সময় ..আৱেগ ..আৰু আমিবোৰ (মৌচুমী বৰুৱা )
সৌ সিদিনাৰ কথাহে…জালুকবাৰীৰ প্ৰতিটো সন্ধিয়া হাঁহিৰে মুখৰ কৰি তুলিছিলো আমি… হোষ্টেলৰ চাদত বহি ঘণ্টাৰ পাছত ঘণ্টা জুৰি প্ৰেম আৰু জীৱনৰ কথা পাতিছিলো..বান্ধৱীবোৰৰ ৰোমন্তিক সম্পৰ্কক লৈ তাহঁতক কিমান জোকাইছিলো…হোষ্টেললৈ কমলহঁতৰ দৰে বন্ধু প্ৰেমিকবোৰ আহিলে সিহঁতকো জোকাই ৰং চাইছিলো! সেই দিনবোৰ সময়ৰ সোঁতত অতীত হল..আমি প্ৰতিজনী সংসাৰৰ বান্ধোনত সোমাই পৰিলো..দায়িত্ব..চাকৰি…এটা যুগেই যেন পাৰ হৈ গল…হৃদয়ত কৃষ্ণচূড়াৰ ৰেঙনি থাকিলেও জালুকবাৰীৰ স্মৃতি যেন এক পাহৰিব নোৱাৰা অতীত হৈ পৰিল…
হঠাতে ৰীমাৰ ফোনটো পাই অতীতটোক যেন ঘূৰাইহে পালো “তই কিন্তু আহিবই লাগিব৷ এতিয়া তোৰ গৰমৰ ছুটী৷” “কোন কোন আহিব ক’? মই যেন এতিয়াই দৌৰি যাম! বান্ধৱীৰ মৰমৰ দাবী৷ তাতে লগৰ কিজনীক দেখা পোৱাৰ বাসনা৷ ৰাতি ভালদৰে টোপনীয়েই নাহিল! RCC3 আৰু জালুকবাৰীৰ সপোনে চপলা কৰি তুলিলে মন৷ কিমান দিনৰ পাছত যে লগ পাম তাহাঁতক! তাৰ পাছৰ কেইদিন কেৱল হোষ্টেলৰ বিভিন্ন স্মৃতিয়ে মনটো ভৰাই ৰাখিলে৷
বান্ধৱী ৰীমাই আমি বিশ্ববিদ্যালয়ৰ হোষ্টলত থাকোতেই এটা সঁচা কাহিনী কৈছিল৷ কাহিনীটো শুনি সেই সময়ত আমি আৱেগবিভোৰ হৈ পৰিছিলো৷ এতিয়াও মাজে মাজে সেই কাহিনীটো মনত পেলাই মই আনমনা হৈ পৰো, মনটো যেন গধূৰ হৈ পৰে৷ ৰীমাৰ ভাষাৰেই কাহিনীটো শুনাওঁ৷
তাই কৈছিল “সেইদিনা আবেলি আমি ছোৱালী কেইজনী মা দেউতা আৰু আমাৰ ঘৰৰ ওচৰৰ চুবুৰীয়া লগ হৈ আড্ডা মাৰি আছিলো৷ আবেলিবোৰ আমি প্ৰায়েই এনেদৰে হাঁহি ফুৰ্টিৰে পাৰ কৰো৷ আমি কথা বতৰা পাতি থাকোতেই আমাৰ ঘৰৰ গেটৰ সন্মুখত গাড়ী এখন আহি ৰলহি৷ আমি অলপ ৰৈ কোন আহিছে নো চাই থাকিলো৷ গাড়ীৰ পৰা বয়সস্থা মানুহ এগৰাকী নামি গেটৰ ওচৰত বন চিকুনাই থকা আমাৰ ঘৰত থকা ল’ৰাজনক মাৰ নাম কৈ এইটো ঘৰ নেকি সুধিলে৷ মায়ে তেখেতৰ কথা শুনি আগবাঢ়ি গ’ল৷ মানুহ গৰাকী আৰু মায়ে পৰস্পৰৰ মুখলৈ কিছু পৰ থৰ হৈ চাই ৰল৷ তাৰ পাছত আমাক হতবাক কৰি মা আৰু মানুহগৰাকীয়ে দেখোন সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে৷ আমি অবাক হৈ চাই ৰলো৷ মাক এনেদৰে চিঞঁৰি কন্দা জীৱনত চাগৈ দুবাৰ মানহে