সুস্থ সাধনাত বিলীন হওঁ আহক

-তুষাৰ ৰঞ্জন কাশ্যপ

সময় গম্যমান। এই গম্যমান সময়ৰ লগত ছন্দ মিলাই আমাৰ মনৰ পৰিবৰ্তন ঘটে, ধ্যান ধাৰণাৰ পৰিবৰ্তন ঘটে, ন চিন্তাৰ উদ্ৰেক হয়। ইয়াৰ ফলশ্ৰুতিত বিভিন্ন ক্ষেত্ৰলৈ পৰিবৰ্তন আহে। অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈয়ো বিভিন্ন সময়ত বিভিন্ন পৰিবৰ্তন আহিছে। বৰ্তমান সময়ত ইণ্টাৰনেট ব্যৱস্থা সুচল হোৱাৰ ফলস্বৰূপে অসমতো ব্লগ, ই আলোচনীৰ আদিৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়ে এচাম ন ন লেখকৰ সৃষ্টিত প্ৰচুৰ পৰিমাণে অৰিহণা যোগাইছে এইয়া অসমীয়া সাহিত্যৰ বাবে নিঃসন্দেহে শুভ লক্ষণ।
আজিৰ পৰা কিছু বছৰৰ আগলৈকে অসমীয়া সাহিত্যৰ চৰ্চা কাকত, আলোচনী বা গ্ৰন্থৰ পাততেই সীমাবদ্ধ আছিল। কাকত বা আলোচনীলৈ পঠোৱা লেখাসমূহ সম্পাদকৰ তুলাচনীত উঠাৰ পাছত সীমিত সংখ্যক লেখা তাত প্ৰকাশ হৈছিল। কিন্তু বৰ্তমান সামাজিক মাধ্যমৰ জনপ্ৰিয়তা বা ব্যৱহাৰ বৃদ্ধি হোৱাৰ লগে লগে লিখা-মেলা কৰা লোকৰ সংখ্যাও অসমত অকল্পনীয়ভাৱে বৃদ্ধি হৈছে। এইয়া অসমীয়া সাহিত্যৰ বাবে শুভ লক্ষণ বুলি পোনচাটেই কৈ দিয়াৰ আগতে এবাৰ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন আছে। সামাজিক মাধ্যমত সকলোৱে মনৰ ভাৱ মুক্তমনে প্ৰকাশ কৰিব পাৰে। কিন্তু কেৱল মনৰ ভাৱ প্ৰকাশকেই সাহিত্য বুলি ক’বলৈ যোৱাতো একপ্ৰকাৰৰ ভুল ভাৱনা। যদিওবা সাহিত্যৰ বিভিন্ন ধাৰাসমূহৰ সৰ্বজনগ্ৰাহ্য একো একোটা সংজ্ঞা আজিলৈকে নিৰ্ধাৰণ হোৱা নাই, তৎসত্ত্বেও সাহিত্যৰ এই ধাৰাসমূহৰ নিজা নিজা কেতবোৰ বৈশিষ্ট্য আছে। সঠিককৈ লক্ষ্য কৰিলে দেখা পোৱা যায় যে সাহিত্য চৰ্চা কৰিবলৈ আগবাঢ়ি অহা বহুজনৰেই এই বৈশিষ্ট্যসমূহৰ ওপৰত ধাৰণা একেবাৰেই কথঞ্চিৎ মাত্ৰ। এই ন্যূনতম ধাৰণাসমূহৰ অবিহনে সাহিত্য চৰ্চা কৰিবলৈ লৈ জ্ঞাতে বা অজ্ঞাতে কৰা ভুলসমূহে অসমীয়া সাহিত্যলৈ বৰঙনি যোগোৱাৰ পৰিবৰ্তে কিন্তু ক্ষতিসাধন হে কৰিছে বুলি আমাৰ ভাৱ হয়। এই ক্ষেত্ৰত আটাইতকৈ বেছি ক্ষতি হোৱা ধাৰাটোৱেই হৈছে “অণুগল্প।” যদিওবা অণুগল্পৰ চৰ্চা অসমত প্ৰাৰম্ভিক পৰ্যায়তেই আছে বুলি কোৱা হয় তাৰ পাছতো মূলতঃ সামাজিক মাধ্যমৰ বিভিন্ন গোটতেই হওক বা নিজৰ পৃষ্ঠাতেই হওক প্ৰতিদিনেই হাজাৰজনে হাজাৰ হাজাৰ অণুগল্পৰ সৃষ্টি কৰিছে। তদুপৰি ইয়াৰে মাজৰে বিভিন্নজনে এই বৰ্ষটোতে এতিয়ালৈকে কেইবাখনো অণুগল্পৰ সংকলন ছপা ৰূপত ৰাইজলৈ এৰি দিছে। কিন্তু ইয়াৰে অধিকাংশৰে অণুগল্পৰ ওপৰত থকা ধাৰণাটো সুস্পষ্ট নহয়। চুটিকৈ লিখা কেইশাৰীমান বাক্যকে অণুগল্পৰ ৰূপ দি প্ৰকাশ কৰাতোৱে পাঠককেই নহয় লেখককো সমানেই ক্ষতি কৰিব। শেহতীয়াকৈ প্ৰকাশ হোৱা অণুগল্পৰ সংকলনসমূহৰ কিছু সংখ্যকে ইয়াৰ বৈশিষ্ট্যসমূহ সঠিক ৰূপত ধৰি ৰাখিব নোৱাৰা আমাৰ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত লেখকৰো কিছু দায়িত্ব আছে, প্ৰকাশকসকলৰো দায়িত্ব আছে।
নতুনকৈ লিখিবলৈ আৰম্ভ কৰা অধিকাংশৰে কবিতা চৰ্চাৰ প্ৰতি আগ্ৰহ বেছি দেখা যায়। বহুতেই কবিতা লিখাটো আটাইতকৈ সহজ বুলি ভাবিবলৈ আৰম্ভ কৰে। ই এক প্ৰকাৰৰ ভুল ধাৰণা। দৰাচলতে সাহিত্যৰ কোনোটো ক্ষেত্ৰৰে চৰ্চা অনয়াসসিদ্ধ নহয়। ইয়াৰ বাবে প্ৰয়োজন সূক্ষ্ম পৰ্যবেক্ষণৰ, নিৰালস্য সাধনাৰ। ভাল লেখক হ’বলৈ যোৱাৰ আগত আমাক প্ৰয়োজন এজন ভাল পাঠক হোৱাৰ। অসমীয়া সাহিত্যৰ ভঁৰাল অতিশয় চহকী। গতিকে কোনো এটা ধাৰাৰ চৰ্চা কৰিবলৈ যোৱাৰ আগতে প্ৰথমতেই প্ৰয়োজন সেই ধাৰাটোৰ বৈশিষ্ট্যসমূহ ভালদৰে আহৰণ কৰাৰ। তাৰ লগতে প্ৰয়োজন স্বনামধন্য সাহিত্যিকসকলৰ অপূৰ্ব সৃষ্টিৰাজীসমূহ ভালদৰে অধ্যয়ন কৰাৰ। এইসমূহ ভালদৰে আহৰণ কৰি নিৰন্তৰ অনুশীলন যিয়ে অব্যাহত ৰাখে তেৱেঁই এসময়ত এজন ভাল সাহিত্যিক ৰূপে প্ৰতিষ্ঠা লাভ কৰে। তেওঁৰ সৃষ্টিৰাজীয়ে পাঠকৰ মাজত আদৰ লাভ কৰে।
