সম্পাদকীয় (হিমজ্যোতি তালুকদাৰ)

“তাৰ পাছত?”

“তাৰ পাছত আমাৰ কানি কাপোৰ ক’লা হ’ল আমি ঘৰলৈ উভতি আহিলো”

এনেদৰেই হয়তো অতিবাহিত হৈছিল সকলোৰে শৈশৱ, সোণালী শৈশৱ। জোনাকী পৰুৱাৰ পোহৰৰ জিকমিকনি আৰু আইতাৰ বিচনীৰ বা লৈ শৈশৱে বিচৰণ কৰি ফুৰিছিল ৰজা ৰাণীৰ দেশত, হাবিৰ মাজত জীৱ জন্তুবোৰৰ সৈতে উমলি জামলি। কল্পনাৰ আকাশত ৰামধেনু আঁকি আঁকি যেন পাৰ হৈছিল সকলোৰে শৈশৱ।

শিশু সাহিত্য বুলি ক’লেই হয়তো আমাৰ মনলে প্ৰথমেই আহে শিশু সকলৰ মন গহনত উদ্ভাসিত হৈ থকা পৃথিৱীখনৰ সহজ সৰল বৰ্ণনা। সাধুকথা, পদ্যৰ পৃথিৱীখনে এক উমাল সান্নিধ্যৰে আৱৰি ৰখাই হয়তো শিশু সাহিত্যৰ মূল চাবিকাঠি। বহু হাজাৰ বছৰ আগৰে পৰাই মৌখিকভাৱে প্ৰচলিত কাহিনীবোৰৰ মাজতেই সোমাই আছিল শিশু সাহিত্যৰ এক প্ৰতিচ্ছবি। কিন্তু হয়তো এই মৌখিক কাহিনীসমূহে পোনপটীয়াকৈ শিশু সাহিত্য হিচাপে পৰিচয় লাভ কৰা নাছিল।

বিশ্ব সাহিত্যত শিশু সাহিত্যৰ আৰম্ভণি ক’ত আৰু কেতিয়া বুলিলেও পোনচাটেই যিকোনো এটা সময় তথা স্থানৰ কথা উল্লেখ কৰাটো কঠিন হৈ পৰে। স্বাভাৱিকতে বিভিন্ন দেশত মৌখিক সাহিত্যৰ মাজতে সোমাই আছিল শিশু সাহিত্য। ১৭৪৪ চনত ইংলেণ্ডত জন নিউবেৰীৰ দ্বাৰা ৰচিত গ্ৰন্থ ‘এ লিটল প্ৰেটি পকেট বুক’খনকে বিশ্বৰ প্ৰথমখন আধুনিক শিশু গ্ৰন্থ হিচাপে বিবেচনা কৰা হয় যদিও অষ্টদশ শতিকাৰ আৰম্ভণিৰ পৰা মসৃণ গতিত আৰম্ভ হৈ ঊনবিংশ শতিকাৰ শেষৰ ফালেহে ইউৰোপীয় শিশু সাহিত্য এক নতুন ৰূপত উদ্ভাসিত হৈ উঠে। ১৭১৯  খ্ৰীষ্টাব্দত ডেনিয়েল ডিফোৱে ‘ৰবিনচন ক্ৰুছো’ ৰচনা কৰিছিল, ১৮৬৫ খ্ৰীষ্টাব্দত লুইচ কেৰলে ‘এলিচ ইন ওৱাণ্ডাৰলেণ্ড’ ৰচনা কৰি শিশু সাহিত্যলৈ অৱদান আগবঢ়াইছিল। এই সময়খিনিৰ ভিতৰতে কেইবাখনো উল্লেখযোগ্য শিশু উপযোগী গ্ৰন্থ ৰচিত হৈছিল। তাৰ ভিতৰত ৱাশ্চিংটন ইৰৱিঙৰ ‘ৰিপ ভান উইংকল’ (১৮২০), ৱাল্টাৰ স্কটৰ ‘ইভানহো’ (১৮১৯), চাৰ্লচ ডিকেন্সৰ ‘অলিভাৰ টুইষ্ট’ (১৮৩৮) ইত্যাদি উল্লেখযোগ্য। বিংশ শতিকাৰ আৰম্ভণিতেও কেইবাখনো গ্ৰন্থ জনপ্ৰিয় হৈছিল, যাৰ ভিতৰত কেইবাটাও চৰিত্ৰ বৰ্তমানৰ শিশুসকলৰ মাজতো জনপ্ৰিয়। উদাহৰণস্বৰূপে, এ এ মিলনেৰ ‘ৱিনি দা পুহ’ (১৯২৬), জন লফ্টিঙৰ ‘ডা: ডুলিটল’ (১৯২০), জন টকিনৰ ‘দা হবিট’ (১৯৩৭) আদিয়েই প্ৰধান।

