সম্পাদকীয় – পুহ, ১৯৩৯ শক (ডিচেম্বৰ, ২০১৭)
গধূলি হ’লেই সিহঁতে চিঞৰা আৰম্ভ কৰে৷ প্ৰথমে এটাই আৰম্ভ কৰে, তাৰ পিছত লানি লাগি যায়৷ আমি ভয় খাওঁ৷ নৰাবোৰৰ মাজেৰে বেট বল হাতত লৈ দৌৰি আহো৷ বাঁহৰ খুটিৰ এটা মূৰ জোঙা কৰি বনোৱা ষ্টাম্পবোৰ শুকান পথাৰৰ মাজতেই থাকি আহে৷ ভৰি হাত ধুই ভিতৰলৈ সোমোৱালৈ চিঞৰবোৰ অধিক তীব্ৰ হৈ পৰে৷ ভয় খোৱা দেখি মায়ে হাঁহে, ‘হওঁক দে, বাৰীত শিয়াল কেইটা থকাৰ পৰা অন্ততঃ এটা লাভ হৈছে৷’ পিছে লাভতকৈ লোকচান বেছি আছিল৷ নেজপৰা কেইটাৰ উৎপাতত ঘৰত হাঁহ, কুকুৰা একো পুহিব নোৱাৰিছিল৷ সিঁহতৰ মন গলে দলে-বলে আহি একে নিশাই গঁৰাল উদং কৰি দিছিলহি৷ ঘৰত সেয়ে শিয়াল কেইটাক সকলোৱে বেয়া পাইছিল, ময়ো বেয়া পাইছিলো৷ এবাৰ মাঘ বিহুত খাবলৈ বুলি থৈ দিয়া তেলীয়া হাঁহ এটা ৰাতিয়ে লৈ গৈ সিঁহতৰ নিজৰ বিহু পাতি দিয়াত আমাৰ বহুত খঙ উঠিছিল আৰু সেই খঙতে খুৰাই গৰালটো ভাঙি চুৰমাৰ কৰি পেলাইছিল৷
‘এইকেইটা বাৰীত থকালৈকে আৰু একো নোপোহো৷’-বুলি খুৰাই বাকী থকা হাঁহ দুটাও বেপাৰীক কম দামতেই বিক্ৰী কৰি দিছিল৷
তাৰ কিছুদিন পিছতেই খবৰ পাই কৰবাৰ পৰা যাঠি জোং লোৱা দল এটা আহি আমাৰ ঘৰত উপস্থিত হ’লহি৷ খুৰাৰ অনুমতি লৈ সিহঁত বাঁহনিখনৰ ভিতৰলৈ সোমাই গৈছিল৷ পিছে পিছে আমাৰ ক্ৰিকেটৰ দলটোও৷ মানুহকেইজনে গাঁতবোৰ বিচাৰি বিচাৰি এটা এটাকৈ মাটিৰে বন্ধ কৰি গ’ল, মাত্ৰ দুটা মুকলি কৰি ৰাখিলে৷ তাৰে এটাৰ মূৰত একুৰা জুই লগালে আৰু আনটোৰ মূৰত হাতত অস্ত্ৰ লৈ চাৰিজন ৰৈ থাকিল৷ এজনে বিচনী এখন লৈ ধোঁৱাবোৰ গাঁতটোৰ ভিতৰলৈ ঠেলি দিলে৷ গৰম সহিব নোৱাৰি আনটো গাঁতেৰে এটা এটাকৈ শিয়াল কেইটা ওলাব ধৰিলে৷ পিছে সেই গাঁতৰ বাহিৰত জীৱন নাছিল, আছিল চোকা অস্ত্ৰৰ আঘাত৷ অতদিনে আমাক ভয় খুৱাই ৰখা শিয়াল কেইটা কেইমিনিটমানৰ ভিতৰতে প্ৰাণহীন হৈ পৰিছিল৷
সেয়া আছিল ৯০ দশকৰ মাজভাগৰ কথা৷ আজি প্ৰায় বিশ বছৰৰ পাছত বাঁহনিখন আছে যদিও তাত গাঁতো নাই, শিয়ালো নাই৷ অকল আমাৰ বাৰীত বুলিয়ে নহয়, গোটেই গাঁওখনতেই নাই৷ চাকৰিৰ পৰা আহৰি পাই কেতিয়াবা গাঁৱৰ ঘৰলৈ গ’লে প্ৰায়ে পিছফালৰ পুখুৰীটোৰ পাৰত থিয় হওঁগৈ৷ বিশেষকৈ আবেলি সময়ত বিশাল পথাৰখনৰ আনটো মূৰত বেলিটো ডুবা চাবলৈয়ে যাওঁ৷ সেই তেতিয়াই আজি শুনিবলৈ নোপোৱা ‘হোৱা’ ‘হোৱা’ চিঞৰকেইটা মনলৈ ভাঁহি আহে৷
এটা সময়ত কাণত পৰিলেই মাৰ কোলাত সোমোৱা সেই কেইটা চিঞৰ শুনিবলৈ আজি কাণ থিয় কৰো৷ পুখুৰীটোৰ পাৰত ৰওঁ, কেৱল নিস্তবদ্ধতাই কাণত খুন্দিয়ায়৷ বিশ বছৰৰ পূৰ্বৰ সেই দিনটোৰ কথা মনত পৰি এতিয়া দুখ লাগে, নিজৰ ওপৰত খঙ উঠে৷ সেইদিনা বহুত ডাঙৰ ভুল হৈছিল, খুৰা আৰু সেই মাংসলোভী মানুহ দলক বাধা দিব লাগিছিল৷ কিন্তু সেই সময়ত কিয় উপলব্ধি নহল এই কথা?
