সম্ভ্ৰান্ত বাতৰি কাকত দৈনিক অসম আৰু এজন পঢ়ুৱৈৰ অনুভৱ – তুষাৰ প্ৰতিম নাথ

অসমত বৰ্তমান সময়ত বহুকেইখন বহুলভাৱে প্ৰচাৰিত বাতৰিকাকত আছে যদিও আমাৰ দৃষ্টিত পঢ়ুৱৈ সমাজৰ বিশ্বাসযোগ্যতাক ধৰি ৰাখিব পাৰিছে সম্ভ্ৰান্ত বাতৰি কাকত দৈনিক অসমে। বৰ্তমান সময়ত জনসাধাৰণৰ সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ ওপৰত বিশ্বাসযোগ্যতা প্ৰায় শেষ হৈছে। আৰু ইয়াৰ প্ৰধান কাৰণ হৈছে পক্ষপাতীত্ব। কিন্তু ইয়াৰ ব্যতিক্ৰম ট্ৰিবিউন গোষ্ঠীৰ অসমীয়া দৈনিক বাতৰি কাকত দৈনিক অসম। ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিত ভাৱে একেটা বাতৰিকে একাধিক সংবাদ মাধ্যমত বিভিন্ন ধৰণে প্ৰকাশ কৰাৰ দৰে কৰ্মৰ পৰা এই সংবাদ পত্ৰ বিৰত থকা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ অন্তৰ্নিহিত কাৰণ নিশ্চয় সম্ভ্ৰান্ত মালিক পক্ষ। মোৰ ক্ষেত্ৰত চৈধ্যটা পৃষ্ঠা সন্নিৱিষ্ট বাতৰি কাকত খনৰ বিভিন্ন শিতান সমূহৰ ভিতৰত সম্পাদকীয় পৃষ্ঠাই বিশেষ গুৰুত্ব লাভ কৰে। আৰু ইয়াৰ মূলতে হ’ল কাকত খনৰ সম্পাদক গৰাকী। যেতিয়ালৈকে সম্পাদক গৰাকীয়ে জনসাধাৰণৰ স্বাৰ্থত স্বাধীন ভাৱে এখন বাতৰিকাকত সম্পাদনা কৰি থকাৰ সুযোগ লাভ কৰিব তেতিয়ালৈকে বাতৰিকাকত খনে জনসাধাৰণৰ আস্থা লাভ কৰি থাকিবলৈ সক্ষম হয়। উল্লেখ্য যে ৰাধাগোবিন্দ বৰুৱাৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে জন্ম লাভ কৰা দৈনিক অসম বাতৰি কাকত খনৰ সম্পাদকৰ পদত প্ৰাতঃস্মৰণীয় সম্পাদক শ্ৰদ্ধাৰ ৰাধিকা মোহন ভাগৱতী ছাৰৰ দৰে ব্যক্তিয়েও অধিষ্ঠিত হৈছে। বাতৰিকাকত খনৰ নিজৰ স্বকীয়তা আৰু জনপ্ৰিয়তা ৰক্ষা কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ বিশিষ্ট সম্পাদক শ্ৰদ্ধাৰ প্ৰফুল্ল গোবিন্দ বৰুৱা, কাৰ্যবাহী সম্পাদক শ্ৰদ্ধাৰ মুনীন বায়ন ছাৰৰ ভূমিকাও লেখত ল’বলগীয়া। শেহতীয়াকৈ বাতৰিকাকত খনক আটকধুনীয়াকৈ সজাই তুলি ট্ৰিবিউন গোষ্ঠীয়ে এক নতুনত্ব প্ৰদান কৰিছে যাৰ বাবে বাতৰিকাকত খনে পঢ়ুৱৈ সমাজক অধিক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এজন সাধাৰণ পঢ়ুৱৈ হিচাপে বাতৰিকাকত খনে পঢ়ুৱৈ সমাজৰ বিশ্বাসযোগ্যতাক ধৰি ৰাখিব পৰাৰ লগতে প্ৰতিটো ক্ষেত্ৰতে সদা নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি অহাৰ বাবে শুভেচ্ছা জনালোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!