বৰ্তমান যুগটো হৈছে প্ৰতিযোগিতাৰ যুগ। জনা-বুজা হোৱাৰে পৰা মানুহ নামি পৰে প্ৰতিযোগিতাৰ দৌৰত। কিন্তু আমাৰ দৃষ্টিত সাহিত্য কেতিয়াও প্ৰতিযোগিতা হ’ব নোৱাৰে। “অমুকে এইটো মাহত ইমানটা কবিতা লিখিছে, মইয়ো লিখিব লাগিব তাতকৈ বেছি” এনেধৰণৰ প্ৰতিযোগিতা যদি সাহিত্যৰ ক্ষেত্ৰখনত আহি পৰে অসমীয়া সাহিত্যৰ বাবে তাতকৈ দুৰ্ভাগ্যৰ কথা কিন্তু আন একো হ’ব নোৱাৰে। আমাৰ দৃষ্টিত প্ৰতিযোগিতা সাহিত্যতো হওক কিন্তু সেইয়া আনৰ সৃষ্টিৰাজীৰ লগত নহৈ নিজৰ সৃষ্টিসমূহৰ মাজত হওক। “মই এইবাৰৰ গল্পটো মোৰ আগৰ গল্পটোতকৈ ভাল লিখিম” বা “এইবাৰৰ প্ৰবন্ধটো আগতকৈ উন্নত কৰিম” সাহিত্যত এনেধৰণৰ প্ৰতিযোগিতাহে আমাৰ কাম্য।
তাৰ মাজতো কিন্তু সামাজিক মাধ্যমত সাহিত্যৰ ক্ষেত্ৰখনত প্ৰতিদিনে সুন্দৰ সুন্দৰ সৃষ্টি হৈ আহিছে। প্ৰতিদিনে ভাল ভাল লেখকৰ গল্প, প্ৰবন্ধ, কবিতা, উপন্যাসে আমাক ন ন সোৱাদ দিবলৈ সক্ষম হৈছে। ইয়াৰে মাজৰ বহুজনৰে সৃষ্টি ছপা আকাৰতো পাঠকৰ মাজলৈ আহিছে আৰু পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ হৈ যোৱা গ্ৰন্থমেলাসমূহেই ইয়াৰ জ্বলন্ত প্ৰমাণ। ফেচবুকীয়া লেখক বুলি বিভিন্ন সময়ত বিভিন্নজনে উপহাস কৰি আহিলেও কিন্তু সামাজিক মাধ্যমতো ন ন চিন্তাৰে লেখত লবলগীয়া সাহিত্যৰ চৰ্চা হৈ আহিছে আৰু আগন্তুক দিনটো হৈ আহিব। নিঃসন্দেহে অসমীয়া ভাষা সাহিত্যৰ বাবে ই এক শুভ বাৰ্তা।
আন এটি প্ৰসংগলৈ আহিছোঁ। সাধাৰণতে ৰহস্য সাহিত্যক অসমীয়া সাহিত্যৰ আটাইতকৈ অবহেলিত ধাৰা বুলি অভিহিত কৰা হয়। মূলসুঁতিৰ সাহিত্য নহয় বা ৰহস্য সাহিত্যই সমাজত ইতিবাচক প্ৰভাৱ নেপেলায় বুলি ৰহস্য সাহিত্যৰ ধাৰাটোক সদায়ে অৱমাননা কৰি অহা হৈছে। কিন্তু কেৱল এইখিনি কাৰণতেই ৰহস্য সাহিত্য অৱহেলিত নে? গোটেই দিশটো ভালদৰে ফঁহিয়াই চালে দেখা পাওঁ এই ক্ষেত্ৰত আটাইতকৈ বেছি কৰণীয় আমাৰ ৰহস্য সাহিত্যৰ লেখক সকলৰেই আছে। পাঠকে কিয় এই ধাৰাটোক অৱহেলা কৰি আহিছে তাক জুকিয়াই চোৱাৰ আমাৰ প্ৰয়োজন আছে। সৰুৰে পৰা ৰহস্য সাহিত্যৰ প্ৰতি এক নিঃসীম টান থকাৰ বাবে আমি যেতিয়াই কিতাপ পঢ়া মানুহ লগ পাওঁ তেতিয়াই তেওঁলোকক এই বিষয়ে সুধি চাওঁ। ইয়াৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰিছো