সম্পাদকীয়- মণ্টু কুমাৰ ডেকা

“শাৰদী ৰাণী তোমাৰ হেনো নাম…” ভূপেনদাৰ কণ্ঠত গীতটো শুনিলেই পাখি লগা মনটো ঢাপলি মেলে শৰতলৈ৷ শেৱালি ফুল বোটলা সেই দিনবোৰলৈ! গীতেৰে কৈ যোৱা সেই কুঁৱলী সূতাৰ পাতল ৰিহাখনি, থৰ লগা বিলখনি, ফৰকাল আকাশৰ কপাহৰ দৰে মেঘবোৰৰ লগতে আমাৰ মনলৈ চিধাই আহে পূজা পূজা লগা সেই বিশেষ অনুভৱটো৷
এই পৃথিৱীখনলৈ শৰৎ আহি আছে গৈ আছে, সেই হিচাপে জাকে জাকে মানুহবোৰো আহি আছে গৈয়ো আছে৷ কবিয়ে কৈ গৈছে, “আহিছে মানুহ গৈছে মানুহ মানুহ ময়াপী জীৱ..৷” সাম্প্ৰতিক সময় দুঃসময়! কৰ’নাই গোটেই পৃথিৱীকে জৰ্জৰিত কৰি তুলিছে৷ সকলোৱে লগে ভাগে একগোট হৈ ভেক্‌চিন কাৰণে উঠিপৰি লাগিছে৷ এটাই আশা এদিন ভেক্‌চিন ওলাব, পৃথিৱীখন পুনৰ আগৰ দৰে হ’ব৷ এনে সময়ত বহুতে প্ৰিয়জনক হেৰুৱাইছে, বহুতৰ চাকৰি বা ব্যৱসায়েই গুচি গৈছে, বহুতে দিনে ৰাতিয়ে অকণো আহৰি নোহোৱাকৈ মানৱ সেৱাই কৰিছে৷ ৰাজনীতি কৰাবোৰে ৰাজনীতিয়েই কৰি আছে, দিনে নিশাই হিন্দু-মুছলিম কৰি ছ’চিয়েল মিডিয়াত এচামে বিষবাষ্প বিয়পাইছে, এচাম হয়তো এইবোৰৰো চিকাৰ হৈছে৷ দেশৰ আৰ্থিক অৱস্থাৰ লগতে, নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি গৈছে৷ মানুহৰ চলিবলৈ পিন্ধিবলৈ অভাৱ হৈছে৷ অভাৱে মানুহৰ চৰিত্ৰও দিনে দিনে বেয়া কৰিছে৷ তদুপৰি বেছি ভাগ মানুহেই কিবা এটা অনামী আতংকত ভুগিছে৷ চিনাকি আপোন মানুহবোৰ হঠাতে নাইকিয়া হৈ যোৱাত বহুতৰ কাৰণে জীয়াই থকাটোৱেই এই বছৰৰ চৰম সফলতাৰ দৰে হৈছে৷
এই জটিল সময়ৰ সন্ধিক্ষণত কোনে জানে কাৰ কেতিয়া কি হয়, কেতিয়া কোন ক’ত কেনেকৈ কৰ’নাৰ চিকাৰ হয়৷ অসমীয়াত এষাৰ কথা আছে¸ ‘সাৱধানীৰ মৰণ নাই৷’ এতেকে আমি দূৰ্যোগৰ গুৰুত্ব বুজি নিজক বচাই চলিবই লাগিব৷ নিৰাশাৰ মাজতো আশাৰ গীত গাবই লাগিব৷ অৱশ্যে এই শাৰদীয় বতৰত ভূপেন দাই “শেৱালি কোমল হাঁহিটি মাৰি, কৰাহি সাজোন কাচোন…” বুলি গীতটোৰ শেষৰখিনি গাই গ’লে কিবা এটা অনামী বেদনাই বুকুখন কঁপাই তোলে৷ এনে ভাৱ হয় শাৰদী ৰাণীয়ে যেন সাজি-কাচি আমাৰ কাৰণে অপেক্ষা কৰি আছে, আমি হে ক’ৰবাত বন্দী যেন হৈ আছোঁ৷

