাল পালোঁ।
সম্পাদকীয়টি পঢ়ি ভাল লাগিল।
বহুত ভাল লাগিল পঢ়ি।। আমি সবেই মিলি অসমৰ tourism industry টো ভালৰ ভাল কৰিবলৈ চেষ্টা সদাই কৰি থাকিব লাগে।
ভাল লাগিল সম্পাদকীয়টো।