অতি পুৰণি কালৰ পৰাই ভাৰতবৰ্ষতো মৌখিক শিশু সাহিত্যৰ এক ধাৰা প্ৰচলন হৈ থকাৰ বিভিন্ন প্ৰমাণ আমাৰ লোকসংস্কৃতিৰ পাতে পাতে বৰ্তমান। ভাৰতীয় শিশু সাহিত্যৰ আৰম্ভণি বুলি ক’লেই আমাৰ মনলে পোনপ্ৰথমেই আহে পঞ্চতন্ত্ৰ, জাতক আদিৰ লোককথা সমূহলৈ। নৰৱেৰ প্ৰখ্যাত লেখক পিটাৰ ক্ৰিষ্টেন এচজৰ্নচেনৰ দ্বাৰা সংগৃহীত লেখাসমূহ যিদৰে শিশু কেন্দ্ৰিক লেখা নহৈও শিশুসকলৰ মাজতে অধিক জনপ্ৰিয় হৈছিল সেইদৰে, আমাৰ পঞ্চতন্ত্ৰ, জাতক আদিৰ লোককথাসমূহো কিন্তু শিশুসকলৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল। সাধাৰণতে দেখা যায় বিভিন্ন জাতি-জনগোষ্ঠীয় প্ৰতিটো লোককথাৰ আঁৰত শিশু উপযোগী বহু লেখা সোমাই থাকে। পঞ্চতন্ত্ৰ, জাতক আদি বিভিন্ন লোককথাসমূহত ন্যায়-অন্যায়, জয়-পৰাজয় আদি নীতিপাঠ পৰিস্ফুট হয়, গতিকেএনেধৰণৰ লেখাসমূহৰ প্ৰতি এটি শিশু সহজে আকৰ্ষিত হোৱাটো স্বাভাৱিক। লগতে, ৰামায়ণ-মহাভাৰতৰ কাহিনীসমূহো শিশুসকলক উদ্দেশ্য কৰি ৰচনা কৰা হোৱা নাছিল যদিও ইয়াৰে বহু ঘটনা-পৰিঘটনা কিন্তু শিশুসকলৰ মাজতেহ অধিক জনপ্ৰিয় হৈছিল।

বিভিন্ন ভাষা-ভাষী লোকৰ দেশ ভাৰতবৰ্ষত সৰ্বভাৰতীয় প্ৰেক্ষাপটত আধুনিক শিশু সাহিত্যৰ আৰম্ভণিকালৰ সঠিক অনুমান কৰাটো কঠিন যদিও বিভিন্ন আঞ্চলিক ভাষাসমূহে এই ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে আধুনিক বাংলা শিশু সাহিত্যৰ গুৰিবঠা ডাল ধৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু তেখেতৰ ভতিজাক অবনীন্দ্ৰনাথ ঠাকুৰে, অন্যহাতে অন্যতম জনপ্ৰিয় শিশু সাহিত্যিক সুকুমাৰ ৰয় আৰু তেখেতৰ পুত্ৰ বিশ্ববিশ্ৰুত চলচ্চিত্ৰ পৰিচালক সত্যজিত ৰায়ে সৃষ্টি কৰিছিল কালজয়ী শিশু লেখা। সুকুমাৰ ৰয়ৰ মাথো বত্ৰিশ বছৰ বয়সতে মৃত্যু হয়, কিন্তু বাংলা শিশু সাহিত্যলৈ তেখেতৰ অৱদান অতুলনীয় হিচাবেই গণ্য কৰা হয়।