দেখিছিলো নেকি! আমি চাই থাকোতেই তেওঁলোক দুগৰাকীয়ে এইবাৰ দেখোন হাঁহিবলৈ আৰম্ভ কৰিলে৷ হাঁহিৰ যেন অন্তই নপৰিব৷ আমি হতবাক হৈ চাই থকাৰ বাহিৰে কৰিবলৈ একো নাছিল৷ দুজনী বয়সীয়াল মহিলাৰ এনে কাৰ্য কলাপে আমাক বিপাঙত পেলালে৷ আমি ৰৈ থাকিলো, তেওঁলোকে আমাৰ কাষলৈ অহালৈ৷ তেওঁলোক ওচৰলৈ অহাৰ পাছতহে উৰহী গছৰ ওৰ ওলাল!” মানুহগৰাকী ৰীমাৰ মাকৰ কলেজীয়া বান্ধৱী আছিল৷ একেলগে হোষ্টেলত আছিল৷ তেতিয়া প্ৰায় ত্ৰিশ বছৰৰ পাছত তেওঁলোকে লগ পাইছে৷ ৰীমাই মাকৰ মুখত কিমানবাৰ যে এই কল্পনা মাহীৰ কথা শুনিছে৷ মাকৰ হিয়াৰ আপোন এই কল্পনা মাহীৰ সকলো কথাই তাহাঁতে জানে৷ কিন্তু এই মাহী আৰু মাকৰ মাজত ত্ৰিশ বছৰে কোনো যোগাযোগ নাছিল৷
ৰীমাই কথাবোৰ কওঁতে আমি আৱেগিক হৈ পৰিছিলো, আমাৰো বাৰু এনে দশা হ’ব নেকি? আমি সেই সময়ত যৌৱনৰ ৰঙীন সপোনেৰে জীৱনৰ ছবি আঁকিব খোজা একো একোজনী প্ৰাণোচ্ছ্বল যুৱতী আছিলো৷ সাত সাগৰ অতিক্ৰম কৰিব খোজা বাসনাৰে চহকী আছিলো! তথাপিও ৰীমাৰ কাহিনী শুনি আমি নিজকে তেওঁলোকৰ ঠাইত থিয় কৰাই চাইছিলো৷ মই আৰু মোৰ ৰূমমেট দিপালীয়ে শপত খাইছিলো আমি এনেদৰে পৰস্পৰৰ জীৱনৰ পৰা আতৰি নাযাও বুলি৷
জালুকবাৰীৰ প্ৰতিটো পলে আমাক আন্তৰিকতাৰ অটূত বন্ধনেৰে বান্ধি পেলাইছিল৷ সমগ্ৰ অসম খনেই যেন প্ৰতিনিধিত্ব কৰিছিলো আমি৷ বৰপেটাৰ ৰীমা, তেজপুৰৰ তৃপ্তি, মংগলদৈৰ দিপালী৷ নগাৱৰ উপাসনা, যোৰহাটৰ মেঘালী, মই, শিৱসাগৰৰ সুনীতা, নিবেদিতা , নলবাৰীৰ ৰুনু আৰু কিমান ঠাইৰ যে কিমান ছোৱালী, আমি যেন এখন ফুলনিৰ ভিন্নৰঙী ফুল৷ সংমিশ্ৰিত সুবাসেৰে মন জুৰুৱা মনোৰম পৰিৱেশত বাই ভনীৰ দৰে আছিলো আমি! আমি যে কেতিয়াবা আতৰি থাকিব লাগিব ভাবিৱই পৰা নাছিলো |
অৱশেষত আমি নিবিচাৰিলেও বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ শেষ দিনটোত আমি পৰস্পৰৰ পৰা বিদায় লবলৈ বাধ্য হ’লো৷ জালুকবাৰীৰ কৃষ্ণচূড়াৰ ৰঙীন সৌন্দয্যই আমাক ধৰি ৰাখিব নোৱাৰিলে৷ হোষ্টেলৰ বাহিৰৰ পৃথিৱী খনে যেন আমাক হাত বাউলি মাতিলে৷ জীৱনৰ আচল সংগ্ৰামত ব্ৰতী হৈ আমি সময়ৰ লগত তাল মিলাই দৌৰিবলৈ ধৰিলো৷ তথাপিও আজৰি পৰত সময় পালেই গুণগুণাইছিলো সেই সময়ৰ গান, ৰূমমেটৰ সৈতে গোৱা কবিতাবোৰ৷