যাহওক, প্ৰত্যেক বিষয়ৰেই এক নিৰ্দিষ্ট সময় আছে৷ আকাশৰ তলত প্ৰত্যেকৰে অভিপ্ৰায়ৰ বিশেষ বিশেষ সময় আছে৷ ৰোৱাৰ সময়, কটাৰ সময়, কন্দাৰ সময়, হঁহাৰ সময়, বিলাপ কৰাৰ সময়, আনন্দৰ সময়৷ আমি নভবাকৈয়ে সৃষ্টিৰ নিয়ম মানি আমাৰ জীৱনচক্ৰৰ এই বিশেষ বিশেষ সময়বোৰ ব্যৱস্থাৰ মাজেৰেই পাৰ হৈ যায়৷ ঠিক তেনেদৰে কৰ’না অহাৰ সময় আৰু যোৱাৰ সময়ো আছে৷ এদিন আহিছে যেতিয়া এদিন যাবই৷

আচলতে মানুহ ধাৰ্মিক নহয় আত্মিক হোৱা উচিত ৷ মানুহ পৃথিৱীখনলৈ নিৰ্দিষ্ট এক সময়ৰ বাবেহে আহে৷ আপুনি বা মই এটা নিৰ্দিষ্ট সময়ৰ পিছত যাবগৈ লাগিব৷ থাকোঁ বুলিও জোৰকৈ থাকিব নোৱাৰোঁ৷ এয়াই সৃষ্টিৰ নিয়ম৷ কি ৰজা, কি প্ৰজা, কি ধনী, কি দুখীয়া সকলোৰে বাবে একেই নীতি প্ৰকৃতিয়ে ৰচনা কৰিছে৷ এয়া চিৰন্তন সত্য৷ সঁচা যেন লগা আমাৰ এই দুনীয়াখন বা জীৱনটো সঁচাকৈয়ে সঁচা নহয়৷ সঁচা কেৱল আমি উপলদ্ধি নকৰা চিৰন্তন ৰীতিটোহে! অথচ অনন্তকালৰ বাবে ইয়াত থাকি যোৱাৰ হেঁপাহেৰে আমাৰ যে কিমান বিশাল আয়োজন! মাথোঁ সুখী হোৱাৰ, সফল হোৱাৰ তাড়নাতে বাঢ়ি গৈ থাকে আমাৰ লোভ৷ ঘৰ-বাৰী, মাটি, নতুন গাড়ী, আ-অলংকাৰ ইত্যাদি ইত্যাদি৷ তাৰ বাবেই আমাৰ কচৰৎ!

সৰুৰেপৰা ‘মানুহ’ হ’বলৈ বা ‘সফল’ হ’বলৈ ভাল দৰে পঢ়া শুনা কৰা তাৰ পাছত এটা টকা ঘটা যন্ত্ৰ হৈ যোৱা? এইয়া জানো মানুহ হোৱাৰ সংজ্ঞা? এইয়া জানো সফলতা? মুঠেই নহয়। আত্মিক সন্তুষ্টিৰ বাদে লৌকিক দৃষ্টি এই হা-হুতাহবোৰ প্ৰকৃততেই সফলতা নহয়। এয়া কেৱল বতাহক ধৰিবলৈ কৰা চেষ্টাহে মাথোন। আমি যদি নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰি, প্ৰকৃতিৰ নীতিক মনত ৰাখি নিজৰ লগতে দহৰো উন্নতিৰ কথা ভাবি, শান্তিৰে জীৱনলৈ অহা প্ৰতিটো পৰিস্থিতিতে আমাৰ মনস্তত্ত্ব সলাই জীৱনক উপভোগ কৰি, সময়বালিত খোজ ৰাখি যাব পাৰো সেয়াহে আচল সফলতা। এনে চিন্তাধাৰাত কেৱল থাকিব প্ৰেম। মানৱ প্ৰেম। মানুহক দুশ্চিন্তাৰ পৰা বাহিৰ কৰি আনিব পৰা এনে ধৰণৰ শিক্ষা আমাৰ প্ৰতিজনকেই প্ৰয়োজন। সেয়েহে কোৱা হয় মানুহ কেৱল অনুষ্ঠানিক শিক্ষাৰে কোনোপধ্যেই শিক্ষিত হ’ব নোৱাৰে। মানুহ সঁচাকৈ সফল হ’বলৈ বা দুশ্চিন্তামুক্ত জীৱন জীয়াই থাকিবলৈ আধ্যাত্মিক শিক্ষা বা “আউট অফ দা বক্স”লৈ গৈ চিন্তা কৰিবই লাগিব। মানুহৰ মনৰপৰা শুদ্ধতা আহিব লাগিব। ধৰ্মৰ নিয়ম নীতিয়ে মূল নহয়, হৃদয়ৰ শুদ্ধতা বা আত্মিক প্ৰেমহে আচল।

