সময়ৰ সেতু — বিচিত্ৰ কুমাৰ মেধি
সময়ৰ সেতু
— বিচিত্ৰ কুমাৰ মেধি
সেলেঙী বোৱা আইতাৰ মুখৰ
পাগলগা তামোলৰ ৰাগীত
অকস্মাতে সাৰ পাই উঠে
তাহানিৰ কোনোবা সাধুৰ পৰী
তেজীমলা, চম্পাৱতী, তুলা আৰু তেজা
সঘনাই থাকে অহা-যোৱা কৰি
কেতিয়াবা এনে লাগে যেন
আইতাৰ আঁচলত লুকুৱাই থ’ম
একুৰি এটা বসন্ত
মুহূৰ্তৰ বাবে শৈশৱৰ বোকোচাত উঠি
হাঁহিৰ ৰঙবোৰ সিঁচি সিঁচি
সন্ধিয়াৰ আকাশৰ তৰা গণিম
মুনিচুনি পোহৰত অলং দলং খেলিম
আকৌ ক, খ, গ, ঘ ফলিত লিখিম
ইংৰাজীৰ ফলা মুখস্থ কৰিম
চিঞৰি চিঞৰি যেন আওৰাই থাকিম
একৰ এক গ’ল থাকিল শূন্য…
পাখি লগা কাঁড়ৰ পিঠিত উঠি
সময়বোৰ গৈ থাকে আগলৈ
শৈশৱে গোপনে বাগৰ সলাই
শৰীৰ আৰু মনৰ মাজত
যৌৱনে তাঁত-বাতি কৰে সঘনাই
যৌৱনে আনি দিয়া চঞ্চলতাই
অজানিতে সকলোকে কোবাই
সেয়েহে চাগে’ তোমাক
ইমান মৰম লাগি যায়
গুণগুণাই থাকোঁ মাথোন
তুমি ভাল পোৱা সুমধুৰ গান
এয়াই চাগে’ জীৱন- যৌৱনৰ সুঘ্ৰাণ।