সময় (-শশীমাই শইকীয়া দত্ত)
সময় অমূল্য ধন
জানি লোৱা বাপকনে
উৰি উৰি গুচি যায়
সময়-ক্ষণ তিলে তিলে৷
থাকোতে সময় হেৰা
কৰ্মৰ বেহাত ধৰা
শিকিবৰ সময় হ’ল ল’ৰালিৰে পৰা৷
পল-অনুপল কৰি
সময় গৈছে উৰি
মাহ হৈ বছৰ বিদায়,
এইদৰে সময় গতি
ক্ষণে ক্ষণে ক্ষণ গণি
যুগ যুগ পাৰ হৈ যায়৷
জীৱনৰ পুৱতি বেলা
সময় অমূল্য খেলা
অবাবত নকৰিবা ব্যয়,
লাহে লাহে আগবাঢ়া
জীৱনৰ গতি-ধাৰাত
শেষত হব তোমাৰেই জয়!