সময় (কৌস্তুভমণি শইকীয়া দত্ত)


ফুলদানীৰ পানীৰ দৰে
বাষ্পীভূত হৈছে সময় ।
কথাবোৰ,
যিবোৰ দেখি আহিছোঁ অতদিনে
অথবা আৰু নেদেখিম কোনোদিনে-
একে হৈয়ে আছে,
আৰু হৃদয়ে নামকৰণ কৰি গৈয়ে আছে ।
স্মৃতিবোৰ শিশু হৈ পৰিছে ।
প্ৰশ্নৰ শেষ নাই…..
কি, ক’ত, কেনেকৈ ??
নামবোৰ চকুত ভাঁহিছে
উখল মাখল লগাইছে
মোক নাপাহৰিবা…
নাপাহৰিবা মোক ।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!