অসম আৰু শিশু সাহিত্য

অসমীয়া শিশু সাহিত্যৰ আৰম্ভণি বুলিলে আমি পোনটেই নাম ল’ব লাগিব শ্ৰীধৰ কন্দলীৰ ‘কাণখোৱা’, মাধৱদেৱৰ ‘চোৰ ধৰা’, ‘পিম্পৰা গুচোৱা’ আদি ঝুমুৰা তথা ৰাম সৰস্বতীৰ ‘ভীম চৰিত’ পুথিৰ। এই গ্ৰন্থসমূহত মূলত: ধৰ্মীয় চিন্তা ভাৱনাৰ বহিৰ্প্ৰকাশ ঘটিছিল যদিও বিভিন্ন অলৌকিক চৰিত্ৰসমূহ আওপকীয়াকৈ হৈ পৰিছিল শিশু উপযোগী। আধুনিক অসমীয়া শিশু সাহিত্য বুলিলে আমি আঙুলিয়াব লাগিব ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ সময়খিনিলৈ৷এই সময়চোৱাতে পদ্মনাথ গোহাঞিবৰুৱা, দূৰ্গা প্ৰসাদ মজিন্দাৰ বৰুৱা, আনন্দৰাম ঢেকীয়াল ফুকন, লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা, পানীন্দ্ৰনাথ গগৈ আদিয়ে ৰচনা কৰিছিল শিশু সাহিত্যৰ শ্ৰেণীত ৰাখিব পৰাকৈ কিছুমান বিশেষ গ্ৰন্থ। ইয়াৰে বেছিভাগেই আছিল কিশোৰ উপযোগী নীতি-শিক্ষামূলক ৰচনা। পদ্মনাথ গোহাঞিবৰুৱাৰ ‘নীতিশিক্ষা’, আনন্দৰাম ঢেকীয়াল ফুকনৰ ‘অসমিয়া ল’ৰাৰ মিত্ৰ’, সত্যনাথ বৰাৰ ‘সাৰথি’ এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। খ্ৰীষ্টান মিছনেৰীসকলেও অসমলৈ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আহি বিভিন্ন সময়ত পাশ্চাত্যৰ পৰশেৰে শিশু উপযোগী বিভিন্ন সাধুকথাৰ অসমীয়া অনুবাদ কৰিছিল। অসমীয়া আধুনিক সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাই নীতি-শিক্ষামূলক লেখাৰ লগতে অসমীয়া লোকসাহিত্যক ছপা মাধ্যমলৈ আদৰি আনিছিল ‘বুঢ়ী আইৰ সাধু’ৰ জৰিয়তে। সম্পূৰ্ণ থলুৱা আৰু আকৰ্ষণীয় উপস্থাপন শৈলীৰে শিশু-কিশোৰৰ মনত চাপ বহুৱাবলৈ সক্ষম হৈছিল বুঢ়ী আইৰ সাধুৰ কাহিনীবোৰে। পৰৱৰ্তী সময়ত ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘জুনুকা’ আদিৰে বেজবৰুৱাই শিশু সাহিত্যত নতুন যুগৰ সূচনা কৰিছিল। শিশু সাহিত্য বিৰোধী হিংসা, কপটতা, বিদ্বেষ আদি কিছু কথা বেজবৰুৱাৰ এই সাধুসমূহৰ মাজত প্ৰতিভাত হৈছে যদিও এই লিখনিসমূহ মূলতঃ শিশুসকলৰ মাজতেই অধিক জনপ্ৰিয়। হয়তো বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’খনেই একমাত্ৰ গ্ৰন্থ, যি কেইবা দশকৰ পাছতো নিজৰ জনপ্ৰিয়তা একেধৰণে অটুট ৰাখিবলৈ সক্ষম হৈছে। বেজবৰুৱাৰ সমসাময়িকভাৱে আনন্দচন্দ্ৰ আগৰৱালা, হেম বৰুৱা, কুমুদেশ্বৰ বৰঠাকুৰ, চন্দ্ৰধৰ বৰুৱা আদিয়েও শিশু-কিশোৰ উপযোগী বিভিন্ন লেখনিৰে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল চহকী কৰে। এইখিনি সময়তে ৰচিত হয় শৰত চন্দ্ৰ গোস্বামীৰ ‘অসমীয়া সাধুকথা’, চন্দ্ৰধৰ ৰাজখোৱাৰ ‘পঞ্চকন্যা’, ৰোষেশ্বৰ শৰ্মাৰ ‘ঈছপৰ সাধু’, মিত্ৰদেৱ মহন্তৰ ‘মৌ-মহাভাৰত’, বেণুধৰ শৰ্মাৰ ‘ৰাংপতা’, মহেশ চন্দ্ৰ কটকীৰ ‘বেতাল পঞ্চবিংশতি’ আদি।