বছৰ বাগৰি গ’ল… কেতিয়ানো ছোৱালীৰ পৰা গৈ গৃহিনী হ’লো জানো! মনটো দেখুন আগৰ দৰেই কল্পনা বিলাসী হৈয়েই ৰল৷ আমি কিন্ত লগ নাপালেওঁ মনেৰে ইজনী সিজনীৰ কাষতেই যেন আছিলো৷ আমি যে ফেচবুক, ৱাটচ আপ ৰ যুগৰ নাড়ী “দিপালী আহিবনে?” আৰু বা কোন কোন আহিব! বাৰে বাৰে একেবোৰ কথাই মনলৈ আহি থাকিল৷
অৱশেষত বহু প্ৰত্যাশিত সেই বিশেষ দিনটো আহিল …অতীতক ঘূৰাই পোৱাৰ হাবিয়াসে মোক আৱেগপ্ৰৱণ কৰি তুলিলে৷ সময় যেন স্তব্ধ হৈ ৰ’ল৷ চলচলীয়া চকু আৰু উচ্চল হাঁহিৰে আমি সময়ক যেন ধৰি ৰাখিলো হাতৰ মুঠিত …আমাৰ হৃদয়ৰ উমাল আৱেগেৰে৷
সেইদিনা আমি যেন মহিলাৰ পৰা আকৌ ছোৱালী হ’লো! আমাৰ উচ্চল হাঁহিত বাটৰ মানুহ হতবাক হ’ল৷ কলেজীয়া ছোৱালীৰ দৰে কৰা আমাৰ আচৰণে কাক আশ্চৰ্যচকিত কৰি তুলিছে চাবলৈ আমাৰ জানো হুচ আছিল? দিপালীয়ে টোপোলা খুলি উলিয়াই দিয়া নাৰিকলৰ লাড়ুকেইটা এনেদৰে থপিয়াই খালো যেন হোষ্টেলৰ ৰুমটহে উলিয়াই দিছে! আমি কান্দিব লগা নহল …ৰীমাৰ মাক আৰু তেওঁৰ বান্ধৱীৰ দৰে৷ কাৰণ আমি জীৱনৰ সোঁতত উটি নগ’লো৷ নিজক জীয়াই ৰাখিলো …আমাৰ মুখৰ হাঁহিবোৰ ধৰি ৰাখিলো৷ আমিযে কেৱল মাক আৰু পত্নী হৈয়েই জীয়াই থাকিব নুখুজো৷ আমাক প্ৰয়োজন জীৱনৰ ৰং, ৰূপ পান কৰিবলৈ আমাৰ বান্ধৱীবোৰো৷ দিপালী আগৰে পৰাই বৰ সহজ সৰল হৈয়েই আছিল৷ আমি দুজনী সম্পূৰ্ণ বিপৰীত হৈও আন্তৰিকতাৰ অপূৰ্ব বান্ধোনেৰে বান্ধ খাই আছিলো৷ সময়ৰ ব্যৱধানে সেই বান্ধোন যেন আৰু দৃঢ় কৰিহে তুলিলে! বিদায়ৰ মুহূৰ্ততো দিপালীয়ে মোৰ হাতত তুলি দিয়া টোপোলাটোত কি আছে চাবলৈ নহল৷ গোটেই দিনটো তাই সেই টোপোলাটো কঢ়িয়াই লৈ ফুৰা দেখি মই তাইক গালিও পাৰিছিলো৷
ঘূৰি আহি টোপোলাটো খুলিলো, এযোৰ সুন্দৰ বোৱা মেখেলা চাদৰ! মোৰ চকুৰ পৰা সৰসৰাই চকুপানী ওলাই আহিল …আৱেগৰ! ৷ চাদৰ খন বহু সময় গালত লগাই বহি ৰলো …চেনেহৰ সুকোমল পৰশে মোক সুখৰ সমুদ্ৰত ডুবাই ৰাখিলে …বহুসময়৷ মই ক’ব নোৱাৰাকৈয়ে গুণগুণালো
“মন গ’লেই জানো ধৰি ৰাখিব পাৰি
সুখৰ ৰাতিৰ এমুঠি জোনাক?
মন গলেই জানো স্পৰ্শ কৰিব পাৰি
ধূসৰিত এটি লহমাৰ এটোপ চকুলো?
সখী, খৰধৰকৈ বুটলি লোৱা টুকুৰা টুকুৰ হাঁহিবোৰ
কিজানিবা বাট হেৰুৱাই আতৰি যায়!”