সম্পাদকীয় (মন-জিৎ)
কি লিখো,কেনেকৈ লিখো, ক’ৰ পৰা আৰম্ভ কৰো আদি ভাৱনাৰ ভীৰত মূল বিষয় বস্তুৱে উৱদিহ নাপায় মনৰ এচুকত মৌন হৈ ৰ’ল। কাৰণ দুবছৰ আগতে মাধুৰীমা ঘৰফলীয়াৰ বলিষ্ঠ সম্পাদনাত ‘নাৰী অর্ধ আকাশ’ বিষয়টোৱে সাহিত্য প্রেমী ৰাইজক সবাংগসুন্দৰ সংখ্যা উপহাৰ দি গৈছে। তেওঁৰ অনুভৱী তথ্যসমৃদ্ধ তথা হৃদয়স্পৰ্শী সম্পাদকীয় ইতিমধ্যেই এটি মাইলৰ খুটি হিচাপে পৰিগনিত হৈ ৰৈছে।
‘কিহে পাইছিল সেই একেটা বিষয়কে ল’বলে’ বুলি খং খং ভাব এটাই ভোৰভোৰাব ধৰিলে মনৰ ভিতৰতে। ‘সেই সম্পাদকীয়কে ‘উক্ত সম্পাদকীয়টোক সাদৰেৰে সমর্থন কৰিলো’ বুলি লিখিয়েই কাম সামৰি দে।’ চর্টকাট সুচক আন এটা ভাৱৰ চর্টকার্টিয়া ফ্রী উপদেশ। নাই যি হ’ল হ’ল পাৰো বা নোৱাৰো কিবা এটা লিখিমেই।
‘নাৰী’ শব্দটো সৰু কিন্তু অর্থ আকাশতকৈও বিশাল সাগৰতকৈও গভীৰ।দেখাত লাগে নাৰীৰ বিষয়ে লিখিবলে তেনেই সহজ অথচ বহুত জটিল। ইতিহাস চালে দেখো দূর্গা, কালী, স্বৰস্বতী, দ্রৌপদী, সীতা, ক্লিওপেট্রা, সতী বেউলা, ৰেজিয়া চুলটান, জয়মতী, মুলা গাভৰূ, আইদেউ সন্দিকৈ, কিৰণ বেদী কিমান যে নাম কত কিমান যে ৰুপ। যুগ ক্রমে প্রত্যেক গৰাকীয়ে নাৰীৰ একো একোটা ভিন্ন ৰুপ, একো একোটা ভিন্ন উদাহৰণ।কাহানিও লিখি শেষ কৰিব নোৱাৰা এটি চৰিত্রই হৈছে ‘নাৰী’। সেয়ে ইতিহাসক হাত দিবলে সাহ নকৰি ঘৰলৈকে ঘুৰি অহাৰ সিদ্ধান্তকে ল’লো। মানে ইতিহাসটো আনৰ মুখেৰে শুনা বা কিতাপত পঢ়া বিষয়হে। তাতে সেই ৰুপ কেইটা মোৰ হিচাপতকে অলপ গধুৰ। যিহেতু ঘৰতে নাৰীৰ কেইবাটাও বাস্তৱিক ৰুপৰ উমত সদায় জিৰাই সতাই উমলি জামলি আছো। সেয়ে ঘৰৰ কথাৰেই সামৰিবলে সহজ হ’ব বুলি থিৰাং কৰিলো।
দহ মহীয়া প্রসৱৰ বেদনা যেতিয়া মই হৈ ফুলিলো। মোক বুকুতলৈ কপালত চুমা আঁকি সৃষ্টিৰ আমেজত মাৰ ওঁঠৰ কোণেৰে নিগৰিছি অশ্রুসিক্ত হাঁহি। যি প্রতিশ্রুতি দিছিল ‘সোণ তোৰ গাত টোপ এটাও পৰিব নিদিও।’ আৰু সেই প্রতিশ্রুতিত মা আজিও অটল। আঁঠুৱা তৰাৰ কথা সুধিলেই প্রতিবাৰেই ভেকাহি মাৰি উঠা মইটোৰ প্রতিটো ফোন কলতেই মা জনীয়ে এবাৰ নহয় এবাৰ সুধিবই ‘আঁঠুৱা তৰিচনে’। চিন্তা এটাই কিজানিবা সোণক মহে কামোৰে, কিজানিবা পোক পৰুৱা পৰি সোণৰ টোপণি ভাগে। অসুখীয়া তেওঁ, শুশ্রষাত ব্যস্ত আমি। ভন্টীক অর্ডাৰ ‘সোণক গাখীৰ অকন দিলিনে? আৰু তহতিও অলপ অলপ খালী নে?’ নিজৰ যি হয় দেখা যাব মাথো সোণহত যাতে কাহানিও পোটোকা নপৰে। মোৰ সামান্য জ্বৰতেই উৎসর্গা কৰি দিয়ে মুৰৰ শিতানত বৰশী বাই বাই বহু উজাগৰী ৰাতি। পুৱা তেনেকৈয়ে লাগি যায় দৈনন্দিন কামত। মুখত নাথাকে লেসমানো ভাগৰৰ চিন। আজিও ভাবি ৰও জ্বৰ কাহ চর্দী বোৰ ডাক্টৰৰ দৰৱে ভাল কৰিলেনে? নে মাৰ মমতা সনা হাতৰ বুলনি অথবা গৰম তেল আৰু নহৰুৰ মালিছে। ডাঙৰ হ’লো, বুজা হ’লো, বিয়া পাতিলো, এতিয়া সৰু ল’ৰা হৈ থকা নাই, ব’ৰ কৰি নাথাকিব, মোক শিকাব নালাগে ইত্যাদি ইত্যাদি ভেকাহি গেঙেৰিৰে হাজাৰ বাৰ প্রত্যুত্তৰ দিলেও। মা সলনি নহয়। তেওঁৰ সোণ এতিয়াও সেই তেওঁ কোছত তুলি মৰা ফটোখনৰ কণমানিটোৱেই হৈ আছে। দুখ পালো বিপদত পৰিলো ভগৱানতকৈও আগতে মুখত আহে মাৰেই নাম। ‘ঔ মা’ ‘মা ঔ’ ‘আয়ৌ মা’। অ অৱশ্যে ‘ঔ এম জি’ বুলি জিভাৰে সুবিধা পালেই ইংলিছ ৰিলিজ কৰা কেইগৰকী এই ক্ষেত্রত ব্যতিক্রম। পিছে বিপদ বেছি হ’লে মা নকলেও মাম্মিইইইইইই বুলি ইংৰাজীলে তর্জমা কৰি হ’লেও মাৰ নাম লয়গে আকৌ দেই। মুঠতে মা সদায় মায়েই আৰু।
চোটা ভীম চাই মুখ মেলি ৰোৱা নতুন প্রজন্মক দুর্ভগীয়া যেন লাগে আইতালে মনত পৰিলে। ৰুপোৱালী চুলিৰ আইতাজনীৰ কোলাত বহি পৰীৰ দেশৰ ৰজা মহাৰজাৰ সাধু শুনি শুনি টোপণি যোৱা দিন বোৰ শৈশৱৰ অন্যতম সোণালী ক্ষন। মঘাই চোৰক গাৱৰ আলি মুৰত বান্ধি ৰখা দেখা পোৱাৰ পিছত হে গম পাইছিলো চোৰৰ নেগুৰ নাথাকে আৰু দেখাত আমাৰ দৰেই। আইতাৰ সাধু কথাক কণমানি মনটোৱে ভিজুৱেলাইজ কৰোতে চোৰৰ হাতত চিপৰাং দি পিছ ফালে নেগুৰ আঁকি পেলাইছিলো অজানিতে। সেই কথা ভবিলে আজিও হাঁহি উঠে। শৈশৱৰ এচোৱা সাধুকথাৰ কল্পনগৰীত ৰখা আইতাজনী নাই যদিও অন্তৰত তেওঁৰ চাপ যুগমীয়া।
এই পিনে ভনী জনী। মহাৰাজৰ দাসীক আদেশ, যা পানী এগিলাছ আন। আহ মুৰটো পিটিকি দে। চার্টৰ ইস্ত্রী কোনে দিব? এটি চকলেট এপেকেট চিপচ অথবা ৫টকাৰ জ্বলা চানাক মাননি হিচাপে লৈ সন্তুষ্টিৰ হাঁহি ওঁঠত আঁকি লোৱা ভনী জনীৰ কথা মনলে আহিলে চেনেহতে পমি যাও।দিনত তাইক জোকাই খং উঠাই দেউতাৰ পৰা পোৱা উত্তম মাধ্যম বোৰ সদায় বুকুৰ কোণত সুৰীয়া সোঁৱৰণিৰ মাধ্যম হৈয়ে থাকিব। তাইৰ মৰম আকলুৱা অর্ডাৰ আব্দাৰ বোৰত এতিয়াও পমি যাও প্রতিবাৰে।
‘হেৰা উঠা আকৌ, ইমান দেৰিলৈকে শুই থাকে নেকি? দেউতাই বকি আছে বিয়া পতাৰ পিছতো তোমাৰ অভ্যাস বোৰ সলনি নহল বুলি। মই কিবা লাজ নাপাও নেকি?’