বেজবৰুৱাৰ পৰৱৰ্তী সময়ত অসমীয়া শিশু সাহিত্যৰ বিকাশৰ বাবে দেহেকেহে অৱদান আগবঢ়োৱা ব্যক্তি গৰাকীয়েই হ’ল সাহিত্যচাৰ্য অতুলচন্দ্ৰ হাজৰিকা। ‘গ্ৰীমৰ সাধু’ আৰু ‘এণ্ডাৰচনৰ সাধুৰ’ দৰে সাধুকথাৰ পুথিৰ জৰিয়তে অতুলচন্দ্ৰ হাজৰিকাই হয়তো পোনপ্ৰথমবাৰৰ বাবে অসমীয়া শিশু সাহিত্যত বিদেশী সাধুকথাসমূহ জনপ্ৰিয় কৰি তোলে। কিন্তু বিদেশী শিশু সাহিত্যৰ অসমীয়া সোৱাদ পোৱা গৈছিল ১৯৩০ চনতেই। সেই সময়তেই বিপিন চন্দ্ৰ বৰুৱাই ‘মাৰ্চেন্ট অব ভেনিচ’খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ‘ভেনিচৰ সাউদ’ হিচাপে। পঞ্চাশ আৰু ষাঠিৰ দশকত অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰে কেইবাখনো জনপ্ৰিয় শিশু উপযোগী গ্ৰন্থ, তাৰ ভিতৰত— জলকুঁৱৰী, ৰাণী হিমানী, ৰুণুক জুনুক, হাঁহি চম্পা, কথা কীৰ্তন আদিয়েই প্ৰধান‌। শিশু সাহিত্যক বিশেষভাৱে গুৰুত্ব দিয়া অইন কেইগৰাকীমান স্বনামধন্য সাহিত্যিক আছিল নৱকান্ত বৰুৱা, ড: ভবেন্দ্ৰনাথ শইকীয়া আৰু ড: নিৰ্মলপ্ৰভা বৰদলৈ। নৱকান্ত বৰুৱা আৰু নিৰ্মলপ্ৰভা বৰদলৈয়ে যিদৰে শিশু উপযোগী পদ্যৰে শিশুৰ মন মুহিছিল, ড: ভবেন্দ্ৰ নাথ শইকীয়া চমৎকাৰী গদ্যৰে শিশু কিশোৰৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। এইখিনিতে অইন এগৰাকী সাহিত্যিক গগণ চন্দ্ৰ অধিকাৰীৰ নাম উল্লেখ নকৰিলে হয়তো আলোচনা আধৰুৱা হৈ থাকিব।

বিভিন্ন সময়ত বিভিন্ন লেখক-লেখিকাই উল্লেখযোগ্য সৃষ্টিসমূহৰ দ্বাৰা শিশু সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে। ইয়াৰ ভিতৰত যতীন্দ্ৰনাথ গোস্বামীৰ ‘মৌচাক’, প্ৰফুল্ল বৰুৱাৰ ‘গ্ৰীচদেশৰ সাধু’, সুৰেন্দ্ৰ নাথ দাসৰ ‘টলষ্টয়ৰ সাধু’, আজলিতৰা নেওগৰ ‘আলিবাবা আৰু দুকুৰি ডকাইত’, প্ৰমোদ কাকতিৰ ‘জাপানী সাধু’, ড: লক্ষহীৰা দাসৰ ‘দেশ বিদেশৰ শিশু সাহিত্য সংগ্ৰহ’, তোষপ্ৰভা কলিতাৰ ‘কিমান যে সাধু’, জয়শ্ৰী গোস্বামীৰ ‘বিশ্বৰ শ্ৰেষ্ঠ সাধু’, সদা মৰলৰ ‘ৰুছ দেশৰ সাধু’, এম আব্দুল মজিদ খানৰ ‘ইৰাণৰ সাধু’, ‘দেশ-বিদেশৰ সাধু’ আদিয়েই প্ৰধান। শিশু-কিশোৰৰ উপন্যাস ৰচনাৰ ক্ষেত্ৰতো এটা সময়ত অসমীয়া শিশু সাহিত্যত এক সোণালী যুগৰ সৃষ্টি হৈছিল। শান্তনু তামুলীৰ ‘মানি, বানি আৰু এখন ফুলনি’, হোমেন বৰগোহাঞিৰ ‘সাউদৰ পুতেকে নাও মেলি যায়’, ভবেন্দ্ৰনাথ শইকীয়াৰ ‘মৰমৰ দেউতা’, যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ‘পৃথিৱীৰ মৰম’, সন্তোষ কুমাৰ কৰ্মকাৰৰ ‘’সোনটিৰ পৃথিৱী’, অৰূপা পটংগীয়া কলিতাৰ ‘কাঁইটত কেতেকী’ আদি উপন্যাসসমূহ বিশেষভাৱে উল্লেখযোগ্য।