যিধৰণে অসমীয়া ৰহস্য সাহিত্যৰ চৰ্চা হৈ আহিছে, অধিকাংশ পাঠকেই তাক লৈ সন্তষ্ট নহয়। সাধাৰণতে অসমীয়া ৰহস্য কাহিনীবোৰত পশ্চিমীয়া কাহিনীবোৰৰ ছাঁ পৰে, এইয়া স্বাভাৱিক। কিন্তু অসমীয়া ভাষাত ৰহস্য কাহিনী এটা পঢ়িবলৈ লৈ যেতিয়া পাঠকসকলে তাত পশ্চিমীয়া দেশসমূহৰ দৰে এটা পৰিৱেশ বা পটভূমিৰ বৰ্ণনা পায় তেতিয়া পাঠকসকল অসন্তুষ্ট হয়। অসমীয়া সমাজ এখন, অসমৰ চহৰ এখনৰ বৰ্ণনাৰে ৰহস্য কাহিনী এটা পাঠকে বিচাৰে। দ্বিতীয়তে পাঠকৰ অসন্তুষ্টি ৰহস্য সাহিত্য সমূহ একঘেয়ামী হৈ পৰিল। কথাখিনি সম্পূৰ্ণ মিছা নহয়। অসমীয়া ৰহস্য কাহিনীসমূহৰ বেছি সংখ্যক কাহিনীতে অনুসন্ধানকাৰী জনক একে ধৰণেৰেই উপস্থাপন কৰা হ’ল। ৰহস্যৰ পম খেদি ফুৰাৰ সময়ত প্ৰায়সকল ডিটেক্টিভকে একোটাকৈ চিগাৰেট জ্বলাই, বা দীঘল গোফকোছা পকাই ৰহস্যৰ জাল বিচাৰি ফুৰা অৱস্থাত উপস্থাপন কৰা হ’ল। পাঠকে একেধৰণেৰেই প্ৰায়বোৰ কাহিনীৰে ৰসস্বাদন কৰিব লগ হোৱাত ক’ৰবাত নহয় ক’ৰবাত ৰহস্য কাহিনীবোৰে স্বকীয়তা ধৰি ৰাখিবলৈ সক্ষম নহ’ল আৰু তাৰ ফলত পাঠকৰ পৰা আশানুৰূপ সঁহাৰি পাবলৈ সক্ষম নহ’ল। তৃতীয়তে অধিকাংশ ৰহস্য কাহিনীতে কাব্যিকতা খুব কমকৈ দেখা পোৱা যায়। অসমীয়া পাঠকসকলে আন আন সাহিত্যৰ দৰেই ৰহস্যৰো ৰসস্বাদন কৰিব বিচাৰে। যদিওবা ৰহস্য সাহিত্যৰ মাজেৰে কাব্যিকতা প্ৰকাশ কৰা সহজসাধ্য নহয় তাৰ মাজতো ৰহস্য সাহিত্যৰ স্ৰষ্টাসকলে এই দিশতো গুৰুত্ব দিয়া উচিত। ইয়াৰ মাজতো অসমত ভাল ভাল ৰহস্য কাহিনীৰ সৃষ্টি হৈছে, ভাল চিৰিজৰ সৃষ্টি হৈছে। মুলসুঁতিৰ নহয় বুলি এই সমূহক পাঠকে উপেক্ষা কৰাতো উচিত নহয়। নতুনকৈ ৰহস্য সাহিত্যৰ চৰ্চা কৰিবলৈ লোৱা সকলে বিভিন্ন দিশসমূহ চালি জাৰি চাই স্বকীয়তাৰে সৃষ্টিশীলতা অব্যাহত ৰাখিলে বিশ্বৰ আন প্ৰান্তৰ দৰে অসমীয়া ৰহস্য সাহিত্যকো পাঠকে আকোঁৱালি ল’ব।