এঙামুৰিত টোপণিটো জোকাৰি পেলাই চাই ৰও সদ্যস্নাতা তেওঁলৈ। ৰঙা বেলিটো কপালত আঁকি লৈ ভিজিথকা চুলি কোছাৰে গুলপীয়া অভিমান মুঠিত উপভোগ কৰো পুৱাৰ সতেজতা। আচৰিত হওঁ ভাবি জীৱনৰ প্রায় ২৫ টা বসন্ত যি খন ঘৰত থাকি ডাঙৰ দীঘল হ’ল। শৈশৱ ল’ৰালি যৌৱনৰ হিচাপ নোহোৱা ক্ষন য’ত পাৰ কৰিলে। মাক দেউতাক দাদা ভাইটি ভনী বাইদেউ আত্মীয় স্রজনক মুহুর্ততে এৰি এখন নতুন ঘৰ এখন আকোৱালি ল’ব লাগে। ভাবি নেপাও এনেকুৱা কি শক্তিৰে শক্তিবান যে অচিনাকী পৰিবেশ এটিত পলকতে খাপ খাই পৰিব পাৰে। এদিন আলহী ফুৰিবলে গ’লেই দেখোন অসহজ অনুভৱ কৰো অথচ তেওঁ। নিজ ঘৰ খন এৰি অহাৰ চকুপানী নুশুকাওতেই কাউৰী পুৱাতে উঠি ঘৰ চোতাল সাৰি মছি বাচন বর্তন চাফা কৰি আটাইলৈকে চাহ জলপান সাজু কৰি দিব পাৰে। মনৰ ভিতৰচৰাত হেজাৰ ধুমুহা চলি থাকিলেও মুখত হাঁহিতোৰে চিনাকী অচিনাকী আটাইকে খুব ধুনীয়াকৈ মাত দিয়ে। কথাবোৰ ভাবিয়েই তবধ মানো। আমাৰ দেখোন মন ভাল লাগি নাথাকিলে কাকো মাতিবলে মনেই নাযায়।
বিয়াৰ আগত জী বাইদেউ নাইবা ভনী বিয়াৰ পিছত পত্নী, বোৱাৰী, নবৌ আৰু পিছলৈ মা। মামী পেহী জেঠাই মাহী আদি চাপোর্টিং ৰোল বোৰটো আছেই। মানুহ একেজনীয়ে কিন্তু চৰিত্র কেইবাটাও। অথচ প্রতিটো চৰিত্র নিখুঁতকৈ ৰুপায়ন কৰাত সিদ্ধহস্থ তেওঁলোকে। আমি শাৰীৰিক শক্তিৰে অলপ আগবঢ়া হ’লেও মন শকতিত তেঁওলোক সদায়ে অতুলনীয়। নিজৰ বহু সমস্যা থাকিলেও আমাৰ সমস্যাত তেওঁলোক সদায় সাহস হৈ ঠিয় দিয়ে। আমাৰ অকনমান সুখৰ বাবে যি কোনো আকাংক্ষাক ত্যাগ কৰিবলেও অলপো কুন্ঠাবোধ নকৰে। বিনিময়ত বিশেষ একো নিবিচাৰেও একাজঁলি মৰম এহালিছা আন্তৰিকতা অলপ সন্মান অলপ শ্রদ্ধা পালেই সন্তুষ্ট তেওঁলোক। আহক আমাৰ আটাইৰে আকাশ ভৰাই আমাক পুর্ণতা দিয়া প্রতি গৰাকী নাৰী আৰু নাৰীৰ প্রতিটো ৰুপক অলপ শ্রদ্ধা মৰম আৰু সন্মান দিবলে শিকো। আহক মন বোৰ মুকলি কৰো ভগৱানৰ এই অতুলনীয় সৃষ্টিক প্রাপ্য খিনি দিবলে যোগ্যতাক সন্মান কৰিবলে।
আর্ন্তজাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বিষয়টো লোৱা হৈছিল। কি বুজিলো কি লিখিলো নাজানো। মোৰ চুটি মগজুৰে যি খিনি ধুকি পালো তাকেই শব্দৰে গাঁঠিবৰ মাথো এটি প্রয়াস কৰিলো ভুল ভ্রান্তি হ’লে নিজ গুণে মৰিষন কৰিব আৰু।
ধন্যবাদেৰে
মন-জিৎ
সুন্দৰ সম্পাদকীয় ।
Touched my heart…