অসমীয়া অনুবাদ শিশু সাহিত্যসমূহেও এটা সময়ত প্ৰভুত জনপ্ৰিয়তা লাভ কৰিছিল। অনুবাদ সাহিত্যৰ কথা উনুকিয়াওতে আমি উল্লেখ কৰিব পাৰো ৰাচিয়াৰ ৰাডুগা প্ৰকাশনৰ কথা যিয়ে এটা সময়ত বহুতো ৰুচ দেশীয় সাধু অসমীয়ালৈ অনুবাদ কৰি অনুবাদ সাহিত্যক জনপ্ৰিয় কৰি তুলিছিল৷ তাৰোপৰি বিভিন্ন ভাৰতীয় আঞ্চলিক ভাষাৰ সাধুসমূহ চান্দমামা, অমৰ চিত্ৰ কথা, টিংকল আদিত অসমীয়া ৰূপত পঢ়িবলৈ পোৱা গৈছিল। লুইচ কেৰলৰ ‘এলিচ ইন ৱাণ্ডাৰলেণ্ড’ৰ প্ৰবীণা শইকীয়াই কৰা অনুবাদ ‘অজান দেশত এলিচ’, এন নছ’ফৰ ‘স্কুল বয়জ’ৰ নিশি বৰকটকীয়ে কৰা অনুবাদ ‘শ্বিচকিন, মই আৰু বহুতো’, মৃদুস্মিতা ফুকনৰ ‘গালিভাৰৰ ভ্ৰমণ কাহিনী’, গীতা উপাধ্যায়ৰ ‘এন ফ্ৰাংকৰ ডায়েৰী’, ‘মিষ্টিৰিয়াচ আইলেণ্ডৰ’ হাৰুণাৰ ৰচিদে কৰা অনুবাদ ‘ৰত্নদ্বীপ’, য়েভগেনি ভেলটিষ্টভৰ ‘ইলেকেট্ৰনিক মালচিক ইঝ চেমোডানা’ৰ শান্তনু তামুলীয়ে কৰা অনুবাদ ‘ইলেক্ট্ৰনিক নামৰ ল’ৰাটো’, এইচ জ ৱেলচৰ কালজয়ী উপন্যাসসমূহৰ অসমীয়া অনুবাদসমূহে নিশ্চিতভাৱে অসমীয়া অনুবাদ শিশু সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে।

