সম্পূৰ্ণতা – পল্লৱী দত্ত ভূঞা

তোমাৰ আগমণে সজাই তুলিলেহি
উৰুঙা আমাৰ ঘৰখন৷
তোমাৰ হাঁহি, তোমাৰ কান্দোনে
কোমলাই তুলিলেহি আমাৰ বুকুখন৷ ৷

ফুলৰ পাহিৰ দৰে তোমাৰ মুখনি
কণমানি তোমাৰ হাত দুখনি
চুমা আঁকি দিও তোমাৰ কপালত
হাঁহি দিয়া তুমি মোৰ চকুলৈ চাই৷

যেন সকলো বুজি পায়! মোৰ সোণজনীয়ে,
ক’বহে পৰা হৈ উঠা নাই এতিয়ালৈ
বয়স যে মাথোঁঁ এঘাৰ মাহ৷

মই কওঁ ইশ্বৰক
তোমাক সোনকালে ডাঙৰ কৰি দিয়ক
যেন ক’ব পৰা হৈ উঠা তোমাৰ সকলো অভিযোগ
সকলো ইচ্ছাবোৰ৷

তোমাক পাবলৈ হাবিয়াস কৰি
কৰিলো অপেক্ষা বহু দীঘলীয়া
তুমি আমাৰ বাবে ইশ্বৰৰ দান৷
তোমাৰ মঙ্গল কামনা কৰো চিৰকাল৷
মোৰ সোণজনী,
আমাৰ অন্তৰৰ মৰম তোমালৈ চিৰকাল৷ ৷ ■■

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

প্ৰকাশ হোৱা দেখি নথৈ আনন্দিত হৈছো। ধন্যবাদ অকব। ধন্যবাদ সম্পাদক নাজিফ হাজৰিকা। এইটো কবিতা মই মোৰ ব্যক্তিগত অনুভৱখিনি বৰ্ণাইছো আমাৰ দুহিতা প্ৰিঞ্চীৰ বাবে। তাই তেতিয়া এঘাৰ মহীয়া কেচুৱা আছিল।

Copying is Prohibited!