শিয়ালকেইটালৈ ভয় খাইছিলো যদিও তেতিয়া সিহঁতক লৈ গৰ্বও কৰিছিলো৷ বিশেষকৈ টাউনত ঘৰ থকা লগৰ কেইটাৰ আগত ফিটাহি মাৰিছিলো৷ আজিও কেতিয়াবা বৰ্তমানৰ লগৰখিনিৰ আগত সুযোগ পালে কওঁ যে সৰুতে আমাৰ বাৰীত শিয়াল আছিল৷ আছিল-যি নোহোৱা হ’ল নিজৰ ভুলৰ বাবেই৷
শিয়ালকেইটা এনে বহুতো উদাহৰণৰ মাজৰ এটাহে মাত্ৰ৷ তেনে উদাহৰণৰ কথা ভাবিলে মনত পৰে আমাৰ গাঁওৰ সৰু পুথিভঁৰালটোলৈ৷ সেইটো এতিয়া এটা দুৱাৰ খিৰিকীবিহীন এটা ভগা ঘৰ মাত্ৰ৷ এটা সময়ত আমি নতুনকৈ অহা টিংকল, মৌচাক পঢ়িবলৈ দৌৰি দৌৰি গৈছিলো৷ সেই সময়ত হাতত ম’বাইল নাছিল, পিঠিত লেপটপো নাছিল৷ পিছলৈ অৱশ্যে আমিও নোযোৱা হৈছিলো, লাইব্ৰেৰীৰ কিতাপবোৰে পঢ়ুৱৈৰ অপেক্ষা কৰি কৰি এলান্ধুৰ কৱলত সোমাই পৰিছিল৷ থাকোতে গুৰুত্ব নিদিয়াৰ বাবেই শিয়ালকেইটাৰ দৰে পুথিভঁৰালটোও এসময়ত নোহোৱা হৈ গ’ল ৷
অতীত সুঁৱৰিলে এনে বহু বস্তুৰ কথা মনত পৰিব যিবোৰৰ সময় থাকোতেই গুৰুত্ব বুজি পোৱা নাযায়, আপোনালোকৰো হয়টো এনেকুৱা হয়৷ কেতিয়াবা ভাবি চাইছেনে বাৰু যে বিশ বছৰৰ পিছত কি কি বস্তু আমাৰ কাষত থাকিব আৰু কোনবোৰ চিৰদিনৰ বাবে হেৰাই যাব? আজি গ্ৰন্থমেলাত দেখা কিতাপবোৰ কাইলৈ হয়টো মিউজিয়ামতহে দেখা পোৱা যাব৷ সমান্তৰাল ভাবে আজি ড্ৰয়াৰৰ চুক এটাত পেলাই ৰখা কলম বা পেঞ্চিলডালো নোহোৱা হৈ পৰিব পাৰে৷ অতীতত কাষতে থকা অথচ আজি নোহোৱা হৈ পৰা মানুহ বা বস্তুলৈ মনত পৰিলে হয়টো সকলোৰে অনুশোচনা হয়৷ সেয়ে অনুৰোধ, থাকোতেই জড়-জীৱ সকলোকে আদৰ কৰি যাওঁক৷ কি ঠিক কাইলৈ সিঁহত থাকে বা নাথাকে!
(পিনাক পাণি বৰুৱা)
সম্পাদক, সাহিত্য ডট অৰ্গ
পুহ, ১৯৩৯ শক (ডিচেম্বৰ, ২০১৭)
Bhal lagil