আজিকালিৰ মানুহবোৰ উচ্চশিক্ষাৰে শিক্ষিত হোৱাৰ লগতে ধৰ্মভীৰুও৷ মানুহ যিমানেই তথাকথিত ধাৰ্মিক হৈছে নতুবা উচ্চ শিক্ষাৰে শিক্ষিত হৈছে সিমানেই মানুহবোৰ অসুখী হৈ পৰিছে! শান্তিক যেন মানুহে হেৰুৱাই পেলাইছে৷ আজিৰ মানুহৰ সকলো আছে কিন্তু শান্তিৰ পৰা যেন শতযোজন আঁতৰত৷ দৰাচলতে আমাক শান্তি কোনেও আনি দিব নোৱাৰে বা শান্তি কিনি আনিব পৰা বস্তুও নহয়৷ কিন্তু আচৰিত কথা, শান্তি দুৰ্লভ নহয় বিচাৰিব জানিলে একেবাৰে সুলভ৷ তাৰবাবে আমাক এটা সুন্দৰ মনৰ প্ৰয়োজন৷

শান্তিৰ উৎস সকলোৰে বাবে বেলেগ বেলেগ৷ বৰ্তমান সময়ত সাহিত্যৰ চৰ্চা, শিল্প কৰ্মৰ জৰিয়তে নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ সক্ষম হৈছে৷ আৰু এই প্ৰতিভাবোৰক ছচিয়েল মিডিয়াৰ যোগেদি জনচক্ষুৰ মাজত তুলি ধৰিবলৈ সুবিধা পাইছে৷ এইয়া এক সুলক্ষণ৷ পৃথিৱীলৈ অহা প্ৰতিজন মানুহৰেই একো একোটা প্ৰতিভা আছে৷ নিজৰ প্ৰতিভা বিকশিত কৰাও একপ্ৰকাৰৰ শান্তি৷ কাৰণ সুন্দৰ মনেৰে সৃষ্টি কৰা প্ৰতিটো বস্তুয়েই মানসিক প্ৰশান্তি দিয়ে৷ সেই প্ৰশান্তিৰেই সকলোৰে মনবোৰ প্ৰেমময় হওক, সুন্দৰ হওক৷

লেখাবোৰ যুগুতাই আলোচনীখন সম্পাদনা কৰি উলিওৱালৈকে মোক প্ৰয়োজনীয় সময়ত সহায়ৰ হাত আগবঢ়োৱা সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ৷ সাহিত্য ডট্ অৰ্গৰ সকলো শুভাকাংক্ষীলৈ মোৰ শাৰদীয় শুভকামনা তথা শ্ৰদ্ধা জনাই ‘সাহিত্য ডট্ অৰ্গ’ নামৰ ইউনিক’ড আলোচনীখন আপোনালোকৰ হাতত অৰ্পণ কৰিলোঁ৷

ধন্যবাদেৰে-
মণ্টু কুমাৰ ডেকা
সম্পাদক, সাহিত্য ডট অৰ্গ, দশম বৰ্ষ, তৃতীয় সংখ্যা

Subscribe
Notify of

9 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Ili Talukdar
3 years ago

শৰতৰ শেৱালীৰ সুবাসেৰে সুশোভিত সুন্দৰ সম্পাদকীয়। সাম্প্ৰতিক সময়ৰ সকলো দিশ সামৰি লোৱা লেখাটি পঢ়ি আপ্লুত হ’লোঁ। সম্পাদক মন্টু কুমাৰ ডেকাৰ বলিষ্ঠ লেখাটি অত্যন্ত মনোগ্ৰাহী হৈছে যেন অনুভৱ হ’ল।

Anonymous
3 years ago

বহুত সুন্দৰ ,সময়োপযোগী সম্পাদকীয়।ভাল লাগিল।অভিনন্দন জনালোঁ মণ্টু কুমাৰ ডেকা।

ধীৰেন শঈকীয়া
3 years ago

সুন্দৰ সম্পাদকীয়,

পাৰবীন
3 years ago

সুন্দৰ আৰু সময়সাপেক্ষ সম্পাদকীয়।

অজন্তা দাস
3 years ago

মনোগ্ৰাহী সম্পাদকীয়

Anonymous
3 years ago

সুন্দৰ আৰু সময় সাপেক্ষ সম্পাদকীয়

ৰাজু কুমাৰ নাথ
3 years ago

বৰ ভাল লাগিল।সময়োপযোগী কথাখিনি।

Majani
3 years ago

সুন্দৰ । সম্পাদকীয় পঢ়ি ভাল লাগিল ।

Himanshu
3 years ago

ভাল লাগিল।

Copying is Prohibited!