ফাগুন সোমাইছে, পলাশেৰে চৌদিশ ৰাঙলী হৈছে, প্ৰকৃতিয়েও ৰূপ সলাইছে। প্ৰায় এটা বছৰ ক’ৰ’ণা অতিমাৰীয়ে জনজীৱন স্তব্ধ কৰাৰ পাছত আকৌ স্বাভাৱিকতা ঘূৰি আহিছে। বিভিন্ন ক্ষেত্ৰলৈ ভাল দিনবোৰ আকৌ ঘূৰি আহিছে। সন্দিহান হৈ থকা সকলোৰে মনবোৰক উৎসাহিত কৰি সৌ সিদিনা হৈ যোৱা গুৱাহাটীৰ গ্ৰন্থমেলাত অগণণ পাঠকৰ ভিৰ দেখা পোৱা গ’ল। লক্ষ্য লক্ষ্যাধিক টকাৰ কিতাপ বিক্ৰী হ’ল। ই নিঃসন্দেহে এক ভাল বতৰা। অসমীয়া চিনেমাৰ বেয়া দিন বুলি কৈ থকাৰ মাজতো হিমাংশু প্ৰসাদ দাসে “গৰু” চিনেমাখন নিৰ্মাণ কৰি প্ৰমাণ কৰি দিলে অসমত ভাল কামৰ আদৰ এতিয়াও কমা নাই বুলি। ক্ৰিকেটত অসমক দুৰ্বল বুলি কৈ অহাৰ মাজতো এইবাৰ ৰিয়ান পৰাগৰ লগতে ৰেজাকুদ্দিন আহমেদ আৰু চাহিল জৈনে এইবাৰ আই পি এলৰ নিলামত স্থান লাভ কৰিছে। এইয়াও আমাৰ বাবে এক আনন্দৰ বতৰা। ভাল দিন আগলৈয়ো আহিব। আমাৰ বিশ্বাস আগন্তুক দিনতো অসমৰ সাহিত্য, ক্ৰীড়া, কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ ইয়াতকৈয়ো শুভ দিন আহিব। কিন্তু তাৰ বাবে আমাক লাগিব প্ৰচুৰ কৰ্তব্যনিষ্ঠা, একাগ্ৰতা, আত্মবিশ্বাস আৰু কঠোৰ অনুশীলনৰ।

পৰিশেষত সাহিত্য ডট্ অৰ্গ আলোচনীৰ এই সংখ্যাৰ সম্পাদকৰ দৰে এটি পবিত্ৰ স্থানত কাম কৰিবলৈ আমাৰ দৰে অভাজনক এটি সুযোগ দিয়াৰ বাবে প্ৰশাসক মণ্ডলীলৈ অশেষ ধন্যবাদ জনালোঁ। এই ক্ষেত্ৰত একেবাৰেই অনভিজ্ঞ আমাক আঙুলিত ধৰি আগুৱাই নিয়া সম্পাদনা সমিতিৰ সকলোজনলৈ যাচিলোঁ এসাগৰ কৃতজ্ঞতা। আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যিসকল লিখকে তেওঁলোকৰ সুন্দৰ সৃষ্টিৰে এই সংখ্যাটি সজোৱাত সহায় কৰিলে তেওঁলোকৰ ওচৰত আমি চিৰঋণী।
সকলোজনৈ মৰম যাচিলোঁ, শ্ৰদ্ধা যাচিলোঁ। প্ৰেমৰ মাহটোত সকলোৱে হিংসা-বিদ্বেষবোৰ পাহৰি মৰমবোৰ বিলাই দিয়াৰ কামনাৰে।

তুষাৰ ৰঞ্জন কাশ্যপ
সম্পাদক, সাহিত্য ডট্ অৰ্গ
দশম বৰ্ষ, সপ্তম সংখ্যা।


তুষাৰ ৰঞ্জন কাশ্যপ
সম্পাদক, সাহিত্য ডট্ অৰ্গ
দশম বৰ্ষ, সপ্তম সংখ্যা।

One thought on “সুস্থ সাধনাত বিলীন হওঁ আহক

  • May 19, 2021 at 7:21 am
    Permalink

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!