কিন্তু বৰ্তমান সময়ত আটাইতকৈ চিন্তিত বিষয়টোৱেই হ’ল শিশু সাহিত্যৰ অৱনমিত চৰ্চা। বৰ্তমানৰ সময়খিনিয়ে যেন শিশু সাহিত্যৰ পৃথিৱীখনত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিছে। যোৱা প্ৰায় ডেৰটা দশকত যেন শিশু সাহিত্যই বিশেষ এক অগ্ৰগতি লাভ কৰিব পৰা নাই। অসমীয়া সাহিত্য জগতত নিতৌ ন ন সাহিত্যৰে মুখৰিত হৈ আছে ঠিকেই; কিন্তু যেন শিশু সাহিত্যৰ ক্ষেত্ৰখন ক্ৰমান্বয়ে এলাগী হৈ পৰিছে। এইখিনিতে হয়তো এক প্ৰশ্ন উদয় হয়, শিশু সাহিত্যৰ প্ৰতি আমাৰ এই অনীহা কিয়? শিশু সাহিত্যৰ সৃষ্টি কৰাটো খুবেই কঠিন কাম নেকি? এক কথাত ক’বলৈ গ’লে, হয়। অন্যান্য সাহিত্যৰ তুলনাত শিশু সাহিত্য সৃষ্টি যথেষ্ট এক জটিল কাম। শিশুসকলৰ মনৰ ভাব বুজি তেওঁলোকৰ বাবে সাহিত্য সৃষ্টি কৰাতো খুবেই এক জটিল কাম। কিন্তু সেইবুলিয়েই আমি এই ক্ষেত্ৰখনক উলাই নিশ্চয় কৰিব নোৱাৰো। ‘আজিৰ শিশু কাইলৈৰ নাগৰিক’— বাক্যশাৰীত হয়তো আমিও অৱদান আগবঢ়োৱাটো এক কৰ্তব্য। শিশুসকলক কাইলৈ উপযুক্ত নাগৰিক হিচাপে গঢ় দিবলৈ জানো আমিয়েই যত্ন কৰিব নালাগে? তাৰবাবে সৰু কালৰ পৰাই তেওঁলোকক সাজু কৰি তোলাটোও আমাৰেই এক কৰ্তব্য। শিশুসকলৰ বাবে উন্নতমানৰ সৃষ্টিত আগভাগ লোৱাটো বৰ্তমান সময়ত অতি প্ৰয়োজনহৈ পৰিছে। বিদেশী তথা আঞ্চলিক ভাষাৰ শিশু লেখাসমূহ অসমীয়ালৈ অনুবাদ কৰা অথবা শিশু উপযোগী মৌলিক লেখা সৃষ্টিত আমি যেন এক অনীহা দেখুৱাও। যোৱা এটা দশকলৈ লক্ষ্য কৰিলে এই অনুভৱেই হয়। কেইগৰাকীমান মুষ্টিমেয় ব্যক্তিয়েহে এই ক্ষেত্ৰত দেহে-কেহে আগভাগ লৈ আছে। আহঁকচোন আমিও শিশু সাহিত্যৰ সৃষ্টি, প্ৰচাৰ আৰু বিকাশত আগভাগ লওঁ, শিশুসকলৰ ৰঙীণ পৃথিৱীখনত আৰু অলপ ৰং বোলাই দিওঁ।

(সম্পাদকৰ টোকা: বৰ্তমান সাহিত্যৰ জগতখনত শিশু সাহিত্যৰ চৰ্চাৰ অভাৱ বহুদিনৰ পৰাই পৰিলক্ষিত হৈ আহিছে। সেইবাবে, এইবাৰৰ সাহিত্য ডট অৰ্গৰ সংখ্যাটো শিশু উপযোগী লেখাৰে সজোৱাৰ পৰিকল্পনা কৰিছিলো। যিসকলে এই সংখ্যাটো সজোৱাত সঁহাৰি জনালে তেখেতসকললৈ আন্তৰিক ধন্যবাদ জনালো। আশাকৰো এইবাৰৰ শিশু বিশেষ সংখ্যাটো সকলোৱে আদৰি লব। সংখ্যাটোত কিবা ভুল-ভ্ৰান্তি পঢ়ুৱৈৰ  চকুত পৰিলে আঙুলিয়াই দিলে নথৈ আনন্দিত হম আৰু সেই ভুল শুধৰণিৰ ব্যৱস্থা কৰিম। এইবাৰৰ সংখ্যাটি সজোৱাত গুৱাহাটীৰ পৰা শিশুসকলৰ লেখা সংগ্ৰহ কৰি পঠোৱা বাবে নৱজিত ভূঞালৈ ধন্যবাদ থাকিল লগতে সম্পাদকীয়টো প্ৰস্তুত কৰোতে তথ্যৰে সহায় কৰা বাবে বিশিষ্ট লেখক শান্তনু কৌশিক বৰুৱালৈ  আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো)

হিমজ্যোতি তালুকদাৰ

সম্পাদক, সাহিত্য ডট্‌ অৰ্গ

ডিচেম্বৰ সংখ্যা

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

তথ্য সমৃদ্ধ লেখা । পঢ়ি ভাল লাগিল ।

Copying is Prohibited!